Difference between revisions 237492 and 256282 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু। 

অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰণৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি। 



মানব জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ বৈ আহিছে সংস্কৃতিৰ বোৱতি সুঁতি। অসমীয়া সংস্কৃতিও কোনো এটা নিৰ্দিষ্ট সময়ত গঢ় লোৱা সংস্কৃতি নহয়। ইয়াৰ ইতিহাস অতি প্ৰাচীন। শতাব্দীৰ পিছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে অসমীয়া সংস্কৃতি। অৱশ্যে, কালক্ৰমত অসমীয়া সংস্কৃতিৰ ক্ৰমশঃ পৰিবৰ্ত্তন পৰিলক্ষিত হয়। আদিম অৱস্থাত অসমৰ বুকুত আৰ্য-অনাৰ্য, মঙ্গোলীয় তথা নানান জাতি-উপজাতি বসবাস কৰি তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ উপাদান সমূহ আগবঢ়াই অসমীয়া সংস্কৃতি পৰিপুষ্ট সাধন কৰিছিল। পৰৱৰ্তী যুগত আহোম মোগলৰ বিভিন্ন সংস্কৃতিৰ উপাদানৰ সমাহৰনেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ বন্ধাত সহায়তা কৰিছে। আহোমৰ ৰাজত্বকালৰ সময়চোৱাত অসমীয়া সংস্কৃতিৰ সৰ্বদিশত এটা সুশৃংখল ৰূপ ধাৰণ কৰে। এই সময়চোৱা অসমীয়া সংস্কৃতিৰ ভেটি প্ৰতিষ্ঠাৰ যুগ বুলি কোৱা হয়। ইয়াৰ পিছত অসমলৈ ব্ৰিটিছৰ আগমন ঘটে। ব্ৰিটিছ অহাৰ লগে লগে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত পৰিবৰ্তন হোৱাৰ লগতে আবহমান কালকপি চলি অহা অসমীয়া সংস্কৃতিৰ প্ৰবাহলৈ বহুমুখী পৰিৱৰ্ত্তন আহিবলৈ ধৰে। পূৰ্বৰ সামাজিক ব্যৱস্থা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উত্স-ৱ-পৰ্ব, খোৱা-লোৱা, পিন্ধা-উৰা ইত্যাদি সৰ্বদিশত নতুনত্বৰ পৰিলক্ষিত হয়। পুৰনিকলীয়া সংস্কৃতিৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰে আৰু ক্ৰমশঃ পুৰনিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হয়। এইদৰেই সংযোগ, বিয়োগৰ মাজেদি গঢ় লবলৈ ধৰে আধুনিক অসমীয়া সংস্কৃতিৰ। আধুনিক অসমীয়া সংস্কৃতি খৰতকীয়া গতিত ক্ৰমাৎ (contracted; show full)
সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ড॰ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ড॰ হৰিনাথ শৰ্মা দলৈ। 

[[শ্ৰেণী:সংস্কৃতি| ]]