Difference between revisions 256282 and 260007 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু। 

অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰণৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি। 






  মানব জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ বৈ আহিছে সংস্কৃতিৰ বোৱতি সুঁতি। অসমীয়া সংস্কৃতিও কোনো এটা নিৰ্দিষ্ট সময়ত গঢ় লোৱা সংস্কৃতি নহয়  । ইয়াৰ ইতিহাস অতি প্ৰাচীন। শতাব্দীৰ পিছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে অসমীয়া সংস্কৃতি। অৱশ্যে, কালক্ৰমত অসমীয়া সংস্কৃতিৰ ক্ৰমশঃ পৰিবৰ্ত্তন পৰিলক্ষিত হয়। আদিম অৱস্থাত অসমৰ বুকুত আৰ্য-অনাৰ্য, মঙ্গোলীয় তথা নানান জাতি-উপজাতি বসবাস কৰি তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ উপাদান সমূহ আগবঢ়াই অসমীয়া সংস্কৃতি পৰিপুষ্ট সাধন কৰিছিল। পৰৱৰ্তী যুগত আহোম মোগলৰ বিভিন্ন সংস্কৃতিৰ উপাদানৰ সমাহৰনেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ বন্ধাত সহায়তা কৰিছে। আহোমৰ ৰাজত্বকালৰ সময়চোৱাত অসমীয়া সংস্কৃতিৰ সৰ্বদিশত এটা সুশৃংখল ৰূপ ধাৰণ কৰে। এই সময়চোৱা অসমীয়া সংস্কৃতিৰ ভেটি প্ৰতিষ্ঠাৰ যুগ বুলি কোৱা হয়। ইয়াৰ পিছত অসমলৈ ব্ৰিটিছৰ আগমন ঘটে। ব্ৰিটিছ অহাৰ লগে লগে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত পৰিবৰ্তন হোৱাৰ লগতে আহমান কালকপি চলি অহা অসমীয়া সংস্কৃতিৰ প্ৰবাহলৈ বহুমুখী পৰিৱৰ্ত্তন আহিবলৈ ধৰে। পূৰ্বৰ সামাজিক ব্যৱস্থা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উত্স-ৎসৱ-পৰ্ব, খোৱা-লোৱা, পিন্ধা-উৰা ইত্যাদি সৰ্বদিশত নতুনত্বৰ পৰিলক্ষিত হয়। পুৰনিকলীয়া সংস্কৃতিৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰে আৰু ক্ৰমশঃ পুৰনিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হয়। এইদৰেই সংযোগ, বিয়োগৰ মাজেদি গঢ় লবলৈ ধৰে আধুনিক অসমীয়া সংস্কৃতিৰ। আধুনিক অসমীয়া সংস্কৃতি খৰতকীয়া গতিত ক্ৰমাৎ আধুনিকতাৰ ফালে আগবঢ়াই নিয়াৰ মূলতে হ’ল - পুঁজিবাদী সমাজ ব্যৱস্থা। মানুহৰ সাংস্কৃতিক সৃষ্টি সমূহৰ উত্পা  দন প্ৰক্ৰিয়াৰ ওপৰতো এই পুঁজিবাদী ব্যৱস্থাই প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে। এই সময়চোৱাত মানুহে সংস্কৃতিৰ সমলবোৰ জীৱনৰ প্ৰয়োজনীয়তাৰ মাপকাঠিৰে জুখিবলৈ লয়। শিক্ষা-ব্যৱস্থাত আমূল পৰিবৰ্ত্তনে দেখা দিয়ে। জনমানসে পূৰ্বৰ শিক্ষাৰ অন্তৰ্গত আধ্যাত্মিক বিষয়বোৰ গ্ৰহণ কৰিবলৈ টান পোৱা হয়, লগতে গুৰু-কুল প্ৰথা উঠি যায় আৰু টোলসমূহৰ সমাদৰ ক্ৰমাৎ লাঘব হ’বলৈ ধৰে। ঐহিক সুখদায়ক লৌকিক বিষয়ৰ ওপৰত শিক্ষাৰ গুৰুত্ব আহিল। মানুহৰ মন ক্ৰমাৎ নগৰকেন্দ্ৰিক হোৱাৰ ফলত পূৰ্বৰ গ্ৰাম্যসংস্কৃতিৰ গৰাখহনীয়া ৰূপৰ সৃষ্টি হ’বলৈ ধৰে। উদ্যোগমুখিতাই আনি দিয়ে পুৰনিকলীয়া কৰ্মসংস্কৃতিৰ প্ৰতি অবহেলা; ফলত বিভিন্ন কুটিৰ শিল্পৰ চৰ্চাৰ লাহ লাহে অবক্ষয় ঘটিবলৈ ধৰে। সাজপোচাক, অয়-অলংকাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ, খাদ্য-প্ৰণালী ইত্যাদিতো আধুনিকতাৰ স্পৰ্শ পৰেঘটে । মুঠৰ ওপৰত ইংৰাজ আগমনৰ লগে লগে অসমীয়া পুৰনিকলীয়া সংস্কৃতি ক্ৰমাৎ আধুনিকমুখী হ’বলৈ ধৰে। 


  সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্ত্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্ত্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা। বিশ্বায়নে গোটেই বিশ্বখনক একগোট কৰি পেলোৱাৰ ফলত মানুহৰ মাজত ভাবৰ আদান-প্ৰদান অতি সহজসাধ্য হয়। সেয়ে দেখা যায় খাৱন-বোৱন, পিন্ধন-উৰণ, খেল-ধেমালি, কেশ-বিন্যাস, প্ৰসাধন, সোধন-পোচন ইত্যা(contracted; show full) পাইছে। আজিৰ সত্ৰসমূহ আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰীয়স্থল হৈ থকা নাই। অৱশ্যে ধৰ্মৰ নামত বিভিন্ন মঠ-মন্দিৰ স্থাপন কৰি বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা এতিয়াও কৰা দেখা যায়। কিন্তু, এইবোৰত জনমানসৰ কিমানখিনি ভক্তিভাব নিমজ্জিত হৈ আছে ই সন্দেহৰ বিষয়। ধৰ্মীয় অনুষ্ঠানবোৰে ক্ৰমাৎ হৈ পৰিছে ব্যৱসায় ভিত্তিক। ধৰ্মৰ নামত গা কৰি উঠা ‘চান্দা তোলা’ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ক্ষয়ংকৰি স্বৰূপটো উদঙাই দিয়ে। আকৌ, ধৰ্মৰ নামত অসমীয়া লোকৰ অৰিয়া-অৰিয়েও এক নতুন সাংস্কৃতিক সংকটৰ বাৰ্তাই বহন কৰি আনিব ধৰা যেন বোধ হৈছে। 





  আধুনিকতাৰ কবলত অসমীয়া সংস্কৃতিৰ বহল পথাৰখন আগুৰি থকা উত্সসৱ-অনুষ্ঠানবোৰতো এক বৃহৎ পৰিৱৰ্ত্তন পৰিলক্ষিত হয়। অসমৰ জাতীয় উত্সকৱ ৎসৱ‘বিহু’ মূলত গাঁওমুখী কৃষি ধৰ্মী উত্সউৎসৱ। কিন্তু, আধুনিক বিহু নগৰমুখী। পূৰ্বতে বিহু উত্স ৱতৎসৱ পালন কৰা বেছিভাগ লোকচাৰেই নাইকিয়া হৈ আহিছে। বিহুৱে গছৰ তল, নৈৰ পাৰ এৰি নগৰীয়া মঞ্চত উঠিছে। সংস্কৃতিৰ দিশত বহাগ বিহুক মহিমামণ্ডিত কৰিছে বিহুগীতবোৰে। কিন্তু, আধুনিকতাৰ স্পৰ্শত বিহুগীতবোৰ হৈ পৰিছে ব্যৱসায়িকৃত। বিহুগীত প্ৰকৃতিৰ কোলাৰ পৰা তথা প্ৰকৃতিৰ সন্তানসকলৰ হাতৰ পৰা এতিয়া বিশেষীকৃত গীতিকাৰ, সুৰকাৰ সকলৰ হাতলৈ আহি কেচেটত বাণীবদ্ধ হৈছে। আকৌ, বিহু নৃত্যতো আধুনিক আন নৃত্যৰ সাঁচ সোমাই পৰিল। সেয়ে এতিয়াৰ বিহুনাচ বা বিহুগীতক আমি প্ৰকৃতিৰ কোলালৈ নিবলৈ যত্ন কৰিলেও যাব নোখোজে। নগৰকেন্দ্ৰিক অসমীয়া সমাজখনত বিশ্বকৰ্মা পূজা, গণেশ পূজা, দীপান্দিতা উত্সেৱৰৎসৱ জাক-জমকতা মন কৰিবলগীয়া। কিন্তু, এইবোৰ জনসাধাৰণৰ ক্ষণিক উচ্ছাস মাথোঁন। অসমত [[অম্বুবাচী]] নিবৃত্তিৰ দিনা যি মেলা কামাখ্যা-দেৱালয়ত উত্যাপিত হয়, সি ভাৰত বিখ্যাত। কিন্তু, এই উত্সনৱ ৎসৱসমূহ পতাৰ নামত উদ্যোক্তা সকলৰ একাংশই মদ, ভাং, জুৱা আদি পৰিবেশন কৰি কিছুমান অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰি সংস্কৃতি বিশৃংঙ্খলতা আনিছে। 

অসমীয়া সংস্কৃতিৰ এটা দিশ উজলাই ৰখা পৰিবেশ্য কলাসমূহৰ ভিতৰত ওজাপালি, দেওধানী, ভাৱৰীয়া, ঢুলীয়া ইত্যাদি প্ৰধান। প্ৰাচীন সমাজত ইয়াৰ প্ৰচলন অদ্যাপি চলি আহিছে যদিও পূৰ্বৰ তুলনাত ইয়াৰ সমাদৰ বহুখিনি হ্ৰাস পাইছে। থলুৱা সংস্কৃতি বজাই ৰাখিবলৈ একশ্ৰেণীৰ লোকে এই অনুষ্ঠানবোৰ উদ্‌যাপন কৰে যদিও এইবোৰ পৰিদৰ্শন কৰিবলৈ দৰ্শকৰ অভাৱ। অসমীয়া সমাজত ‘পুতলা নাচৰ’ যি সমাদৰ আছিল আজি সেই সমাদৰ ব(contracted; show full)
সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ড॰ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ড॰ হৰিনাথ শৰ্মা দলৈ। 

[[শ্ৰেণী:সংস্কৃতি| ]]