Difference between revisions 260007 and 260017 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু। 

অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰণৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি। 
 মানব জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ বৈ আহিছে সংস্কৃতিৰ বোৱতি সুঁতি। অসমীয়া সংস্কৃতিও কোনো এটা নিৰ্দিষ্ট সময়ত গঢ় লোৱা সংস্কৃতি নহয়  । ইয়াৰ ইতিহাস অতি প্ৰাচীন। শতাব্দীৰ পিছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে অসমীয়া সংস্কৃতি। অৱশ্যে, কালক্ৰমত অসমীয়া সংস্কৃতিৰ ক্ৰমশঃ পৰিবৰ্ত্তন পৰিলক্ষিত হয়। আদিম অৱস্থাত অসমৰ বুকুত আৰ্য-অনাৰ্য, মঙ্গোলীয় তথা নানান জাতি-উপজাতি বসবাস কৰি তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ উপাদান সমূহ আগবঢ়াই অসমীয়া সংস্কৃতি পৰিপুষ্ট সাধন কৰিছিল। পৰৱৰ্তী যুগত আহোম মোগলৰ বিভিন্ন সংস্কৃতিৰ উপাদানৰ সমাহৰনেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ বন্ধাত সহায় কৰিছে। আহোমৰ ৰাজত্বকালৰ সময়চোৱাত অসমীয়া সংস্কৃতিৰ সৰ্বদিশত এটা সুশৃংখল ৰূপ ধাৰণ (contracted; show full) জনমানসে পূৰ্বৰ শিক্ষাৰ অন্তৰ্গত আধ্যাত্মিক বিষয়বোৰ গ্ৰহণ কৰিবলৈ টান পোৱা হয়, লগতে গুৰু-কুল প্ৰথা উঠি যায় আৰু টোলসমূহৰ সমাদৰ ক্ৰমাৎ লাঘব হ’বলৈ ধৰে। ঐহিক সুখদায়ক লৌকিক বিষয়ৰ ওপৰত শিক্ষাৰ গুৰুত্ব আহিল। মানুহৰ মন ক্ৰমাৎ নগৰকেন্দ্ৰিক হোৱাৰ ফলত পূৰ্বৰ গ্ৰাম্যসংস্কৃতিৰ গৰাখহনীয়া ৰূপৰ সৃষ্টি হ’বলৈ ধৰে। উদ্যোগমুখিতাই আনি দিয়ে পুৰনিকলীয়া কৰ্মসংস্কৃতিৰ প্ৰতি অবহেলা; ফলত বিভিন্ন কুটিৰ শিল্পৰ চৰ্চাৰ লাহে লাহে অবক্ষয় ঘটিবলৈ ধৰে। সাজপোচাক, আ-অলংকাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ, খাদ্য-প্ৰণালী ইত্যাদিতো আধুনিকতাৰ স্পৰ্শ ঘটে
  । মুঠৰ ওপৰত ইংৰাজ আগমনৰ লগে লগে অসমীয়া পুৰনিকলীয়া সংস্কৃতি ক্ৰমাৎ আধুনিকমুখী হ’বলৈ ধৰে। 
 সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্ত্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্ত্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা। বিশ্বায়নে গোটেই বিশ্বখনক একগোট কৰি পেলোৱাৰ ফলত মানুহৰ মাজত ভাবৰ আদান-প্ৰদান অতি সহজসাধ্য হ(contracted; show full)
সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ড॰ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ড॰ হৰিনাথ শৰ্মা দলৈ। 

[[শ্ৰেণী:সংস্কৃতি| ]]