Difference between revisions 300252 and 303976 on aswiki{{Wikify}} '''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:Idiom|Idiom]]। ==কেইটামান জতুৱা ঠাঁচ== তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। * অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা। * অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা। * অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ। * আঁঠু কাঢ় : আঁঠুৰে বুল। * আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ। * আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা। * আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা। * আলাশৰ লাড়ু : অতি মৰমৰ। * এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান। * ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক * কপাল ফুটা : দু্ৰ্ভগীয়া। * কপাল ফুলা : সৌভাগ্যই লগ দিয়া। * কপাল ধো : আশা এৰ * কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ * কঁকাল পৰ : বুঢ়া হ * কাণ কটা : নিলাজ * কাণ দি : মনোযোগ দি * কাণ চুই থ : আগলৈ মনত ৰাখ * কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ * কাণত ধৰি ক : শপত খাই ক * কাণ সমনীয়া : ডেকা * কাণ বাগৰা : লোকৰ মুখে শুনা * কুকুৰে মৈ টনা * খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা। * গাত সৰিয়হ ফুটা * গা এৰা দিয়া : সম্পৰ্ক এৰা * গাই বাই চোৱা : চেষ্টা কৰি চোৱা * গা ধৰা : শকত হোৱা * ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা। * ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা। * চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা * চকুত লগা : ধুনীয়া হোৱা * চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ * চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু। * চুক ভেকুলী : একো নজনা। * চুঙা চাই সোপা : * চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন। * ডলাৰ বগৰী :⏎ * তলে পুতল ঘটনাই ঠাই সলোৱা। * তলে পুতল : ভিতৰি ভিতৰি অনিষ্ট কৰা। * দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা * দেশ চাইহে ভেশ : পৰিস্থিতিৰ লগত মিলিব পৰা। * ধোদৰ পছলা : এলেহুৱা * ধোঁৱাচাঙত তোল : সৰ্বশান্ত কৰা, সকলো শেষ কৰা। * নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ। * নদন-বদন : উভৈনদী। * নাদৰ/কুঁৱাৰ ভেকুলী : ঘৰত সোমাই থকা। * পৰ্বতত কাছ কণী বিচৰা : অবাস্তৱ চিন্তা কৰা। * পাবত গজা : মূল নোহোৱা। * পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু। * পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা। * পানী মিঠৈ : মনে সজা। * পাভ লুটি মৰা : বাগৰ সলোৱা। * পেট চলা : বেছিকৈ শৌচ কৰা। * পেট মচা : নুমলীয়া। * পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা। * পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা। * পানীত পৰা : অথলে যোৱা। * বাট চা : অপেক্ষা কৰা। * বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ। * বুৰেপিত শেলুক : * ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা। * ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ । * মন কৰ : ইচ্ছা কৰ,মনোযোগ দে। * মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ। * মূৰ খা : মৃত্যুৰ কাৰণ হ। * মূৰ ঘমা : বৰকৈ চিন্তা কৰা। * মূৰ পাতি লোৱা : দায়িত্ব লোৱা। * মূৰ পোলোকা মাৰ/দে : গা এৰা দে। * মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা। * মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা⏎ ⏎ । * হাত উজান দিয়া : কামত সহায় কৰা। * হাত লৰ : চোৰ স্বভাৱৰ। * হাত দীঘল : ক্ষমতাশালী। * হাত সাৱটি থকা : কাম নকৰাকৈ থকা । * হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা। * হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা । * হাত টান : কৃপণ । * শেনৰ এজাত⏎ * শেন চকুৱা * শূন্যত গদা ঘূৰোৱা * সাত ঘাটৰ চেঙেলী : অতি টেঙৰ। * সাত ঘাটৰ সৈয়াকণী * সাহেই সিদ্ধি : দুভজীয়া কথা। * শেন চকুৱা : তীক্ষ্ণ দৃষ্টিৰ। * শূন্যত গদা ঘূৰোৱা : জানি-বুজি কৰা ব্যৰ্থ প্ৰচেষ্টা। * সাত ঘাটৰ চেঙেলী : অতি টেঙৰ। * সাত ঘাটৰ চেঙেলী : বৰ টেঙৰ। * সাহেই সিদ্ধি : সাহসেই সিদ্ধি। ==লগতে চাওক== *[[ফকৰা যোজনা]] ==তথ্য সংগ্ৰহ== {{Reflist}} {{অসমীয়া ভাষা}} [[Category:অসমৰ ভাষা আৰু লিপি]] [[শ্ৰেণী:অসমীয়া লোকসাহিত্য]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=303976.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|