Difference between revisions 303976 and 303977 on aswiki

{{Wikify}}

'''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:Idiom|Idiom]]। 

==কেইটামান জতুৱা ঠাঁচ==

তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। 
 
* অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা। 
* অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা। 
* অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ। 
* আঁঠু কাঢ় : আঁঠুৰে বুল। 
* আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ। 
* আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা। 
* আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা। 
* আলাশৰ লাড়ু : অতি মৰমৰ। 
* এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান। 
* ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক
* কপাল ফুটা : দু্ৰ্ভগীয়া। 
* কপাল ফুলা : সৌভাগ্যই লগ দিয়া। 
* কপাল ধো : আশা এৰ 
* কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
* কঁকাল পৰ : বুঢ়া হ
* কাণ কটা : নিলাজ 
* কাণ দি : মনোযোগ দি 
* কাণ চুই থ : আগলৈ মনত ৰাখ
* কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ
* কাণত ধৰি ক : শপত খাই ক
* কাণ সমনীয়া : ডেকা
* কাণ বাগৰা : লোকৰ মুখে শুনা
* কুকুৰে মৈ টনা
* খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা। 
* গাত সৰিয়হ ফুটা
* গা এৰা দিয়া : সম্পৰ্ক এৰা
* গাই বাই চোৱা : চেষ্টা কৰি চোৱা
* গা ধৰা : শকত হোৱা
* ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা। 
* ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা। 
* চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা
* চকুত লগা : ধুনীয়া হোৱা
* চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ
* চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু। 
* চুক ভেকুলী : একো নজনা।  
* চুঙা চাই সোপা : 
* চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন।  
* ডলাৰ বগৰী : ঘটনাই ঠাই সলোৱা।  
* তলে পুতল : ভিতৰি ভিতৰি অনিষ্ট কৰা।  
* দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা
* দেশ চাইহে ভেশ : পৰিস্থিতিৰ লগত মিলিব পৰা।  
* ধোদৰ পছলা : এলেহুৱা
* ধোঁৱাচাঙত তোল : সৰ্বশান্ত কৰা, সকলো শেষ কৰা।  
* নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ। 
* নদন-বদন : উভৈনদী। 
* নাদৰ/কুঁৱাৰ ভেকুলী : ঘৰত সোমাই থকা।  
* পৰ্বতত কাছ কণী বিচৰা : অবাস্তৱ চিন্তা কৰা।  
* পাবত গজা : মূল নোহোৱা।  
* পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু। 
* পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা।  
* পানী মিঠৈ : মনে সজা।  
* পাভ লুটি মৰা : বাগৰ সলোৱা।  
* পেট চলা : বেছিকৈ শৌচ কৰা।  
* পেট মচা : নুমলীয়া।  
* পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা।  
* পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা।  
* পানীত পৰা : অথলে যোৱা।  
* বাট চা : অপেক্ষা কৰা।  
* বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ। 
* বুৰেপিত শেলুক : 
* ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা।  
* ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ।  
* মন কৰ : ইচ্ছা কৰ,মনোযোগ দে।  
* মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ।  
* মূৰ খা : মৃত্যুৰ কাৰণ হ।  
* মূৰ ঘমা : বৰকৈ চিন্তা কৰা।  
* মূৰ পাতি লোৱা : দায়িত্ব লোৱা।  
* মূৰ পোলোকা মাৰ/দে : গা এৰা দে।  
* মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা।  
* মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা। 
* হাত উজান দিয়া : কামত সহায় কৰা।  
* হাত লৰ : চোৰ স্বভাৱৰ।  
* হাত দীঘল : ক্ষমতাশালী।  
* হাত সাৱটি থকা : কাম নকৰাকৈ থকা।  
* হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা।  
* হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা।  
* হাত টান : কৃপণ।  
* শেনৰ এজাত : দুভজীয়া কথা।  
* শেন চকুৱা : তীক্ষ্ণ দৃষ্টিৰ।  
* শূন্যত গদা ঘূৰোৱা : জানি-বুজি কৰা ব্যৰ্থ প্ৰচেষ্টা।  
* সাত ঘাটৰ চেঙেলী : অতি টেঙৰ। 
* সাত ঘাটৰ চেঙেলী : বৰ টেঙৰ।  
* সাহেই সিদ্ধি : সাহসেই সিদ্ধি।  

==লগতে চাওক== 
*[[ফকৰা যোজনা]]

==তথ্য সংগ্ৰহ==
{{Reflist}}
{{অসমীয়া ভাষা}}
[[Category:অসমৰ ভাষা আৰু লিপি]]
[[শ্ৰেণী:অসমীয়া লোকসাহিত্য]]