Difference between revisions 80195 and 80611 on aswiki

{{প্ৰবন্ধ প্ৰতিযোগিতা}}

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে [[অসমীয়া সাহিত্য]] সংস্কৃতিলৈ তথা জাতীয় জীৱনলৈ [[অঙ্কীয়া নাট]]-[[ভাওনা]]ৰ যি অমূল্য অৱদান উপহাৰ দি থৈ 
গল,সেয়া আজিও স্বীকৃত আৰু সৰ্বজন সমাদৃত। আধুনিক নাটৰ দৃষ্টিভঙ্গীৰে শঙ্কৰদেৱৰ [[অঙ্কীয়া নাট]]ৰ নাৰী চৰিত্ৰ সমূহ অংকন কৰিব নোৱাৰি। আধুনিক নাটত 
নাৰী চৰিত্ৰৰ যোগেদি সংঘাত সৃষ্টি কৰাৰ বিপৰীতে [[অঙ্কীয়া নাট]]ত নাৰীক সুকোমল ব্যাকুল প্ৰেমিকা, মাতৃ ভাৱনা,আৰু নিষ্কাম ভক্তি ৰসৰ সমাহাৰৰে নাৰীৰ 
উচ্চ মহত্ত্বৰ প্ৰকাশ ঘটাই নাৰীক যি উচ্চ আসনত স্থান দি গৈছে ,সেৱা তেৰাৰ নাৰী সমাজলৈ উল্লেখযোগ্য অৱদান| তলত তেখেতৰ দ্বাৰা ৰচিত কেইখনমান 
অংকীয়া নাটত নাৰীৰ চৰিত্ৰসমূহৰ বিষয়ে আলোচনা কৰা হ’ল|

==ৰুক্মীণী হৰণ==
[[ভাগৱত]]ৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা [[ৰুক্মীণী হৰণ নাট]]ৰ মূল নাৰী আছিল ৰুক্মীণী। দেশান্তৰী ভাটৰ মুখে [[কৃষ্ণ]] কথা শুণি ৰুক্মীণী [[কৃষ্ণ]]ৰ প্ৰতি আকৃষ্ট হয়। পিতাক [[ভীষ্ম]]ই স্নেহৰ কন্যা ৰুক্মীণীক [[কৃষ্ণ]]ৰ হাতত সমৰ্পণ কৰিবলৈ ইচ্ছা আছিল যদিও ৰুক্মীণী জেষ্ঠ ভাতৃ ৰুক্মবীৰে [[কৃষ্ণ]]ৰ পৰিবৰ্তে  ছেদীৰাজ [[শিশুপাল]]লৈ বিয়া দিয়াৰ ব্যৱস্থা কৰি যা-যোগাৰ আৰম্ভ কৰিলে। এইখিনিতে নাট্যকাৰে(গুৰুজনাই)ৰুক্মীণীক ধৈয্যশীলা আৰু উপস্থিত বুদ্ধিসম্পন্না নাৰীৰূপে প্ৰতিপন্ন কৰিছে। [[কৃষ্ণ]]ৰ প্ৰতি তেওঁৰ গভীৰ(contracted; show full)আনহাতে শচী আৰু [[সত্যভামা]]ৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। [[পত্নী প্ৰসাদ নাট]]ৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ,[[কালিয়দমন]]ৰ [[যশোদা]] আৰু গোপমাতৃসকলৰ মাতৃৰূপ,নাগ পত্নীৰ ভক্তিভাব, [[পাৰিজাত হৰণ ]]আৰু [[ৰুক্মীণী হৰন নাট]]ৰ ৰুক্মীণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে। মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই। 

[[শ্ৰেণী:নৱবৈষ্ণৱ ধৰ্ম ]]