Difference between revisions 80641 and 80642 on aswiki

{{essay-likereview}}

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে [[অসমীয়া সাহিত্য]] সংস্কৃতিলৈ তথা জাতীয় জীৱনলৈ [[অঙ্কীয়া নাট]]-[[ভাওনা]]ৰ যি অমূল্য অৱদান উপহাৰ দি থৈ 
গল,সেয়া আজিও স্বীকৃত আৰু সৰ্বজন সমাদৃত। আধুনিক নাটৰ দৃষ্টিভঙ্গীৰে শঙ্কৰদেৱৰ [[অঙ্কীয়া নাট]]ৰ নাৰী চৰিত্ৰ সমূহ অংকন কৰিব নোৱাৰি। আধুনিক নাটত 
নাৰী চৰিত্ৰৰ যোগেদি সংঘাত সৃষ্টি কৰাৰ বিপৰীতে [[অঙ্কীয়া নাট]]ত নাৰীক সুকোমল ব্যাকুল প্ৰেমিকা, মাতৃ ভাৱনা,আৰু নিষ্কাম ভক্তি ৰসৰ সমাহাৰৰে নাৰীৰ 
উচ্চ মহত্ত্বৰ প্ৰকাশ ঘটাই নাৰীক যি উচ্চ আসনত স্থান দি গৈছে ,সেৱা তেৰাৰ নাৰী সমাজলৈ উল্লেখযোগ্য অৱদান। তলত তেখেতৰ দ্বাৰা ৰচিত কেইখনমান 
অংকীয়া নাটত নাৰীৰ চৰিত্ৰসমূহৰ বিষয়ে আলোচনা কৰা হ’ল।

==ৰুক্মীণী হৰণ==
[[ভাগৱত]]ৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা [[ৰুক্মীণী হৰণ নাট]]ৰ মূল নাৰী আছিল ৰুক্মীণী। দেশান্তৰী ভাটৰ মুখে [[কৃষ্ণ]] কথা শুণি ৰুক্মীণী [[কৃষ্ণ]]ৰ প্ৰতি আকৃষ্ট হয়। পিতাক [[ভীষ্ম]]ই স্নেহৰ কন্যা ৰুক্মীণীক [[কৃষ্ণ]]ৰ হাতত সমৰ্পণ কৰিবলৈ ইচ্ছা আছিল যদিও ৰুক্মীণী জেষ্ঠ ভাতৃ ৰুক্মবীৰে [[কৃষ্ণ]]ৰ পৰিবৰ্তে  ছেদীৰাজ [[শিশুপাল]]লৈ বিয়া দিয়াৰ ব্যৱস্থা কৰি যা-যোগাৰ আৰম্ভ কৰিলে। এইখিনিতে নাট্যকাৰে(গুৰুজনাই)ৰুক্মীণীক ধৈয্যশীলা আৰু উপস্থিত বুদ্ধিসম্পন্না নাৰীৰূপে প্ৰতিপন্ন কৰিছে। [[কৃষ্ণ]]ৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আছে। [[কৃষ্ণ]]ক স্বামীৰূপে পাবলৈ ৰুক্মীণী দৃঢ়প্ৰতিজ্ঞ আছিল। প্ৰেমাস্পদক লাভ কৰাৰ ক্ষেএত স্বয়ং ককায়েক বাধাস্বৰূপ হৈ পৰাতো ৰুক্মীণীয়ে সাধাৰণ নাৰীৰ দৰে শেতেলিত পৰি কন্দা-কটা নকৰি তেওঁৰ প্ৰিয় ব্যক্তি বেধনিধি বিপ্ৰক মতাই আনি চিঠিসহ তেওঁক দ্বাৰকালৈ পঠাই [[কৃষ্ণ]]ক মাতি পঠাইছে আৰু কেনেকৈ কি উপায়েৰে তেওঁক পলুৱাই নিব তাকো দিহা চিঠিত লিখি পঠাইছে আৰু 

  "যৱে তোঁহো হৈলা
 কৰি হামাক নাহি নেৱৰ,
  তৱ তোমাত বধ দিয়ে,
  হামু প্ৰাণ ছাড়ব।"

বুলি ক'বলৈ পাহৰা নাই। [[কৃষ্ণ]] প্ৰেমত মত্ত ৰুক্মিণীয়ে ককায়েকৰ বাধা নেওচি [[কৃষ্ণ]]ৰ লগত গোপনে গৈছে  যদিও ৰুক্মিণী চৰিত্ৰত ভাতৃপ্ৰেম,শ্ৰীসুলভ কোমলতা আৰু স্নেহভাব বিদ্যমান।বিপক্ষে ৰজা সকলৰ [[কৃষ্ণ]]ই পৰাস্ত কৰি খেদি পঠোৱাৰ পিছতো যুদ্ধ কৰিবলৈ খেদি অহা ৰুক্মবীৰক [[কৃষ্ণ]]ই তৰোৱালেৰে কাটিবলৈ যাওঁতে ৰুক্মীণীয়ে কান্দি-কাটি [[কৃষ্ণ]]ৰ চৰণত পৰি ৰক্মবীৰৰ প্ৰাণ ভিক্ষা কৰে। নাটখনিত কেইবাটাও নাৰী চৰিত্ৰ সংযোজন ঘটিছে যদিও ৰুক্মিণীৰ কাৰ্য্য,প্ৰেমমুগ্ধা নাৰীৰ আচৰণ,প্ৰিয়জনক পোয়া-নোপোৱাৰ দ(contracted; show full)ি যজ্ঞ সম্পাদান কৰাৰ পাছত ৰাম-লক্ষ্মণৰ কিবা উপকাৰ কৰাৰ কথা চিন্তা কৰি তেওঁলোকক জনক ৰজাই অনুস্থিত কৰা [[সীতা]]ৰ স্বয়ম্বৰলৈ লৈ যায়।বিশ্বামিত্ৰৰ লগত ৰাম-লক্ষ্মণ আহি মিথিলাৰ যজ্ঞস্থলীত উপস্থিত হোৱাত [[সীতা]]ই উদিগ্নভাৱে সখী কনকাৱতীক খবৰ কৰিবলৈ পঠায়। কনকাৱতীয়ে ৰামৰ অপূৰ্ব ৰূপ লাৱণ্যৰ কথা বৰ্ণনা কৰাত "[[সীতা]] মহা হৰ্ষম্বিতা হৈয়ে পৰিল। যৈচে প্ৰেমৰসে মহা আকুল কৈলা,অ দেখহ ,শুনহ নিৰন্তৰে হৰি বোল হৰি।"সেই প্ৰসঙ্গত নাট্যকাৰে ধনশ্ৰী ৰাগৰ গীতত দিয়া বৰ্ণনাই [[সীতা]]ৰ মানসিক অৱসথাৰ প্ৰকাশ ঘটাইছে এনেদৰে- 

  "স্বামীৰ চৰিত্ৰ শুনিয়ে কুমাৰী
  ভেলি পুলক তনু চেতন আকুল
  কমল নয়নে ঝুৰি বাৰি।।"
হৰধনু ভঙ্গৰ পিছত ৰজাসকলে ৰামক খেদি আহোঁতে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামে হাতত কুঠাৰ লৈ প্ৰচণ্ড গতিৰে খেদি আহোঁতে স্বামীৰ সাম্ভাব্য বিপদৰ কথাত শঙ্কিত হৈ পৰা [[সীতা]]ৰ কাৰ্যই তেওঁৰ স্বামীপ্ৰেম প্ৰকট কৰিছে।নাটখনিত [[সীতা]] ৰামৰ প্ৰতি আসক্তি,ৰামক পোৱা-নোপোৱাৰ সম্পৰ্কে গভীৰ উদ্ৰেগ,শংকা,ভয় আদি প্ৰকাশেৰে ৰামমুখি চৰিত্ৰ এটাহে প্ৰকাশ কৰিছে। জীয়াৰী বা সখীৰূপত তেওঁক চিত্ৰিত কৰা নাই।নাট্যকাৰৰ নিজা সৃষ্টি মদন মন্থৰা,কনকাৱতী আৰু লীলাৱতী তিনিগৰাকী সখীপ্ৰাণগতা নাৰী চৰিত্ৰ। 

শেষত এইদৰে কব পাৰি যে,শঙ্কৰদেৱৰ আটাইকেইখন নাটৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সংখ্যক  স্ত্ৰী চৰিত্ৰই স্বকীয় বৈশিষ্ট্যত উজ্জল আৰু প্ৰাণৱন্ত।বিশেষকৈ পাৰিজাত হৰণ নাটৰ নাৰী চৰিত্ৰৰ যোগেদি মহাপুৰুষজনাই আজিকালি নাট্যকাৰৰ দৰে চৰিত্ৰৰ বৈপৰীত্য আৰু সাদৃশ্যৰ দ্বাৰা নাটকৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে।এইক্ষেত্ৰত ৰুক্মীণীৰ লগত [[সত্যভামা]]ৰ চৰিত্ৰ বিপৰীত্য আৰু আনহাতে শচী আৰু [[সত্যভামা]]ৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। [[পত্নী প্ৰসাদ নাট]]ৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ,[[কালিয়দমন]]ৰ [[যশোদা]] আৰু গোপমাতৃসকলৰ মাতৃৰূপ,নাগ পত্নীৰ ভক্তিভাব, [[পাৰিজাত হৰণ ]]আৰু [[ৰুক্মীণী হৰন নাট]]ৰ ৰুক্মীণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে। মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই। 

[[শ্ৰেণী:নৱবৈষ্ণৱ ধৰ্ম ]]