Difference between revisions 80642 and 81936 on aswiki

{{review}}

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে [[অসমীয়া সাহিত্য]] সংস্কৃতিলৈ তথা জাতীয় জীৱনলৈ [[অঙ্কীয়া নাট]]-[[ভাওনা]]ৰ যি অমূল্য অৱদান উপহাৰ দি থৈ 
গল,সেয়া আজিও স্বীকৃত আৰু সৰ্বজন সমাদৃত। আধুনিক নাটৰ দৃষ্টিভঙ্গীৰে শঙ্কৰদেৱৰ [[অঙ্কীয়া নাট]]ৰ নাৰী চৰিত্ৰ সমূহ অংকন কৰিব নোৱাৰি। আধুনিক নাটত 
নাৰী চৰিত্ৰৰ যোগেদি সংঘাত সৃষ্টি কৰাৰ বিপৰীতে [[অঙ্কীয়া নাট]]ত নাৰীক সুকোমল ব্যাকুল প্ৰেমিকা, মাতৃ ভাৱনা,আৰু নিষ্কাম ভক্তি ৰসৰ সমাহাৰৰে নাৰীৰ 
(contracted; show full)আনহাতে শচী আৰু [[সত্যভামা]]ৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। [[পত্নী প্ৰসাদ নাট]]ৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ,[[কালিয়দমন]]ৰ [[যশোদা]] আৰু গোপমাতৃসকলৰ মাতৃৰূপ,নাগ পত্নীৰ ভক্তিভাব, [[পাৰিজাত হৰণ ]]আৰু [[ৰুক্মীণী হৰন নাট]]ৰ ৰুক্মীণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে। মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই। 

[[শ্ৰেণী:নৱবৈষ্ণৱ ধৰ্ম ]]