Difference between revisions 2770 and 2772 on aswikisource

{{header
 | title      = অসম আই
 | author     = নবীনচন্দ্ৰ বৰদলৈ (
 | year  =  ১৮৭৫-১৯৩৬)
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | notes      = 
}}
<poem>
শ্যাম বৰণীয়া অসম আই ধুনীয়া
:ভাৰতৰ নুমলি জী
বীৰ সন্তানকে কোলাত লৈ তুলিলে
:আজি তোৰ বিলাই কি?
গছৰে ডালতে কুলি কেতেকীয়ে
:আজিও আৰতি গায়;
তোৰে পো-জীয়াৰী কানীয়া-ভঙুৱা
:তোকে যে নোবোলে আই।
সোণালী পথাৰত ধানে যে হাঁহিছে
:ভৰিৰ পৰৰে ঘৰ;
তোৰে যে সন্তান নিছলা হজুৱা
:হাড়ে ছালে কলেৱৰ।
পৰ পদাঘাত কতনো সহিবি
:ৰাঙলী লৱনু গাৱ;
তোৰ যে দুখতে হিয়া মোৰ ৰাঙলী
:হেৰ মোৰ হাৰলী মাৱ।
ইননি বিননি শোকতে কান্দিলি
:হিয়া মোৰ সুলকি গ’ল,
হিয়াতলি ভদি তপত শোণিত
:বই বই শেষ হ’ল।
কৰুণা মূৰতি এৰি ভাগৱতী
:শকতি ৰূপকে ধৰ;
হাজাৰ বিজাৰ তোৰে সন্তান
:লভোক হেৰোৱা বল।
ধনে ধানে তোৰ উপচি পৰোক
:বীৰ সন্তানৰ দল
হিয়াৰ তেজেৰে বাজোক সদায়
:তোৰে চৰণৰ তল।

</poem>

[[Category:কবিতা]]
[[শ্ৰেণী:নবীনচন্দ্ৰ বৰদলৈৰ সাহিত্যকৰ্ম]]