Difference between revisions 2772 and 39606 on aswikisource{{header | title = অসম আই | author = নবীনচন্দ্ৰ বৰদলৈ | year = ১৮৭৫-১৯৩৬ | translator = | section = | previous = | next = | notes = }} {{Block center|<poem>⏎ ⏎ শ্যাম বৰণীয়া অসম আই ধুনীয়া :ভাৰতৰ নুমলি জী বীৰ সন্তানকে কোলাত লৈ তুলিলে :আজি তোৰ বিলাই কি? গছৰে ডালতে কুলি কেতেকীয়ে :আজিও আৰতি গায়; তোৰে পো-জীয়াৰী কানীয়া-ভঙুৱা :তোকে যে নোবোলে আই। সোণালী পথাৰত ধানে যে হাঁহিছে :ভৰিৰ পৰৰে ঘৰ; তোৰে যে সন্তান নিছলা হজুৱা :হাড়ে ছালে কলেৱৰ। পৰ পদাঘাত কতনো সহিবি :ৰাঙলী লৱনু গাৱ; তোৰ যে দুখতে হিয়া মোৰ ৰাঙলী :হেৰ মোৰ হাৰলী মাৱ। ইননি বিননি শোকতে কান্দিলি :হিয়া মোৰ সুলকি গ’ল, হিয়াতলি ভদি তপত শোণিত :বই বই শেষ হ’ল। কৰুণা মূৰতি এৰি ভাগৱতী :শকতি ৰূপকে ধৰ; হাজাৰ বিজাৰ তোৰে সন্তান :লভোক হেৰোৱা বল। ধনে ধানে তোৰ উপচি পৰোক :বীৰ সন্তানৰ দল হিয়াৰ তেজেৰে বাজোক সদায় :তোৰে চৰণৰ তল।⏎ ⏎ ⏎ ⏎ </poem>}}⏎ [[Category:কবিতা]] [[শ্ৰেণী:নবীনচন্দ্ৰ বৰদলৈৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=39606.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|