Difference between revisions 3268 and 3269 on aswikisource⏎ জ্যোতিপ্ৰসাদ আগৰৱালা⏎ ⏎ {{header | title = কুম্পুৰ সপোন | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = | next = | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = জ্যোতি সংগীত }} :::::::::::::মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি :::::::::::::আৰু দুজনী – নাক জিলিকা চকু টেলেকা :::::::::::::তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী :::::::::::::এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত :::::::::::::কথা পাতে টাকুট্ টাকুট্ কুট্ :::::::::::::এটাই ক’লে – “পুট্, পুট্, পুট্” :::::::::::::ইটোৱে মা নাক জোকাৰি ক’লে – “ধুৎ ধুৎ” :::::::::::::মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ :::::::::::::কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্ :::::::::::::মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্ :::::::::::::এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি :::::::::::::যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি :::::::::::::যখিনীহঁতে নেপেলালে একেলগে ভৰি। :::::::::::::চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি :::::::::::::কোটোক কোটোক ঘোটোক কৰি :::::::::::::ভূত পোৱালি জাপ মাৰি :::::::::::::ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি :::::::::::::মই, তই যে কৱ – :::::::::::::ভূতে বোলে ল’ৰা ধৰি খায় :::::::::::::পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি :::::::::::::গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়। :::::::::::::ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই? :::::::::::::ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই? :::::::::::::ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়। :::::::::::::মা, মোৰ হ’লে ভূতলে ভয় নাই। :::::::::::::যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি :::::::::::::দুয়োটাৰে কাণ দুখন দিলো মুচৰি। :::::::::::::দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল, :::::::::::::সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল। :::::::::::::বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ :::::::::::::পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ :::::::::::::তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই। :::::::::::::মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই, :::::::::::::ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই? :::::::::::::ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়। :::::::::::::মা, মোৰ হ’লে ভূতলে ভয় নাই।⏎ ⏎ [[Category:জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্য]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3269.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|