Difference between revisions 3306 and 3309 on aswikisource

{{header
 | title      = অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা) 
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = [[অক্কণমানি ল’ৰা]]
 | next       = [[অবুজ মাতৰ বিবুজ বাতৰি]]
 | year       = 
(contracted; show full)::::::::::সখী হে’ৰা সৌন্দৰ্য্য-বিভোৰ ৷

::::তোমাৰ তুলিৰ ৰেখা
::::::এটি এটিকৈ
::::::::উঠিছেনে ফুটি সখী
::::::::::শত শত ৰূপবান হৈ ?


==next==::::আহিছেনে এতিয়াও
::::::তুলিৰ আগেদি
::::::::ৰূপৰ স্পটিক-পানী
::::::::::শতধাৰা হৈ ?

::::গঢ়িলা যি তুলিৰ আগেদি
::::::জগতৰ চিৰশ্ৰেষ্ঠ
::::::::অনিন্দ্যসুন্দৰ,
::::::::ধন্য সখী তোমাৰ লেখনী ৷

::::বাণৰ জীয়ৰী ঊষা
::::::সপোনত দেখা ৰূপ
::::::প্ৰত্যক্ষ কৰিলা আনি
::::::::সখীব্ৰতা!
::::::::ৰাখিলা যে সখীৰ জীৱন ৷

::::দিগন্ত বিয়পা কিনো
::::::মায়াপী শৰীৰী তুমি
::::::::ইঙ্গিতত তধা লাগে তৰুণ তপন,

::::বিস্ময়ত মুগ্ধ হৈ
::::::চাই ৰয় মাথো
::::::::তোমাৰ মায়ালীলা
::::::::::কত শত লক্ষ ভুৱন।

::::ৰূপহী নোহোৱা তুমি
::::::তাতোকৈও আৰু আছে যদি
::::::::চাব হোৱা তুমি,

::::জগতৰ চিৰশ্ৰেষ্ঠ
::::::সকলো ৰূপহী
::::::::তোমাৰ ৰূপৰ মাজে মাজে
::::::::::চাব পাৰে জুমি ৷

::::তোমাৰ ৰূপৰ সখী
::::::তুমিয়েহে তুল
::::::::সামৰিছা মহাবিশ্ব
::::::::::তোমাৰ ৰূপত,

::::বিশ্ব সঙ্গীত আহি
::::::আছে গোট খাই
::::::::তোমাৰেই বিজয়ী কণ্ঠত ৷

::::কোন ৰহস্যৰ আঁৰ হৈ
::::::ফুৰা সখী লুকাই লুকাই
::::::মূৰ্ত্ত হৈ দিয়াচোন দেখা,

::::কবিৰ কল্পনা পুনু ঠন ধৰাবলে’
::::::আহাঁ আজি সখী চিত্ৰলেখা !