Difference between revisions 3451 and 3454 on aswikisource

{{header
 | title      = প্ৰিয়তমাৰ চিঠি
 | author     = হেমচন্দ্ৰ গোস্বামী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = ১৮৭২-১৯২৮
 | portal     = 
 | wikipedia  =  
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

সৌন্দৰ্যৰ বুকুত কাঁচিল উদঙাই

প্ৰকৃতিৰ চোঁ ঘৰ চালো পিত পিত;
 
কুকুৰঠেঙীয়া এই আখৰকিটিত

যি অমিয়া ঘঁহা আছে, ক’তো আৰু নাই ।

কবি-নিকুঞ্জত ফুলি কত কবিতাই

মলয়াত উঠি উটি ফুৰে পৃথিৱীত,

তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

কবিতাৰ কাব্য তোৰ গোন্ধকোনেপায় ।

ফুলে ফুলে, সৰি যায়, শুকান বননি,

বসন্তৰ কুঁহি-পাত ৰ’দত লেৰেলে;

তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

নিতৌ নোহোৱা বাহী ন ন ফুল মেলে ।

যত শুঙো, চুমা খাওঁ, নালাগে আমনি,

হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে ।

[[শ্ৰেণী:কবিতা]]
[[শ্ৰেণী:হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যকৰ্ম]]