Difference between revisions 3454 and 8491 on aswikisource{{header | title = প্ৰিয়তমাৰ চিঠি | author = হেমচন্দ্ৰ গোস্বামী | translator = | section = | previous = | next = | year = ১৮৭২-১৯২৮ | portal = | wikipedia = | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} ⏎ ⏎ সৌন্দৰ্য্যৰ বুকুত কাঁচিলি উদঙ্গাই প্ৰকৃতিৰ চোঁ -ঘৰ চালোঁ পিত্ পিত্; কুকুৰঠেঙ্গীয়া এই আখৰকিটিত যি অমিয়া ঘঁহাঁ আছে, ক’'তো আৰু নাই । কবি-নিকুঞ্জত ফুলি কত কবিতাই মলয়াত উঠটি উটি ফুৰে পৃথিৱীত, তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত, কবিতাৰ কাব্যে তোাৰ গোন্ধকোনেে নাপায় । ফুলে ফুলে, সৰি যায়, শুকান বননি, বসন্তৰ কুঁহি-পাত ৰ’'দত লেৰেলে; তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী, নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে । যত শুঙো, চুমা খাওঁ, নালাগে আমনি, হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে । [[শ্ৰেণী:কবিতা]] [[শ্ৰেণী:হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=8491.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|