Difference between revisions 4384 and 4385 on aswikisource

পৃথিৱীৰ সকলো আপচুতাই যদি ক’লা বৰণ সানি যায়হি তথাপি সেই সৌন্দৰ্য্যৰ ছায়া কল্পনাৰপৰা মচ খাই নায়ায়| সেই সৰু টিলাটি, তাৰ তলত সেউজীয়া কোমল বননিখনি, ওখ ওখ গছকেজুপি, বিশাল সেই ফটফটীয়া জোলৰ লুইতখনি, তাৰ পাৰে পাৰে যুগান্তৰৰ ডাঙৰ ডাঙৰ নীলা, গছকেশাৰী আৰু দূৰ-দূৰণিৰ নীলা পৰ্ব্বতৰ আঁৰত মুখ লুকোৱা সেই কম্পিত দিন-দেৱতাৰ ৰঙা ঘূৰণীয়া মুখখনি, ৰঙা নীলা সোণোৱালী পাটলি পিন্ধা ডাৱৰকেডুখৰি কোনে পাহৰিব? সেই ফুলৰ সুগন্ধ, চৰাইৰ গীত, লুইতৰ হো হো শব্দ আৰু মৃদু-মৃদুকৈ বলি অহা শীতল সমীৰণ আৰু সেই কোমল শুৱলা বনগীত গোৱা সোণবৰণীয়া ছ(contracted; show full)বাসন্তী পুৱা| বেলি তেতিয়া পূব গগনৰ আঁৰ| লুইত ফটফটীয়া| স্তব্ধ-নীৰৱ| গছ-গছনিবোৰ শান্ত| তলসৰা বকুলৰ গোন্ধ তেতিয়া তীব্ৰ| মলয়া তেতিয়া স্নিগ্ধ| গোটেই জগত তেতিয়া এক কোমল সৌন্দৰ্য্যত অভিভূত| গাঁৱৰ মানুহ তেতিয়া একেবাৰে সজাগ নহয়-মাত্ৰ এটি-দুটি উঠিছে|
ৰূপহীয়ে ঠাই সাৰি, কলহটো হাতত লৈ নৈৰ পাৰলৈ খিদিছে, কিন্তু সেই নিজম পুৱতি নিশা কাৰ গীত-কোনে গাইছে?
<poem>
পুৱতি নিশাৰে
বকুল ফুলেকিটি
কিয় তলে সৰি যাৱ?
গাভৰুৰ ডিঙিতে
ক
িনো ৰং চৰাই তই
খোপাতে কোনো সুখ পাৱ?
<poem/>
ৰূপহী থমকি ৰ’ল| তাৰ পিছত মনটোত এটি অনন্দৰ ঢৌ খেলি গ’ল| হাতত কলহেৰে সৈতে লাহে লাহে আগবাঢ়ি গ’ল| দূৰৈৰ ওখ শিল এটাৰপৰা লাহে লাহে ধুনীয়া ডেকা এটা ৰূপহীৰ ওচৰ চাপি আহিল| তাৰ মুখত হাঁহি নাই| মনত বেজাৰ|
****
ৰূপহীয়ে বকুল ফুল আৰু দুটামান কোঁচত ভৰাই ক’লে, "বেণু! মইনো আৰু কি কম? পিতাইক তইনো এবাৰ কৈ নেচাৱ কিয়?"
"ৰূপ! মই যে দুখীয়া! মোৰ যে ঘৰ নাই-টিঙৰ ঘৰ| মোৰ যে ম’হৰ খুটি নাই| পাঁচওৰ বলদ নাই| ডাঙৰ খাট-পাম নাই| মই-|"
ৰূপহীয়ে এ টা হুমিনিয়াহ কাঢ়িলে|
"ৰূপ! মোক তোৰ মনৰপৰা মচি পেলা| মোৰ এই সুন্দৰ ধুনীয়া চেহেৰাইতো তোৰ পিতাৰক ঘূৰাব নোৱাৰে| তোৰ পিতাৰক লাগিব ৰূপ-বগা বগা ৰূপ| কিন্তু ৰূপ! তোক এমুথি খুৱাবলৈ মোক ঈশ্বৰে শকতি দিছে ৰূপ! পিছে-?"
ৰূপহী নীৰৱ|
"বিয়াৰ দিন কাহানিকৈ?"
"বহাগৰ সোতৰ দিন যোৱাত|"
"ভাল হৈছে, তই সুখত থাকিলেই মোৰ সুখ| ৰূপ! মই ভিকহু, তোক সুখ ক’ত দিব পাৰিম?"
ৰূপহীয়ে মনটো ডাঠকৈ ক’লে, " মই ক’লাইত বিয়া নোসোমাওঁ|"
বেণুৱে এটি গৌৰৱ অনুভৱ কৰি ৰঙা পৰিল| "তই নোসোমাওঁ বুলিলেই হ’বনে? তোৰ--"
ৰূপহীয়ে কলহটোত পানী ভৰাবলৈ নামি গ’ল|
বেণুৱে সেই সিন্দৰ মুখখনিলৈ চাবলৈ ধৰিলে| ৰূপহীয়ে পানী লৈ উঠি আহিল| কলহটো থ’লে| আঁচলৰপৰা ফুলবোৰ পেলাই দি ক’লে, "বেণু! মোক ভাল ফুল দুপাহমান পাৰি দে|"
বেণুৱে উত্‌সাহেৰে গছৰ ডালত ধৰি বগাই উঠি গ’ল| ডাল জোঁকাৰ খালে| ফুল সৰিবলৈ ধৰিলে| ৰূপহীয়ে ফুল বুটলি বুটলি ভাগৰি গ’ল| বেলিও ওলাই আহিল| ৰূপহীয়ে আঁচলৰপৰা কিছু ফুল লৈ বেণুক দিলে| বেণুৱে আগ্ৰহেৰে শুঙি চালে| আহাঁ--!
"বেণু! মই যাওঁদেই, বেলি হৈছে| আই উঠিব পায় চাগৈ|"
বেণুৱে নেমাতিলে| নীৰৱে চাবলৈ ধৰিলে| ৰূপহীয়ে বৰ কৰুণ নয়নেৰে এবাৰ বেণুলৈ চাই খোজ দিলে|
কলহৰপৰা পানী উচলি পৰি ৰূপহীৰ গা তিয়াই গ’ল| বেণুৱে সৰগপৰা মানুহৰ দৰে চাই থাকিল| ৰূপহী লাহে লাহে গছৰ আঁৰ হৈ গ’ল| বেণুৱে উভতি গীত ধৰিলে--
<poem>
কিনো বাণ মাৰিলে
হিয়া মোৰ ভাঙিলে
তাপতে পুৰি-ডেই যাওঁ,
বহাগৰ বিহুটি
উকা হৈ যাবগৈ
কেনেকৈ চেনেহীক পাওঁ?
<poem/>
নৈৰ মাজত ডকাই চিঞৰি উঠিল| বেণুৱে চক খাই চালে| নাও এখন পাক খাই লুইতৰ বুকুত মাৰ গৈছে| ডকাই আকৌ ভীষণ আৰ্তনাদ কৰি চিঞৰি উঠিছে|
কু-উ| কুলিটো উৰি গ’ল| নতুন বছৰৰ ওলগ জনাই মিচিকাই হাঁহি মাৰি বেলিটি ওলাই আহিল| মলয়া বৈ আছিল| গছ পাত লতাই লৰি লৰি নতুন দিনতিক সাবটি ল’লে| বসন্তই নিজৰ সেউজীয়া সোণোৱালী ৰং-চৰোৱা তুলিটিৰে শেষ ৰেখা আঁকি চিত্ৰলেখাৰ বাবৰপৰা অৱসৰ লৈ ভাগৰ জুৰাবলৈ উৱলা গা-টিৰে বাসন্তী পুৱাৰ নতুন ৰ’দ-কাঁচলিত এটি তুলিৰে শেষ আঁক মাৰি পূব মলয়াত গা জুৰ কৰিবলৈ উৰি গ’ল| আনন্দ দেৱতাই হাঁহিৰ এটি ৰেখা মৰতলৈ পঠিয়াই দিলে| আজি ৰঙালী বিহু| কুলিটোৱে আকৌ সিজোপা গছৰপৰা মাতিলে-কু-উ-কু-উ|