Difference between revisions 4385 and 4386 on aswikisource

পৃথিৱীৰ সকলো আপচুতাই যদি ক’লা বৰণ সানি যায়হি তথাপি সেই সৌন্দৰ্য্যৰ ছায়া কল্পনাৰপৰা মচ খাই নায়ায়| সেই সৰু টিলাটি, তাৰ তলত সেউজীয়া কোমল বননিখনি, ওখ ওখ গছকেজুপি, বিশাল সেই ফটফটীয়া জোলৰ লুইতখনি, তাৰ পাৰে পাৰে যুগান্তৰৰ ডাঙৰ ডাঙৰ নীলা, গছকেশাৰী আৰু দূৰ-দূৰণিৰ নীলা পৰ্ব্বতৰ আঁৰত মুখ লুকোৱা সেই কম্পিত দিন-দেৱতাৰ ৰঙা ঘূৰণীয়া মুখখনি, ৰঙা নীলা সোণোৱালী পাটলি পিন্ধা ডাৱৰকেডুখৰি কোনে পাহৰিব? সেই ফুলৰ সুগন্ধ, চৰাইৰ গীত, লুইতৰ হো হো শব্দ আৰু মৃদু-মৃদুকৈ বলি অহা শীতল সমীৰণ আৰু সেই কোমল শুৱলা বনগীত গোৱা সোণবৰণীয়া ছ(contracted; show full)
কু-উ| কুলিটো উৰি গ’ল| নতুন বছৰৰ ওলগ জনাই মিচিকাই হাঁহি মাৰি বেলিটি ওলাই আহিল| মলয়া বৈ আছিল| গছ পাত লতাই লৰি লৰি নতুন দিনতিক সাবটি ল’লে| বসন্তই নিজৰ সেউজীয়া সোণোৱালী ৰং-চৰোৱা তুলিটিৰে শেষ ৰেখা আঁকি চিত্ৰলেখাৰ বাবৰপৰা অৱসৰ লৈ ভাগৰ জুৰাবলৈ উৱলা গা-টিৰে বাসন্তী পুৱাৰ নতুন ৰ’দ-কাঁচলিত এটি তুলিৰে শেষ আঁক মাৰি পূব মলয়াত গা জুৰ কৰিবলৈ উৰি গ’ল| আনন্দ দেৱতাই হাঁহিৰ এটি ৰেখা মৰতলৈ পঠিয়াই দিলে| আজি ৰঙালী বিহু| কুলিটোৱে আকৌ সিজোপা গছৰপৰা মাতিলে-কু-উ-কু-উ|

গাভৰুৱে খোপাত কপু ফুল পিন্ধি লাহ-বিলাহকৈ ওলাই গৈছে| ডেকাই মূৰত ন-গামোচা মাৰি আনন্দত তিনি দেও দি ঢোলত চাৰি চাপৰ মাৰিছে| তাকে শুনি নাচনী গাভৰুৰ কঁকালটো সাতখন-আঠখন কৰিছে| বুঢ়ীয়ে ভিতৰত পিঠাপনা ভাজিছে| বুঢ়াই গোঁসাইঘৰত নাম লৈছেগৈ| আদহীয়াই গোট খাই দুখৰ-সুখৰ কথা পাতিছে| ৰূপহীয়ে মাকৰ আলপৌচান ধৰি ছেগ বুজি নকৈ লগোৱা গামোচা এখন পেৰাৰপৰা উলিয়াই আনিলেগৈ| তাই আলিকাষলৈ ওলাই গ’ল|
"বাইটি! ক’লৈ যাৱ?"
"অ’ মনাই নে?শুনচোন|"
" কি বাইটী?"
ৰূপহীয়ে কাপোৰৰ তলৰপৰা গামোচাখন উলিয়াই মনাইৰ হাতত দি ক’লে, "এইখন ককাইটিয়েৰক দিবিগৈ-দেই|"
মনায়ে তিনি দেও দি লৰ ধৰিলে| ৰূপহী চাই চাই নেদেখা হ’লত উভতি আহিল| সৰু নৈখন জুৰজুৰকৈ বৈ গৈছে| ওপৰেদি চৰকাৰী ক’লা আলকতৰা সনা কাঠৰ দলংখনত বেণুৱে হাতত বাঁহিটী লৈ ক’লীয়া গোঁসাইৰ ৰূপ ধৰিছে| চাৰিওফালে সমনীয়াই দেও দি নাচিছে| মাজে মাজে কিৰীলি মাৰি মাৰি ল’ৰাখনে গাইছে-
<poem>
ৰঙালী বিহুটি
আহিল ৰঙে কৰি
কৰাই পিঠাগুৰি খাওঁ,
ঘৰমুৱা হৈ
আবেলি পৰতে
চেনেহীক চুমা দি যাওঁ|
<poem/>
"ককাইটি! ৰূপ বাইটিয়ে এইখন গামোচা দি পঠাইছে|"
বেণুৱে থাপ মাৰি গামোচাখন হাতৰপৰা লৈ মুখত লগাই অলপ নীৰৱ হ’ল| মূৰত মাৰি আকৌ হাতত বাঁহীতি লৈ ল’ৰাৰ লগত পাক দিবলৈ গ’ল|
ন বছৰৰ ন দিনে ঘৰে ঘৰে ন ৰং চৰাই যাবলৈ খোজ দিলে| ঢোলৰ মাতো লাহে লাহে কমি আহিল| গধূলি গৰুৰ ’হাম্বা,’ ’হাম্বা’ ৰৱে গাঁওখনৰ নীৰৱতা ভাঙিলে| গৰখীয়া ল’ৰাৰ বাঁহীৰ মাত এবাৰ-দুবাৰ বাজি উঠিল| দূৰৰ ম’হ-গুৱালৰ এটা-দুটা চিঞৰে নৈৰ পাৰৰ ম’হবোৰৰ কাণ থিয় কৰি তুলিলে| গধূলি হৈ আহিল|
ৰূপহীয়ে হাতত কলটো লৈ পানী আনিবলৈ খোজ দিলে| ৰূপহীৰ গাত আজি নতুন ৰিহা, নতুন মেখেলা, মূৰত কপৌ ফুল, কপালত সেন্দুৰৰ ফোট, মুখত কেৱল নাই হাঁহি| ৰূপহী এখুজি-দুখুজিকৈ নৈৰফালে গুচি গ’ল| গাঁৱৰ ডেকাই ভেবা লাগি চাই ৰ’ল| ক’লীয়াই দেখি মনতে অলও গৌৰৱ অনুভৱ কৰি গ’ল| হেকাৰি মাৰিলে| লাহে লাহে ৰূপহী বিৰিণাৰ আঁৰ হৈ গ’ল|
****
ৰূপহী পানীত| এবুকু পানীত| কলহটো ওচৰতে ওপঙি আছে| ওচৰৰ শিলটোতে বেণুৱে বৰশি পেলাইছে|
"বাৰু ৰূপ! ক’লীয়াই তোৰ লগত কথা পাতিছিলনে?"
"নাই--"
"ক’লীয়ানো কি বেয়া?"
বাধা দি তাই ক’লে, "বেণু! মোক নক’বি| তাৰ কথা মোক নক’বি" বুলি চকুপানূ টুকিলে| বেণুৰ মনটোত অলপ বেজাৰ লাগিল|
"বাৰু ৰূপ! তই যদি মোক ইমান ভালপাৱ, মোৰ লগত যাবিনে?"
"ক’লৈ?"
"আন ঠাইলৈ দুয়ো গুচি যাম| তোকনো মই যেনেতেনে খুৱাব নোৱাৰিমনে?"
ৰূপহী অলপ নীৰৱ হৈ ৰ’ল| বুঢ়া বাপেকৰ মুখ, এবাৰ মাকৰ মুখ তাইৰ মনত পৰিল| হঠাত্‌ ক’লে, "বেণু! যাম| তই য’তে মৰগৈ ময়ো তাতে মৰি| যাম|"
বেণুৱে কি ক’ব একো থিৰ কৰিব নোৱাৰিলে| একেথৰে ৰূপহীলৈ চাবলৈ ধৰিলে|
"বেণু! কাহানিকৈ যাবি? বিয়ালৈ আৰু সোতৰ দিন আছে|"
বেণুৱে চমক খাই উঠিল "ৰূপ এ!"
"বেণু! ৰ’বি, এন্ধাৰ হৈছে| মই গাটো তিয়াই লওঁ|"
ৰূপহীয়ে বুৰ মাৰিলে| বেণুৰ চুলিৰ আগেদি জীঅ উৰি গ’ল| নৈত জাঁপ মাৰি পৰিল--ৰূপহীৰ কলহটো দূৰলৈ উটি সোঁতত ভাহি গ’ল|
"ৰূপ! ৰূপ!" ৰূপহীৰ ভেলটোৱে চকু দুটা মুদি বেণুৰ আগত মাত্ৰ পৰি ৰ’ল|
"ৰূপ! ৰূপ! অ’ ৰূপ! মোক এৰি তই ক’লৈ গ’লি ৰূপ?"
ৰূপহীয়ে নেমাতিলে--আৰু এই জনমলৈ নেমাতিব|
"ৰূপ! ৰূপ!--" বেণুৰ শোকে খুন্দা মাৰি ধৰিলে| চকুৱেদি লো বাগৰি পৰিল| এটি প্ৰবল শোকৰ উচ্ছাস উঠি ওপৰলৈ উৰিগ’ল| সি সকলোকে ক’লেগৈ--
"মোৰ হিয়া শূন্য!--মোৰ হিয়া শূন্য!"
বেণুৱে ৰূপহীৰ নীঅৱ স্পন্দনহীন বুকুত মূৰটো গুঁজি উচুপি উচুপি কান্দিবলৈ ধৰিলে| দূৰত গৰখীয়াই ঘৰলৈ গৰু খেদি ৰাগ টানিলে--
<poem>
বেলি মাৰে গলে
আন্ধাৰী ৰাতিয়ে
পৃথিৱীত ভৰিটি থলে,
বগী ৰাধিকায়ে
ঘৰলৈ খোজে দি
ক’লাৰ হিয়া উৰুৱাই গলে|
<poem/>