Difference between revisions 4463 and 4464 on aswikisource{{header | title = মণিৰাম দেৱানৰ গীত | author = অনামী | translator = | section = | previous = | next = | year = | portal = | wikipedia = মণিৰাম দেৱান | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = মানুহৰ মুখে-মুখে প্ৰচলিত হৈ অহা মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে। }} ::::::::::::::::::১ :::::::::::::::আই সৰেচতী দেৱী পাৰেৱতী :::::::::::::::তোমালৈ বঢ়াই যাওঁ চাউল, :::::::::::::::পাহৰা পদকে সোঁৱৰাই দি যাবা :::::::::::::::গীতৰ ভাঙি যাবা আউল। ::::::::::::::::::২ :::::::::::::::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ :::::::::::::::পাৰ্ৱতীক সেৱা কৰো, :::::::::::::::ভৰলী আইকো কৰোঁ সাত সেৱা :::::::::::::::মণিৰামৰ ভণিতা জোৰোঁ। ::::::::::::::::::৩ :::::::::::::::কোনে বোলে জীলে, :::::::::::::::ইংৰাজে দেশখন :::::::::::::::আকৌ আমাক দিলে ::::::::::::::::::৪ :::::::::::::::কোনো বোলে চৰিল, :::::::::::::::ইস্কট চাহাবেৰে সখি কৰিলে। :::::::::::::::চাহাবে কলেহি বুজাই, :::::::::::::::অসম দেশ লব লাগে :::::::::::::::বৰ লুইতে উজাই। :::::৫ ::নহ'বলৈ হ'ল⏎ :::::::::::::৫ :::::::::::::::নহ'বলৈ হ'ল :::::::::::::::অসম দেশ গুচি :::::::::::::::বঙাল দেশ হ'ল। ::নহ'বলৈ হ'ল⏎ :::::::::::::নহ'বলৈ হ'ল :::::::::::::::ইংৰাজ উঠা দেখি :::::::::::::::ৰাইজৰ মন ভাল হ'ল। ::::::::::::::::::৬ :::::::::::::::মনে গুণি চালে- :::::::::::::::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে :::::::::::::::অনেক গুণনি ধৰিলে দেৱানদেৱৰ :::::::::::::::ভাটীলৈ ভটিয়াই গ'ল। :::::::::::::::বঙালৰ ঘৰতে আপালি মিলিল ঐ :::::::::::::::দেশখন তল-ওপৰ হ'ল। ::::::::::::::::::৭ :::::::::::::::ৰূপৰ তোলোথা সোণৰ দোৰ্পতি ::::::::::::::::বহি বৈ আছিলো তাঁত, :::::::::::::::লাহে-লাহে কৰি মণিৰাম দেৱানে ::::::::::::::::লগায় পটেশ্বৰীক মাত। ::::::::::::::::::৮ :::::::::::::::পানী আন ব'মৰ মাক :::::::::::::::ভাত আন ব'মৰ মাক, :::::::::::::::মই যাওঁ বঙাল দেশলৈ। ::::::::::::::::::৯ :::::::::::::::গাটি মোৰ ৰঙে চং :::::::::::::::খোপাতে মোৰ বালি চং :::::::::::::::চ'ৰাতে নো মূৰে যুঁজায় :::::::::::::::কলৈ নো মোৰ স্বামী যায়। ::::::::::::::::::১০ :::::::::::::::কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু ::::::::::::::::মণিৰামৰ মুখলৈ চাই :::::::::::::::গাৰ মঙ্গহ লৰে, সোঁ চকু লৰিছে ::::::::::::::::কাউৰীজনীয়ে খায়। ::::::::::::::::::১১ :::::::::::::::এ- দেউ ৰ'ল :::::::::::::::চ'ৰা মাৰি দেৱানদেৱ :::::::::::::::ভটিয়াই গ'ল। :::::::::::::::নগৰৰ হ'ল বাজ :::::::::::::::পোনাই গৈ পালেগৈ :::::::::::::::চিলমাৰী ৰাজ। :::::::::::::::এ- দেউ :::::::::::::::কিনো মাছ মাৰিবৰ শল। :::::::::::::::চিলমাৰীতে দেৱানৰ :::::::::::::::আদ বছৰ গ'ল। ::::::::::::::::::১২ :::::::::::::::মিৰিটি কান্দিলে কান্দে মিৰিয়নী ::::::::::::::::লুইতৰ বালিলৈ চাই, :::::::::::::::মণিৰাম দেৱানে কান্দে কলিকতাত ::::::::::::::::ৰংপুৰ জিলালৈ চাই। ::::::::::::::::::১৩ :::::::::::::::বৰা ধানৰে নৰা মোৰ দেউতা ::::::::::::::::বৰা ধানৰে নৰা, :::::::::::::::মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ ::::::::::::::::ওলাল নেজলগা তৰা। ::::::::::::::::::১৪ :::::::::::::::এদিন দুদিনকৈ দিনে চাৰি গ'ল ::::::::::::::::আমঠু পৰি গ'ল ক'লা, :::::::::::::::যঁতৰত সূতা কাটে বিনন্দিনী গাভৰু ::::::::::::::::যঁতৰত নুঘূৰে শলা। ::::::::::::::::::১৫ :::::::::::::::ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু ::::::::::::::::তামৰ ঘৰৰ মুখলৈ চাই :::::::::::::::তামৰ ঘৰ আছে দেও, স্বামী নাইকীয়া ::::::::::::::::কোনে নিলে মণিৰামক পাই। :::::১৬ ::চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে :::ঘনে সোঁহাত লৰে, ::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায় :::সপোনত আগদাঁত সৰে। :::::১৭ ::দেশ পাতিবলৈ ওলালি মণিৰাম :::জঁতৰাই মাৰিলে হাঁচি ::লগৰ সমনীয়াই শতৰু শালিলে :::ললি যোৰহাটত ফাঁচী। :::::১৮ ::ৰজা পাতিবলৈ ওলালি মণিৰাম :::জঁতৰাই মাৰিলে হাঁচি, ::ল'ৰাকৈ তিৰুতা এথানিত পেলালি :::ললি যোৰহাটত ফাঁচী। :::::১৯ ::মণিৰাম গৈছিলে বঙালৰ দেশলৈ :::ৰংপুৰত মাৰিলে হাঁচি, ::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ :::দিলে যোৰহাটত ফাঁচী। :::::২০ ::চিৰিপ্ চিৰিপ্ কৰি ::চাহাব গৈ আছিলে ::মণিৰাম গৈছিল নাৱত, ::মণিৰাম দেৱানে টাংগুটি খেড়োতে ::পিছলি পৰিল খালত। :::::২১ ::এপিনে পাৰ হল মৰিকৈ মিছিমি :::এপিনে পাৰ হ'ল ডোম, ::এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ :::পিছলি পৰিলে খালত। :::::২২ ::ভটীয়াই গলেগৈ উজনীৰ মণিৰাম :::বাটত খাই গ'ল জৰা, ::মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি :::যংতৰৰ নুঘুৰে শলা। :::::২৩ ::মণিৰাম দেৱানে 'ভাট' ফকিৰক :::চিঠি দি পঠিয়াই দিলে, ::দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই :::ফকিৰক ধৰোৱাই দিলে। :::::২৪ ::তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম :::তৰাণিৰ মাজৰে গান্ধী, ::যেতিয়াই পালেগৈ হাওলাট চাহাব :::তেতিয়াই আনিলে বান্ধি। :::::২৫ ::হাবিৰ ডলীয়া বেত মোৰ দেউতা :::হাবিৰ ডলীয়া বেত, ::মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে :::গোৰোহাই বৈ যায় তেজ। :::::২৬ ::উজায়ে আহিলে মণিৰাম দেৱান ঐ :::বাটত কিনি খালে আখৈ, ::খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ :::মূৰতো নিদিব কাকৈ। :::::২৭ ::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম :::সোণৰ ধোঁৱাখোৱাত খালি, ::ৰজা হবলৈ ওলালি মণিৰাম :::ডিঙিত ছিপেজৰী ললি। :::::২৮ ::আজি কি বাৰ গুৰু বৃহপতি :::কালি কি বাৰ শুকুৰ, ::মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ :::চালতে বগালে কুকুৰ। :::::২৯ ::উজায়ে আহিলে কাকতি-ফৰিঙে :::বৰতী (ব্ৰডী) চাহাবৰ দিনত, ::মাহে সৰিয়হ চপাই খাই গ'ল :::পকা ধান নেখালে ঘিণত। :::::৩০ ::উজায়ে আহিলে মণিৰাম দেৱানঐ :::মাজুলীত চটালে চটি, ::ৰংপুৰ জিলাৰে বৰশী আনিলে :::ডিঙিত চিপে জৰী দিলি। :::::৩১ ::ছ অৰা নাও লৈ লালেবন্দী দিবলৈ :::মণিৰাম ভটিয়াই গ'ল, ::পাচতে থাকিলে পিয়ালী বৰুৱা :::ছকুৰি পাইকৰ খেল। :::::৩২ ::যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ :::গোলাঘাটত নুৰুবি আদা, ::সাটোটা গেৰাজৰ চিপাহী :::দিলে মণিৰামক খেদা। :::::৩৩ ::মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি :::চুঁচৰি সোমালে গুঁই, ::মণিৰাম গৈছিলে দেশ মাৰিবলৈ :::বন্দুকে নিদিলে জুই। :::::৩৪ ::টেকেলি পৰিবৰ নাদত হৰি হৰি :::টেকেলি পৰিবৰ নাদত, ::বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন :::মণিৰাম পৰিলে ফান্দত। :::::৩৫ ::চান্দো লৰিছে সুৰুযো লৰিছে :::লৰিল বসুমতী আই, ::বাৰ পাল ৰণুৱাই খেদিব লাগিছে :::মণিৰামৰ কিনো বিলাই। :::::৩৬ ::চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি :::নিতৌ একো পাহি সৰে, ::মণিৰাম দেৱানক চাঙলৈ তুলিলে :::আগতকৈ জেউতি চৰে। :::::৩৭ ::জিলীয়ে কৰিবৰ কা মোৰ দেউতা :::কাউৰীয়ে কৰিবৰ কা, ::তিনি আলি মূৰতে মণিৰামক মাৰিলে :::উভতি বলিলে বা। :::::৩৮ ::ফেঁচুৱে কৰিলে চিঁউ মোৰ দেউতা :::ফেঁচুৱে কৰিলে চিঁউ, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আকাশে উৰি গ'ল জিউ। :::::৩৯ ::মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে :::ওপৰে বগালে চিলা, ::মণিৰামৰ কাম-কাজ কৰিব লাগিলে :::পামগৈ শদিয়া জিলা। :::::৪০ ::আগনিশা কান্দিলে ঘুঘূঁৰী কপৌ :::পাচনিশা কান্দিলে ফেঁচা, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::চেঁচা হ'ল ৰংপুৰ জিলা। :::::৪১ ::মণিৰামক মাৰিলি ভালকে কৰিলি :::পিয়ালিক মাৰিলি কিয়, ::সেইনো কথা শুনি ৰংপুৰৰ আমোলাৰ :::আকাশে উৰি গ'ল জীৱ। :::::৪২ ::ৰৈ ৰৈ কান্দিলে চুঙাৰ বাদুলী :::ৰৈ ৰৈ কান্দিলে জিলী, ::ৰৈ ৰৈ কান্দিলে লগৰ সমনীয়াই :::মণিৰামক মাৰিলে বুলি। :::::৪৩ ::ভীৰ খাই বগৰি লাগিল, ::মণিৰাম দেৱান মৰিবৰে পৰা ::টেক্সি খাজনা লাগিল। :::::৪৪ ::কান্দিবলৈ ধৰিলে গাঁওৰ বুঢ়া-মেথাই :::দেৱানৰ কথালৈ চাই, ::সাতৰাজ মাৰি একেৰাজ কৰিলে :::ললে যোৰহাটত ঠাই। :::::৪৫ ::ভাৱনাত লগালে ম'তা মণিৰাম :::ভাৱনাত লগালে মতা, ::নগাঁও নৰঙ্গী শবদ ফুটি গল :::অকল মণিৰামৰ কথা। :::::৪৬ ::লথৌৱে লঠালে পুৰন্দৰে পুৰিলে :::হৰনাথে মাৰিলে কণ, ::অতক ধনেকৈ নাটিলে মণিৰাম :::ভাটীলৈ মেলিলি মন। :::::৪৭ ::চালত মলঙিলে চালেদৈ কোমোৰা :::টেকেলিত মলঙিলে লোণ, ::মাটিত মলঙিলে মণিৰাম দেৱান ঐ :::নেকান্দি থাকিব কোন। :::::৪৮ ::বালিত জিলিকিলে বালিৰ বালিচন্দা :::তাতোকৈ জিলিকে সোণ, ::তাতোকৈ জিলিকে মণিৰাম দেৱান ঐ :::নেকান্দি থাকিব কোন। :::::৪৯ ::অতিকৈ চেনেহৰ মুগাৰ মহুৰা :::তাতোকৈ চিকুণ মাকো, ::তাতোকৈ চিকুণ মণিৰাম দেৱান ঐ :::নেকান্দি কেনেকৈ থাকো। :::::৫০ ::ৰজাৰ নাওখন কোৰোকাকুৰুকি :::ললে ৰৌমাছে কোৰ, ::মণিৰাম দেৱানৰ ফাঁচী হবৰে পৰা :::চকুলো নুগুছে মোৰ। :::::৫১ ::ই বোলে মণিৰাম, সি বোলে মণিৰাম :::মণিৰাম কেহেলৈ গ'ল, ::ছকুৰি চিকাৰূপ কঁকালত বান্ধি লৈ :::মণিৰাম ভটীয়াই গ'ল। :::::৫২ ::মাকে কান্দিলে গঞায়ো কান্দিলে :::কান্দিলে ডালৰে মিৰি, ::পাটীৰে তিৰুতাই কান্দে বিলাপ কৰি :::চুলি চিঙি কাতৰে ধৰি। :::::৫৩ ::বৰখন বজাৰৰ তিল অ' মণিৰাম :::সৰুখন বজাৰৰ তিল, ::মণিৰাম দেৱানক ফাঁচীকাঠত তুলিলে :::গলিব ধৰিলে শিল। :::::৫৪ ::লেঙি তামোলৰ পুলি ঐ মণিৰাম :::লেঙি তামোলৰ পুলি, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::তললৈ নামিলে চুলি। :::::৫৫ ::লৰে মাৰি ভাঙে শলেমাৰি :::গাহৰিয়ে ভাঙিলে গৰাল, ::শুকুৰবাৰৰ দিনাখন কালক্ষণ লাগিলে :::হাততে ঐ মণিৰাম হেৰাল। :::::৫৬ ::জিলিকি আহিলে চৰা নাওখনি :::জিলিকি আহিলে টিং ::তাৰে মাজতে মণিৰাম জিলিকিল :::গলধনৰ চুলিতে চিন। :::::৫৭ ::বৈ নববি চৈ ঐ মণিৰাম :::বৈ নববি চৈ, ::উধান যেন খোপা মই বান্ধি পঠিয়াম :::ৰংপুৰত মেলিবি গৈ। :::::৫৮ ::ম'হত পৰিলে চুটীয়া শালিকা :::আমত মলিয়ালে মল, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::বুকু হমহমাই গ'ল। :::::৫৯ ::আঠিয়া কলৰে আখা মণিৰাম :::আঠিয়া কলৰে আখা, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আমঠু পৰি গ'ল ক'লা। [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4464.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|