Difference between revisions 86198 and 154637 on aswikisource{{header | title = প্ৰিয়তমাৰ চিঠি | author = হেমচন্দ্ৰ গোস্বামী | translator = | section = | previous = | next = | year = ১৮৭২-১৯২৮ | portal = | wikipedia = | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} {{Block center|<poem>সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্; কুকুৰঠেঙ্গীয়া এই আখৰকিটিত যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই। কবি-নিকুঞ্জত ফুলি কত কবিতাই মলয়াত উটি উটি ফুৰে পৃথিৱীত, তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত, কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায়। ফুল ফুলে, সৰি যায়, শুকানয় বননি, বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে; তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী, নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে। যত শুঙো, চুমা খাওঁ, নালাগে আমনি, হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে।</poem>}} [[শ্ৰেণী:কবিতা]] [[শ্ৰেণী:হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=154637.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|