Difference between revisions 334332 and 334333 on sourceswikiৰামায়ণ । আদিকাণ্ড । ১ অধ্যায় । বন্দনা । শ্ৰীকৃষ্ণায় নমঃ । ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে । ৰঘুনাথায় নাথায় সীতায়াঃপতয়ে নমঃ ॥ ------------------------------------------ জয় জয় কৃষ্ণ দেৱ দৈবকী নন্দন । ব্ৰহ্মা হৰে কৰে যাৰ চৰণে বন্দন ॥১ আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম । হেন কৃষ্ণ পদে কৰোঁ সদাই প্ৰণাম ॥২ নমো নমো ৰাম ৰঘুকুলৰ কমল । কৰয়ো প্ৰকাশ নিজ যশ সুনিৰ্ম্মল ॥৩ (contracted; show full) কেন মতে বাক্য মোৰ বজাইল মুখত ॥৩২ চাৰি পদ হুয়া মোৰ আসিল বচন । শ্লোক নামে ইহাকে বুলিয়ো সৰ্ব্বজন ॥৩৩ বাল্মীকিৰ মুখে ভৈল বচন উত্তম । শ্লোক নামে কবিতা শুনন্তে মনোৰম ॥৩৪ মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বাতীঃ সমা । যত্ ক্ৰৌঞ্চমিথুনাদেকমবধিঃ কামমোহিতম্ ॥ ⏎ ⏎ [[Category:অসমীয়া]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334333.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|