Difference between revisions 334334 and 334335 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ৰামায়ণ । আদিকাণ্ড । ১ অধ্যায় । বন্দনা । শ্ৰীকৃষ্ণায় নমঃ । ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে । ⏎ ⏎ ৰঘুনাথায় নাথায় সীতায়াঃপতয়ে নমঃ ॥ ⏎ ⏎ ------------------------------------------ ⏎ ⏎ জয় জয় কৃষ্ণ দেৱ দৈবকী নন্দন । ⏎ ⏎ ব্ৰহ্মা হৰে কৰে যাৰ চৰণে বন্দন ॥১ ⏎ ⏎ আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম । ⏎ ⏎ হেন কৃষ্ণ পদে কৰোঁ সদাই প্ৰণাম ॥২ ⏎ ⏎ নমো নমো ৰাম ৰঘুকুলৰ কমল । ⏎ ⏎ কৰয়ো প্ৰকাশ নিজ যশ সুনিৰ্ম্মল ॥৩ ⏎ ⏎ পুৰিলাহা যিতো জগতৰ মনকাম । ⏎ ⏎ হেন ৰাম পদে কৰোঁ সদাই প্ৰণাম॥৪ ⏎ ⏎ একে ব্ৰহ্ম আসি চাৰি মূৰ্ত্তি অৱতৰি । ⏎ ⏎ হৰিলা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥৫ ⏎ ⏎ ব্ৰহ্মা আদি দেৱৰ সাধিলা প্ৰয়োজন । ⏎ ⏎ প্ৰণামো সাদৰে হেন ৰামৰ চৰণ ॥৬ ⏎ ⏎ নিজ গুৰু চৰণত কৰি নমস্কাৰ । ⏎ ⏎ ৰচিলোঁ মাধৱে আদ্য কাণ্ড কথা সাৰ ॥৭ ⏎ ⏎ আচৰি মঙ্গল গুণ কীৰ্ত্তন কৃষ্ণৰ । ⏎ ⏎ কৃষ্ণক স্মৰণে সিদ্ধি হৌক আৰম্ভৰ ॥৮ ⏎ ⏎ বোলোঁ কৃতাঞ্জলি শুনা সবে সভাসদ । ⏎ ⏎ মহা মূঢ় হুয়া কৰোঁ ৰামায়ণ পদ ॥৯ ⏎ ⏎ পৰম চঞ্চল মই অধমৰ দোষ । ⏎ ⏎ ক্ষেমিবা সকলে নকৰিবা অসন্তোষ ॥১০ ⏎ ⏎ নাহিকে কবিতা গুণ নুহিকোঁ পণ্ডিত । ⏎ ⏎ তথাপিতো ভৈলা পদ কৰিবাক চিত্ত ॥১১ ⏎ ⏎ মহাভোগ ইচ্ছা যেন ভৈলা দৰিদ্ৰৰ । ⏎ ⏎ মই অজ্ঞানীৰ জানা সেহি পটন্তৰ ॥১২ ⏎ ⏎ জানি মহাজনে নিন্দা নকৰিবা আত । ⏎ ⏎ কৰোঁ হেৰা মই কৃতাঞ্জলি প্ৰণিপাত ॥১৩ ⏎ ⏎ যেই সেই বিকে যেন অমূল্য ৰতন । ⏎ ⏎ তাক বাছি আছে জানা কোন মহাজন ॥১৪ ⏎ ⏎ মোৰ পদ পটন্তৰ যেন হীন জাতি । ⏎ ⏎ ৰামৰ চৰিত্ৰচয় মহাৰত্ন আতি ॥১৫ ⏎ ⏎ মোৰ পদ জানি দোষ কৰি পৰিহাৰ । ⏎ ⏎ লৈয়ো ৰাম গুণময় মহাৰত্ন সাৰ ॥১৬ ⏎ ⏎ তেবেসে কলিত হৈবা কৃতাৰ্থ সম্প্ৰতি । ⏎ ⏎ ৰাম কথা শুনি অনায়াসে পাইবা গতি ॥১৭ ⏎ ⏎ উত্তম মনুষ্য জন্ম নকৰিয়ো বৃথা । ⏎ ⏎ এক চিত্ত মনে শুনা ৰামায়ণ কথা ॥১৮ ⏎ ⏎ মহা ঋষি বাল্মীকিৰ নিৰ্ম্মল হৃদয় । ⏎ ⏎ কৰিলা লোকক মহা কৃপা কৃপাময় ॥১৯ ⏎ ⏎ ৰাম কথা অমৃতক কৰি মহাদান । ⏎ ⏎ সাধিলন্ত জগতৰ পৰম কল্যাণ ॥২০ ⏎ ⏎ এক দিনা বাল্মীকি উঠিয়া প্ৰভাতত । ⏎ ⏎ স্নান কৰিবাক প্ৰতি গঙ্গাৰ জলত ॥২১ ⏎ ⏎ শিষ্য ভৰদ্বাজক বুলিলা ঋষিৰাজ । ⏎ ⏎ সত্বৰে লৈয়োক স্নান কৰিবাৰ সাজ ॥২২ ⏎ ⏎ শুনি ভৰদ্বাজ সাজ লৈলা তেতিক্ষণে । ⏎ ⏎ স্নানিবাক লৰিলা সমন্তে ঋষিগণে ॥২৩ ⏎ ⏎ স্নানিতে লাগিলা ঋষি গঙ্গাৰ জলত । ⏎ ⏎ দেখিলন্ত ক্ৰৌঞ্চ পক্ষী বৃক্ষৰ ডালত ॥২৪ ⏎ ⏎ পৰম হৰিষে পক্ষী কৰয় সঙ্গম । ⏎ ⏎ ব্যাধ গোটে আসি পশিলেক যেন যম ॥২৫ ⏎ ⏎ সঙ্গম সময়ে দুষ্টে পক্ষীক হানিল । ⏎ ⏎ দেখি বাল্মীকিৰ মহা কৰুণা মিলিল ॥২৬ ⏎ ⏎ মহা ক্ৰোধে ব্যাধক বুলিলা ঋষিৰাজ । ⏎ ⏎ শুনৰে অধম কিলো কৰিলি অকাজ ॥২৭ ⏎ ⏎ সঙ্গম কৰোঁতে পক্ষীক কৰিলি সংহাৰ । ⏎ ⏎ চিৰকাল নৰকে পচিবি দুৰাচাৰ ॥২৮ ⏎ ⏎ ইহ লোকে দুৰ্যশ থাকিবে বৰ তোৰ । ⏎ ⏎ মোহ হুয়া কৰ্ম্ম তই কৰিলি দুৰ্ঘোৰ ॥২৯ ⏎ ⏎ এহি বুলি মনে ঋষি কৰন্ত বিষাদ । ⏎ ⏎ অকস্মাতে আসি কিনো দেখিলোঁ প্ৰমাদ ॥৩০ ⏎ ⏎ স্নান কৰি জলহন্তে উঠি তপোধন । ⏎ ⏎ শিষ্য সমে কৰিলন্ত গৃহক গমন ॥৩১ ⏎ ⏎ ঘৰে আসি বসি মুনি গুণন্ত মনত । ⏎ ⏎ কেন মতে বাক্য মোৰ বজাইল মুখত ॥৩২ ⏎ ⏎ চাৰি পদ হুয়া মোৰ আসিল বচন । ⏎ ⏎ শ্লোক নামে ইহাকে বুলিয়ো সৰ্ব্বজন ॥৩৩ ⏎ ⏎ বাল্মীকিৰ মুখে ভৈল বচন উত্তম । ⏎ ⏎ শ্লোক নামে কবিতা শুনন্তে মনোৰম ॥৩৪ মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বাতীঃ সমা । ⏎ ⏎ যত্ ক্ৰৌঞ্চমিথুনাদেকমবধিঃ কামমোহিতম্ ॥ [[Category:সপ্তকাণ্ড ৰামায়ণ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334335.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|