Difference between revisions 334355 and 334356 on sourceswiki

২ অধ্যায় - ৰামায়ণৰ বৃত্তান্ত


অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।
সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১
চৰাচৰ জগতৰ কুশল কাৰণে ।
ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২
বাল্মীকিৰ মুখে সেই দিব্য কথামৃত ।
শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩
তাকে শুনি ভনি সুখে তৰোক সংসাৰ ।
হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪
(contracted; show full)বিচাৰিয়া সীতাক ফুৰিবা কপি জাক ।
সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২
শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত ।
সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩
দেখিবা সীতাক যেবে বায়ুৰ তনয় ।
ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪
ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত ।
হিয়ে মু
ঠি হানি সীতা দেবী কান্দিলন্ত ॥১০৫
হাতে তৃণ ধৰি বীৰে সীতাক বুজাইব ।
কপিৰ কাতৰে সীতা গোসানী জোৰাইব ॥১০৬
অশোক বনত পশি বায়ুৰ নন্দন ।
কৰিবন্ত ছন্ন ৰাৱণৰ মধুবন ॥১০৭
অনেক ৰাক্ষস মাৰ নাব যমঘৰ ।
অক্ষ কুমাৰক মাৰিবন্ত বীৰবৰ ॥১০৮
পাচে নাগপাশ হানিবন্ত ইন্দ্ৰজিতে ।
হৈবা বন্দী ৰাৱণক দেখিবাৰ চিত্তে ॥১০৯
ৰাক্ষসে যোগাইব নিয়া ৰাৱণৰ আগে ।
বিস্তৰ ভতৰ্সিয়া ৰাৱণক মহাভাগে ॥১১০
কপিৰ বচনে মহাকোপে লঙ্কেশ্বৰ ।
লগাইবে লাঙ্গুলে জুই মেৰাই কাপৰ ॥১১১
হোহকায়া নাগপাশ পৱননন্দন ।
লগায়া অগনি লঙ্কা কৰিবন্ত ছন্ন ॥১১২
সাগৰ লঙ্ঘিয়া ডেৱে পৃথিৱীক আসি ।
কহিবা সীতাৰ বাৰ্ত্তা ৰামত হৰিষি ॥১১৩
সীতাৰ মাথাৰ মণি ৰামক দিবন্ত ।
দেখি হিয়ে মুঠি হানি ৰাম কান্দিবন্ত ॥১১৪
সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক বুজাইবা ।
দুইৰো প্ৰবোধে ৰাম কিঞ্চিত জুৰাইবা ॥১১৫
পাচে কপি সেনা সমে ৰাম মহাবীৰ ।
আপুনি চলিয়া যাইব সাগৰৰ তীৰ ॥১১৬
সীতাক দিবাক বুলিবন্ত বিভীষণে ।
মাৰিবন্ত লাথি তাক দুৰ্জ্জন ৰাৱণে ॥১১৭
ৰামত শৰণ আসি লৈবা বিভীষণে ।
তাঙ্ক অভিষেক ৰামে কৰিবা তেখনে ॥১১৮
হৈবা বিভীষণ অভিনব লঙ্কেশ্বৰ ।
সাগৰত পন্থ মাগিবন্ত ৰঘুবৰ ॥১১৯
নিদিবা সাগৰে দেখা ৰামক গৰ্ব্বত ।
দেখি ধনুশৰ ৰামে ধৰিবা ক্ৰোধত ॥১২০
ভয়ত কম্পিব আতি সাগৰৰ হিয়া ।
ৰামক কৰিব স্তুতি পাদ্য অৰ্ঘ্য দিয়া ॥১২১
চলিয়োক দিলোঁ পন্থ বোলন্ত সাগৰে ।
নাযাইবেক তল সেতু বান্ধিয়ো পাথৰে ॥১২২
অদভুত কৰ্ম্ম কৰিবেক ৰঘুবৰে ।
পৰ্ব্বত আনিয়া সেতু বান্ধিব বানৰে ॥১২৩
লক্ষ্মণ সুগ্ৰীৱ বিভীষণ সমম্বিত ।
সসৈন্যে হৈবন্ত গৈয়া সিবেলাত থিত ॥১২৪
সেনাগণ গণিবাক প্ৰতি ৰাঘৱৰ ।
শুক সাৰণক পঠাইবেক লঙ্কেশ্বৰ ॥১২৫
বিভীষণে ধৰি দুইকো ৰামত যোগাইব ।
তাতে ৰামে ৰাৱণক বাৰ্ত্তাক পঠাইব ॥১২৬
আচৰিয়া কপটে ৰাৱণ বুদ্ধিহত ।
মায়া শিৰ দিব নিয়া সীতাৰ হাতত ॥১২৭
দেখি সীতা সতী মায়া শিৰ ৰাঘৱৰ ।
ভূমিত লুটিয়া দেবী কান্দিব বিস্তৰ ॥১২৮
প্ৰভাততে বেঢ়িয়া লঙ্কাৰ চাৰি দ্বাৰ ।
দূত পঠাইবন্ত ৰামে বালিৰ কুমাৰ ॥ ১২৯
ভতৰ্সিব অঙ্গদে ৰাৱণক বাৰে বাৰ ।
মাৰিবন্ত চাৰি গোটা বীৰ ৰাৱণৰ ॥১৩০
লাথি মাৰি ভাঙ্গিবন্ত ৰাৱণৰ ঘৰ ।
ৰামৰ পাশক আসিবন্ত কপিবৰ ॥১৩১
ৰাৱণ যুজিব লৈয়া কটক অপাৰ ।
বানৰে কৰিব ৰাক্ষসক বুন্দামাৰ ॥১৩২
অঙ্গদে জিনিব ইন্দ্ৰজিতক ইঙ্গিতে ।
অন্তৰীক্ষে শৰ বৰিষিব ইন্দ্ৰজিতে ॥১৩৩
মায়াবলে পীড়িবেক বনৰ কটক ।
নাগপাশে বান্ধিবেক ৰাম লক্ষ্মণক ॥১৩৪
গৰুড়ক আশ্বাসে গুচিব নাগপাশ ।
দেখি ৰাৱণৰ লাগিবে মহাত্ৰাস ॥১৩৫
অনেক ৰাক্ষস সেনাগণ সমম্বিতি ।
সেনাপতিগণ পাঞ্চিবন্ত লঙ্কাপতি ॥১৩৬
চাৰি সেনাপতি যাইব যমৰ সদন ।
ধূম্ৰাক্ষ প্ৰহন্ত বক্ৰদন্ত অকম্পন ॥১৩৭
তেবে সমদলে আসি যুজিব ৰাৱণ ।
বানৰ কটক সাৰীবেক দশানন ॥১৩৮
দেখি ৰামচন্দ্ৰে হাতে ধৰি ধনুশৰ ।
কেশে সমে কিৰীটি কাটিব ৰাৱণৰ ॥১৩৯
যম যেন ৰাঘৱক দেখিয়া সাক্ষাত ।
ভঙ্গ দিয়া পলাই গৈয়া পশিব লঙ্কাত ॥১৪০
মহামৰ্ম্মে জানুত থাপিয়া দশ মাথ ।
অপমান পায়া কান্দিবন্ত লঙ্কানাথ ॥১৪১
শ্ৰীহত হৈবে মুখ পৰিব বিবৰ্ণ ।
পঠাইবে যুজিবাক জগাই কুম্ভকৰ্ণ ॥১৪২
ঘোৰ শৰে ৰামে তাৰ ছেদিবন্ত শিৰ ।
শোকে ৰাৱণৰ হিয়া হৈব দুই চিৰ ॥১৪৩
তেবে চাৰি পুত্ৰ মৰি যাইব যমঘৰ ।
ৰণত পৰিব আৰু দুই সহোদৰ ॥১৪৪
অতিকায় কুমাৰক মাৰিব লক্ষ্মণ ।
ইন্দ্ৰজিতে আসি পুনৰপি দিব ৰণ ॥১৪৫
ৰাম লক্ষ্মণক আদি যত সেনাগণ ।
ৰাৱণৰ শৰে সবে হৈবে অচেতন ॥১৪৬
জাম্বৱন্ত উপদেশে বীৰ হনুমন্ত ।
ঔষধ আনিয়া সমস্তকে জীয়াইবন্ত ॥১৪৭
ৰাৱণৰ মনে মহা মিলিব সঙ্কট ।
চমকি ৰহিব দিয়া দুৱাৰে কপাট ॥১৪৮
বানৰ ভালুকগণে মহাহৃষ্ট হই ।
দহিব সুবৰ্ণপুৰী লঙ্কা দিয়া জুই ॥১৪৯
পাচে সাত মহাবীৰ মাৰিব বানৰে ।
মকৰাক্ষ বীৰক বধিব ৰঘুবৰে ॥ ১৫০
তেবে মায়া সীতাক কাটিব ইন্দ্ৰজিত ।
শোকৰ জমকে ৰাম হৈবন্ত মূৰ্চ্ছিত ॥১৫১
বিভীষণে বুজাইবন্ত কহিয়া সম্ভেদ ।
লক্ষ্মণে কৰিব ৰাৱণিৰ স্কন্ধ ছেদ ॥১৫২
পুত্ৰস্নেহে অনেক কান্দিব লঙ্কানাথে ।
শোকে বিদাৰিব হিয়া যেন বজ্ৰপাতে ॥১৫৩
ক্ৰোধৰ বেগত দেখিবেক অন্ধকাৰ ।
সীতাক কাটিবে খেদি যাইব দুৰাচাৰ ॥১৫৪
দেখি মন্দোদৰী তাঙ্ক প্ৰবোধি আনিব ।
অসংখ্য কটক যুজিবাক পঠাই দিব ॥১৫৫
গন্ধৰ্ব্বৰ অস্ত্ৰ ৰামে কৰিব প্ৰকাশ ।
ক্ষণেকে কৰিব দুষ্ট ৰাক্ষস বিনাশ ॥১৫৬
সমস্তে ৰাক্ষস সঙ্গে লৈয়া লঙ্কাপতি ।
বজাইব আটোপে সাজি যুজিবাক প্ৰতি ॥১৫৭
তিনি সেনাপতি তাৰ যাইব যম ঘৰ ।
ৰাম ৰাৱণৰ ঘোৰ মিলিব সমৰ ॥১৫৮
ৰাৱণৰ শকতিত পৰিব লক্ষ্মণ ।
তাক কোলে ধৰি ৰাম কৰিব ক্ৰন্দন ॥১৫৯
ঔষধ আনিবে যাইব বায়ুৰ কুমাৰ ।
তথাতে মাৰিব কালনিমি নিশাচৰ ॥১৬০
তিনি কোটি গন্ধৰ্ব্বক মাৰিব তহিতে ।
আনিব ঔষধ বীৰে পৰ্ব্বত সহিতে ॥১৬১
বিশল্যকৰণী ঔষধ গন্ধ পাই ।
জীৱন্ত লক্ষ্মণ জয় আনন্দ বঢ়াই ॥১৬২
ৰাৱণক বধিতে ৰামৰ হৈব চিত ।
আসিবেক দেৱ ৰথ মাতলি সহিত ॥১৬৩
তাত চড়ি কৌতুকে যুজিব ৰঘুনাথ ।
বাৰে বাৰে ৰাৱণৰ কাটিবন্ত মাথ ॥১৬৪  
নমৰিব তথাপি ৰাৱণ মহাবীৰ ।
ব্ৰহ্ম অস্ত্ৰ হানি পাচে ছেদিবন্ত শিৰ ॥১৬৫
আকাশত দেৱগণে আনন্দ কৰিব ।
জয় ৰাম ধ্বনি দশোদিশক পুৰিব ॥১৬৬
ৰাঘৱৰ শিৰে বৰষিব পাৰিজাত ।
পাচে ৰামে দেৱ কাৰ্য্য সাম্ফলি সাক্ষাত ॥১৬৭
বিভীষণ মিত্ৰক আশ্বাসি ৰঘুবৰ ।
পাতিবন্ত তাক অভিনব লঙ্কেশ্বৰ ॥১৬৮
যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন ।
তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯
অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ ।
বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০