Difference between revisions 334360 and 334430 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ (contracted; show full) যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন । তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯ অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ । বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০ ⏎ ⏎ ⏎ {{সপ্তকাণ্ড ৰামায়ণ}} '''৩ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> ''''''দুলৰি'''''' নাৰদ বদতি, পাচে ৰঘুপতি, পুৰুষ মহা মহন্ত । লগাই অপমান, সভা বিদ্যমান, জানকীক ত্যজিবন্ত ॥১ জগত জননী, জনকনন্দিনী, ৰামত হুয়া নৈৰাশ । অগনি সঞ্জালি, ঘৃতচয় ঢালি, তাতে কৰিলন্ত ঝাস ॥২ নদহিব গাৱ, হুয়া শুদ্ধভাৱ, ৰবিবন্ত জগমাৱ । দেৱগণসমে, ৰাজা দশৰথ, আসিবা ৰামৰ থাৱ ॥৩ তিনি পিতা পুত্ৰে, এক থান হুই, গলে বান্ধি কান্দিবন্ত । পাছে দশৰথে, ৰামক প্ৰশংসি, কৈকেয়ীক নিন্দিবন্ত ॥৪ অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক, স্ত্তুতি কৰিবন্ত গৈয়া । মৰা বানৰক, ৰামে জীয়াইবন্ত, বাসৱত বৰ লৈয়া ॥৫ পিতৃৰ বচনে, সম্বৰিবা ৰামে, সীতাক পৰম তুষ্টি । দেৱগণ সমে, ৰাজা দশৰথ, যাইবন্ত স্বৰ্গক উঠি ॥৬ বানৰ ভালুক, ৰাক্ষস সহিতি, পুষ্পক বিমানে চড়ি । লক্ষ্মণ জানকী, সমন্বিতে ৰাম, অযোধ্যাক যাইব লৰি ॥৭ পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে, ৰহিয়া লৈবন্ত বৰ । সমস্তে বৃক্ষত, হৈব মধুফল, ভুঞ্জিব তাক বানৰ ॥৮ ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন, চাৰি হুয়া এক থান । কৰি জটা ছেদ, এৰিবন্ত খেদ, চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰে, অযোধ্যা নগৰে, হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড, কৰিব লোকে উত্সৱ ॥১০ ৰামৰ উপৰে, দেৱ নিৰন্তৰে, পুষ্প বৰিষিব চানি । পৰম হৰিষে, প্ৰজায়ো কৰিব, জয় জয় ৰাম ধ্বনি ॥১১ বানৰ ভালুক, ৰাক্ষস সকল, প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষে, ৰামক প্ৰণামি, চলি যাইব নিজঘৰ ॥১২ অযোধ্যাক পাচে, অগস্ত্য আসিব, কৰিবা ৰামে সন্মান । ৰাৱণৰ জন্ম, কহিবা অগস্ত্য, ৰাঘৱৰ বিদ্যমান ॥১৩ যেন মতে ৰণে, পৰম দুৰ্জ্জনে, জিনিবন্ত ত্ৰিভূবন । কুবেৰক জিনি, পুষ্পক বিমান, আনিলা ৰাজা ৰাৱণ ॥১৪ হৰি বেদৱতী, ৰাৱণ দুৰ্ম্মতি, পাইবেক শাপ দুৰ্যশ । অকাৰণে বধি, সবাকো জিনিব, দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ইকথা শুনিয়া, মিলিবে কৌতুক, হাসিবে ৰামে আনন্দে । সহস্ৰ অৰ্জ্জুন, বালিত সমৰ, হাৰিবা ৰাৱণ মন্দে ॥১৬ ব্ৰহ্মাৰ বৰত, যমক জিনিবে, পাতালে জিনিব নাগ । বৰুণ কটক, জিনিব ৰাৱণ, বিষ্ণুক পাইবেক লাগ ॥১৭ মান্ধাতা সহিতে, কৰিব সমৰ, চন্দ্ৰক জিনিব ৰণে । কপিলৰ ঠাই, হাৰি অপমান, পাইবেক গৈয়া ৰাৱণে ॥১৮ ৰম্ভাক হৰিব, নল কুবেৰত, শাপ পাইব নিশাচৰ । দেৱগণ সমে, ইন্দ্ৰক সমৰে, জিনিবেক লঙ্কেশ্বৰ ॥১৯ এহি মতে ৰাম- চন্দ্ৰৰ আগত, কহি কথা ৰাৱণৰ । ৰামত বিদায়, কৰি মুনিগণ, চলি যাইবা নিজ ঘৰ ॥২০ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334430.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|