Difference between revisions 334430 and 334433 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ (contracted; show full){{সপ্তকাণ্ড ৰামায়ণ}} '''৩ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> ''''''দুলৰি'''''' নাৰদ বদতি, পাচে ৰঘুপতি, ⏎ ⏎ পুৰুষ মহা মহন্ত । ⏎ ⏎ লগাই অপমান, সভা বিদ্যমান, ⏎ ⏎ জানকীক ত্যজিবন্ত ॥১ ⏎ ⏎ জগত জননী, জনকনন্দিনী, ⏎ ⏎ ৰামত হুয়া নৈৰাশ । ⏎ ⏎ অগনি সঞ্জালি, ঘৃতচয় ঢালি, ⏎ ⏎ তাতে কৰিলন্ত ঝাস ॥২ ⏎ ⏎ নদহিব গাৱ, হুয়া শুদ্ধভাৱ, ⏎ ⏎ ৰবিবন্ত জগমাৱ । ⏎ ⏎ দেৱগণসমে, ৰাজা দশৰথ, ⏎ ⏎ আসিবা ৰামৰ থাৱ ॥৩ ⏎ ⏎ তিনি পিতা পুত্ৰে, এক থান হুই, ⏎ ⏎ গলে বান্ধি কান্দিবন্ত । ⏎ ⏎ পাছে দশৰথে, ৰামক প্ৰশংসি, ⏎ ⏎ কৈকেয়ীক নিন্দিবন্ত ॥৪ ⏎ ⏎ অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক, ⏎ ⏎ স্ত্তুতি কৰিবন্ত গৈয়া । ⏎ ⏎ মৰা বানৰক, ৰামে জীয়াইবন্ত, ⏎ ⏎ বাসৱত বৰ লৈয়া ॥৫ ⏎ ⏎ পিতৃৰ বচনে, সম্বৰিবা ৰামে, ⏎ ⏎ সীতাক পৰম তুষ্টি । ⏎ ⏎ দেৱগণ সমে, ৰাজা দশৰথ, ⏎ ⏎ যাইবন্ত স্বৰ্গক উঠি ॥৬ ⏎ ⏎ বানৰ ভালুক, ৰাক্ষস সহিতি, ⏎ ⏎ পুষ্পক বিমানে চড়ি । ⏎ ⏎ লক্ষ্মণ জানকী, সমন্বিতে ৰাম, ⏎ ⏎ অযোধ্যাক যাইব লৰি ॥৭ ⏎ ⏎ পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে, ⏎ ⏎ ৰহিয়া লৈবন্ত বৰ । ⏎ ⏎ সমস্তে বৃক্ষত, হৈব মধুফল, ⏎ ⏎ ভুঞ্জিব তাক বানৰ ॥৮ ⏎ ⏎ ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন, ⏎ ⏎ চাৰি হুয়া এক থান । ⏎ ⏎ কৰি জটা ছেদ, এৰিবন্ত খেদ, ⏎ ⏎ চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰে, অযোধ্যা নগৰে, ⏎ ⏎ হৈবন্ত ৰাজা ৰাঘৱ । ⏎ ⏎ তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড, ⏎ ⏎ কৰিব লোকে উত্সৱ ॥১০ ⏎ ⏎ ৰামৰ উপৰে, দেৱ নিৰন্তৰে, ⏎ ⏎ পুষ্প বৰিষিব চানি । ⏎ ⏎ পৰম হৰিষে, প্ৰজায়ো কৰিব, ⏎ ⏎ জয় জয় ৰাম ধ্বনি ॥১১ ⏎ ⏎ বানৰ ভালুক, ৰাক্ষস সকল, ⏎ ⏎ প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষে, ৰামক প্ৰণামি, ⏎ ⏎ চলি যাইব নিজঘৰ ॥১২ ⏎ ⏎ অযোধ্যাক পাচে, অগস্ত্য আসিব, ⏎ ⏎ কৰিবা ৰামে সন্মান । ⏎ ⏎ ৰাৱণৰ জন্ম, কহিবা অগস্ত্য, ৰাঘৱৰ বিদ্যমান ॥১৩ ⏎ ⏎ যেন মতে ৰণে, পৰম দুৰ্জ্জনে, ⏎ ⏎ জিনিবন্ত ত্ৰিভূবন । ⏎ ⏎ কুবেৰক জিনি, পুষ্পক বিমান, ⏎ ⏎ আনিলা ৰাজা ৰাৱণ ॥১৪ ⏎ ⏎ হৰি বেদৱতী, ৰাৱণ দুৰ্ম্মতি, ⏎ ⏎ পাইবেক শাপ দুৰ্যশ । ⏎ ⏎ অকাৰণে বধি, সবাকো জিনিব, ⏎ ⏎ দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ⏎ ⏎ ইকথা শুনিয়া, মিলিবে কৌতুক, ⏎ ⏎ হাসিবে ৰামে আনন্দে । ⏎ ⏎ সহস্ৰ অৰ্জ্জুন, বালিত সমৰ, ⏎ ⏎ হাৰিবা ৰাৱণ মন্দে ॥১৬ ⏎ ⏎ ব্ৰহ্মাৰ বৰত, যমক জিনিবে, ⏎ ⏎ পাতালে জিনিব নাগ । ⏎ ⏎ বৰুণ কটক, জিনিব ৰাৱণ, ⏎ ⏎ বিষ্ণুক পাইবেক লাগ ॥১৭ ⏎ ⏎ মান্ধাতা সহিতে, কৰিব সমৰ, ⏎ ⏎ চন্দ্ৰক জিনিব ৰণে । ⏎ ⏎ কপিলৰ ঠাই, হাৰি অপমান, ⏎ ⏎ পাইবেক গৈয়া ৰাৱণে ॥১৮ ⏎ ⏎ ৰম্ভাক হৰিব, নল কুবেৰত, ⏎ ⏎ শাপ পাইব নিশাচৰ । ⏎ ⏎ দেৱগণ সমে, ইন্দ্ৰক সমৰে, ⏎ ⏎ জিনিবেক লঙ্কেশ্বৰ ॥১৯ ⏎ ⏎ এহি মতে ৰাম- চন্দ্ৰৰ আগত, ⏎ ⏎ কহি কথা ৰাৱণৰ । ⏎ ⏎ ৰামত বিদায়, কৰি মুনিগণ, ⏎ ⏎ চলি যাইবা নিজ ঘৰ ॥২০ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334433.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|