Difference between revisions 334433 and 334456 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ (contracted; show full) এহি মতে ৰাম- চন্দ্ৰৰ আগত, কহি কথা ৰাৱণৰ । ৰামত বিদায়, কৰি মুনিগণ, চলি যাইবা নিজ ঘৰ ॥২০ ⏎ ⏎ {{সপ্তকাণ্ড ৰামায়ণ}} '''৪ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''ছবি''' অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক সুখে দশ হাজাৰ বত্সৰ । সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি, চিন্তা বৰ মিলিব ৰামৰ ॥১ তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব পাঞ্চমহীয়া গৰ্ভ সমে । ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি থাকিবন্ত তোমাৰ আশ্ৰমে ॥২ উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই, হৈব দুইৰ লৱ কুশ নাম । পৰম হৰিষ মনে, বিৰচিবা তুমি এহি, ৰামায়ণ কথা অনুপাম ॥৩ সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি ৰামৰ চৰিত্ৰ কথা সাৰ । তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই, কৰিবন্ত লোকত প্ৰচাৰ ॥৪ অনন্তৰে ৰাঘৱৰ, আজ্ঞাক শিৰত ধৰি, শত্ৰুঘণে বধিবা লৱণ । মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে দেখিবন্ত ৰামৰ চৰণ ॥৫ ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব, পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ । গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত, কি কহিবা ৰাঘৱৰ গুণ ॥৬ দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব, কৰিবন্ত আলাপ বিস্তৰ । অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব, পাচে ৰাম আসিবন্ত ঘৰ ॥৭ অশ্বমেধ কৰিবাক, ৰামৰ হৈবেক মন, অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে, যাইব যজ্ঞভূমি দেখিবাক ॥৮ ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত, গাইবা দুয়ো সীতাৰ তনয় । সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা, পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯ জানকীক আনিবাক, তোমাক বুলিব ৰামে, দিবা নিয়া তুমিও ৰামত । পায়া দেবী অপমান, সবে সভা বিদ্যমান, পশিবৱ্ত গৈয়া পাতালত ॥১০ সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত, পৃথিবীক কৰিবা কাতৰ । নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি হাতে তুলি লৈবা ধনুশৰ ॥১১ দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা শুনি ক্ৰোধ গুচিব ৰামৰ । পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত একাদশ সহস্ৰ বত্সৰ ॥১২ সজ্জনক প্ৰতিপালি, দুৰ্জ্জনক বধিবন্ত, কৰিবন্ত ৰাজ্য অকণ্টক । চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা সত্য কৰাই চলিবা ৰামক । সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত দেখাই অতি অতৰ্ক লোকক ॥১৪ আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি আসিবন্ত দেৱতা পৰ্য্যন্ত । তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫ তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া, প্ৰবেশিবা বিষ্ণুত ৰাঘৱে । ৰাক্ষস বানৰ নৰ, পশু পক্ষী তৃণ বন, সমন্বিতে চলিবা উত্সৱে ॥১৬ শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া, সন্তলোক স্বৰ্গে হৈবা থিতি । কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান, ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭ এহি মতে ৰামায়ণ, কৰা তুমি তপোধন, সুমৰিয়া ব্ৰহ্মাক মনত । ৰামৰ চৰিত্ৰচয়, পৰম অমৃতময়, শুনি সুখে তৰোক জগত ॥১৮ নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য, শ্ৰীৰাম চন্দ্ৰ সীতাপতি । হুয়োক প্ৰসন্ন যেন, মোৰ মন মধুকৰে, তযু পাদপদ্মে কৰে ৰতি ॥১৯ তযু নিজ দাসে মোৰ, পৰম সুহৃদ হৌক, লৌক মুখ তযু গুণ নাম । ন ছাৰিবা প্ৰভু মোক, যত সমাজিক লোক নিৰন্তৰে বোলা ৰাম ৰাম ॥২০ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334456.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|