Difference between revisions 334457 and 334460 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' :: ⏎ ⏎ <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ চৰাচৰ জগতৰ কুশল কাৰণে । (contracted; show full) শিৰে জটা পৰিধান বাকলি বসন । কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০ এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত । কতো দিন থাকি চিত্ৰকূট পৰ্ব্বতত ॥৭১ বেড়াইবন্ত ৰামে পাচে ঋষিৰ আশ্ৰমে । সুতীক্ষ্ণ ঋষিৰ ঘৰে যাইবন্ত প্ৰথমে ॥৭২ শৰভঙ্গ ঋষিক দেখিবা তাত পৰ । তাত পাছে বধিবা বিৰাধ নিশাচৰ ॥৭৩ ঘৰে ঘৰে ঋষিৰ আশ্ৰমে নিৰন্তৰে । যাইব দশ বতসৰ ফুৰন্তে ৰঘুবৰে ॥৭৪ পাইবন্ত হৰিষ ৰামে ঋষি সম্ভাষণে । অগস্ত্যত পুছি যাইব পঞ্চবটী বনে ॥৭৫ তথাত কবিৰ ৰামে হৰিসে নিবাস । শূৰ্পণখা যাইব কামে ৰাঘৱৰ পাশ ॥৭৬ লক্ষ্মণে কাটিব তাইৰ ধৰি নাক কাণ । খৰ দূষণত শূৰ্পণখা দিব জান ॥৭৭ চতুৰ্দ্দশ সহস্ৰ ৰাক্ষস সমন্বিতে । খৰ দূষণক ৰামে বধিবা তহিতে ॥৭৮ খৰ দূষণৰ বধ দেখি বিদ্যমান । ৰাৱণৰ আগে শূৰ্পণখা দিব জান ॥৭৯ সীতাৰ ৰূপৰ কথা কহিব প্ৰচুৰ । শুনিয়া ৰাৱণ ৰাজা হৈব কামাতুৰ ॥৮০ সীতাক হৰিতে যত্ন কৰিব বিস্তৰ । ৰথ লইয়া যাইব ৰাজা মাৰীচৰ ঘৰ ॥৮১ মাৰীচে বিস্তৰ বুজাইবেক ৰাৱণক । তথাপি ৰাৱণে তাৰ নুশুনিবে বাক ॥৮২ মাৰীচক লগে লৈয়া দুৰ্জ্জন ৰাৱণ । সীতাক হৰিবে যাইব দণ্ডুকাৰ বন ॥৮৩ ৰামৰ শৰত মৃত্যু জানি আপোনাৰ । ধৰি মৃগ ৰূপ সিতো সুবৰ্ণ আকাৰ ॥৮৪ ফুৰিবে মাৰিচ চৰি আগত ৰামৰ । দেখি ৰামচন্দ্ৰে যাব ধৰি ধনুশৰ ॥৮৫ নিবেক ৰামক বিদুৰক নিশাচৰ । ৰামৰ শৰত তেজিবেক কলেৱৰ ॥৮৬ মৰন্তে তেজিবে ৰাৱ ৰামৰ সমান । শুনি সীতা গোসানীৰ উড়িব পৰাণ ॥৮৭ ৰামক ৰাক্ষসে মাৰে সীতা হেন জানি । লক্ষ্মণক বুলিবেক দুৰাক্ষৰ বাণী ॥৮৮ শুনিয়া সীতাক তেজি যাইবন্ত লক্ষ্মণে । শূণ্য স্থানে সীতা হৰি নিবেক ৰাৱণে ॥৮৯ সীতাৰ কাৰণে যুদ্ধ কৰিব জটায়ু । পাখা ছেদি ৰাৱণে হৰিব তাৰ আয়ু ॥৯০ থৈবেক সীতাক নিয়া অশোকৰ বনে । ৰাক্ষসিনীগণ ৰক্ষা দিবেক ৰাৱণে ॥৯১ দেখি ব্ৰহ্মা বুলিবন্ত ইন্দ্ৰ দেৱতাক । অমৃত পায়স নিয়া দিয়োক সীতাক ॥৯২ ইন্দ্ৰে নিয়া পায়স দিবন্ত তেতিক্ষণ । দেখি সীত দেবী তাক কৰিব ভক্ষণ ॥৯৩ নাপায়া সীতাক পাচে শ্ৰীৰাম লক্ষ্মণ । মহাশোকে দুয়ো ভাই কৰিব ক্ৰন্দন ॥৯৪ বধিবা কবন্ধ ৰামে সীতাক খোজন্তে । ঋষ্যমুখ পাইবা গই দণ্ডুকৰা হন্তে ॥ ৯৫ তথা ৰামচন্দ্ৰে কাৰ্য্য কৰিবা বিচিত্ৰ । সু্গ্ৰীৱ বানৰ সমে ৰামে কৰি মিত্ৰ ॥৯৬ বানৰ ৰাজা বীৰ বালিক বধিব । তাৰ যত ৰাজ্যভাৰ সুগ্ৰীৱক দিব ॥৯৭ পাসৰিব ৰামক সুগ্ৰীৱ ৰাজ্য ভোলে । লক্ষ্মণে তৰ্জ্জিব তাক ৰাঘৱৰ বোলে ॥ ৯৮ কপি সেনাগণ লৈয়া বানৰ নৃপতি । ৰামৰ চৰণে নমি কৰিবা প্ৰণতি ॥৯৯ পাঞ্চিবা বানৰ গণ ৰামৰ আদেশে । সীতাক খুজিব পঠাইবা দেশে ॥১০০ লগত সহায় দিব বীৰ হনুমন্ত । দক্ষিণ দিশক অঙ্গদক পাঞ্চিবন্ত ॥১০১ বিচাৰিয়া সীতাক ফুৰিবা কপি জাক । সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২ শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত । সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩ দেখিবা সীতাক যেবে বায়ুৰ তনয় । ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪ ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত । হিয়ে মুঠি হানি সীতা দেবী কান্দিলন্ত ॥১০৫ হাতে তৃণ ধৰি বীৰে সীতাক বুজাইব । কপিৰ কাতৰে সীতা গোসানী জোৰাইব ॥১০৬ অশোক বনত পশি বায়ুৰ নন্দন । কৰিবন্ত ছন্ন ৰাৱণৰ মধুবন ॥১০৭ অনেক ৰাক্ষস মাৰ নাব যমঘৰ । অক্ষ কুমাৰক মাৰিবন্ত বীৰবৰ ॥১০৮ পাচে নাগপাশ হানিবন্ত ইন্দ্ৰজিতে । হৈবা বন্দী ৰাৱণক দেখিবাৰ চিত্তে ॥১০৯ ৰাক্ষসে যোগাইব নিয়া ৰাৱণৰ আগে । বিস্তৰ ভতৰ্সিয়া ৰাৱণক মহাভাগে ॥১১০ কপিৰ বচনে মহাকোপে লঙ্কেশ্বৰ । লগাইবে লাঙ্গুলে জুই মেৰাই কাপৰ ॥১১১ হোহকায়া নাগপাশ পৱননন্দন । লগায়া অগনি লঙ্কা কৰিবন্ত ছন্ন ॥১১২ সাগৰ লঙ্ঘিয়া ডেৱে পৃথিৱীক আসি । কহিবা সীতাৰ বাৰ্ত্তা ৰামত হৰিষি ॥১১৩ সীতাৰ মাথাৰ মণি ৰামক দিবন্ত । দেখি হিয়ে মুঠি হানি ৰাম কান্দিবন্ত ॥১১৪ সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক বুজাইবা । দুইৰো প্ৰবোধে ৰাম কিঞ্চিত জুৰাইবা ॥১১৫ পাচে কপি সেনা সমে ৰাম মহাবীৰ । আপুনি চলিয়া যাইব সাগৰৰ তীৰ ॥১১৬ সীতাক দিবাক বুলিবন্ত বিভীষণে । মাৰিবন্ত লাথি তাক দুৰ্জ্জন ৰাৱণে ॥১১৭ ৰামত শৰণ আসি লৈবা বিভীষণে । তাঙ্ক অভিষেক ৰামে কৰিবা তেখনে ॥১১৮ হৈবা বিভীষণ অভিনব লঙ্কেশ্বৰ । সাগৰত পন্থ মাগিবন্ত ৰঘুবৰ ॥১১৯ নিদিবা সাগৰে দেখা ৰামক গৰ্ব্বত । দেখি ধনুশৰ ৰামে ধৰিবা ক্ৰোধত ॥১২০ ভয়ত কম্পিব আতি সাগৰৰ হিয়া । ৰামক কৰিব স্তুতি পাদ্য অৰ্ঘ্য দিয়া ॥১২১ চলিয়োক দিলোঁ পন্থ বোলন্ত সাগৰে । নাযাইবেক তল সেতু বান্ধিয়ো পাথৰে ॥১২২ অদভুত কৰ্ম্ম কৰিবেক ৰঘুবৰে । পৰ্ব্বত আনিয়া সেতু বান্ধিব বানৰে ॥১২৩ লক্ষ্মণ সুগ্ৰীৱ বিভীষণ সমম্বিত । সসৈন্যে হৈবন্ত গৈয়া সিবেলাত থিত ॥১২৪ সেনাগণ গণিবাক প্ৰতি ৰাঘৱৰ । শুক সাৰণক পঠাইবেক লঙ্কেশ্বৰ ॥১২৫ বিভীষণে ধৰি দুইকো ৰামত যোগাইব । তাতে ৰামে ৰাৱণক বাৰ্ত্তাক পঠাইব ॥১২৬ আচৰিয়া কপটে ৰাৱণ বুদ্ধিহত । মায়া শিৰ দিব নিয়া সীতাৰ হাতত ॥১২৭ দেখি সীতা সতী মায়া শিৰ ৰাঘৱৰ । ভূমিত লুটিয়া দেবী কান্দিব বিস্তৰ ॥১২৮ প্ৰভাততে বেঢ়িয়া লঙ্কাৰ চাৰি দ্বাৰ । দূত পঠাইবন্ত ৰামে বালিৰ কুমাৰ ॥ ১২৯ ভতৰ্সিব অঙ্গদে ৰাৱণক বাৰে বাৰ । মাৰিবন্ত চাৰি গোটা বীৰ ৰাৱণৰ ॥১৩০ লাথি মাৰি ভাঙ্গিবন্ত ৰাৱণৰ ঘৰ । ৰামৰ পাশক আসিবন্ত কপিবৰ ॥১৩১ ৰাৱণ যুজিব লৈয়া কটক অপাৰ । বানৰে কৰিব ৰাক্ষসক বুন্দামাৰ ॥১৩২ অঙ্গদে জিনিব ইন্দ্ৰজিতক ইঙ্গিতে । অন্তৰীক্ষে শৰ বৰিষিব ইন্দ্ৰজিতে ॥১৩৩ মায়াবলে পীড়িবেক বনৰ কটক । নাগপাশে বান্ধিবেক ৰাম লক্ষ্মণক ॥১৩৪ গৰুড়ক আশ্বাসে গুচিব নাগপাশ । দেখি ৰাৱণৰ লাগিবে মহাত্ৰাস ॥১৩৫ অনেক ৰাক্ষস সেনাগণ সমম্বিতি । সেনাপতিগণ পাঞ্চিবন্ত লঙ্কাপতি ॥১৩৬ চাৰি সেনাপতি যাইব যমৰ সদন । ধূম্ৰাক্ষ প্ৰহন্ত বক্ৰদন্ত অকম্পন ॥১৩৭ তেবে সমদলে আসি যুজিব ৰাৱণ । বানৰ কটক সাৰীবেক দশানন ॥১৩৮ দেখি ৰামচন্দ্ৰে হাতে ধৰি ধনুশৰ । কেশে সমে কিৰীটি কাটিব ৰাৱণৰ ॥১৩৯ যম যেন ৰাঘৱক দেখিয়া সাক্ষাত । ভঙ্গ দিয়া পলাই গৈয়া পশিব লঙ্কাত ॥১৪০ মহামৰ্ম্মে জানুত থাপিয়া দশ মাথ । অপমান পায়া কান্দিবন্ত লঙ্কানাথ ॥১৪১ শ্ৰীহত হৈবে মুখ পৰিব বিবৰ্ণ । পঠাইবে যুজিবাক জগাই কুম্ভকৰ্ণ ॥১৪২ ঘোৰ শৰে ৰামে তাৰ ছেদিবন্ত শিৰ । শোকে ৰাৱণৰ হিয়া হৈব দুই চিৰ ॥১৪৩ তেবে চাৰি পুত্ৰ মৰি যাইব যমঘৰ । ৰণত পৰিব আৰু দুই সহোদৰ ॥১৪৪ অতিকায় কুমাৰক মাৰিব লক্ষ্মণ । ইন্দ্ৰজিতে আসি পুনৰপি দিব ৰণ ॥১৪৫ ৰাম লক্ষ্মণক আদি যত সেনাগণ । ৰাৱণৰ শৰে সবে হৈবে অচেতন ॥১৪৬ জাম্বৱন্ত উপদেশে বীৰ হনুমন্ত । ঔষধ আনিয়া সমস্তকে জীয়াইবন্ত ॥১৪৭ ৰাৱণৰ মনে মহা মিলিব সঙ্কট । চমকি ৰহিব দিয়া দুৱাৰে কপাট ॥১৪৮ বানৰ ভালুকগণে মহাহৃষ্ট হই । দহিব সুবৰ্ণপুৰী লঙ্কা দিয়া জুই ॥১৪৯ পাচে সাত মহাবীৰ মাৰিব বানৰে । মকৰাক্ষ বীৰক বধিব ৰঘুবৰে ॥ ১৫০ তেবে মায়া সীতাক কাটিব ইন্দ্ৰজিত । শোকৰ জমকে ৰাম হৈবন্ত মূৰ্চ্ছিত ॥১৫১ বিভীষণে বুজাইবন্ত কহিয়া সম্ভেদ । লক্ষ্মণে কৰিব ৰাৱণিৰ স্কন্ধ ছেদ ॥১৫২ পুত্ৰস্নেহে অনেক কান্দিব লঙ্কানাথে । শোকে বিদাৰিব হিয়া যেন বজ্ৰপাতে ॥১৫৩ ক্ৰোধৰ বেগত দেখিবেক অন্ধকাৰ । সীতাক কাটিবে খেদি যাইব দুৰাচাৰ ॥১৫৪ দেখি মন্দোদৰী তাঙ্ক প্ৰবোধি আনিব । অসংখ্য কটক যুজিবাক পঠাই দিব ॥১৫৫ গন্ধৰ্ব্বৰ অস্ত্ৰ ৰামে কৰিব প্ৰকাশ । ক্ষণেকে কৰিব দুষ্ট ৰাক্ষস বিনাশ ॥১৫৬ সমস্তে ৰাক্ষস সঙ্গে লৈয়া লঙ্কাপতি । বজাইব আটোপে সাজি যুজিবাক প্ৰতি ॥১৫৭ তিনি সেনাপতি তাৰ যাইব যম ঘৰ । ৰাম ৰাৱণৰ ঘোৰ মিলিব সমৰ ॥১৫৮ ৰাৱণৰ শকতিত পৰিব লক্ষ্মণ । তাক কোলে ধৰি ৰাম কৰিব ক্ৰন্দন ॥১৫৯ ঔষধ আনিবে যাইব বায়ুৰ কুমাৰ । তথাতে মাৰিব কালনিমি নিশাচৰ ॥১৬০ তিনি কোটি গন্ধৰ্ব্বক মাৰিব তহিতে । আনিব ঔষধ বীৰে পৰ্ব্বত সহিতে ॥১৬১ বিশল্যকৰণী ঔষধ গন্ধ পাই । জীৱন্ত লক্ষ্মণ জয় আনন্দ বঢ়াই ॥১৬২ ৰাৱণক বধিতে ৰামৰ হৈব চিত । আসিবেক দেৱ ৰথ মাতলি সহিত ॥১৬৩ তাত চড়ি কৌতুকে যুজিব ৰঘুনাথ । বাৰে বাৰে ৰাৱণৰ কাটিবন্ত মাথ ॥১৬৪ নমৰিব তথাপি ৰাৱণ মহাবীৰ । ব্ৰহ্ম অস্ত্ৰ হানি পাচে ছেদিবন্ত শিৰ ॥১৬৫ আকাশত দেৱগণে আনন্দ কৰিব । জয় ৰাম ধ্বনি দশোদিশক পুৰিব ॥১৬৬ ৰাঘৱৰ শিৰে বৰষিব পাৰিজাত । পাচে ৰামে দেৱ কাৰ্য্য সাম্ফলি সাক্ষাত ॥১৬৭ বিভীষণ মিত্ৰক আশ্বাসি ৰঘুবৰ । পাতিবন্ত তাক অভিনব লঙ্কেশ্বৰ ॥১৬৮ যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন । তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯ অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ । বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০ {{সপ্তকাণ্ড ৰামায়ণ}} '''৩ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> ''''''দুলৰি'''''' নাৰদ বদতি, পাচে ৰঘুপতি, পুৰুষ মহা মহন্ত । লগাই অপমান, সভা বিদ্যমান, জানকীক ত্যজিবন্ত ॥১ জগত জননী, জনকনন্দিনী, ৰামত হুয়া নৈৰাশ । অগনি সঞ্জালি, ঘৃতচয় ঢালি, তাতে কৰিলন্ত ঝাস ॥২ নদহিব গাৱ, হুয়া শুদ্ধভাৱ, ৰবিবন্ত জগমাৱ । দেৱগণসমে, ৰাজা দশৰথ, আসিবা ৰামৰ থাৱ ॥৩ তিনি পিতা পুত্ৰে, এক থান হুই, গলে বান্ধি কান্দিবন্ত । পাছে দশৰথে, ৰামক প্ৰশংসি, কৈকেয়ীক নিন্দিবন্ত ॥৪ অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক, স্ত্তুতি কৰিবন্ত গৈয়া । মৰা বানৰক, ৰামে জীয়াইবন্ত, বাসৱত বৰ লৈয়া ॥৫ পিতৃৰ বচনে, সম্বৰিবা ৰামে, সীতাক পৰম তুষ্টি । দেৱগণ সমে, ৰাজা দশৰথ, যাইবন্ত স্বৰ্গক উঠি ॥৬ বানৰ ভালুক, ৰাক্ষস সহিতি, পুষ্পক বিমানে চড়ি । লক্ষ্মণ জানকী, সমন্বিতে ৰাম, অযোধ্যাক যাইব লৰি ॥৭ পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে, ৰহিয়া লৈবন্ত বৰ । সমস্তে বৃক্ষত, হৈব মধুফল, ভুঞ্জিব তাক বানৰ ॥৮ ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন, চাৰি হুয়া এক থান । কৰি জটা ছেদ, এৰিবন্ত খেদ, চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰে, অযোধ্যা নগৰে, হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড, কৰিব লোকে উত্সৱ ॥১০ ৰামৰ উপৰে, দেৱ নিৰন্তৰে, পুষ্প বৰিষিব চানি । পৰম হৰিষে, প্ৰজায়ো কৰিব, জয় জয় ৰাম ধ্বনি ॥১১ বানৰ ভালুক, ৰাক্ষস সকল, প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষে, ৰামক প্ৰণামি, চলি যাইব নিজঘৰ ॥১২ অযোধ্যাক পাচে, অগস্ত্য আসিব, কৰিবা ৰামে সন্মান । ৰাৱণৰ জন্ম, কহিবা অগস্ত্য, ৰাঘৱৰ বিদ্যমান ॥১৩ যেন মতে ৰণে, পৰম দুৰ্জ্জনে, জিনিবন্ত ত্ৰিভূবন । কুবেৰক জিনি, পুষ্পক বিমান, আনিলা ৰাজা ৰাৱণ ॥১৪ হৰি বেদৱতী, ৰাৱণ দুৰ্ম্মতি, পাইবেক শাপ দুৰ্যশ । অকাৰণে বধি, সবাকো জিনিব, দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ইকথা শুনিয়া, মিলিবে কৌতুক, হাসিবে ৰামে আনন্দে । সহস্ৰ অৰ্জ্জুন, বালিত সমৰ, হাৰিবা ৰাৱণ মন্দে ॥১৬ ব্ৰহ্মাৰ বৰত, যমক জিনিবে, পাতালে জিনিব নাগ । বৰুণ কটক, জিনিব ৰাৱণ, বিষ্ণুক পাইবেক লাগ ॥১৭ মান্ধাতা সহিতে, কৰিব সমৰ, চন্দ্ৰক জিনিব ৰণে । কপিলৰ ঠাই, হাৰি অপমান, পাইবেক গৈয়া ৰাৱণে ॥১৮ ৰম্ভাক হৰিব, নল কুবেৰত, শাপ পাইব নিশাচৰ । দেৱগণ সমে, ইন্দ্ৰক সমৰে, জিনিবেক লঙ্কেশ্বৰ ॥১৯ এহি মতে ৰাম- চন্দ্ৰৰ আগত, কহি কথা ৰাৱণৰ । ৰামত বিদায়, কৰি মুনিগণ, চলি যাইবা নিজ ঘৰ ॥২০ {{সপ্তকাণ্ড ৰামায়ণ}} '''৪ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''ছবি''' অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক সুখে দশ হাজাৰ বত্সৰ । সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি, চিন্তা বৰ মিলিব ৰামৰ ॥১ তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব পাঞ্চমহীয়া গৰ্ভ সমে । ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি থাকিবন্ত তোমাৰ আশ্ৰমে ॥২ উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই, হৈব দুইৰ লৱ কুশ নাম । পৰম হৰিষ মনে, বিৰচিবা তুমি এহি, ৰামায়ণ কথা অনুপাম ॥৩ সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি ৰামৰ চৰিত্ৰ কথা সাৰ । তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই, কৰিবন্ত লোকত প্ৰচাৰ ॥৪ অনন্তৰে ৰাঘৱৰ, আজ্ঞাক শিৰত ধৰি, শত্ৰুঘণে বধিবা লৱণ । মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে দেখিবন্ত ৰামৰ চৰণ ॥৫ ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব, পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ । গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত, কি কহিবা ৰাঘৱৰ গুণ ॥৬ দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব, কৰিবন্ত আলাপ বিস্তৰ । অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব, পাচে ৰাম আসিবন্ত ঘৰ ॥৭ অশ্বমেধ কৰিবাক, ৰামৰ হৈবেক মন, অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে, যাইব যজ্ঞভূমি দেখিবাক ॥৮ ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত, গাইবা দুয়ো সীতাৰ তনয় । সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা, পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯ জানকীক আনিবাক, তোমাক বুলিব ৰামে, দিবা নিয়া তুমিও ৰামত । পায়া দেবী অপমান, সবে সভা বিদ্যমান, পশিবৱ্ত গৈয়া পাতালত ॥১০ সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত, পৃথিবীক কৰিবা কাতৰ । নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি হাতে তুলি লৈবা ধনুশৰ ॥১১ দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা শুনি ক্ৰোধ গুচিব ৰামৰ । পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত একাদশ সহস্ৰ বত্সৰ ॥১২ সজ্জনক প্ৰতিপালি, দুৰ্জ্জনক বধিবন্ত, কৰিবন্ত ৰাজ্য অকণ্টক । চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা সত্য কৰাই চলিবা ৰামক । সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত দেখাই অতি অতৰ্ক লোকক ॥১৪ আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি আসিবন্ত দেৱতা পৰ্য্যন্ত । তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫ তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া, প্ৰবেশিবা বিষ্ণুত ৰাঘৱে । ৰাক্ষস বানৰ নৰ, পশু পক্ষী তৃণ বন, সমন্বিতে চলিবা উত্সৱে ॥১৬ শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া, সন্তলোক স্বৰ্গে হৈবা থিতি । কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান, ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭ এহি মতে ৰামায়ণ, কৰা তুমি তপোধন, সুমৰিয়া ব্ৰহ্মাক মনত । ৰামৰ চৰিত্ৰচয়, পৰম অমৃতময়, শুনি সুখে তৰোক জগত ॥১৮ নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য, শ্ৰীৰাম চন্দ্ৰ সীতাপতি । হুয়োক প্ৰসন্ন যেন, মোৰ মন মধুকৰে, তযু পাদপদ্মে কৰে ৰতি ॥১৯ তযু নিজ দাসে মোৰ, পৰম সুহৃদ হৌক, লৌক মুখ তযু গুণ নাম । ন ছাৰিবা প্ৰভু মোক, যত সমাজিক লোক নিৰন্তৰে বোলা ৰাম ৰাম ॥২০॥৭১ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334460.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|