Difference between revisions 334460 and 334462 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:: '''২ অধ্যায়''' :: 

:: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>





অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।

সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১

চৰাচৰ জগতৰ কুশল কাৰণে ।

ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২

(contracted; show full)
শিৰে জটা পৰিধান বাকলি বসন ।

কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০

এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত ।

কতো দিন থাকি চিত্ৰকূট ॥৭১