Difference between revisions 334462 and 334464 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:: '''২ অধ্যায়''' :: 

:: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>





অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।

সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১

চৰাচৰ জগতৰ কুশল কাৰণে ।

ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২

(contracted; show full)
শিৰে জটা পৰিধান বাকলি বসন ।

কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০

এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত ।

কতো দিন থাকি চিত্ৰকূট 
॥৭১পৰ্ব্বতত ॥৭১

বেড়াইবন্ত ৰামে পাচে ঋষিৰ আশ্ৰমে ।

সুতীক্ষ্ণ ঋষিৰ ঘৰে যাইবন্ত প্ৰথমে ॥৭২

শৰভঙ্গ ঋষিক দেখিবা তাত পৰ ।

তাত পাছে বধিবা বিৰাধ নিশাচৰ ॥৭৩

ঘৰে ঘৰে ঋষিৰ আশ্ৰমে নিৰন্তৰে ।

যাইব দশ বতসৰ ফুৰন্তে ৰঘুবৰে ॥৭৪

পাইবন্ত হৰিষ ৰামে ঋষি সম্ভাষণে ।

অগস্ত্যত পুছি যাইব পঞ্চবটী বনে ॥৭৫

তথাত কবিৰ ৰামে হৰিসে নিবাস ।

শূৰ্পণখা যাইব কামে ৰাঘৱৰ পাশ ॥৭৬

লক্ষ্মণে কাটিব তাইৰ ধৰি নাক কাণ ।

খৰ দূষণত শূৰ্পণখা দিব জান ॥৭৭

চতুৰ্দ্দশ সহস্ৰ ৰাক্ষস সমন্বিতে ।

খৰ দূষণক ৰামে বধিবা তহিতে ॥৭৮

খৰ দূষণৰ বধ দেখি বিদ্যমান ।

ৰাৱণৰ আগে শূৰ্পণখা দিব জান ॥৭৯

সীতাৰ ৰূপৰ কথা কহিব প্ৰচুৰ ।

শুনিয়া ৰাৱণ ৰাজা হৈব কামাতুৰ ॥৮০

সীতাক হৰিতে যত্ন কৰিব বিস্তৰ ।

ৰথ লইয়া যাইব ৰাজা মাৰীচৰ ঘৰ ॥৮১    

মাৰীচে বিস্তৰ বুজাইবেক ৰাৱণক ।

তথাপি ৰাৱণে তাৰ নুশুনিবে বাক ॥৮২

মাৰীচক লগে লৈয়া দুৰ্জ্জন ৰাৱণ ।

সীতাক হৰিবে যাইব দণ্ডুকাৰ বন ॥৮৩

ৰামৰ শৰত মৃত্যু জানি আপোনাৰ ।

ধৰি মৃগ ৰূপ সিতো সুবৰ্ণ আকাৰ ॥৮৪

ফুৰিবে মাৰিচ চৰি আগত ৰামৰ ।

দেখি ৰামচন্দ্ৰে যাব ধৰি ধনুশৰ ॥৮৫

নিবেক ৰামক বিদুৰক নিশাচৰ ।

ৰামৰ শৰত তেজিবেক কলেৱৰ ॥৮৬

মৰন্তে তেজিবে ৰাৱ ৰামৰ সমান ।

শুনি সীতা গোসানীৰ উড়িব পৰাণ ॥৮৭

ৰামক ৰাক্ষসে মাৰে সীতা হেন জানি ।

লক্ষ্মণক বুলিবেক দুৰাক্ষৰ বাণী ॥৮৮

শুনিয়া সীতাক তেজি যাইবন্ত লক্ষ্মণে ।

শূণ্য স্থানে সীতা হৰি নিবেক ৰাৱণে ॥৮৯

সীতাৰ কাৰণে যুদ্ধ কৰিব জটায়ু ।

পাখা ছেদি ৰাৱণে হৰিব তাৰ আয়ু ॥৯০

থৈবেক সীতাক নিয়া অশোকৰ বনে ।

ৰাক্ষসিনীগণ ৰক্ষা দিবেক ৰাৱণে ॥৯১

দেখি ব্ৰহ্মা বুলিবন্ত ইন্দ্ৰ দেৱতাক ।

অমৃত পায়স নিয়া দিয়োক সীতাক ॥৯২

ইন্দ্ৰে নিয়া পায়স দিবন্ত তেতিক্ষণ ।

দেখি সীত দেবী তাক কৰিব ভক্ষণ ॥৯৩

নাপায়া সীতাক পাচে শ্ৰীৰাম লক্ষ্মণ ।

মহাশোকে দুয়ো ভাই কৰিব ক্ৰন্দন ॥৯৪

বধিবা কবন্ধ ৰামে সীতাক খোজন্তে ।

ঋষ্যমুখ পাইবা গই দণ্ডুকৰা হন্তে ॥ ৯৫

তথা ৰামচন্দ্ৰে কাৰ্য্য কৰিবা বিচিত্ৰ ।

সু্গ্ৰীৱ বানৰ সমে ৰামে কৰি মিত্ৰ ॥৯৬

বানৰ ৰাজা বীৰ বালিক বধিব ।

তাৰ যত ৰাজ্যভাৰ সুগ্ৰীৱক দিব ॥৯৭

পাসৰিব ৰামক সুগ্ৰীৱ ৰাজ্য ভোলে ।

লক্ষ্মণে তৰ্জ্জিব তাক ৰাঘৱৰ বোলে ॥ ৯৮

কপি সেনাগণ লৈয়া বানৰ নৃপতি ।

ৰামৰ চৰণে নমি কৰিবা প্ৰণতি ॥৯৯

পাঞ্চিবা বানৰ গণ ৰামৰ আদেশে ।

সীতাক খুজিব পঠাইবা দেশে ॥১০০

লগত সহায় দিব বীৰ হনুমন্ত ।

দক্ষিণ দিশক অঙ্গদক পাঞ্চিবন্ত ॥১০১

বিচাৰিয়া সীতাক ফুৰিবা কপি জাক ।

সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২

শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত ।

সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩

দেখিবা সীতাক যেবে বায়ুৰ তনয় ।

ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪

ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত ।

হিয়ে মুঠি হানি সীতা দেবী কান্দিলন্ত ॥১০৫

হাতে তৃণ ধৰি বীৰে সীতাক বুজাইব ।

কপিৰ কাতৰে সীতা গোসানী জোৰাইব ॥১০৬

অশোক বনত পশি বায়ুৰ নন্দন ।

কৰিবন্ত ছন্ন ৰাৱণৰ মধুবন ॥১০৭

অনেক ৰাক্ষস মাৰ নাব যমঘৰ ।

অক্ষ কুমাৰক মাৰিবন্ত বীৰবৰ ॥১০৮

পাচে নাগপাশ হানিবন্ত ইন্দ্ৰজিতে ।

হৈবা বন্দী ৰাৱণক দেখিবাৰ চিত্তে ॥১০৯

ৰাক্ষসে যোগাইব নিয়া ৰাৱণৰ আগে ।

বিস্তৰ ভতৰ্সিয়া ৰাৱণক মহাভাগে ॥১১০

কপিৰ বচনে মহাকোপে লঙ্কেশ্বৰ ।

লগাইবে লাঙ্গুলে জুই মেৰাই কাপৰ ॥১১১

হোহকায়া নাগপাশ পৱননন্দন ।

লগায়া অগনি লঙ্কা কৰিবন্ত ছন্ন ॥১১২

সাগৰ লঙ্ঘিয়া ডেৱে পৃথিৱীক আসি ।

কহিবা সীতাৰ বাৰ্ত্তা ৰামত হৰিষি ॥১১৩

সীতাৰ মাথাৰ মণি ৰামক দিবন্ত ।

দেখি হিয়ে মুঠি হানি ৰাম কান্দিবন্ত ॥১১৪

সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক বুজাইবা ।

দুইৰো প্ৰবোধে ৰাম কিঞ্চিত জুৰাইবা ॥১১৫

পাচে কপি সেনা সমে ৰাম মহাবীৰ ।

আপুনি চলিয়া যাইব সাগৰৰ তীৰ ॥১১৬

সীতাক দিবাক বুলিবন্ত বিভীষণে ।

মাৰিবন্ত লাথি তাক দুৰ্জ্জন ৰাৱণে ॥১১৭

ৰামত শৰণ আসি লৈবা বিভীষণে ।

তাঙ্ক অভিষেক ৰামে কৰিবা তেখনে ॥১১৮

হৈবা বিভীষণ অভিনব লঙ্কেশ্বৰ ।

সাগৰত পন্থ মাগিবন্ত ৰঘুবৰ ॥১১৯

নিদিবা সাগৰে দেখা ৰামক গৰ্ব্বত ।

দেখি ধনুশৰ ৰামে ধৰিবা ক্ৰোধত ॥১২০

ভয়ত কম্পিব আতি সাগৰৰ হিয়া ।

ৰামক কৰিব স্তুতি পাদ্য অৰ্ঘ্য দিয়া ॥১২১

চলিয়োক দিলোঁ পন্থ বোলন্ত সাগৰে ।

নাযাইবেক তল সেতু বান্ধিয়ো পাথৰে ॥১২২

অদভুত কৰ্ম্ম কৰিবেক ৰঘুবৰে ।

পৰ্ব্বত আনিয়া সেতু বান্ধিব বানৰে ॥১২৩

লক্ষ্মণ সুগ্ৰীৱ বিভীষণ সমম্বিত ।

সসৈন্যে হৈবন্ত গৈয়া সিবেলাত থিত ॥১২৪

সেনাগণ গণিবাক প্ৰতি ৰাঘৱৰ ।

শুক সাৰণক পঠাইবেক লঙ্কেশ্বৰ ॥১২৫

বিভীষণে ধৰি দুইকো ৰামত যোগাইব ।

তাতে ৰামে ৰাৱণক বাৰ্ত্তাক পঠাইব ॥১২৬

আচৰিয়া কপটে ৰাৱণ বুদ্ধিহত ।

মায়া শিৰ দিব নিয়া সীতাৰ হাতত ॥১২৭

দেখি সীতা সতী মায়া শিৰ ৰাঘৱৰ ।

ভূমিত লুটিয়া দেবী কান্দিব বিস্তৰ ॥১২৮

প্ৰভাততে বেঢ়িয়া লঙ্কাৰ চাৰি দ্বাৰ ।

দূত পঠাইবন্ত ৰামে বালিৰ কুমাৰ ॥ ১২৯

ভতৰ্সিব অঙ্গদে ৰাৱণক বাৰে বাৰ ।

মাৰিবন্ত চাৰি গোটা বীৰ ৰাৱণৰ ॥১৩০

লাথি মাৰি ভাঙ্গিবন্ত ৰাৱণৰ ঘৰ ।

ৰামৰ পাশক আসিবন্ত কপিবৰ ॥১৩১

ৰাৱণ যুজিব লৈয়া কটক অপাৰ ।

বানৰে কৰিব ৰাক্ষসক বুন্দামাৰ ॥১৩২

অঙ্গদে জিনিব ইন্দ্ৰজিতক ইঙ্গিতে ।

অন্তৰীক্ষে শৰ বৰিষিব ইন্দ্ৰজিতে ॥১৩৩

মায়াবলে পীড়িবেক বনৰ কটক ।

নাগপাশে বান্ধিবেক ৰাম লক্ষ্মণক ॥১৩৪

গৰুড়ক আশ্বাসে গুচিব নাগপাশ ।

দেখি ৰাৱণৰ লাগিবে মহাত্ৰাস ॥১৩৫

অনেক ৰাক্ষস সেনাগণ সমম্বিতি ।

সেনাপতিগণ পাঞ্চিবন্ত লঙ্কাপতি ॥১৩৬

চাৰি সেনাপতি যাইব যমৰ সদন ।

ধূম্ৰাক্ষ প্ৰহন্ত বক্ৰদন্ত অকম্পন ॥১৩৭

তেবে সমদলে আসি যুজিব ৰাৱণ ।

বানৰ কটক সাৰীবেক দশানন ॥১৩৮

দেখি ৰামচন্দ্ৰে হাতে ধৰি ধনুশৰ ।

কেশে সমে কিৰীটি কাটিব ৰাৱণৰ ॥১৩৯

যম যেন ৰাঘৱক দেখিয়া সাক্ষাত ।

ভঙ্গ দিয়া পলাই গৈয়া পশিব লঙ্কাত ॥১৪০

মহামৰ্ম্মে জানুত থাপিয়া দশ মাথ ।

অপমান পায়া কান্দিবন্ত লঙ্কানাথ ॥১৪১

শ্ৰীহত হৈবে মুখ পৰিব বিবৰ্ণ ।

পঠাইবে যুজিবাক জগাই কুম্ভকৰ্ণ ॥১৪২

ঘোৰ শৰে ৰামে তাৰ ছেদিবন্ত শিৰ ।

শোকে ৰাৱণৰ হিয়া হৈব দুই চিৰ ॥১৪৩

তেবে চাৰি পুত্ৰ মৰি যাইব যমঘৰ ।

ৰণত পৰিব আৰু দুই সহোদৰ ॥১৪৪

অতিকায় কুমাৰক মাৰিব লক্ষ্মণ ।

ইন্দ্ৰজিতে আসি পুনৰপি দিব ৰণ ॥১৪৫

ৰাম লক্ষ্মণক আদি যত সেনাগণ ।

ৰাৱণৰ শৰে সবে হৈবে অচেতন ॥১৪৬

জাম্বৱন্ত উপদেশে বীৰ হনুমন্ত ।

ঔষধ আনিয়া সমস্তকে জীয়াইবন্ত ॥১৪৭

ৰাৱণৰ মনে মহা মিলিব সঙ্কট ।

চমকি ৰহিব দিয়া দুৱাৰে কপাট ॥১৪৮

বানৰ ভালুকগণে মহাহৃষ্ট হই ।

দহিব সুবৰ্ণপুৰী লঙ্কা দিয়া জুই ॥১৪৯

পাচে সাত মহাবীৰ মাৰিব বানৰে ।

মকৰাক্ষ বীৰক বধিব ৰঘুবৰে ॥ ১৫০

তেবে মায়া সীতাক কাটিব ইন্দ্ৰজিত ।

শোকৰ জমকে ৰাম হৈবন্ত মূৰ্চ্ছিত ॥১৫১

বিভীষণে বুজাইবন্ত কহিয়া সম্ভেদ ।

লক্ষ্মণে কৰিব ৰাৱণিৰ স্কন্ধ ছেদ ॥১৫২

পুত্ৰস্নেহে অনেক কান্দিব লঙ্কানাথে ।

শোকে বিদাৰিব হিয়া যেন বজ্ৰপাতে ॥১৫৩

ক্ৰোধৰ বেগত দেখিবেক অন্ধকাৰ ।

সীতাক কাটিবে খেদি যাইব দুৰাচাৰ ॥১৫৪

দেখি মন্দোদৰী তাঙ্ক প্ৰবোধি আনিব ।

অসংখ্য কটক যুজিবাক পঠাই দিব ॥১৫৫

গন্ধৰ্ব্বৰ অস্ত্ৰ ৰামে কৰিব প্ৰকাশ ।

ক্ষণেকে কৰিব দুষ্ট ৰাক্ষস বিনাশ ॥১৫৬

সমস্তে ৰাক্ষস সঙ্গে লৈয়া লঙ্কাপতি ।

বজাইব আটোপে সাজি যুজিবাক প্ৰতি ॥১৫৭

তিনি সেনাপতি তাৰ যাইব যম ঘৰ ।

ৰাম ৰাৱণৰ ঘোৰ মিলিব সমৰ ॥১৫৮

ৰাৱণৰ শকতিত পৰিব লক্ষ্মণ ।

তাক কোলে ধৰি ৰাম কৰিব ক্ৰন্দন ॥১৫৯

ঔষধ আনিবে যাইব বায়ুৰ কুমাৰ ।

তথাতে মাৰিব কালনিমি নিশাচৰ ॥১৬০

তিনি কোটি গন্ধৰ্ব্বক মাৰিব তহিতে ।

আনিব ঔষধ বীৰে পৰ্ব্বত সহিতে ॥১৬১

বিশল্যকৰণী ঔষধ গন্ধ পাই ।

জীৱন্ত লক্ষ্মণ জয় আনন্দ বঢ়াই ॥১৬২

ৰাৱণক বধিতে ৰামৰ হৈব চিত ।

আসিবেক দেৱ ৰথ মাতলি সহিত ॥১৬৩

তাত চড়ি কৌতুকে যুজিব ৰঘুনাথ ।

বাৰে বাৰে ৰাৱণৰ কাটিবন্ত মাথ ॥১৬৪  

নমৰিব তথাপি ৰাৱণ মহাবীৰ ।

ব্ৰহ্ম অস্ত্ৰ হানি পাচে ছেদিবন্ত শিৰ ॥১৬৫

আকাশত দেৱগণে আনন্দ কৰিব ।

জয় ৰাম ধ্বনি দশোদিশক পুৰিব ॥১৬৬

ৰাঘৱৰ শিৰে বৰষিব পাৰিজাত ।

পাচে ৰামে দেৱ কাৰ্য্য সাম্ফলি সাক্ষাত ॥১৬৭

বিভীষণ মিত্ৰক আশ্বাসি ৰঘুবৰ ।

পাতিবন্ত তাক অভিনব লঙ্কেশ্বৰ ॥১৬৮

যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন ।

তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯

অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ ।

বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০


------------------------------
:: '''৩ অধ্যায়''' :: 
:: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>
          
:: '''দুলৰি'''

নাৰদ বদতি,           পাচে ৰঘুপতি,
       
::::পুৰুষ মহা মহন্ত ।

লগাই অপমান,          সভা বিদ্যমান,

::::জানকীক ত্যজিবন্ত ॥১

জগত জননী,            জনকনন্দিনী,
       
::::ৰামত হুয়া নৈৰাশ ।

অগনি সঞ্জালি,           ঘৃতচয় ঢালি,
       
::::তাতে কৰিলন্ত ঝাস ॥২

নদহিব গাৱ,            হুয়া শুদ্ধভাৱ,
        
::::ৰবিবন্ত জগমাৱ ।

দেৱগণসমে,            ৰাজা দশৰথ,
        
::::আসিবা ৰামৰ থাৱ ॥৩

তিনি পিতা পুত্ৰে,        এক থান হুই,
        
::::গলে বান্ধি কান্দিবন্ত । 

পাছে দশৰথে,           ৰামক প্ৰশংসি,
        
::::কৈকেয়ীক নিন্দিবন্ত ॥৪

অনন্তৰে ব্ৰহ্মা,           দেৱে ৰাঘৱক,
       
::::স্ত্তুতি কৰিবন্ত গৈয়া ।

মৰা বানৰক,           ৰামে জীয়াইবন্ত,
       
::::বাসৱত বৰ লৈয়া ॥৫
 
পিতৃৰ বচনে,           সম্বৰিবা ৰামে,

::::সীতাক পৰম তুষ্টি ।

দেৱগণ সমে,           ৰাজা দশৰথ,

::::যাইবন্ত স্বৰ্গক উঠি ॥৬

বানৰ ভালুক,          ৰাক্ষস সহিতি,

::::পুষ্পক বিমানে চড়ি ।

লক্ষ্মণ জানকী,         সমন্বিতে ৰাম,

::::অযোধ্যাক যাইব লৰি ॥৭

পাচে ৰামে ভৰ-        দ্বাজৰ আশ্ৰমে,

::::ৰহিয়া লৈবন্ত বৰ ।

সমস্তে বৃক্ষত,         হৈব মধুফল,

::::ভুঞ্জিব তাক বানৰ ॥৮

ভৰত লক্ষ্মণ,           ৰাম শত্ৰুঘন,

::::চাৰি হুয়া এক থান ।

কৰি জটা ছেদ,         এৰিবন্ত খেদ,

::::চাৰিও বীৰ প্ৰধান ॥৯

তাত অনন্তৰে,          অযোধ্যা নগৰে,

::::হৈবন্ত ৰাজা ৰাঘৱ ।

তুলি ছত্ৰ দণ্ড,          বায়া বাদ্যভণ্ড,

::::কৰিব লোকে উত্সৱ ॥১০

ৰামৰ উপৰে,          দেৱ নিৰন্তৰে,

::::পুষ্প বৰিষিব চানি ।

পৰম হৰিষে,          প্ৰজায়ো কৰিব,

::::জয় জয় ৰাম ধ্বনি ॥১১

বানৰ ভালুক,          ৰাক্ষস সকল,

::::প্ৰসাদ পায়া ৰামৰ ।

পৰম হৰিষে,          ৰামক প্ৰণামি,

::::চলি যাইব নিজঘৰ ॥১২

অযোধ্যাক পাচে,        অগস্ত্য আসিব,

::::কৰিবা ৰামে সন্মান ।

ৰাৱণৰ জন্ম,          কহিবা অগস্ত্য,

::::ৰাঘৱৰ বিদ্যমান ॥১৩

যেন মতে ৰণে,        পৰম দুৰ্জ্জনে,

::::জিনিবন্ত ত্ৰিভূবন ।

কুবেৰক জিনি,        পুষ্পক বিমান,

::::আনিলা ৰাজা ৰাৱণ ॥১৪

হৰি বেদৱতী,        ৰাৱণ দুৰ্ম্মতি,

::::পাইবেক শাপ দুৰ্যশ ।

অকাৰণে বধি,       সবাকো জিনিব,

::::দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫

ইকথা শুনিয়া,       মিলিবে কৌতুক,

::::হাসিবে ৰামে আনন্দে ।

সহস্ৰ অৰ্জ্জুন,         বালিত সমৰ,

::::হাৰিবা ৰাৱণ মন্দে ॥১৬

ব্ৰহ্মাৰ বৰত,        যমক জিনিবে, 

::::পাতালে জিনিব নাগ ।

বৰুণ কটক,          জিনিব ৰাৱণ,

::::বিষ্ণুক পাইবেক লাগ ॥১৭

মান্ধাতা সহিতে,       কৰিব সমৰ,

::::চন্দ্ৰক জিনিব ৰণে ।

কপিলৰ ঠাই,         হাৰি অপমান,

::::পাইবেক গৈয়া ৰাৱণে ॥১৮

ৰম্ভাক হৰিব,        নল কুবেৰত,

::::শাপ পাইব নিশাচৰ ।

দেৱগণ সমে,        ইন্দ্ৰক সমৰে,

::::জিনিবেক লঙ্কেশ্বৰ ॥১৯

এহি মতে ৰাম-      চন্দ্ৰৰ আগত,

::::কহি কথা ৰাৱণৰ ।

ৰামত বিদায়,        কৰি মুনিগণ,

::::চলি যাইবা নিজ ঘৰ ॥২০


------------------------

:: '''৪ অধ্যায়''' :: 

::<big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>

           
::'''ছবি'''

অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক

::::সুখে দশ হাজাৰ বত্সৰ ।

সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি,

::::চিন্তা বৰ মিলিব ৰামৰ ॥১

তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব

::::পাঞ্চমহীয়া গৰ্ভ সমে ।          

ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি

::::থাকিবন্ত তোমাৰ আশ্ৰমে ॥২

উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই,

::::হৈব দুইৰ লৱ কুশ নাম ।

পৰম হৰিষ মনে, বিৰচিবা তুমি এহি,

::::ৰামায়ণ কথা অনুপাম ॥৩

সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি
  
::::ৰামৰ চৰিত্ৰ কথা সাৰ ।

তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই,

::::কৰিবন্ত লোকত প্ৰচাৰ ॥৪

অনন্তৰে ৰাঘৱৰ,  আজ্ঞাক শিৰত ধৰি,

::::শত্ৰুঘণে বধিবা লৱণ ।

মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে

::::দেখিবন্ত ৰামৰ চৰণ ॥৫

ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব,

::::পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ ।

গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত,

::::কি কহিবা ৰাঘৱৰ গুণ ॥৬

দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব,

::::কৰিবন্ত আলাপ বিস্তৰ ।

অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব,

::::পাচে ৰাম আসিবন্ত ঘৰ ॥৭

অশ্বমেধ কৰিবাক,  ৰামৰ হৈবেক মন,

::::অনাইবা বহু ঋষি জাক ।

সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে,

::::যাইব যজ্ঞভূমি দেখিবাক ॥৮

ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত,

::::গাইবা দুয়ো সীতাৰ তনয় ।

সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা,

::::পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯

জানকীক আনিবাক, তোমাক বুলিব ৰামে,

::::দিবা নিয়া তুমিও ৰামত ।

পায়া দেবী অপমান, সবে সভা বিদ্যমান,

::::পশিবৱ্ত গৈয়া পাতালত ॥১০

সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত,

::::পৃথিবীক কৰিবা কাতৰ ।

নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি

::::হাতে তুলি লৈবা ধনুশৰ ॥১১

দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা

::::শুনি ক্ৰোধ গুচিব ৰামৰ ।

পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত

::::একাদশ সহস্ৰ বত্সৰ ॥১২

সজ্জনক প্ৰতিপালি,  দুৰ্জ্জনক বধিবন্ত,

     কৰিবন্ত ৰাজ্য অকণ্টক ।

চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি

     সমুচিতে দিবন্ত বণ্টক ॥১৩

ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা

    সত্য কৰাই চলিবা ৰামক ।

সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত

    দেখাই অতি অতৰ্ক লোকক ॥১৪

আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি

   আসিবন্ত দেৱতা পৰ্য্যন্ত ।

তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে

     স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫

তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া,

     প্ৰবেশিবা বিষ্ণুত ৰাঘৱে ।

ৰাক্ষস বানৰ নৰ,  পশু পক্ষী তৃণ বন,

    সমন্বিতে চলিবা উত্সৱে ॥১৬

শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া,

      সন্তলোক স্বৰ্গে হৈবা থিতি ।

কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান,

     ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭

এহি মতে ৰামায়ণ, কৰা তুমি তপোধন,

     সুমৰিয়া ব্ৰহ্মাক মনত ।

ৰামৰ চৰিত্ৰচয়,   পৰম অমৃতময়,

    শুনি সুখে তৰোক জগত ॥১৮

নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য,

    শ্ৰীৰাম চন্দ্ৰ সীতাপতি ।

হুয়োক প্ৰসন্ন যেন,  মোৰ মন মধুকৰে,

   তযু পাদপদ্মে কৰে ৰতি ॥১৯

তযু নিজ দাসে মোৰ,  পৰম সুহৃদ হৌক,

    লৌক মুখ তযু গুণ নাম ।

ন ছাৰিবা প্ৰভু মোক,  যত সমাজিক লোক

   নিৰন্তৰে বোলা ৰাম ৰাম ॥২০