Difference between revisions 334464 and 334465 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

'''২ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>

অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।

সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১

(contracted; show full)
------------------------------
:: '''৩ অধ্যায়''' :: 
:: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>
          
:: '''দুলৰি'''

নাৰদ বদত
ি,                     ::::পাচে ৰঘুপতি,
       
::::পুৰুষ মহা মহন্ত ।

লগাই অপমান,                    ::::সভা বিদ্যমান,

::::জানকীক ত্যজিবন্ত ॥১

জগত জননী,                     :::: জনকনন্দিনী,
       
::::ৰামত হুয়া নৈৰাশ ।

অগনি সঞ্জালি,                      ::::ঘৃতচয় ঢালি,
       
::::তাতে কৰিলন্ত ঝাস ॥২

নদহিব গাৱ,                        ::::হুয়া শুদ্ধভাৱ,
        
::::ৰবিবন্ত জগমাৱ ।

দেৱগণসমে,                        ::::ৰাজা দশৰথ,
        
::::আসিবা ৰামৰ থাৱ ॥৩

তিনি পিতা পুত্ৰে,               ::::এক থান হুই,
        
::::গলে বান্ধি কান্দিবন্ত । 

পাছে দশৰথে,                      ::::ৰামক প্ৰশংসি,
        
::::কৈকেয়ীক নিন্দিবন্ত ॥৪

অনন্তৰে ব্ৰহ্মা,                      ::::দেৱে ৰাঘৱক,
       
::::স্ত্তুতি কৰিবন্ত গৈয়া ।

মৰা বানৰক,                      ::::ৰামে জীয়াইবন্ত,
       
::::বাসৱত বৰ লৈয়া ॥৫
 
পিতৃৰ বচনে,                      ::::সম্বৰিবা ৰামে,

::::সীতাক পৰম তুষ্টি ।

দেৱগণ সমে,                      ::::ৰাজা দশৰথ,

::::যাইবন্ত স্বৰ্গক উঠি ॥৬

বানৰ ভালুক,                    ::::ৰাক্ষস সহিতি,

::::পুষ্পক বিমানে চড়ি ।

লক্ষ্মণ জানকী,                  ::::সমন্বিতে ৰাম,

::::অযোধ্যাক যাইব লৰি ॥৭

পাচে ৰামে ভৰ-                ::::দ্বাজৰ আশ্ৰমে,

::::ৰহিয়া লৈবন্ত বৰ ।

সমস্তে বৃক্ষত,                  ::::হৈব মধুফল,

::::ভুঞ্জিব তাক বানৰ ॥৮

ভৰত লক্ষ্মণ,                      ::::ৰাম শত্ৰুঘন,

::::চাৰি হুয়া এক থান ।

কৰি জটা ছেদ,                  ::::এৰিবন্ত খেদ,

::::চাৰিও বীৰ প্ৰধান ॥৯

তাত অনন্তৰে,          ,::::অযোধ্যা নগৰে,

::::হৈবন্ত ৰাজা ৰাঘৱ ।

তুলি ছত্ৰ দণ্ড,                    ::::বায়া বাদ্যভণ্ড,

::::কৰিব লোকে উত্সৱ ॥১০

ৰামৰ উপৰে,          ,::::দেৱ নিৰন্তৰে,

::::পুষ্প বৰিষিব চানি ।

পৰম হৰিষে,          ,::::প্ৰজায়ো কৰিব,

::::জয় জয় ৰাম ধ্বনি ॥১১

বানৰ ভালুক,                    ::::ৰাক্ষস সকল,

::::প্ৰসাদ পায়া ৰামৰ ।

পৰম হৰিষে,          ,::::ৰামক প্ৰণামি,

::::চলি যাইব নিজঘৰ ॥১২

অযোধ্যাক পাচে,        ,::::অগস্ত্য আসিব,

::::কৰিবা ৰামে সন্মান ।

ৰাৱণৰ জন্ম,                    ::::কহিবা অগস্ত্য,

::::ৰাঘৱৰ বিদ্যমান ॥১৩

যেন মতে ৰণে,        ,::::পৰম দুৰ্জ্জনে,

::::জিনিবন্ত ত্ৰিভূবন ।

কুবেৰক জিনি,        ,::::পুষ্পক বিমান,

::::আনিলা ৰাজা ৰাৱণ ॥১৪

হৰি বেদৱতী,        ,::::ৰাৱণ দুৰ্ম্মতি,

::::পাইবেক শাপ দুৰ্যশ ।

অকাৰণে বধি,              ::::সবাকো জিনিব,

::::দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫

ইকথা শুনিয়া,              ::::মিলিবে কৌতুক,

::::হাসিবে ৰামে আনন্দে ।

সহস্ৰ অৰ্জ্জুন,                  ::::বালিত সমৰ,

::::হাৰিবা ৰাৱণ মন্দে ॥১৬

ব্ৰহ্মাৰ বৰত,                ::::যমক জিনিবে, 

::::পাতালে জিনিব নাগ ।

বৰুণ কটক,                    ::::জিনিব ৰাৱণ,

::::বিষ্ণুক পাইবেক লাগ ॥১৭

মান্ধাতা সহিতে,              ::::কৰিব সমৰ,

::::চন্দ্ৰক জিনিব ৰণে ।

কপিলৰ ঠাই,               :::: হাৰি অপমান,

::::পাইবেক গৈয়া ৰাৱণে ॥১৮

ৰম্ভাক হৰিব,                ::::নল কুবেৰত,

::::শাপ পাইব নিশাচৰ ।

দেৱগণ সমে,                ::::ইন্দ্ৰক সমৰে,

::::জিনিবেক লঙ্কেশ্বৰ ॥১৯

এহি মতে ৰাম-            ,::::চন্দ্ৰৰ আগত,

::::কহি কথা ৰাৱণৰ ।

ৰামত বিদায়,                ::::কৰি মুনিগণ,

::::চলি যাইবা নিজ ঘৰ ॥২০


------------------------

:: '''৪ অধ্যায়''' :: 

::<big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>

           
           
::'''ছবি'''

অযোধ্যাত ৰাম দেৱে, ::::ৰাজ্য ভোগ কৰিবেক

::::সুখে দশ হাজাৰ বত্সৰ ।

সীতাৰ দুৰ্ব্বাদ কথা, ::::লোকৰ মুথত শুনি,

::::চিন্তা বৰ মিলিব ৰামৰ ॥১

তোমাৰ আশ্ৰমে নিয়া, ::::সীতাক নিৰ্ব্বাস দিব

::::পাঞ্চমহীয়া গৰ্ভ সমে ।          

ঝিউবোধে প্ৰতিপাল, ::::কৰিবা সীতাক তুমি

::::থাকিবন্ত তোমাৰ আশ্ৰমে ॥২

উপজিব জানকীৰ, ::::যৱঞ্জা কুমাৰ দুই,

::::হৈব দুইৰ লৱ কুশ নাম ।

পৰম হৰিষ মনে, ::::বিৰচিবা তুমি এহি,

::::ৰামায়ণ কথা অনুপাম ॥৩

সীতাৰ কুমাৰ দুইক, ::::পঢ়ায়া শিখাইবা এহি
  
::::ৰামৰ চৰিত্ৰ কথা সাৰ ।

তোমাৰ আজ্ঞাক পালি, ::::লৱ কুশি দুইভাই,

::::কৰিবন্ত লোকত প্ৰচাৰ ॥৪

অনন্তৰে ৰাঘৱৰ,  ::::আজ্ঞাক শিৰত ধৰি,

::::শত্ৰুঘণে বধিবা লৱণ ।

মথুৰাত পাতি পাট, ::::ৰাজ্যপ্ৰতিপালি পাচে

::::দেখিবন্ত ৰামৰ চৰণ ॥৫

ৰামক দেখিয়া স্বৰ্গ, ::::কুকুৰ সাৰণ যাইব,

::::পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ ।

গৃধিনী পেচাৰ ন্যায়, ::::ৰামচন্দ্ৰে বুজিবন্ত,

::::কি কহিবা ৰাঘৱৰ গুণ ॥৬

দেৱগণ সমে ৰাম, ::::অগস্ত্যৰ ঘৰে যাইব,

::::কৰিবন্ত আলাপ বিস্তৰ ।

অগস্ত্যয়ো ৰাঘৱৰ,:::: দিব্য আভৰণ দিব,

::::পাচে ৰাম আসিবন্ত ঘৰ ॥৭

অশ্বমেধ কৰিবাক, :::: ৰামৰ হৈবেক মন,

::::অনাইবা বহু ঋষি জাক ।

সীতাৰ কুমাৰ দুইক, ::::লগে লৈয়া ৰঙ্গমনে,

::::যাইব যজ্ঞভূমি দেখিবাক ॥৮

ৰামৰ আগত লৈয়া, ::::পৰম হৰিষে গীত,

::::গাইবা দুয়ো সীতাৰ তনয় ।

সীতাৰ নিকাৰচয়,:::: গাৱন্তে বিদিত হুইবা,

::::পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯

জানকীক আনিবাক, ::::তোমাক বুলিব ৰামে,

::::দিবা নিয়া তুমিও ৰামত ।

পায়া দেবী অপমান, ::::সবে সভা বিদ্যমান,

::::পশিবৱ্ত গৈয়া পাতালত ॥১০

সীতাক নেদেখি ৰামে, ::::হৈবন্ত বিকল চিত্ত,

::::পৃথিবীক কৰিবা কাতৰ ।

নাপাই সমিধান ৰামে, ::::ক্ৰোধে পৃথিবীক প্ৰতি

::::হাতে তুলি লৈবা ধনুশৰ ॥১১

দেখিয়া হংসত নামি, ::::ৰামক বুজাইবা ব্ৰহ্মা

::::শুনি ক্ৰোধ গুচিব ৰামৰ ।

পাচে পুত্ৰৱতে ৰামে, ::::ৰাজ্য প্ৰতিপালিবন্ত

::::একাদশ সহস্ৰ বত্সৰ ॥১২

সজ্জনক প্ৰতিপালি,  ::::দুৰ্জ্জনক বধিবন্ত,

          ::::কৰিবন্ত ৰাজ্য অকণ্টক ।

চাৰি ভাইৰ আঠ পুত্ৰ, ::::আঠ দিনে ৰাজা পাতি

          ::::সমুচিতে দিবন্ত বণ্টক ॥১৩

ব্ৰহ্মাৰ আদেশ পায়া ::::কালে আসি দিবা দেখা

        ::::সত্য কৰাই চলিবা ৰামক ।

সত্য প্ৰতিপালি ৰামে, ::::লক্ষ্মণক তেজিবন্ত

        ::::দেখাই অতি অতৰ্ক লোকক ॥১৪

আগবাঢ়ি বাক প্ৰতি, ::::ব্ৰহ্মদেৱ সমন্বিতি

      ::::আসিবন্ত দেৱতা পৰ্য্যন্ত ।

তাত অনন্তৰে ৰামে, ::::স্বৰ্গক চলিবা ৰঙ্গে

          ::::স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫

তিনি ভাই প্ৰবেশিবা ::::ৰামৰ শৰিৰে গৈয়া,

          ::::প্ৰবেশিবা বিষ্ণুত ৰাঘৱে ।

ৰাক্ষস বানৰ নৰ, :::: পশু পক্ষী তৃণ বন,

        ::::সমন্বিতে চলিবা উত্সৱে ॥১৬

শ্ৰীৰামৰ প্ৰসাদত,:::: জীৱন্ত শৰীৰে গৈয়া,

            ::::সন্তলোক স্বৰ্গে হৈবা থিতি ।

কৃতকৃত্য হুয়া সুখে,:::: অমৃত কৰিবা পান,

          ::::ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭

এহি মতে ৰামায়ণ, ::::কৰা তুমি তপোধন,

          ::::সুমৰিয়া ব্ৰহ্মাক মনত ।

ৰামৰ চৰিত্ৰচয়, ::::  পৰম অমৃতময়,

        ::::শুনি সুখে তৰোক জগত ॥১৮

নমো নমো ৰঘুকুল- ::::কমলপ্ৰকাশ সূৰ্য্য,

        ::::শ্ৰীৰাম চন্দ্ৰ সীতাপতি ।

হুয়োক প্ৰসন্ন যেন,    ::::মোৰ মন মধুকৰে,

      ::::তযু পাদপদ্মে কৰে ৰতি ॥১৯

তযু নিজ দাসে মোৰ,    ::::পৰম সুহৃদ হৌক,

        ::::লৌক মুখ তযু গুণ নাম ।

ন ছাৰিবা প্ৰভু মোক,   ::::যত সমাজিক লোক

      ::::নিৰন্তৰে বোলা ৰাম ৰাম ॥২০