Difference between revisions 334465 and 334466 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ (contracted; show full) ------------------------------ :: '''৩ অধ্যায়''' :: :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> :: '''দুলৰি''' নাৰদ বদত, :::: পাচে ৰঘুপতি, ::::পুৰুষ মহা মহন্ত । লগাই অপমান,:::: সভা বিদ্যমান, ::::জানকীক ত্যজিবন্ত ॥১ জগত জননী, :::: জনকনন্দিনী, ::::ৰামত হুয়া নৈৰাশ । অগনি সঞ্জালি,::::ঘৃতচয় ঢালি, ::::তাতে কৰিলন্ত ঝাস ॥২ নদহিব গাৱ,:::: হুয়া শুদ্ধভাৱ, ::::ৰবিবন্ত জগমাৱ । দেৱগণসমে,:::: ৰাজা দশৰথ, ::::আসিবা ৰামৰ থাৱ ॥৩ তিনি পিতা পুত্ৰে, :::: এক থান হুই, ::::গলে বান্ধি কান্দিবন্ত । পাছে দশৰথে,:::: ৰামক প্ৰশংসি, ::::কৈকেয়ীক নিন্দিবন্ত ॥৪ অনন্তৰে ব্ৰহ্মা,:::: দেৱে ৰাঘৱক, ::::স্ত্তুতি কৰিবন্ত গৈয়া । মৰা বানৰক,::::ৰামে জীয়াইবন্ত, ::::বাসৱত বৰ লৈয়া ॥৫ পিতৃৰ বচনে,:::: সম্বৰিবা ৰামে, ::::সীতাক পৰম তুষ্টি । দেৱগণ সমে,:::: ৰাজা দশৰথ, ::::যাইবন্ত স্বৰ্গক উঠি ॥৬ বানৰ ভালুক,:::: ৰাক্ষস সহিতি, ::::পুষ্পক বিমানে চড়ি । লক্ষ্মণ জানকী,:::: সমন্বিতে ৰাম, ::::অযোধ্যাক যাইব লৰি ॥৭ পাচে ৰামে ভৰ-:::: দ্বাজৰ আশ্ৰমে, ::::ৰহিয়া লৈবন্ত বৰ । সমস্তে বৃক্ষত,:::: হৈব মধুফল, ::::ভুঞ্জিব তাক বানৰ ॥৮ ভৰত লক্ষ্মণ,:::: ৰাম শত্ৰুঘন, ::::চাৰি হুয়া এক থান । কৰি জটা ছেদ,:::: এৰিবন্ত খেদ, ::::চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰ,::::অযোধ্যা নগৰে, ::::হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড,::::বায়া বাদ্যভণ্ড, (contracted; show full) ::::অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, ::::লগে লৈয়া ৰঙ্গমনে, ::::যাইব যজ্ঞভূমি দেখিবাক ॥৮ ৰামৰ আগত লৈয়া, :::: পৰম হৰিষে গীত, ::::গাইবা দুয়ো সীতাৰ তনয় । সীতাৰ নিকাৰচয়,:::: গাৱন্তে বিদিত হুইবা, ::::পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯ জানকীক আনিবাক, :::: তোমাক বুলিব ৰামে, ::::দিবা নিয়া তুমিও ৰামত । পায়া দেবী অপমান, :::: সবে সভা বিদ্যমান, ::::পশিবৱ্ত গৈয়া পাতালত ॥১০ সীতাক নেদেখি ৰামে, :::: হৈবন্ত বিকল চিত্ত, ::::পৃথিবীক কৰিবা কাতৰ । নাপাই সমিধান ৰামে, :::: ক্ৰোধে পৃথিবীক প্ৰতি ::::হাতে তুলি লৈবা ধনুশৰ ॥১১ দেখিয়া হংসত নামি, :::: ৰামক বুজাইবা ব্ৰহ্মা ::::শুনি ক্ৰোধ গুচিব ৰামৰ । পাচে পুত্ৰৱতে ৰামে, :::: ৰাজ্য প্ৰতিপালিবন্ত ::::একাদশ সহস্ৰ বত্সৰ ॥১২ সজ্জনক প্ৰতিপালি, :::: দুৰ্জ্জনক বধিবন্ত, ::::কৰিবন্ত ৰাজ্য অকণ্টক । চাৰি ভাইৰ আঠ পুত্ৰ, :::: আঠ দিনে ৰাজা পাতি ::::সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া ::::কালে আসি দিবা দেখা ::::সত্য কৰাই চলিবা ৰামক । সত্য প্ৰতিপালি ৰামে, :::: লক্ষ্মণক তেজিবন্ত ::::দেখাই অতি অতৰ্ক লোকক ॥১৪ আগবাঢ়ি বাক প্ৰতি, :::: ব্ৰহ্মদেৱ সমন্বিতি ::::আসিবন্ত দেৱতা পৰ্য্যন্ত । তাত অনন্তৰে ৰামে, :::: স্বৰ্গক চলিবা ৰঙ্গে ::::স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫ তিনি ভাই প্ৰবেশিবা :::: ৰামৰ শৰিৰে গৈয়া, ::::প্ৰবেশিবা বিষ্ণুত ৰাঘৱে । ৰাক্ষস বানৰ নৰ, :::: পশু পক্ষী তৃণ বন, ::::সমন্বিতে চলিবা উত্সৱে ॥১৬ শ্ৰীৰামৰ প্ৰসাদত,:::: জীৱন্ত শৰীৰে গৈয়া, ::::সন্তলোক স্বৰ্গে হৈবা থিতি । কৃতকৃত্য হুয়া সুখে,:::: অমৃত কৰিবা পান, ::::ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭ এহি মতে ৰামায়ণ, :::: কৰা তুমি তপোধন, ::::সুমৰিয়া ব্ৰহ্মাক মনত । ৰামৰ চৰিত্ৰচয়, :::: পৰম অমৃতময়, ::::শুনি সুখে তৰোক জগত ॥১৮ নমো নমো ৰঘুকুল- :::: কমলপ্ৰকাশ সূৰ্য্য, ::::শ্ৰীৰাম চন্দ্ৰ সীতাপতি । হুয়োক প্ৰসন্ন যেন,:::: মোৰ মন মধুকৰে, ::::তযু পাদপদ্মে কৰে ৰতি ॥১৯ তযু নিজ দাসে মোৰ,:::: পৰম সুহৃদ হৌক, ::::লৌক মুখ তযু গুণ নাম । ন ছাৰিবা প্ৰভু মোক, :::: যত সমাজিক লোক ::::নিৰন্তৰে বোলা ৰাম ৰাম ॥২০ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334466.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|