Difference between revisions 334461 and 334490 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::: '''৫ম অধ্যায়''' ::: <big>'''ৰাক্ষসৰ কথা'''</big> ::: পদ। নাৰদ বদতি ঋষি শুনিয়ো সাক্ষাত । (contracted; show full) অনেক প্ৰহাৰ কৰি সংগ্ৰামৰ মাজ । কৰিবেক বিকৰ্থনা জিনি দেৱৰাজ ॥৩৮ সংযমনী গৈয়া বীৰ ৰাৱণ প্ৰচণ্ড । যম জিনি তান লৈব নাগপাশ ।কাঢ়িয়া লৈবেক যমদণ্ড ॥৩৯ চন্দ্ৰক জিনিয়া তান হৰিবে প্ৰকাশ । বৰুণক জিনি তান লৈব নাগপাশ ॥৪০ তবে ষড়ঋতু সব হৈব বিপৰ্য্যয় । নৱগ্ৰহ সবাৰ খণ্ডাব ভাগচয় ॥৪১ কৰিব অধীন জিনি দৈত্য দানৱক । যুদ্ধে জিনি মন্দ তেজ কৰিব সূৰ্য্যক ॥৪২ অপেস্বৰা গন্ধৰ্ব্বো সেবিব নিৰন্তৰ । ভয়ে মন্দগতি আতি হৈব পৱনৰ ॥৪৩ সমস্তে দেৱৰে খণ্ডাইবেক অধিকাৰ । শুক্ৰক দেখিয়া কিছু কৰিব সত্কাৰ ॥৪৪ নকৰিব জগতক ইঙ্গিত দুৰ্ম্মতি । আপুনি হৈবেক ত্ৰিভুবন অধিপতে ॥৪৫ সমস্তকে ৰাৱণে লগায়া অপমান । ৰামৰ হাতত হৈব সবংশে নিৰ্যাণ ॥৪৬ সংক্ষেপে কহিলোঁ কথা ৰাম ৰাৱণৰ । প্ৰপঞ্চিয়া ৰামায়ণ কৰা মুনিবৰ ॥৪৭ বাল্মীকিক এতেক বুলিয়া দেৱ ঋষি । হৰিগুণ গায় চলি গৈলন্ত হৰিষি ॥৪৮ বাল্মীকিও ৰামৰ চৰিত শুনি কাণে । ভৈলন্ত তৃপিতি যেন অমৃতক পানে ॥৪৯ ৰামায়ণ কৰিবাক ভৈলা তান মতি । এক চিত্তে মুনি সুৰিলা সৰস্বতী ॥৫০ সুপ্ৰসন্ন হুয়া দেবী ভৈলন্ত সাক্ষাত । দেখিয়া বাল্মীকি কৰিলন্ত প্ৰণিপাত ॥৫১ ব্ৰহ্মাৰ আজ্ঞায়ে আমি কৰোঁ ৰামায়ণ । আমাৰ কণ্ঠত মাৱ হুয়োক প্ৰসন ॥৫২ বুলিলন্ত সৰস্বতী মুনিক বচন । থাকিবোহোঁ আমি তযু কণ্ঠে সৰ্ব্বক্ষণ ॥৫৩ তোমাৰ বচনচয় নুহিবে অন্যথা । কৰা সাৱধানে ৰাম অৱতাৰ কথা ॥৫৪ নিস্তৰোক লোক শুনি ৰামৰ চৰিত । এহি বুলি সৰস্বতী ভৈলা অন্তৰ্হিত ॥৫৫ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334490.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|