Difference between revisions 334711 and 334741 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::১৮ অধ্যায় ::'''ঋষ্যশৃঙ্গৰ কাহিনী''' ::::ছবি । ::: সুমন্ত্ৰী সুমন্ত্ৰ গুণি, বশিষ্ঠৰ বাণী শুনি, ::::উঠিলন্ত কৰি যোৰহাত । সুমধুৰ কৰি বাণী,::::বুলিলন্ত মহামানী, ::শুনিয়োক পৃথিবীৰ নাথ ॥১ বশিষ্ঠে কহিলা যত,::::সবে সত্য স্বৰূপত, :: বশিষ্ঠৰ বাণী শুনি, , উঠিলন্ত কৰি যোৰহাত । সুমধুৰ কৰি বাণী, বুলিলন্ত মহামানী, , শুনিয়োক পৃথিবীৰ নাথ ॥১ বশিষ্ঠে কহিলা যত, সবে সত্য স্বৰূপত, , পূৰ্ব্ব কথা সুমৰিলোঁ আমি । আপুনিও জানা তুমি,:::: সাম্প্ৰতে পাসৰি আছা, ::, সুমৰাইলে সুমৰিবা স্বামী ॥২ শান্তা নামে কন্যাখানি,::::তযু গৃহে মহামানী, ::উপজিল পৰম সুন্দৰী । লোমপাদ নৰপতি,::::অঙ্গদেশ অধিপতি, ::শান্তাক খুজিলা ভক্তি কৰি ॥৩ মিত্ৰৰ ভাৱত থাকি,::::তুমিও শান্তাক দিলা, ::ঝিউ বুলি তেন্তে তুলিলন্ত ॥৪ লোমপাদ মহামানী,::::বিভাণ্ডৰ পুত্ৰ আনি, ::শান্তা কন্যা দিলন্ত বিবাহ । ঋষ্যশৃঙ্গ নিয়া যজ্ঞ,::::কৰি পাচে লোমপাদে, ::পুত্ৰ পায়া মিলিল উত্সাহ ॥৫ দ্বাদশ বত্সৰ বৃষ্টি,::::তাহাৰ ৰাজ্যত নাই, ::তাতে লোক মৰয় সমস্ত । ঋষ্যশৃঙ্গ আসিলতে,::::ভৈলা বৃষ্টি অসংখ্যাত, ::পাচে সুখী ভৈলা লোক যত ॥৬ শুনি দশৰথে পাচে,::::সুমন্ত্ৰত পুছিলন্ত, ::শুনিয়োক সুমন্ত্ৰ সাক্ষাত । কেনমতে ঋষ্যশৃঙ্গ,::::কৰিলা শান্তাক বিহা, ::প্ৰপঞ্চিয়া কহিয়ো আমাত ॥৭ সুমন্ত্ৰ বোলন্ত ৰাজা,::::শুনিয়ো কৌতুক মনে, ::সিতো বিভাণ্ডক মহাঋষি । ঋষ্যশৃঙ্গ পুত্ৰ লৈয়া,::::মাধৱত মতি দিয়া, ::কৰে তপ তপোবনে বসি ॥৮ অপুত্ৰক ভৈলোঁ বুলি,::::লোমপাদ নৃপতিৰ ::মনে আতি অসুখ অশেষ । ঋষ্যশৃঙ্গ আনি যজ্ঞ,::::কৰাইলে হৈবেক পুত্ৰ, ::পাইলা উপদেশ ॥৯ লোমপাদ ৰাজা পাছে,::::ঋষি পুত্ৰ আনিবাক, ::কৰিলন্ত উপায় উত্তম । নৌকাৰ উপৰে নানা,::::ফল মূল সমন্বিতে, ::মায়াবলে পাতিলা আশ্ৰম ॥১০ সুগন্ধ কৰ্পূৰ চিনি,::::ঘৃতে পাক কৰি আনি, ::সাজিলন্ত বিবিধ সন্দেশ । ফল ফুল ৰূপে তাক,::::বৃক্ষতে নিৰ্ম্মিয়া থৈল, ::দেখি বন পৰম সুবেশ ॥১১ নানা গন্ধে হুয়া মত্ত,::::গুঞ্জৰে ভ্ৰমৰা যত, ::কোকিলৰ কুহু কুহু ৰাৱ । বহয় শীতল বাত,::::কামুক ৰমণী যেন, ::মদনক দেয় হাত বাৱ॥১২ জানে যত নৃত্য গীত,::::আতিশয় সুশিক্ষিত, ::যুবতী সুন্দৰী সুবদনী । কামকলা কেলি যত,::::জানে আতি নানামত, ::নানা ৰসে পৰম শুৱনী ॥১৩ গাৱে যেন পট্টবাসে,::::আতিশয় লয়লাসে, ::কাছিপাৰি নাৱত চড়িল । কতেক বৰ্ণাইবোঁ তাক,::::ঋষ্যশৃ্ঙ্গ আনিবাক, ::সুমঙ্গল সময়ে লৰিল ॥১৪ কতো দিন অনন্তৰে,::::পাইলা গৈয়া তপোবন, ::মায়া নৌকা আঁৰ কৰি থৈলা । বিভাণ্ডক মুনিবৰে,::::পুত্ৰ থৈয়া নিজ ঘৰে, ::তপ কৰিবাক লাগি গৈলা ॥১৫ পাচে নটীগণ যত,::::ছেগ চায়া সময়ত, ::গৈয়া ঋষ্যশৃঙ্গৰ আগত । হাতে তালযন্ত্ৰ ধৰি,::::সুৰ সুললিত কৰি, ::নৃত্য গীত কৰে নানা মত ॥১৬ বিভাণ্ডক আসিবাৰ,::::সময় জানিয়া সবে, ::তাৰাতৰি আশ্ৰমক যায় । এহি মতে নৃত্য গীতে,::::ক্ৰীড়া কৰি নানামতে, ::ঋষিক মোহিলা সমুদায় ॥১৭ নাচনীৰ লয়লাস,::::দেখি মুনি তোলে হাস, ::কুতূহলে কৰন্ত জিজ্ঞাস । মূৰ্ত্তি আতি অনুপাম,::::কমন তোমাৰ নাম, ::কোন থানে কৰাঁহা নিবাস ॥১৮ শুনি নাৰী নিৰন্তৰে,::::দিলা তাঙ্ক প্ৰত্যুত্তৰ, ::সবে আমি উত্তম তপস্বী । জানো তুমি মুনিৰাজ::::পশি তপোবন মাজ, ::কৰাঁ তপ এক মনে বসি ॥১৯ নিকটতে তপোবন,::::তযু আগে সৰ্ব্বক্ষণ, ::নৃত্যগীত কৰোঁ কৌতূহল । তোমাৰ সঙ্গক মনে,::::আমি সব ঋষিগণে, ::বেদপাঠ কৰোঁ সুকোমল ॥২০ ঋষ্যশৃঙ্গ মায়া বাণী,::::শুনি মনে অনুমানি, ::বোলে শুনা শুনা ঋষিগণ । তোমাসাৰ পায়া সঙ্গ,::::মোহোৰ কৌতূক ৰঙ্গ, ::মিলয় মনত সৰ্ব্বক্ষণ ॥২১ আমিও তোমাৰ তুলে,::::থাকিবোঁহো কৌতূহলে, ::সুমধুৰ বেদধ্বনি শুনি । আতি সুললিতভাৱে,::::সুন্দৰ কোমল গাৱে, ::তুমি সব সমে মহামুনি ॥২২ সুশোভন জটাভাৰ,::::বাকলি বসন গাৰ, ::অত্যন্ত শীতল আতিশয় । তোমাসাৰ শৰীৰৰ,::::ভস্ম ধূলি নিৰন্তৰ, ::উত্তম সুৰভী গন্ধ বয় ॥২৩ আমাৰ বৃক্ষৰ ছাল,::::পিন্ধিবাক নুহি ভাল, ::শিৰে আউলজাউল জটাভাৰ । কৰে আতি জটাজট, All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334741.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|