Difference between revisions 334741 and 334743 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::১৮ অধ্যায়
::'''ঋষ্যশৃঙ্গৰ কাহিনী'''
::::ছবি ।
:::
সুমন্ত্ৰী সুমন্ত্ৰ গুণি,      বশিষ্ঠৰ বাণী শুনি,

,       উঠিলন্ত কৰি যোৰহাত ।

সুমধুৰ কৰি বাণী,     বুলিলন্ত মহামানী,

,       শুনিয়োক পৃথিবীৰ নাথ ॥১

বশিষ্ঠে কহিলা যত,     সবে সত্য স্বৰূপত,

,       পূৰ্ব্ব কথা সুমৰিলোঁ আমি ।

আপুনিও জানা তুমি,     সাম্প্ৰতে পাসৰি আছা,

,     সুমৰাইলে সুমৰিবা স্বামী ॥২

শান্তা নামে কন্যাখানি,::::তযু গৃহে মহামানী,

::উপজিল পৰম সুন্দৰী ।

লোমপাদ নৰপতি,::::অঙ্গদেশ অধিপতি,

::শান্তাক খুজিলা ভক্তি কৰি ॥৩

মিত্ৰৰ ভাৱত থাকি,::::তুমিও শান্তাক দিলা,

::ঝিউ বুলি তেন্তে তুলিলন্ত ॥৪

লোমপাদ মহামানী,::::বিভাণ্ডৰ পুত্ৰ আনি,

::শান্তা কন্যা দিলন্ত বিবাহ ।

ঋষ্যশৃঙ্গ নিয়া যজ্ঞ,::::কৰি পাচে লোমপাদে,

::পুত্ৰ পায়া মিলিল উত্সাহ ॥৫

দ্বাদশ বত্সৰ বৃষ্টি,::::তাহাৰ ৰাজ্যত নাই,

::তাতে লোক মৰয় সমস্ত ।

ঋষ্যশৃঙ্গ আসিলতে,::::ভৈলা বৃষ্টি অসংখ্যাত,

::পাচে সুখী ভৈলা লোক যত ॥৬

শুনি দশৰথে পাচে,::::সুমন্ত্ৰত পুছিলন্ত,

::শুনিয়োক সুমন্ত্ৰ সাক্ষাত ।

কেনমতে ঋষ্যশৃঙ্গ,::::কৰিলা শান্তাক বিহা, 

::প্ৰপঞ্চিয়া কহিয়ো আমাত ॥৭

সুমন্ত্ৰ বোলন্ত ৰাজা,::::শুনিয়ো কৌতুক মনে,

::সিতো বিভাণ্ডক মহাঋষি ।

ঋষ্যশৃঙ্গ পুত্ৰ লৈয়া,::::মাধৱত মতি দিয়া,

::কৰে তপ তপোবনে বসি ॥৮

অপুত্ৰক ভৈলোঁ বুলি,::::লোমপাদ নৃপতিৰ 

::মনে আতি অসুখ অশেষ ।

ঋষ্যশৃঙ্গ আনি যজ্ঞ,::::কৰাইলে হৈবেক পুত্ৰ,

::পাইলা উপদেশ ॥৯

লোমপাদ ৰাজা পাছে,::::ঋষি পুত্ৰ আনিবাক,

::কৰিলন্ত উপায় উত্তম ।

নৌকাৰ উপৰে নানা,::::ফল মূল সমন্বিতে, 

::মায়াবলে পাতিলা আশ্ৰম ॥১০

সুগন্ধ কৰ্পূৰ চিনি,::::ঘৃতে পাক কৰি আনি,

::সাজিলন্ত বিবিধ সন্দেশ ।

ফল ফুল ৰূপে তাক,::::বৃক্ষতে নিৰ্ম্মিয়া থৈল,

::দেখি বন পৰম সুবেশ ॥১১

নানা গন্ধে হুয়া মত্ত,::::গুঞ্জৰে ভ্ৰমৰা যত,

::কোকিলৰ কুহু কুহু ৰাৱ ।

বহয় শীতল বাত,::::কামুক ৰমণী যেন,

::মদনক দেয় হাত বাৱ॥১২

জানে যত নৃত্য গীত,::::আতিশয় সুশিক্ষিত,

::যুবতী সুন্দৰী সুবদনী ।

কামকলা কেলি যত,::::জানে আতি নানামত,

::নানা ৰসে পৰম শুৱনী ॥১৩

গাৱে যেন পট্টবাসে,::::আতিশয় লয়লাসে,

::কাছিপাৰি নাৱত চড়িল ।

কতেক বৰ্ণাইবোঁ তাক,::::ঋষ্যশৃ্ঙ্গ আনিবাক,

::সুমঙ্গল সময়ে লৰিল ॥১৪

কতো দিন অনন্তৰে,::::পাইলা গৈয়া তপোবন,

::মায়া নৌকা আঁৰ কৰি থৈলা ।

বিভাণ্ডক মুনিবৰে,::::পুত্ৰ থৈয়া নিজ ঘৰে,

::তপ কৰিবাক লাগি গৈলা ॥১৫

পাচে নটীগণ যত,::::ছেগ চায়া সময়ত,

::গৈয়া ঋষ্যশৃঙ্গৰ আগত ।

হাতে তালযন্ত্ৰ ধৰি,::::সুৰ সুললিত কৰি,

::নৃত্য গীত কৰে নানা মত ॥১৬

বিভাণ্ডক আসিবাৰ,::::সময় জানিয়া সবে,

::তাৰাতৰি আশ্ৰমক যায় ।

এহি মতে নৃত্য গীতে,::::ক্ৰীড়া কৰি নানামতে,

::ঋষিক মোহিলা সমুদায় ॥১৭

নাচনীৰ লয়লাস,::::দেখি মুনি তোলে হাস,

::কুতূহলে কৰন্ত জিজ্ঞাস ।

মূৰ্ত্তি আতি অনুপাম,::::কমন তোমাৰ নাম,

::কোন থানে কৰাঁহা নিবাস ॥১৮

শুনি নাৰী নিৰন্তৰে,::::দিলা তাঙ্ক প্ৰত্যুত্তৰ,

::সবে আমি উত্তম তপস্বী ।

জানো তুমি মুনিৰাজ::::পশি তপোবন মাজ,

::কৰাঁ তপ এক মনে বসি ॥১৯

নিকটতে তপোবন,::::তযু আগে সৰ্ব্বক্ষণ,

::নৃত্যগীত কৰোঁ কৌতূহল ।

তোমাৰ সঙ্গক মনে,::::আমি সব ঋষিগণে,

::বেদপাঠ কৰোঁ সুকোমল ॥২০

ঋষ্যশৃঙ্গ মায়া বাণী,::::শুনি মনে অনুমানি,

::বোলে শুনা শুনা ঋষিগণ ।

তোমাসাৰ পায়া সঙ্গ,::::মোহোৰ কৌতূক ৰঙ্গ,

::মিলয় মনত সৰ্ব্বক্ষণ ॥২১

আমিও তোমাৰ তুলে,::::থাকিবোঁহো কৌতূহলে,

::সুমধুৰ বেদধ্বনি শুনি ।

আতি সুললিতভাৱে,::::সুন্দৰ কোমল গাৱে,

::তুমি সব সমে মহামুনি ॥২২

সুশোভন জটাভাৰ,::::বাকলি বসন গাৰ,

::অত্যন্ত শীতল আতিশয় ।

তোমাসাৰ শৰীৰৰ,::::ভস্ম ধূলি নিৰন্তৰ,

::উত্তম সুৰভী গন্ধ বয় ॥২৩

আমাৰ বৃক্ষৰ ছাল,::::পিন্ধিবাক নুহি ভাল,

::শিৰে আউলজাউল জটাভাৰ ।

কৰে আতি জটাজট,      সুমৰাইলে সুমৰিবা স্বামী ॥২

শান্তা নামে কন্যাখানি,     তযু গৃহে মহামানী,

      উপজিল পৰম সুন্দৰী ।

লোমপাদ নৰপতি,     অঙ্গদেশ অধিপতি,

      শান্তাক খুজিলা ভক্তি কৰি ॥৩

মিত্ৰৰ ভাৱত থাকি,     তুমিও শান্তাক দিলা,

     ঝিউ বুলি তেন্তে তুলিলন্ত ॥৪

লোমপাদ মহামানী,     বিভাণ্ডৰ পুত্ৰ আনি,

      শান্তা কন্যা দিলন্ত বিবাহ ।

ঋষ্যশৃঙ্গ নিয়া যজ্ঞ,     কৰি পাচে লোমপাদে,

      পুত্ৰ পায়া মিলিল উত্সাহ ॥৫

দ্বাদশ বত্সৰ বৃষ্টি,     তাহাৰ ৰাজ্যত নাই,

      তাতে লোক মৰয় সমস্ত ।

ঋষ্যশৃঙ্গ আসিলতে,     ভৈলা বৃষ্টি অসংখ্যাত,

      পাচে সুখী ভৈলা লোক যত ॥৬

শুনি দশৰথে পাচে,     সুমন্ত্ৰত পুছিলন্ত,

     শুনিয়োক সুমন্ত্ৰ সাক্ষাত ।

কেনমতে ঋষ্যশৃঙ্গ,     কৰিলা শান্তাক বিহা, 

      প্ৰপঞ্চিয়া কহিয়ো আমাত ॥৭

সুমন্ত্ৰ বোলন্ত ৰাজা,     শুনিয়ো কৌতুক মনে,

      সিতো বিভাণ্ডক মহাঋষি ।

ঋষ্যশৃঙ্গ পুত্ৰ লৈয়া,     মাধৱত মতি দিয়া,

      কৰে তপ তপোবনে বসি ॥৮

অপুত্ৰক ভৈলোঁ বুলি,     লোমপাদ নৃপতিৰ 

      মনে আতি অসুখ অশেষ ।

ঋষ্যশৃঙ্গ আনি যজ্ঞ,     কৰাইলে হৈবেক পুত্ৰ,

      পাইলা  উপদেশ ॥৯

লোমপাদ ৰাজা পাছে,     ঋষি পুত্ৰ আনিবাক,

      কৰিলন্ত উপায় উত্তম ।

নৌকাৰ উপৰে নানা,     ফল মূল সমন্বিতে, 

      মায়াবলে পাতিলা আশ্ৰম ॥১০

সুগন্ধ কৰ্পূৰ চিনি,     ঘৃতে পাক কৰি আনি,

      সাজিলন্ত বিবিধ সন্দেশ ।

ফল ফুল ৰূপে তাক,     বৃক্ষতে নিৰ্ম্মিয়া থৈল,

      দেখি বন পৰম সুবেশ ॥১১

নানা গন্ধে হুয়া মত্ত,     গুঞ্জৰে ভ্ৰমৰা যত,

      কোকিলৰ কুহু কুহু ৰাৱ ।

বহয় শীতল বাত,     কামুক ৰমণী যেন,

      মদনক দেয় হাত বাৱ॥১২

জানে যত নৃত্য গীত,     আতিশয় সুশিক্ষিত,

      যুবতী সুন্দৰী সুবদনী ।

কামকলা কেলি যত,     জানে আতি নানামত,

      নানা ৰসে পৰম শুৱনী ॥১৩

গাৱে যেন পট্টবাসে,     আতিশয় লয়লাসে,

      কাছিপাৰি নাৱত চড়িল ।

কতেক বৰ্ণাইবোঁ তাক,     ঋষ্যশৃ্ঙ্গ আনিবাক,

      সুমঙ্গল সময়ে লৰিল ॥১৪

কতো দিন অনন্তৰে,     পাইলা গৈয়া তপোবন,

      মায়া নৌকা আঁৰ কৰি থৈলা ।

বিভাণ্ডক মুনিবৰে,     পুত্ৰ থৈয়া নিজ ঘৰে,

      তপ কৰিবাক লাগি গৈলা ॥১৫

পাচে নটীগণ যত,     ছেগ চায়া সময়ত,

      গৈয়া ঋষ্যশৃঙ্গৰ আগত ।

হাতে তালযন্ত্ৰ ধৰি,     সুৰ সুললিত কৰি,

      নৃত্য গীত কৰে নানা মত ॥১৬

বিভাণ্ডক আসিবাৰ,     সময় জানিয়া সবে,

      তাৰাতৰি আশ্ৰমক যায় ।

এহি মতে নৃত্য গীতে,     ক্ৰীড়া কৰি নানামতে,

      ঋষিক মোহিলা সমুদায় ॥১৭

নাচনীৰ লয়লাস,     দেখি মুনি তোলে হাস,

      কুতূহলে কৰন্ত জিজ্ঞাস ।

মূৰ্ত্তি আতি অনুপাম,     কমন তোমাৰ নাম,

      কোন থানে কৰাঁহা নিবাস ॥১৮

শুনি নাৰী নিৰন্তৰে,     দিলা তাঙ্ক প্ৰত্যুত্তৰ,

      সবে আমি উত্তম তপস্বী ।

জানো তুমি মুনিৰাজ,     পশি তপোবন মাজ,

      কৰাঁ তপ এক মনে বসি ॥১৯

নিকটতে তপোবন,     তযু আগে সৰ্ব্বক্ষণ,

      নৃত্যগীত কৰোঁ কৌতূহল ।

তোমাৰ সঙ্গক মনে,     আমি সব ঋষিগণে,

      বেদপাঠ কৰোঁ সুকোমল ॥২০

ঋষ্যশৃঙ্গ মায়া বাণী,     শুনি মনে অনুমানি,

      বোলে শুনা শুনা ঋষিগণ ।

তোমাসাৰ পায়া সঙ্গ,     মোহোৰ কৌতূক ৰঙ্গ,

      মিলয় মনত সৰ্ব্বক্ষণ ॥২১

আমিও তোমাৰ তুলে,     থাকিবোঁহো কৌতূহলে,

      সুমধুৰ বেদধ্বনি শুনি ।

আতি সুললিতভাৱে,     সুন্দৰ কোমল গাৱে,

      তুমি সব সমে মহামুনি ॥২২

সুশোভন জটাভাৰ,     বাকলি বসন গাৰ,

      অত্যন্ত শীতল আতিশয় ।

তোমাসাৰ শৰীৰৰ,     ভস্ম ধূলি নিৰন্তৰ,

      উত্তম সুৰভী গন্ধ বয় ॥২৩

আমাৰ বৃক্ষৰ ছাল,     পিন্ধিবাক নুহি ভাল,

      শিৰে আউলজাউল জটাভাৰ ।

কৰে আতি জটাজট,     শুনি আতি খটমট,

      বেদধ্বনি যতেক আমাৰ ॥২৪

শৰীৰ সকলে ৰুক্ষা,     ভস্ম ধূলি যত দেখা,

      ঘষিতে কুত্সিত কৰে গাৱ ।

এহিমতে মুনিবৰ,     বৰ্ণাইলা নিৰন্তৰ,

      যতেক আপোন পৰ ভাৱ ॥২৫

ওপজাৰে পৰা ঋষি,     নিজ আশ্ৰমত বসি,

      তপ কৰি থাকন্ত সদাই ।

পৰম মহন্ত সন্ত,     আন একো নজানন্ত,

      তপে মন মগ্ন সমুদায় ॥২৬

মায়াৰূপীগণে যত,     কপটে কহিলা কথা,

      তাকে সত্য মনত মানিল ।

পাচে স্ত্ৰীসবে আনি,     মোদক সন্দেশ নিয়া,

      ঋষিৰ পুত্ৰৰ হাতে দিল ॥২৭

ঋষ্যশৃঙ্গ মহামুনি,     ফল হেন মনে মানি,

      ভুঞ্জিলা হৰিষ কৰি মন ।

নজানি কপট মায়া,     সুস্বাদু সুৰভী পায়া,

      পুছিলন্ত শুনা ঋষিগণ ॥২৮

তোমাৰ ৰাজ্যৰ ফল,     খায়া ভৈলোঁ কুতূহল,

      ইতো আতি স্বাদত বিচিত্ৰ ।

আছয় আমাক দায়া,     অন্যোঅন্যে আলিঙ্গিয়া,

      আঁসা তুমি আমি কৰোঁ মিত্ৰ ॥২৯

তোমাসাৰ সঙ্গে যাইবোঁ,     ইটো মধুফল খাইবোঁ,

      শুনিবোঁ মধুৰ বেদধ্বনি ।

থাকিবোঁ তোমাৰ সঙ্গে,     তপ কৰি মহাৰঙ্গে,

      অন্যোঅন্যে বঞ্চিবোঁ ৰজনী ॥৩০

নমো নমো নমো ৰাম,     যাৰ যশ অনুপাম,

      জগতৰে মঙ্গল নিশ্চয় ।

অমৃততোধিক কৰি,     পিয়াঁ আক কৰ্ণ ভৰি,

      মহাজনে মোক্ষকো তেজয় ॥৩১

হেন তযু গুণ নাম,     মোৰ মুখে অবিশ্ৰাম,

      কীৰ্ত্তন কৰোক প্ৰভুৰাম ।

এহি কৃপা কৰাঁ মোক,     যত সামাজিক লোক,

      বোলাঁ ৰাম তেজি আন কাম ॥৩২