Difference between revisions 334760 and 334828 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

      '''২১ অধ্যায়''' 

&nbsp; &nbsp; &nbsp; <big>'''দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিতি'''</big>

:::দুলৰি ।

ৰাজা লঙ্কেশ্বৰে,&nbsp; &nbsp; &nbsp; &nbsp; উপদ্ৰবৱ কৰে,

&nbsp; &nbsp; &nbsp; &nbsp;জিনিয়া এ ত্ৰিভুবন ।

বে পৰাক্ৰমে,&nbsp; &nbsp; &nbsp; &nbsp; ইতিনি লোকত,

&nbsp; &nbsp; &nbsp; &nbsp;সম নাহি একো জন ॥১ 

তাৰ পৰাভৱ,&nbsp; &nbsp; &nbsp; &nbsp;সহিতে নাপাৰি,

&nbsp; &nbsp; &nbsp; &nbsp;ত্ৰিদশ দেৱতাগণ ।

বাসৱে সহিত,&nbsp; &nbsp; &nbsp; &nbsp;একত্ৰে বসিয়া,

&nbsp; &nbsp; &nbsp; &nbsp;কৰিলন্ত আলোচন ॥২

ৰাৱণত হন্তে, &nbsp; &nbsp; &nbsp; &nbsp;নাহিক নিস্তাৰ,

&nbsp; &nbsp; &nbsp; &nbsp;বিনে দেৱ গদাধৰ ।

ব্ৰহ্মায়ে আমাৰ,&nbsp; &nbsp; &nbsp; &nbsp;মিলাইলা প্ৰমাদ,

&nbsp; &nbsp; &nbsp; &nbsp;ৰাৱণক দিয়া বৰ ॥৩

ইতিনি লোকত,&nbsp; &nbsp; &nbsp; &nbsp;ত্ৰিদশ দেৱত,

&nbsp; &nbsp; &nbsp; &nbsp;ৰাৱণ অবধ্য ভৈল ।

নৰ বানৰত,&nbsp; &nbsp; &nbsp; &nbsp;হৈব সিতো হত,

&nbsp; &nbsp; &nbsp; &nbsp;ব্ৰহ্মা বৰ ছিদ্ৰ থৈল ॥৪

পুত্ৰৰ নিমিত্তে,&nbsp; &nbsp; &nbsp; &nbsp;কৰে মহা যজ্ঞ,

&nbsp; &nbsp; &nbsp; &nbsp;দশৰথ নৃপবৰ ।

এহি সময়তে,&nbsp; &nbsp; &nbsp; &nbsp; ঈশ্বৰ বিষ্ণুক,

&nbsp; &nbsp; &nbsp; &nbsp;পঠাই দিওঁ তান ঘৰ ॥৫

হেন যুক্তি কৰি,&nbsp; &nbsp; &nbsp; &nbsp;ক্ষীৰোদধি তীৰে,

&nbsp; &nbsp; &nbsp; &nbsp;গৈলন্ত দেৱতাগণ ।

লক্ষ্মী সমন্বিতে,&nbsp; &nbsp; &nbsp; &nbsp;ক্ষীৰোদ সাগৰে,

&nbsp; &nbsp; &nbsp; &nbsp;আছা প্ৰভু নাৰায়ণ ॥৬

অব্যক্ত স্বৰূপে,&nbsp; &nbsp; &nbsp; &nbsp;আছন্ত ঈশ্বৰ,

&nbsp; &nbsp; &nbsp; &nbsp;নুহিকে কাৰো গোচৰ ।

জয় জয় হৰি, &nbsp; &nbsp; &nbsp; &nbsp; বুলি হুলস্থুল,

&nbsp; &nbsp; &nbsp; &nbsp;কৰে দেৱ নিৰন্তৰ ॥৭

নমো নাৰায়ণ,&nbsp; &nbsp; &nbsp; &nbsp;জগতকাৰণ,

&nbsp; &nbsp; &nbsp; &nbsp;সনাতন লক্ষ্মীপতি ।

হুয়োক সদায়,&nbsp; &nbsp; &nbsp; &nbsp;প্ৰভু কৃপাময়,

&nbsp; &nbsp; &nbsp; &nbsp;কৰোঁহো পাৱে প্ৰণতি ॥৮

তোমাৰ চৰণে, &nbsp; &nbsp; &nbsp; &nbsp;আমি দেৱগণে,

&nbsp; &nbsp; &nbsp; &nbsp;শৰণ লৈলোঁ সম্প্ৰতি ॥

তুমি সি ঈশ্বৰ, &nbsp; &nbsp; &nbsp; &nbsp;ইটো জগতৰ,

&nbsp; &nbsp; &nbsp; &nbsp;তুমি বিনে নাহি গতি ।৯

হুয়ো সুপ্ৰসন্ন,&nbsp; &nbsp; &nbsp; &nbsp;দিয়ো দৰশন,

&nbsp; &nbsp; &nbsp; &nbsp;গুচোক আমাৰ দুখ ।

ত্ৰিদশ সকলে, &nbsp; &nbsp; &nbsp; &nbsp;দেখোঁ কৌতূহলে,

&nbsp; &nbsp; &nbsp; &nbsp;তোমাৰ প্ৰসন্ন মুখ ॥১০

ক্ষীৰ সাগৰৰ,&nbsp; &nbsp; &nbsp; &nbsp;তীৰ জুৰি সবে,

&nbsp; &nbsp; &nbsp; &nbsp;হৰিক দেখিব মনে ।

জয় জয় হৰি,&nbsp; &nbsp; &nbsp; &nbsp;বুলি উচ্চ কৰি,

&nbsp; &nbsp; &nbsp; &nbsp;ডাকয় দেৱতা গণে ॥১১

দেৱৰ কল্লোল,&nbsp; &nbsp; &nbsp; &nbsp;জয় জয় বোল,

&nbsp; &nbsp; &nbsp; &nbsp;শুনিয়া কৃপা মিলিল ।

হুয়া দায়াযুত,&nbsp; &nbsp; &nbsp; &nbsp;ৰূপ অদভুত,

&nbsp; &nbsp; &nbsp; &nbsp;দেৱতাক দেখা দিল ॥১২

কোটি এক শশী, &nbsp; &nbsp; &nbsp; &nbsp;সূৰ্য্যতো কৰিয়া,

&nbsp; &nbsp; &nbsp; &nbsp;শৰীৰৰ জৌতি বলে ।

আসিল ৰামক,&nbsp; &nbsp; &nbsp; &nbsp;লাগিল চমক,

&nbsp; &nbsp; &nbsp; &nbsp;দেখিলা দেৱ সকলে ॥১৩

কৃষ্ণক আকোলি,&nbsp; &nbsp; &nbsp; &nbsp; ধৰি কৃতাঞ্জলি,

&nbsp; &nbsp; &nbsp; &nbsp;মাথাৰ উপৰ কৰি ।

কৃষ্ণৰ আগতে, &nbsp; &nbsp; &nbsp; &nbsp;পৰি দণ্ডবতে,

&nbsp; &nbsp; &nbsp; &nbsp;ৰৱে জয় জয় হৰি ॥১৪

সুপ্ৰসন্ন বিধি, &nbsp; &nbsp; &nbsp; &nbsp;ভৈল কাৰ্য্য সিদ্ধি,

&nbsp; &nbsp; &nbsp; &nbsp; দিলা দেখা নাৰায়ণ ।

শ্ৰীমুখ দেখি, &nbsp; &nbsp; &nbsp; &nbsp;ভৈলা সবে সুখী,

&nbsp; &nbsp; &nbsp; &nbsp;যতেক ত্ৰিদশগণ ॥১৫

যেনৰূপে দেখা, &nbsp; &nbsp; &nbsp; &nbsp;দিলন্ত দেৱক,

&nbsp; &nbsp; &nbsp; &nbsp;কহিব কাৰ শকতি ।

সৰ্পৰ ফণাত, &nbsp; &nbsp; &nbsp; &nbsp;চৰণ থাপিয়া,

&nbsp; &nbsp; &nbsp; &nbsp;আছা ত্ৰিজগত পতি ॥১৬

সৰ্পৰ ফণাত, &nbsp; &nbsp; &nbsp; &nbsp; মণি জৌতি কৰে,

&nbsp; &nbsp; &nbsp; &nbsp;অৰুণ চৰণ তলে ।

সুকোমল পদ্ম-&nbsp; &nbsp; &nbsp; &nbsp;কোষক জিনিয়া,

&nbsp; &nbsp; &nbsp; &nbsp;চৰণ যুগল জ্বলে ॥১৭

দশো আঙ্গুলিত, &nbsp; &nbsp; &nbsp; &nbsp; জ্বলে মনোনীত,

&nbsp; &nbsp; &nbsp; &nbsp; ৰত্নৰ উঢতিচয় ।

চন্দ্ৰৰ জৌতিক, &nbsp; &nbsp; &nbsp; &nbsp; জিনি আতিশয়,

&nbsp; &nbsp; &nbsp; &nbsp; নখ মণি প্ৰকাশয় ॥১৮

মণি ৰত্নময়, &nbsp; &nbsp; &nbsp; &nbsp; নূপুৰ জ্বলয়,

&nbsp; &nbsp; &nbsp; &nbsp;চৰণ কমল মাজে ।

জঙ্ঘা মনোহৰ, &nbsp; &nbsp; &nbsp; &nbsp; উৰু কৰিকৰ,

&nbsp; &nbsp; &nbsp; &nbsp; কটিত কিঙ্কিণি বাজে ॥১৯

পাট ভুনি পীত, &nbsp; &nbsp; &nbsp; &nbsp; ৰতনে ৰচিত,

&nbsp; &nbsp; &nbsp; &nbsp;কঙ্কালত কটিবন্ধ ।

জ্বলে মনোহৰ, &nbsp; &nbsp; &nbsp; &nbsp; নাভী সৰোবৰ,

&nbsp; &nbsp; &nbsp; &nbsp;উদৰ অতি সুচন্দ ॥২০

হৃদয়ে শ্ৰীবত্স, &nbsp; &nbsp; &nbsp; &nbsp; দেখি আতি স্বচ্ছ,

&nbsp; &nbsp; &nbsp; &nbsp; হাৰ গজ মুকুতাৰ ।

ৰত্ন মণিময়, &nbsp; &nbsp; &nbsp; &nbsp; জ্বলন্তে আছয়,

&nbsp; &nbsp; &nbsp; &nbsp;জিলিমিলি পেচন্দাৰ ॥২১

আপাদ লম্বিত, &nbsp; &nbsp; &nbsp; &nbsp; গলে বনমালা,

&nbsp; &nbsp; &nbsp; &nbsp;ভ্ৰমৰে বেঢ়িয়া ৰঞ্জে ।

কৌস্তুভ মণিৰ, &nbsp; &nbsp; &nbsp; &nbsp; প্ৰকাশে প্ৰভাত,

&nbsp; &nbsp; &nbsp; &nbsp; সূৰ্য্যৰ জৌতিক গঞ্জে ॥২২

নীল মোলানৰ, &nbsp; &nbsp; &nbsp; &nbsp; পাবক নিন্দিয়া,

&nbsp; &nbsp; &nbsp; &nbsp;শোভে বাহু চাৰি খান ।

সুবলি বলিত, &nbsp; &nbsp; &nbsp; &nbsp; অজানুলম্বিত,

&nbsp; &nbsp; &nbsp; &nbsp;দেখিতে অতি সুঠান ॥২৩

সুবৰ্ণৰ তাৰ, &nbsp; &nbsp; &nbsp; &nbsp; বলয়া কঙ্কণ,

&nbsp; &nbsp; &nbsp; &nbsp; সুন্দৰ আঙুল পান্তি ।

আতি সুবলিত,&nbsp; &nbsp; &nbsp; &nbsp; কুৰি আঙুলিত,

&nbsp; &nbsp; &nbsp; &nbsp;নখচন্দ্ৰ কৰে কান্তি ॥২৪

বাখৰে ৰচিত, &nbsp; &nbsp; &nbsp; &nbsp; আঙ্গঠি শোভিত,

&nbsp; &nbsp; &nbsp; &nbsp;কৰে যেন কিশলয় ।

শঙ্খ চক্ৰ গদা, &nbsp; &nbsp; &nbsp; &nbsp; পদ্ম চাৰি হাতে,

&nbsp; &nbsp; &nbsp; &nbsp;অনুক্ৰমে প্ৰকাশয় ॥২৫

উশাসতে আতি, &nbsp; &nbsp; &nbsp; &nbsp; চলন্তে আছয়,

&nbsp; &nbsp; &nbsp; &nbsp; উদৰত তিনি ৰেখা ।

কষিত সোণাৰ, &nbsp; &nbsp; &nbsp; &nbsp; ৰেখা যেন উৰে,

&nbsp; &nbsp; &nbsp; &nbsp;লক্ষ্মী দেবী দিলা দেখা ॥২৬

সিংহবন্ধ স্কন্ধ, &nbsp; &nbsp; &nbsp; &nbsp; চাৰু কম্বুকণ্ঠ,

&nbsp; &nbsp; &nbsp; &nbsp; চিবুক আতি সুন্দৰ ।

বন্দুলি পুষ্পকো, &nbsp; &nbsp; &nbsp; &nbsp; নিন্দি প্ৰকাশয়,

&nbsp; &nbsp; &nbsp; &nbsp;অৰুণ চাৰু অধৰ ॥২৭

শৰতৰ পূৰ্ণ-&nbsp; &nbsp; &nbsp; &nbsp; চন্দ্ৰকো গঞ্জিয়া,

&nbsp; &nbsp; &nbsp; &nbsp; প্ৰকাশে মুখমণ্ডল ।

ঈষত হাসিত, &nbsp; &nbsp; &nbsp; &nbsp; অমৃত বৰিষে,

&nbsp; &nbsp; &nbsp; &nbsp; দেখি মিলে কৌতূহল ॥২৮

মুকুতা সাৰি, &nbsp; &nbsp; &nbsp; &nbsp; জিনি দন্তপান্তি,

&nbsp; &nbsp; &nbsp; &nbsp; মুখকো আতি ৰঞ্জয় ।

শৰত সুজাত, &nbsp; &nbsp; &nbsp; &nbsp; প্ৰফুল্ল পদ্মকো,

&nbsp; &nbsp; &nbsp; &nbsp; নয়নযুগে গঞ্জয় ॥২৯

নাসা তিলফুল, &nbsp; &nbsp; &nbsp; &nbsp; যেন প্ৰকাশয়,

&nbsp; &nbsp; &nbsp; &nbsp;সুবালিত ভ্ৰুৰ দুই ।

সুসম কপালে, &nbsp; &nbsp; &nbsp; &nbsp; তিলক জ্বলয়,

&nbsp; &nbsp; &nbsp; &nbsp;পূৰ্ণচন্দ্ৰো সম নুই ॥৩০

চাৰু কম্বুকৰ্ণে, &nbsp; &nbsp; &nbsp; &nbsp; মকৰ কুণ্ডল,

&nbsp; &nbsp; &nbsp; &nbsp;কৰে আতি জলমল ।

ৰত্নে বিৰচিত, &nbsp; &nbsp; &nbsp; &nbsp; কিৰীটি শিৰত,

&nbsp; &nbsp; &nbsp; &nbsp; সূৰ্য্যৰ যেন মণ্ডল ॥৩১

কুটিল কুণ্ডল, &nbsp; &nbsp; &nbsp; &nbsp;অলকাৰ পংক্তি,

&nbsp; &nbsp; &nbsp; &nbsp;কান্তি কৰে কপালত ।

প্ৰমত্ত ভ্ৰমৰে, &nbsp; &nbsp; &nbsp; &nbsp; যেন মধু পান,

&nbsp; &nbsp; &nbsp; &nbsp; কৰে পৰি কমলত ॥৩২

শিৰৰ উপৰে, &nbsp; &nbsp; &nbsp; &nbsp; চূড়ামণি জ্বলে,

&nbsp; &nbsp; &nbsp; &nbsp; সূৰ্য্য যেন মূৰ্ত্তি ধৰি ।

শ্যাম শৰীৰক, &nbsp; &nbsp; &nbsp; &nbsp; সজল জলদ,

&nbsp; &nbsp; &nbsp; &nbsp; কদাচিতো নুহি সৰি ॥৩৩

পীত বস্ত্ৰ যেন, &nbsp; &nbsp; &nbsp; &nbsp; সজল মেঘত,

&nbsp; &nbsp; &nbsp; &nbsp;বিজুলী ভৈল সুথিৰ ।

কোটি কন্দৰ্পকো, &nbsp; &nbsp; &nbsp; &nbsp; দৰ্পচূৰ কৰি,

&nbsp; &nbsp; &nbsp; &nbsp; জ্বলন্তে আছে শৰীৰ ॥৩৪

পদ্মপত্ৰ সম, &nbsp; &nbsp; &nbsp; &nbsp; দুখানি চৰণ,

&nbsp; &nbsp; &nbsp; &nbsp;বচন অতি গম্ভীৰ ।

অমৃত কোটিত, &nbsp; &nbsp; &nbsp; &nbsp; কৰিয়া সন্তোষ,

&nbsp; &nbsp; &nbsp; &nbsp; সাগৰ কোটি গম্ভীৰ ॥৩৫

কোটি হেমৱন্ত, &nbsp; &nbsp; &nbsp; &nbsp; গিৰিত কৰিয়া,

&nbsp; &nbsp; &nbsp; &nbsp; দেখয় অতি সুথিৰ ।

কোটি কোটি মহা,&nbsp; &nbsp; &nbsp; &nbsp; মহেন্দ্ৰত কৰি,

&nbsp; &nbsp; &nbsp; &nbsp; শ্ৰী আতি চমত্কাৰ ॥৩৬

হেনয় ৰূপক, &nbsp; &nbsp; &nbsp; &nbsp; দেখিয়া দেৱৰ,

&nbsp; &nbsp; &nbsp; &nbsp; আনন্দৰ নাহি পাৰ ॥৩৭

নমো নাৰায়ণ, &nbsp; &nbsp; &nbsp; &nbsp; দেৱ সনাতন,

&nbsp; &nbsp; &nbsp; &nbsp; তুমি অনাথৰ নাথ ।

কৰাঁ মোক দায়া, &nbsp; &nbsp; &nbsp; &nbsp; কৃপা দৃষ্টি চায়া,

&nbsp; &nbsp; &nbsp; &nbsp; মায়া এৰা জগন্নাথ ॥৩৮

নামৰ আভাস, &nbsp; &nbsp; &nbsp; &nbsp; মাত্ৰকে তাৰিলা,

&nbsp; &nbsp; &nbsp; &nbsp; মহাপাপী অজামিল ।

ভক্তৰসে মাত্ৰে, &nbsp; &nbsp; &nbsp; &nbsp; পুতনাকো মোক্ষ,

&nbsp; &nbsp; &nbsp; &nbsp; দিলা দেৱ দয়াশীল ॥৩৯

এতেক জানিয়া, &nbsp; &nbsp; &nbsp; &nbsp; তোমাৰ চৰণে,

&nbsp; &nbsp; &nbsp; &nbsp;শৰণ কৰিলোঁ সাৰ ।

কেৱলে তোমাৰ, &nbsp; &nbsp; &nbsp; &nbsp; চৰণ পঙ্কজে,

&nbsp; &nbsp; &nbsp; &nbsp;থাকোক ৰতি আমাৰ ॥৪০

তোমাৰ ভৃত্যৰ, &nbsp; &nbsp; &nbsp; &nbsp; ভৃত্যৰ ভৃত্যৰ

&nbsp; &nbsp; &nbsp; &nbsp;ভৃত্য বুলি ধৰাঁ মোক ।

তেজি আন কাম, &nbsp; &nbsp; &nbsp; &nbsp; বোলাঁ ৰাম ৰাম,

&nbsp; &nbsp; &nbsp; &nbsp; যত সামাজিক লোক ॥৪১


:::২২ অধ্যায়
::::
:::পদ ।

অনন্তৰে সৰ্পৰ নামিলা নাৰায়ণ ।

দেৱক সমুখে বসিলন্ত পদ্মাসন ॥১

হাতৰ পদ্মক লক্ষ্মী থৈলন্ত কোলাত ।

তাহাৰ উপৰে থাপিলন্ত দুই হাত ॥২

দুই পাদপদ্ম তাতে থাপিলন্ত হৰি ।

স্বামীৰ চৰণে দেবী ধৰিলা সাদৰি ॥৩

লক্ষ্মীৰ হাতৰ শাঁখা জৌতি আতি কৰে ।

প্ৰকাশে চৰণ সেই শাঁখাৰ উপৰে ॥৪

অব্যক্ত ঈশ্বৰ হৰি ভৈলন্ত সাক্ষাত ।

দেখি ব্ৰহ্মা আদি দেৱে কৰি যোৰহাত ॥৫

অৱনত মাথে স্তুতি কৰে দেৱগণ ।

ত্ৰাহি ত্ৰাহি হৰি লৈলোঁ তোমাত শৰণ ॥৬

তুমি বিনে আমাৰ নাহিক আন গতি ।

চৰাচৰ জগতৰ তুমি এক পতি ॥৭

সৃষ্টিৰ আদিতে থাকাঁ তুমিসে কেৱল ।

পুনু স্ৰজিবাক যেবে ভৈলা কৌতূহল ॥৮

কটাক্ষে কৰিয়া প্ৰকৃতিক সচেতন ।

কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজাঁহা নাৰায়ণ ॥৯

অন্তৰ্য্যামীৰূপে তাতে প্ৰবেশিয়া হৰি ।

কৰাঁহা বিহাৰ নানাবিধ ৰূপ ধৰি ॥১০

ব্ৰহ্মাৰূপ ধৰি স্ৰজী ইতিনি ভুবন ।

বিষ্ণুৰূপ ধৰি কৰাঁ সৃষ্টিক পালন ॥১১

ৰুদ্ৰৰূপ ধৰি কৰাঁ আপুনি সংহাৰ ।

এহি মহা মোক্ষ লীলা কৌতুক তোমাৰ ॥১২

মায়াৰ অধীন আমি জীৱ নিৰন্তৰ ।

তুমিসে কেৱল মাত্ৰ মায়াৰ ঈশ্বৰ ॥১৩

মায়ায়ে মোহিত হুয়া আমি জীৱ যত ।

তোমাৰ মূৰ্ত্তিৰ কেহো নজানোহো তত্ত্ব ॥১৪

কেৱলে তোমাৰ পাৱে পশিয়া শৰণ ।

তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন ॥১৫

সেহিসে মহন্তে জানে তযু ব্যৱহাৰ ।

মোক্ষকো এৰিয়া ভজে চৰণ তোমাৰ ॥১৬

কোন বেলা কোন ৰূপে কৰাঁ কোন কৰ্ম্ম ।

ব্ৰহ্মায়ো বুজিবে নপাৰন্ত তাৰ মৰ্ম্ম ॥১৭

আন কোনে বুজিবেক তোমাৰ লীলাক ।

বেদে নপাৰন্ত কহি সীমা কৰিবাক ॥১৮

নিত্য নিৰঞ্জন তুমি অনাদি অনন্ত ।

কালমায়াদিৰো তুমি প্ৰভু ভগৱন্ত ॥১৯

অনন্ত বিভূতিপতি মুকুতিদায়ক ।

বেদবিধায়ক এক জগতনায়ক ॥২০

সুখ দুখ দাতা দীন দৰিদ্ৰ বত্সল ।

তুমিসে সমস্তে জগতৰে সুমঙ্গল ॥২১

নিজানন্দ লাভে পূৰ্ণ সত্য সনাতন ।

কাৰণৰো কাৰণ তুমিসে অকাৰণ ॥২২

নাহিকে কাহাতো প্ৰভু প্ৰাৰ্থনা তোমাৰ ।

তুমি পুনু কৰাঁ জগতকে উপকাৰ ॥২৩

সংসাৰত নাহিকে তোমাৰ অবিদিত ।

জগতৰে হিত তুমি চিন্তা প্ৰতিনিত ॥২৪

নলৱয় জীৱে যেবে তোমাত শৰণ । 

তাৱত নেৰাৱে জীৱে উত্পতি মৰণ ॥২৫

নানা পাপ পুণ্য কৰি নানা দেহ ধৰি ।

ফুৰে নানা সুখ দুখ ফল ভোগ কৰি ॥২৬

তুমি অজ নাহি দেৱ জনম তোমাৰ ।

লীলায়ে ধৰাঁহা নানাবিধ অৱতাৰ ॥২৭

মহন্তক পালাঁ ধৰ্ম্মপথ ৰক্ষা কৰি ।

কৰাঁহা বিনাশ দুষ্ট দুৰ্জ্জনক হৰি ॥২৮

তুমি কাল মূৰ্ত্তি সৰ্ব্ব সংহাৰ কাৰণ ।

তুমি চৰাচৰ গুৰু জগত তাৰণ ॥২৯

ধৰ্ম্ম অৰ্থ কাম মোক্ষ দাতা তুমি দেৱ ।

তুমি বিনে সংসাৰত সাৰ নাহি কেৱ ॥৩০

নিজ যোগবলে প্ৰকৃচিৰ গুণ তিনি ।

আপোনাতে আপোনাক স্ৰজাঁহা আপুনি ॥৩১

আপুনি পালাঁহা কৰা আপুনি সংহাৰ ।

আপুনি ঈশ্বৰ তুমি আপুনি সংহাৰ ॥ ৩২

কালৰ হাতত ৰক্ষাকৰ্ত্তা নাহি আন ।

তুমিসে কেবল মাত্ৰ বিশ্ৰামৰ থান ॥৩৩

এক মূৰ্ত্তি নানা মূৰ্ত্তি নানা মূৰ্ত্তি এক ।

তোমাত জগত তুমি তাত ব্যতিৰেক ॥৩৪

তুমি প্ৰাণ মন মুখ চক্ষু কৰ্ণ নাসা ।

তোমাতেসে সকল জগতে বাসা ॥৩৫

অন্তৰ্য্যামী ৰূপে তুমি জগত আধাৰ ।

প্ৰবৰ্ত্তায়া যতেক জীৱৰ ব্যৱহাৰ ॥৩৬

তোমাৰ মুখত চাৰি বেদ উপজিল ।

ব্ৰহ্মা আদি দেৱৰ নিয়ম নিয়োজিল ॥৩৭

তোমাত উপজি বেদে তোমাকেসে কয় ।

মায়ায়ে মোহিত জীৱে তাক নেদেখয় ॥৩৮

নানা কাৰ্য্য কৰ্ম্ম ধৰ্ম্ম কৰয় প্ৰবন্ধি ।

ফুৰি সংসাৰত সেহি কামে হুয়া বন্দী ॥৩৯

সাধুসঙ্গ লৈয়া যাৱে নভজে তোমাক ।

তাৱত নপাৰে কৰ্ম্ম বন্ধ এৰাইবাক ॥৪০

এতেকেসে এক চিত্ত কৰি দেৱগণে ।

তোমাৰ চৰণে আসি পশিলোঁ শৰণে ॥৪১

কৰিয়ো কৰুণা মাত্ৰ এক লেশ মান ।

ত্ৰিদশ দেৱৰ হৌক দুখ পৰিত্ৰাণ ॥৪২

নমো নাৰায়ণ সৰ্ব্বজন অধিপতি ।

নমো দায়াশীল দেৱ অগতিৰ গতি ॥৪৩

নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ ।

নমো বিঘ্নহৰ নমো কৃপাৰ সাগৰ ॥৪৪

নমো নমো ত্ৰিভুবন পতি মহা দেৱ ।

নমো নমো সদা ত্ৰিজগতে কৰে সেৱ ॥৪৫