Difference between revisions 334828 and 334854 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২১ অধ্যায়''' <big>'''দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিতি'''</big> :::দুলৰি । ৰাজা লঙ্কেশ্বৰে, উপদ্ৰবৱ কৰে, জিনিয়া এ ত্ৰিভুবন । বলে পৰাক্ৰমে, ইতিনি লোকত, সম নাহি একো জন ॥১ তাৰ পৰাভৱ, সহিতে নাপাৰি, ত্ৰিদশ দেৱতাগণ । বাসৱে সহিত, একত্ৰে বসিয়া, কৰিলন্ত আলোচন ॥২ ৰাৱণত হন্তে, নাহিক নিস্তাৰ, বিনে দেৱ গদাধৰ । ব্ৰহ্মায়ে আমাৰ, মিলাইলা প্ৰমাদ, ৰাৱণক দিয়া বৰ ॥৩ ইতিনি লোকত, ত্ৰিদশ দেৱত, ৰাৱণ অবধ্য ভৈল । নৰ বানৰত, হৈব সিতো হত, ব্ৰহ্মা বৰ ছিদ্ৰ থৈল ॥৪ পুত্ৰৰ নিমিত্তে, কৰে মহা যজ্ঞ, দশৰথ নৃপবৰ । এহি সময়তে, ঈশ্বৰ বিষ্ণুক, পঠাই দিওঁ তান ঘৰ ॥৫ হেন যুক্তি কৰি, ক্ষীৰোদধি তীৰে, গৈলন্ত দেৱতাগণ । লক্ষ্মী সমন্বিতে, ক্ষীৰোদ সাগৰে, আছা প্ৰভু নাৰায়ণ ॥৬ অব্যক্ত স্বৰূপে, আছন্ত ঈশ্বৰ, নুহিকে কাৰো গোচৰ । জয় জয় হৰি, বুলি হুলস্থুল, কৰে দেৱ নিৰন্তৰ ॥৭ নমো নাৰায়ণ, জগতকাৰণ, সনাতন লক্ষ্মীপতি । হুয়োক সদায়, প্ৰভু কৃপাময়, কৰোঁহো পাৱে প্ৰণতি ॥৮ তোমাৰ চৰণে, আমি দেৱগণে, শৰণ লৈলোঁ সম্প্ৰতি ॥ তুমি সি ঈশ্বৰ, ইটো জগতৰ, তুমি বিনে নাহি গতি ।৯ হুয়ো সুপ্ৰসন্ন, দিয়ো দৰশন, গুচোক আমাৰ দুখ । ত্ৰিদশ সকলে, দেখোঁ কৌতূহলে, তোমাৰ প্ৰসন্ন মুখ ॥১০ ক্ষীৰ সাগৰৰ, তীৰ জুৰি সবে, হৰিক দেখিব মনে । জয় জয় হৰি, বুলি উচ্চ কৰি, ডাকয় দেৱতা গণে ॥১১ দেৱৰ কল্লোল, জয় জয় বোল, শুনিয়া কৃপা মিলিল । হুয়া দায়াযুত, ৰূপ অদভুত, দেৱতাক দেখা দিল ॥১২ কোটি এক শশী, সূৰ্য্যতো কৰিয়া, শৰীৰৰ জৌতি বলে । আসিল ৰামক, লাগিল চমক, দেখিলা দেৱ সকলে ॥১৩ কৃষ্ণক আকোলি, ধৰি কৃতাঞ্জলি, মাথাৰ উপৰ কৰি । কৃষ্ণৰ আগতে, পৰি দণ্ডবতে, ৰৱে জয় জয় হৰি ॥১৪ সুপ্ৰসন্ন বিধি, ভৈল কাৰ্য্য সিদ্ধি, দিলা দেখা নাৰায়ণ । শ্ৰীমুখ দেখি, ভৈলা সবে সুখী, যতেক ত্ৰিদশগণ ॥১৫ যেনৰূপে দেখা, দিলন্ত দেৱক, কহিব কাৰ শকতি । সৰ্পৰ ফণাত, চৰণ থাপিয়া, আছা ত্ৰিজগত পতি ॥১৬ সৰ্পৰ ফণাত, মণি জৌতি কৰে, অৰুণ চৰণ তলে । সুকোমল পদ্ম- কোষক জিনিয়া, চৰণ যুগল জ্বলে ॥১৭ দশো আঙ্গুলিত, জ্বলে মনোনীত, ৰত্নৰ উঢতিচয় । চন্দ্ৰৰ জৌতিক, জিনি আতিশয়, নখ মণি প্ৰকাশয় ॥১৮ মণি ৰত্নময়, নূপুৰ জ্বলয়, চৰণ কমল মাজে । জঙ্ঘা মনোহৰ, উৰু কৰিকৰ, কটিত কিঙ্কিণি বাজে ॥১৯ পাট ভুনি পীত, ৰতনে ৰচিত, কঙ্কালত কটিবন্ধ । জ্বলে মনোহৰ, নাভী সৰোবৰ, উদৰ অতি সুচন্দ ॥২০ হৃদয়ে শ্ৰীবত্স, দেখি আতি স্বচ্ছ, হাৰ গজ মুকুতাৰ । ৰত্ন মণিময়, জ্বলন্তে আছয়, জিলিমিলি পেচন্দাৰ ॥২১ আপাদ লম্বিত, গলে বনমালা, ভ্ৰমৰে বেঢ়িয়া ৰঞ্জে । কৌস্তুভ মণিৰ, প্ৰকাশে প্ৰভাত, সূৰ্য্যৰ জৌতিক গঞ্জে ॥২২ নীল মোলানৰ, পাবক নিন্দিয়া, শোভে বাহু চাৰি খান । সুবলি বলিত, অজানুলম্বিত, দেখিতে অতি সুঠান ॥২৩ সুবৰ্ণৰ তাৰ, বলয়া কঙ্কণ, সুন্দৰ আঙুল পান্তি । আতি সুবলিত, কুৰি আঙুলিত, নখচন্দ্ৰ কৰে কান্তি ॥২৪ বাখৰে ৰচিত, আঙ্গঠি শোভিত, কৰে যেন কিশলয় । শঙ্খ চক্ৰ গদা, পদ্ম চাৰি হাতে, অনুক্ৰমে প্ৰকাশয় ॥২৫ উশাসতে আতি, চলন্তে আছয়, উদৰত তিনি ৰেখা । কষিত সোণাৰ, ৰেখা যেন উৰে, লক্ষ্মী দেবী দিলা দেখা ॥২৬ সিংহবন্ধ স্কন্ধ, চাৰু কম্বুকণ্ঠ, চিবুক আতি সুন্দৰ । বন্দুলি পুষ্পকো, নিন্দি প্ৰকাশয়, অৰুণ চাৰু অধৰ ॥২৭ শৰতৰ পূৰ্ণ- চন্দ্ৰকো গঞ্জিয়া, প্ৰকাশে মুখমণ্ডল । ঈষত হাসিত, অমৃত বৰিষে, দেখি মিলে কৌতূহল ॥২৮ মুকুতা সাৰি, জিনি দন্তপান্তি, মুখকো আতি ৰঞ্জয় । শৰত সুজাত, প্ৰফুল্ল পদ্মকো, নয়নযুগে গঞ্জয় ॥২৯ নাসা তিলফুল, যেন প্ৰকাশয়, সুবালিত ভ্ৰুৰ দুই । সুসম কপালে, তিলক জ্বলয়, পূৰ্ণচন্দ্ৰো সম নুই ॥৩০ চাৰু কম্বুকৰ্ণে, মকৰ কুণ্ডল, কৰে আতি জলমল । ৰত্নে বিৰচিত, কিৰীটি শিৰত, সূৰ্য্যৰ যেন মণ্ডল ॥৩১ কুটিল কুণ্ডল, অলকাৰ পংক্তি, কান্তি কৰে কপালত । প্ৰমত্ত ভ্ৰমৰে, যেন মধু পান, কৰে পৰি কমলত ॥৩২ শিৰৰ উপৰে, চূড়ামণি জ্বলে, সূৰ্য্য যেন মূৰ্ত্তি ধৰি । শ্যাম শৰীৰক, সজল জলদ, কদাচিতো নুহি সৰি ॥৩৩ পীত বস্ত্ৰ যেন, সজল মেঘত, বিজুলী ভৈল সুথিৰ । কোটি কন্দৰ্পকো, দৰ্পচূৰ কৰি, জ্বলন্তে আছে শৰীৰ ॥৩৪ পদ্মপত্ৰ সম, দুখানি চৰণ, বচন অতি গম্ভীৰ । অমৃত কোটিত, কৰিয়া সন্তোষ, সাগৰ কোটি গম্ভীৰ ॥৩৫ কোটি হেমৱন্ত, গিৰিত কৰিয়া, দেখয় অতি সুথিৰ । কোটি কোটি মহা, মহেন্দ্ৰত কৰি, শ্ৰী আতি চমত্কাৰ ॥৩৬ হেনয় ৰূপক, দেখিয়া দেৱৰ, আনন্দৰ নাহি পাৰ ॥৩৭ নমো নাৰায়ণ, দেৱ সনাতন, তুমি অনাথৰ নাথ । কৰাঁ মোক দায়া, কৃপা দৃষ্টি চায়া, মায়া এৰা জগন্নাথ ॥৩৮ নামৰ আভাস, মাত্ৰকে তাৰিলা, মহাপাপী অজামিল । ভক্তৰসে মাত্ৰে, পুতনাকো মোক্ষ, দিলা দেৱ দয়াশীল ॥৩৯ এতেক জানিয়া, তোমাৰ চৰণে, শৰণ কৰিলোঁ সাৰ । কেৱলে তোমাৰ, চৰণ পঙ্কজে, থাকোক ৰতি আমাৰ ॥৪০ তোমাৰ ভৃত্যৰ, ভৃত্যৰ ভৃত্যৰ ভৃত্য বুলি ধৰাঁ মোক । তেজি আন কাম, বোলাঁ ৰাম ৰাম, যত সামাজিক লোক ॥৪১ :::২২ অধ্যায় :::: :::পদ । অনন্তৰে সৰ্পৰ নামিলা নাৰায়ণ । দেৱক সমুখে বসিলন্ত পদ্মাসন ॥১ হাতৰ পদ্মক লক্ষ্মী থৈলন্ত কোলাত । তাহাৰ উপৰে থাপিলন্ত দুই হাত ॥২ দুই পাদপদ্ম তাতে থাপিলন্ত হৰি । স্বামীৰ চৰণে দেবী ধৰিলা সাদৰি ॥৩ লক্ষ্মীৰ হাতৰ শাঁখা জৌতি আতি কৰে । প্ৰকাশে চৰণ সেই শাঁখাৰ উপৰে ॥৪ অব্যক্ত ঈশ্বৰ হৰি ভৈলন্ত সাক্ষাত । দেখি ব্ৰহ্মা আদি দেৱে কৰি যোৰহাত ॥৫ অৱনত মাথে স্তুতি কৰে দেৱগণ । ত্ৰাহি ত্ৰাহি হৰি লৈলোঁ তোমাত শৰণ ॥৬ তুমি বিনে আমাৰ নাহিক আন গতি । চৰাচৰ জগতৰ তুমি এক পতি ॥৭ সৃষ্টিৰ আদিতে থাকাঁ তুমিসে কেৱল । পুনু স্ৰজিবাক যেবে ভৈলা কৌতূহল ॥৮ কটাক্ষে কৰিয়া প্ৰকৃতিক সচেতন । কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজাঁহা নাৰায়ণ ॥৯ অন্তৰ্য্যামীৰূপে তাতে প্ৰবেশিয়া হৰি । কৰাঁহা বিহাৰ নানাবিধ ৰূপ ধৰি ॥১০ ব্ৰহ্মাৰূপ ধৰি স্ৰজী ইতিনি ভুবন । বিষ্ণুৰূপ ধৰি কৰাঁ সৃষ্টিক পালন ॥১১ ৰুদ্ৰৰূপ ধৰি কৰাঁ আপুনি সংহাৰ । এহি মহা মোক্ষ লীলা কৌতুক তোমাৰ ॥১২ মায়াৰ অধীন আমি জীৱ নিৰন্তৰ । তুমিসে কেৱল মাত্ৰ মায়াৰ ঈশ্বৰ ॥১৩ মায়ায়ে মোহিত হুয়া আমি জীৱ যত । তোমাৰ মূৰ্ত্তিৰ কেহো নজানোহো তত্ত্ব ॥১৪ কেৱলে তোমাৰ পাৱে পশিয়া শৰণ । তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন ॥১৫ সেহিসে মহন্তে জানে তযু ব্যৱহাৰ । মোক্ষকো এৰিয়া ভজে চৰণ তোমাৰ ॥১৬ কোন বেলা কোন ৰূপে কৰাঁ কোন কৰ্ম্ম । ব্ৰহ্মায়ো বুজিবে নপাৰন্ত তাৰ মৰ্ম্ম ॥১৭ আন কোনে বুজিবেক তোমাৰ লীলাক । বেদে নপাৰন্ত কহি সীমা কৰিবাক ॥১৮ নিত্য নিৰঞ্জন তুমি অনাদি অনন্ত । কালমায়াদিৰো তুমি প্ৰভু ভগৱন্ত ॥১৯ অনন্ত বিভূতিপতি মুকুতিদায়ক । বেদবিধায়ক এক জগতনায়ক ॥২০ সুখ দুখ দাতা দীন দৰিদ্ৰ বত্সল । তুমিসে সমস্তে জগতৰে সুমঙ্গল ॥২১ নিজানন্দ লাভে পূৰ্ণ সত্য সনাতন । কাৰণৰো কাৰণ তুমিসে অকাৰণ ॥২২ নাহিকে কাহাতো প্ৰভু প্ৰাৰ্থনা তোমাৰ । তুমি পুনু কৰাঁ জগতকে উপকাৰ ॥২৩ সংসাৰত নাহিকে তোমাৰ অবিদিত । জগতৰে হিত তুমি চিন্তা প্ৰতিনিত ॥২৪ নলৱয় জীৱে যেবে তোমাত শৰণ । তাৱত নেৰাৱে জীৱে উত্পতি মৰণ ॥২৫ নানা পাপ পুণ্য কৰি নানা দেহ ধৰি । ফুৰে নানা সুখ দুখ ফল ভোগ কৰি ॥২৬ তুমি অজ নাহি দেৱ জনম তোমাৰ । লীলায়ে ধৰাঁহা নানাবিধ অৱতাৰ ॥২৭ মহন্তক পালাঁ ধৰ্ম্মপথ ৰক্ষা কৰি । কৰাঁহা বিনাশ দুষ্ট দুৰ্জ্জনক হৰি ॥২৮ তুমি কাল মূৰ্ত্তি সৰ্ব্ব সংহাৰ কাৰণ । তুমি চৰাচৰ গুৰু জগত তাৰণ ॥২৯ ধৰ্ম্ম অৰ্থ কাম মোক্ষ দাতা তুমি দেৱ । তুমি বিনে সংসাৰত সাৰ নাহি কেৱ ॥৩০ নিজ যোগবলে প্ৰকৃচিৰ গুণ তিনি । আপোনাতে আপোনাক স্ৰজাঁহা আপুনি ॥৩১ আপুনি পালাঁহা কৰা আপুনি সংহাৰ । আপুনি ঈশ্বৰ তুমি আপুনি সংহাৰ ॥ ৩২ কালৰ হাতত ৰক্ষাকৰ্ত্তা নাহি আন । তুমিসে কেবল মাত্ৰ বিশ্ৰামৰ থান ॥৩৩ এক মূৰ্ত্তি নানা মূৰ্ত্তি নানা মূৰ্ত্তি এক । তোমাত জগত তুমি তাত ব্যতিৰেক ॥৩৪ তুমি প্ৰাণ মন মুখ চক্ষু কৰ্ণ নাসা । তোমাতেসে সকল জগতে বাসা ॥৩৫ অন্তৰ্য্যামী ৰূপে তুমি জগত আধাৰ । প্ৰবৰ্ত্তায়া যতেক জীৱৰ ব্যৱহাৰ ॥৩৬ তোমাৰ মুখত চাৰি বেদ উপজিল । ব্ৰহ্মা আদি দেৱৰ নিয়ম নিয়োজিল ॥৩৭ তোমাত উপজি বেদে তোমাকেসে কয় । মায়ায়ে মোহিত জীৱে তাক নেদেখয় ॥৩৮ নানা কাৰ্য্য কৰ্ম্ম ধৰ্ম্ম কৰয় প্ৰবন্ধি । ফুৰি সংসাৰত সেহি কামে হুয়া বন্দী ॥৩৯ সাধুসঙ্গ লৈয়া যাৱে নভজে তোমাক । তাৱত নপাৰে কৰ্ম্ম বন্ধ এৰাইবাক ॥৪০ এতেকেসে এক চিত্ত কৰি দেৱগণে । তোমাৰ চৰণে আসি পশিলোঁ শৰণে ॥৪১ কৰিয়ো কৰুণা মাত্ৰ এক লেশ মান । ত্ৰিদশ দেৱৰ হৌক দুখ পৰিত্ৰাণ ॥৪২ নমো নাৰায়ণ সৰ্ব্বজন অধিপতি । নমো দায়াশীল দেৱ অগতিৰ গতি ॥৪৩ নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ । নমো বিঘ্নহৰ নমো কৃপাৰ সাগৰ ॥৪৪ নমো নমো ত্ৰিভুবন পতি মহা দেৱ । নমো নমো সদা ত্ৰিজগতে কৰে সেৱ ॥৪৫⏎ ⏎ নমো বাসুদেৱ নমো সৰ্ব্ব ৰূপধৰ । প্ৰকৃতিত পৰ নমো নমো যোগেশ্বৰ ॥৪৬ নমো শুদ্ধ বুদ্ধ নিত্য নিৰঞ্জন কায়া । হুয়ো সুপ্ৰসন্ন ত্ৰিদশক কৰাঁ দায়া ॥৪৭ নাজানোহো স্তুতি নতি প্ৰণতি তোমাৰ ।. জয় জয় হৰি হেৰা গোচৰ আমাৰ ॥৪৮ এহিমতে দেৱে স্তুতি কৰিলা বিস্তৰ । শুনিয়া সন্তুষ্ট ভৈলা ত্ৰৈলোক্য ঈশ্বৰ ॥৪৯ ত্ৰিদশ দেৱৰ দুখ দেখি বিপৰীত । দায়া ৰসে পৰম প্ৰসন্ন ভৈলা চিত ॥৫০ মেঘেৰ গম্ভীৰ ধ্বনি মাতিলা হৰিষে । দেৱৰ শৰীৰে যেন অমৃত বৰিষে ॥৫১ হে ব্ৰহ্মা শুনিয়োক বচন আমাৰ । কেনে এত বৰ দুঃখ মিলিল তোমাৰ ॥৫২ মিলিল পৰম দুখ তোমাৰ বাসৱ । শুনা যম তযু কেনে ভৈল পৰাভৱ ॥৫৩ বৰুণ তোমাৰ নাগপাশ কোলে নিল । শুনা সূৰ্য্য তযু তেজ কেমনে হৰিল ॥৫৪ কেনে শশধৰ তুমি ভৈলা কান্তিহীন । ধৰ্ম্ম কেনে তোমাৰ শৰীৰ ভৈল ক্ষীণ ॥৫৫ কি শোকে সুথিৰ গতি ভৈলা হুতাশন । ভৈলা মন্দগতি তুমি কিমতে পৱন ॥৫৬ কিয় বসুমতী সতী কৰাঁহা বিলাপ । কমন দুৰ্জ্জনে দিলে তোমাক সন্তাপ ॥৫৭ সাগৰ সুথিৰ বেগ ভৈলা কি কাৰণ । কুবেৰ দৰিদ্ৰ ভৈলা কোনে নিলে ধন ॥৫৮ ষড় ঋতু কিবা হেতু ভৈলা বিপৰ্য্যয় । কেমনে বিৰূপ ভৈলা বিদ্যাধৰচয় ॥৫৯ স্বৰহীন গন্ধৰ্ব ভৈলাহা কি কাৰণ । কি হেতু কাতৰ ভৈলা নৱগ্ৰহগণ ॥৬০ ভৈলাহা স্বতন্ত্ৰ পূজা এৰি কিবা কাজ । কমনে প্ৰমাদ ভৈলা ত্ৰিদশৰ মাজ ॥৬১ কহিয়োক সবে মোত স্বৰূপ বচন । তোমাসাৰ বৰ কিবা সাধোঁ প্ৰয়োজন ॥৬২ বিষ্ণুৰ বচন শুনি হৰিষ মিলিল । সবে দেৱগণে বৃহস্পতিক বুলিল ॥৬৩ ৰাৱণৰ চৰিত্ৰ কহিয়ো বৃহস্পতি । মিলাই আছে জগতৰ যিমত বিপত্তি ॥৬৪ শুনি দেৱ গুৰু ত্ৰিদশৰ বচনক । কৃতাঞ্জলি হুয়া চাহি কৃষ্ণ চৰণক ॥৬৫ বুলিবাক লৈলা কৰি সুমধুৰ বাণী । শুনিয়োক পৰম ঈশ্বৰ চক্ৰপাণি ॥৬৬ ত্ৰিভুবনে নাহিকে তোমাৰ অবিদিত । তথাপিতো তযু আগে কহিবে সুচিত ॥৬৭ তোমাত জনাইলে দুখ হৈবে নিবাৰণ । এহি হেতুতেসে যত যত মহাজন ॥৬৮ আপোনাৰ সুখ দুখ তোমাত অৰ্পন্ত । সৰ্ব্ব কৰ্ত্তা বুলি মনে তোমাক ভাবন্ত ॥৬৯ এতেকে কহিবোঁ যেনে দেৱৰ দুৰ্গতি । বেদ বিশ্বশ্ৰবা পুত্ৰ ৰাৱণ দুৰ্ম্মতি ॥৭০ ৰাক্ষসৰ কুলে নিকষাত জাত ভৈল । ঘোৰ তপ কৰিয়া ব্ৰহ্মাত বৰ লৈল ॥৭১ সুৰাসুৰ লোকত অবধ্য কলেৱৰ । ত্ৰিভুবন জিনি পীড়া কৰে লঙ্কেশ্বৰ ॥৭২ সি কাৰণে দেৱে দুখ পাৱে বিপৰীত । নানা ৰত্ন সাগৰে যোগাৱে প্ৰতি নিত ॥৭৩ পুষ্পক বিমান কাঢ়ি আনি কুবেৰৰ । সেহি ৰথে চঢ়ি ফুৰে বীৰ লঙ্কেশ্বৰ ॥৭৪ হুয়া বিপৰ্য্যয় ষড় ঋতু নিৰন্তৰে । সঙ্কুচিত ভাৱে ৰাৱণক সেৱা কৰে ॥৭৫ ৰাৱণত হন্তে আতি পায়া পৰাভৱ । বিদ্যাধৰী অপেস্বৰী যোগান্ত বাসৱ ॥৭৬ থান মাঞ্জি থাকন্ত পৱন মহাভাগে । চন্দ্ৰে ছত্ৰ ধৰি যান্ত ৰাৱণৰ আগে ॥৭৭ নপান্ত কৰিবে যজ্ঞ মুনি নিৰন্তৰে । ৰাক্ষসক পঠাই ৰুধিৰ বৃষ্টি কৰে ॥৭৮ ভয়ে নৱগ্ৰহে ভোগ তেজিলেক সৰ্ব্ব । নৃত্য গীত কৰি তথা থাকয় গন্ধৰ্ব্ব ॥৭৯ কতেক কহিবোঁ প্ৰভু তোমাৰ আগত । কোন দেৱে লাজ নাহি পানে ৰাৱণত ॥৮০ হৰি নিলে ৰাৱণে পাইলেক যাৰ যত । কাহাৰো নাহিকে আৰ কাৰ্য্য বিষয়ত ॥৮১ সমস্তৰে সম্পত্তি ৰাৱণে হৰি নিল । অধম ৰাক্ষসে দেৱতাক বিড়ম্বিল ॥৮২ নীচ জনে উত্তমক পীড় অধিক । আমাৰ উত্তম জন্ম আছো ধিক ধিক ॥৮৩ শুনি বৃহস্পতিৰ বচন দামোদৰ । কৃপায় হাসিয়া হৰি দিলন্ত উত্তৰ ॥৮৪ হে বৃহস্পতি কহ কহ ভাল কৰি । এহি বুলি পুনু মাতিলন্ত দেৱহৰি ॥৮৫ মোৰ পাৰিষদ বুলি কেহো নজানয় । নীচ বুলি আতিশয় গৰিহা কৰয় ॥৮৬ কোটি এক দেৱে ৰাৱণক নোহে সম । সেহি ভৈল অধম কোন আছয় উত্তম ॥৮৭ এতেকেসে উচ্চ কৰি হাসিলা ঈশ্বৰে । সাগৰৰ উৰ্ম্মিক ঢাকিলা সেহি স্বৰে ॥৮৮ হৰিষ হাসিত শোভা কৰিল বদন । মুকুতাৰ জ্যোতি জিনি প্ৰকাশে দশন ॥৮৯ বুলিলন্ত বচন শবদ অনুপাম । সেহি শব্দে চাৰি পদে ভৈলা শ্লোক নাম ॥৯০ জানিলোঁহো বৃহস্পতি দুখ তোমাসাৰ । ৰাক্ষস ৰাৱণে দুখ দিলেক অপাৰ ॥৯১ নীচ হুয়া উত্তম দেৱক পীড়িলেক । অধমৰ পৰাভৱ লভিয়া অনেক ॥৯২ প্ৰজ্বলিত হুয়া আছে ৰাৱণ প্ৰখৰ । পৰম আকুল চিত্ত কৰিলা দেৱৰ ॥৯৩ শুক্ৰে সমে উপায় কৰিয়া বলিৰাই । পূৰ্ব্বে স্বৰ্গপদ লৈলা ইন্দ্ৰক খেদাই ॥৯৪ সিকালে আপুনি ভৈলোঁ সহায় ইন্দ্ৰৰ । বলিক পাতালে নিলোঁ খেদায়া স্বৰ্গৰ ॥৯৫ ইবাৰ ইন্দ্ৰক পীড়া কৰে লঙ্কানাথ । অস্ত্ৰে হানি তাহাৰ কাটিবোঁ দশমাথ ॥৯৬ হুয়াছে প্ৰচণ্ড বৰ লভিয়া ব্ৰহ্মাত । ত্ৰিদশ দেৱক মোৰ কৰে উত্পাত ॥৯৭ কাটিবোঁহো শিৰ কৰি দাৰুণ প্ৰহাৰ । তেবে গুলগুলি মোৰ গুচিব হিয়াৰ ॥৯৮ দশ দিগপালৰ সাধিবোঁ প্ৰতিকাৰ । ত্ৰিভুবন লোকক পীড়িল দুৰাচাৰ ॥৯৯ যিহেতু সহিছোঁ উপদ্ৰৱ ৰাৱণৰ । শুনা বৃহস্পতি তাৰ স্বৰূপ উত্তৰ ॥১০০ মহাদুখে হৰক আৰাধি লঙ্কেশ্বৰ । আপোন ইচ্ছায়ে মাগি লৈয়া আছে বৰ ॥১০১ সুৰাসুৰে জিনিবাক নপাৰয় আনে । অজৰ অমৰ মহেশ্বৰ বৰ দানে ॥১০২ ব্ৰহ্মাক আৰাধি সিটে আৰু বৰ লৈল । মানুষে মাৰিবে ব্ৰহ্মা বৰ ছিদ্ৰ থৈল ॥১০৩ তাৰ বধ হেতু মানুষত হৈবোঁ জাত । দশৰথ ৰাজা সূৰ্য্য বংশত প্ৰখ্যাত ॥১০৪ দেৱতাৰ প্ৰয়োজনে চাৰি ৰূপ ধৰি । দশৰথ গৃহে উপজিবোঁ নিষ্ঠ কৰি ॥১০৫ তপস্বীৰ বেশে দেৱকাৰ্য্যক সাধিবোঁ । দুৰাচাৰ ৰাৱণক সবংশে বধিবোঁ ॥১০৬ ৰাৱণৰ দশ মাথ কাটিবোঁ উত্সুকে । আকাশতে থাকি সবে দেখিবা কৌতুকে ॥১০৭ মোৰ ক্ৰীড়া হেতু দেৱগণ আছা যত । ছদ্মৰূপে উতপতি হৈবা বানৰত ॥১০৮ শুনি ত্ৰিদশৰ মহা হৰিষ মিনিল । বাজায়া দুন্দভি নৃত্য কৰিবে লাগিল ॥১০৯ মাধৱে বোলন্ত সবে লৈয়ো পৰমাণ । দশৰথ নৃপতিৰ যাহাঁ যজ্ঞথান ॥ ১১০ অদ্ভুত পুৰুষ সাজি দিলা নাৰায়ণ । হাতে ধৰি পায়স সকলে দেৱগণ ॥১১১ ভৈলোঁ পৰিত্ৰাণ মনে আনন্দ মিলিল । হৰিক প্ৰণামি যজ্ঞ থানক চলিল ॥১১২ সেই সময়ত লক্ষ্মী বুলিলন্ত বাণী । মোক কিবা আজ্ঞা হয় প্ৰভু চক্ৰপাণি ॥১১৩ দশৰথ গৃহে তুমি হৈবা উতপন । আমি কৈত উপজিবোঁ বুলিয়ো বচন ॥১১৪ শুনিয়া কৌতুকে বুলিলন্ত দামোদৰ । আছন্ত জনক ৰাজা মিথিলা নগৰ ॥১১৫ আচৰন্ত ৰাজা ঋষি ধৰ্ম্ম নিৰন্তৰে । আযোনিকা হুয়া থাকিবাহা তান ঘৰে ॥১১৬ এহি বুলি অন্তৰ্দ্ধান ভৈলা দেৱহৰি । দেৱগণে মাধৱৰ আজ্ঞা শিৰে ধৰি ॥১১৭ দশৰথ ৰাজাৰ যজ্ঞৰ থানে গৈলা । ব্ৰহ্মা সমন্বিতে সবে আকাশতে ৰৈলা ॥১১৮ কৰে যজ্ঞ নৃপতি পুত্ৰক একচিতে । মহা পুষ্প বৃষ্টি আসি ভৈলা আচম্বিতে ॥১১৯ তাক দেখি হৰিষ ভৈলন্ত সৰ্ব্বজন । ৰাজাৰ দক্ষিণ বাহু স্পন্দে ঘনে ঘন ॥১২০ দক্ষিণ নয়ন স্পন্দে দক্ষিণ হৃদয় । পুত্ৰ হৈব হেন নৃপতিৰ মনে লয় ॥১২১ পৰম আনন্দ ভৈল হৃদয়ত জাত । সুগন্ধ চম্পক মালা পিন্ধিয়া মাথাত ॥১২২ অগৰু চন্দন শুক্ল বস্ত্ৰ পিন্ধি গাৱে । নানা দ্ৰব্যে দেৱক পূজন্ত সৰ্ব্বভাৱে ॥১২৩ নানা সুমঙ্গল বাদ্য বাজন বাৱয় । শুভ হেতু সৰ্ব্বজনে কৰে জয় জয় ॥১২৪ পুত্ৰ মন্ত্ৰ জপ ৰাজা কৰে মনে মন । সুমঙ্গল জপন্ত সকল মুনিগণ ॥১২৫ মুখ্য মুখ্য মুনিগণে বহ্নিত হবন্ত । পিঙ্গল আকৃতি বহ্নি কুণ্ডত জ্বলন্ত ॥১২৬ অদ্ভুত পুৰুষ হাতে পায়স লৈলন্ত । যজ্ঞৰ কুণ্ডৰ গৈয়া ভিতৰ ভৈলন্ত ॥১২৭ আকাশত থাকি ব্ৰহ্মা বুলিলা বচন । ৰাজাৰ বাঞ্চিত সিদ্ধি হৈব মুনিগণ ॥১২৮ কৰিয়োক পূৰ্ণাহুতি কুণ্ডৰ বহ্নিত । উঠিবেক আতি দিব্য পায়স অমৃত ॥১২৯ পৰম সাদৰে দশৰথে তাঙ্ক নিব । মহাদই সমস্তক বিবৰ্ত্তিয়া দিব ॥১৩০ তেবে চাৰি পুত্ৰ হৈব বিষ্ণু অৱতাৰ । কৰিবন্ত বংশ সমে ৰাজাক উদ্ধাৰ ॥১৩১ এহি বুলি ব্ৰহ্মা নিজ থানে চলি গৈলা । অদ্ভুত শুনিয়া মুনিগণ ৰঙ্গ ভৈলা ॥১৩২ ঋষ্যশৃঙ্গে পূৰ্ণাহুতি বহ্নিত দিলন্ত । কুণ্ড মধ্য হন্তে পুৰুষেক উঠিলন্ত ॥১৩৩ সুন্দৰ আকৃতি আতি বিষ্ণু সমসৰ । দিব্য বস্ত্ৰ অলঙ্কাৰে শোভে কলেৱৰ ॥১৩৪ মাথাত পীঙ্গট জট শৰীৰ পিঙ্গল । শবদ গম্ভীৰ তনু প্ৰকাশে উজ্জ্বল ॥১৩৫ সম্পূৰ্ণ পায়স পাত্ৰ হাতে আছে ধৰি । ঋষ্যশৃঙ্গ হাতে পাচে দিলন্ত সাদৰি ॥১৩৬ ৰঙ্গে ঋষ্যশৃঙ্গে লৈলা দুই হাত পাতি । অদ্ভুত পুৰুষে বাক্য বুলিলন্ত মাতি ॥১৩৭ সুবৰ্ণৰ পাত্ৰত পায়স থৈব ভৰি । তিনি মহাদই ভুঞ্জিবন্ত ভাগ কৰি ॥১৩৮ তিনিত হৈবেক চাৰি তনয় ৰাজাৰ । সাক্ষাতে হৈবন্ত নাৰায়ণ অৱতাৰ ॥১৩৯ সাধিবন্ত জগতৰ পৰম কল্যাণ । এহি বুলি অদ্ভুত ভৈলন্ত অন্তৰ্দ্ধান ॥১৪০ অদ্ভুতৰ কথা শুনি মহামুনিগণে । বসিলা পায়স লৈয়া হৰিষ বদনে ॥১৪১ ঋষ্যশৃঙ্গ মুনি মহাযজ্ঞ সমাপিল । দশৰথ ৰাজা ঋষিগণক অৰ্চ্চিল ॥১৪২ বস্ত্ৰ অলঙ্কাৰ পুষ্প চন্দনে ভূষিলা । বহুবিধ ৰত্ন দিয়া মন সন্তোষিলা ॥১৪৩ দিলা ৰাজা দক্ষিণা সুবৰ্ণ এক কোটি । মুনি সবে আশীৰ্ব্বাদ দিলা মনতুষ্টি ॥১৪৪ ৰজত বত্ৰিছ কোটি দিলা দশৰথ । আশীৰ্ব্বাদ পায়া পূৰ্ণ ভৈল মনোৰথ ॥১৪৫ ৰাজা প্ৰজা দুখী ভিক্ষু যতেক আছিল । অন্নে পানে নানা দানে সবাকো তুষিল ॥১৪৬ ৰাজাক যজ্ঞক কৰি প্ৰশংসা অশেষ । ৰাজা প্ৰজা মুনিগণ চলি গৈলা দেশ ॥১৪৭ পাচে ঋষ্যশৃঙ্গ মুনিৰাজক নৃপতি । অনেক প্ৰকাৰে পূজি কৰিলা ভকতি ॥১৪৮ স্তুতি নতি প্ৰণতি কৰিয়া বহুমান । শান্তা সমন্বিতে পঠাই দিলা নিজ থান ॥১৪৯ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334854.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|