Difference between revisions 334855 and 334882 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} <big>'''২৩ অধ্যায়'''<big> <big>'''পায়স ভক্ষণ আৰু সন্তান জন্ম'''</big> পায়া ৰাজা পায়স হৰিষ বিপৰীত । দেৱে যেন সাগৰত পাইলন্ত অমৃত ॥১ জগত দুৰ্ল্লভ ইতো পায়স সাক্ষাত । চাৰি অংশে বিষ্ণু তেজ আছয় ইহাত ॥২ দুই ভাগ পায়স কৰিয়া মহাৰাজ । দুই চৰু লৈয়া গৈলা অন্তঃপুৰ মাজ ॥৩ কৌশল্যা কৈকেয়ী দুই মহাদৈক দিল । পায়স ভুঞ্জিতে ৰাজা দুই হাঙ্কো বুলিল ॥৪ ইহাক ভুঞ্জিলে হৈব উত্তম সন্ততি । চাৰি অংশে বিষ্ণু আসি হৈব উতপতি ॥৫ পায়সৰ পৰম মহিমা শুনি আতি । সাদৰে লৈলন্ত দুয়ো জনে হাত পাতি ॥৬ হৰিষে খোজন্ত দুয়ো পায়স ভুঞ্জিত । সুমিত্ৰা আসিয়া দুইৰো আগে ভৈলা থিত ॥৭ কিবা খাহা বাই বুলি পুছিলা বিনয় । শুনি কৌশল্যাৰ দায়া ভৈল আতিশয় ॥৮ কৈকেয়ীক বুলিলন্ত কৌশল্যা সুন্দৰী । সুমিত্ৰাক নিদি আমি খাইবোঁ কেনে কৰি ॥৯ পাচে বুলিলন্ত নৃপতিৰ বিদ্যমান । সুমিত্ৰাক দিবে আজ্ঞা কৰাঁ কিছুমান ॥১০ হাসিলা নৃপতি কৌশল্যাৰ বাণী শুনি । সুমিত্ৰাকো দিবে আজ্ঞা দিলা মহামানী ॥১১ পাচে আসি বশিষ্ঠে দিলন্ত শুভক্ষণ । শুদ্ধ হুয়া কৰিবন্ত পায়স ভক্ষণ ॥১২ চাৰি অংশে বিষ্ণু আসি হৈব অৱতাৰ । ভুঞ্জিব পায়স কৰি মঙ্গল আচাৰ ॥১৩ বশিষ্ঠৰ বচন শুনিয়া তিনি জনে । আচৰি মঙ্গল শুদ্ধ হয়া শুভক্ষণে ॥১৪ পায়স ভুঞ্জিবে বসিলন্ত ভিন্নে ভিন্নি । প্ৰথমে ৰাজাৰ আজ্ঞা পাই দুই ৰাণী ॥১৫ পাচে সুমিত্ৰাক প্ৰতি আদেশ কৰিল । আগে দুই ভাগ দুই মহাদৈক দিল ॥১৬ কৌশল্যা কৈকেয়ী পাচে দুই পটেশ্বৰী । আপোনাৰ ভাগ দুয়ো দুই ভাগ কৰি ॥১৭ সুমিত্ৰাক দুই ভাগ দিলা ৰঙ্গ মনে । নিবন্ধন বাক্য বুলিলন্ত দুই জনে ॥১৮ শুনিবি সুমিত্ৰা তই আমাৰ উত্তৰ । আপুনি নিদিল তোক ভাগ নৃপবৰ ॥১৯ আমিসে স্নেহত ভাগ দিলোঁ তাক জান । এতেকেসে বোলোঁ আমি বচন বন্ধন ॥২০⏎ ⏎ যাৰ ভাগহন্তে তোৰ যিতো পুত্ৰ হয় । আমাৰ পুত্ৰৰ হৈব সহায় নিশ্চয় ॥২১ শুনি সুমিত্ৰাৰ ভৈল হৰিষ মনত । বোলন্ত বিনয় ভাৱে দুয়োৰে আগত ॥২২ শুনা দুয়ো জন বোলো স্বৰূপ বচন । All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334882.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|