Difference between revisions 334882 and 334886 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} <big>'''২৩ অধ্যায়'''<big> <big>'''পায়স ভক্ষণ আৰু সন্তান জন্ম'''</big> পায়া ৰাজা পায়স হৰিষ বিপৰীত । (contracted; show full) আমাৰ পুত্ৰৰ হৈব সহায় নিশ্চয় ॥২১ শুনি সুমিত্ৰাৰ ভৈল হৰিষ মনত । বোলন্ত বিনয় ভাৱে দুয়োৰে আগত ॥২২ শুনা দুয়ো জন বোলো স্বৰূপ বচন । ⏎ ⏎ হোৱে যেবে মোৰ দুই পুত্ৰ উতপন ॥২৩ হৈবেক সেবক তোৰা দুইৰো তনয়ৰ । শুনিয়া কৌতুক বৰ ভৈলা দুইহন্তৰ ॥২৪ অনন্তৰে তিনি জনে পখালিলা পাৱ । ধৌত বস্ত্ৰ পিন্ধি ভৈলা পবিত্ৰ স্বভাৱ ॥২৫ আপোনাৰ ভাগ সবে লৈয়া ৰঙ্গ মনে । পায়স ভোজন কৰিলন্ত তিনি জনে ॥২৬ পাচে পুষ্প শয্যাত শুতিলা তিনি সতী । শুভ লগ্নে অন্তঃপুৰে গৈলন্ত নৃপতি ॥২৭ অনুক্ৰমে প্ৰবেশিলা তিনিৰো শয্যাত । পুত্ৰকাম বিভাগে কৰিলা ৰেতঃপাত ॥২৮ নিদ্ৰা অচেতন তিনি দেবীয়ে আছন্ত । স্বপনত তিনিও দেখিল ভগৱন্ত ॥২৯ শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি । স্বপ্নে তিনি মহাদৈক দেখা দিলা হৰি ॥৩০ গৰুড়ৰ দুই পাখা জ্বলে সুবৰ্ণৰ । তাহান স্কন্ধত বসি আছে দামোদৰ ॥৩১ মহা মেঘখণ্ড যেন মেৰুৰ উপৰে । দিশপাশ প্ৰকাশি শৰীৰ জৌতি কৰে ॥৩২ পীত বস্ত্ৰ জ্বলে আতি শ্যাম শৰীৰত । স্থিৰ বিদ্যুতিকা যেন প্ৰকাশে মেঘত ॥৩৩ গলে বনমালা মণি কৌস্ত্তভ কণ্ঠত । ৰত্ন উড়িয়ানি জ্বলে কটি প্ৰদেশত ॥৩৪ পূৰ্ণ শশধৰ ৰুচি প্ৰসন্ন বদন । প্ৰফুল্ল পঙ্কজ জিনি শোভয় নয়ন ॥৩৫ শ্যাম শৰীৰত শোভে ৰত্ন অলংকাৰ । নিৰ্ম্মল গগনে যেন তাৰা জাতিষ্কাৰ ॥৩৬ গৰুড়ৰ স্কন্ধে জলে পাদ পদ্ম দুই । শৰতৰ নিৰ্ম্মল পঙ্কজো সম নুই ॥৩৭ কটাক্ষ হাসিত যেন অমৃত বৰিষে । তিনি মহাদই চাই আছন্ত হৰিষে ॥৩৮ হৈব অৱতাৰ হেন দেখি স্বপনত । কৰিলন্ত স্নান হৰি সাগৰ জলত ॥৩৯ তিনিয়ো আগতে পাচে ভৈলা অন্তৰ্দ্ধান । স্বপনত হৰিক দেখিয়া বিদ্যমান ॥৪০ স্নান দান কৰিলন্ত উঠি প্ৰভাতত । কহিলা স্বৰূপ কথা ৰাজাৰ আগত ॥৪১ বিপৰীত স্বপন দেখিলা তিনি জনে । হৈব হৰি পুত্ৰ ৰাজা জানিলন্ত মনে ॥৪২ পাচে নাৰায়ণ আসি চাৰি মূৰ্ত্তি ধৰি । তিনি মহাদৈৰ গৰ্ভে প্ৰবেশিলা হৰি ॥৪৩ ধৰিলন্ত গৰ্ভ একেবাৰে তিনি জন । সূৰ্য্যৰ সদৃশ গৰ্ভ কৰয় প্ৰসন্ন ॥৪৪ গৰ্ভৰ প্ৰকাশে প্ৰকাশয় তিনি নাৰী । চক্ষু কটাৰয় ৰূপে চাহিতে নাপাৰি ॥৪৫ ঈশ্বৰ কৃষ্ণৰ তেজ বাঢ়য় গৰ্ভত । গৰ্ভভাবে তিনি হুয়া আছে অশকত ॥৪৬ তেজোময় গৰ্ভ আতি দেখিতে উজ্জ্বল । বিষ্ণুপুত্ৰ হৈবন্ত ৰাজাৰ কৌতূহল ॥৪৭ যেতিক্ষণে যিবা বস্তু খোজয় খাইবাক । হৰিষে নৃপতি তেতিক্ষণে দেয় তাক ॥৪৮ পঞ্চম মাসত চায়া দিন শুভক্ষণ । ঘৃত মধু পঞ্চামৃত কৰালা ভোজন ॥৪৯ নানা দ্ৰব্যে উত্সৱ কৰিয়া নানামত । কৰিলন্ত পুংসৱন অষ্টম মাসত ॥৫০ কৰন্ত গৰ্ভক ৰক্ষা যত দেৱগণ । হুয়া অৱতাৰ হৰি বধিবা ৰাৱণ ॥৫১ মুনি সবে আচৰিলা মঙ্গল অপাৰ । উপজিবা হৰি হৈব জগত উদ্ধাৰ ॥৫২ নাছাৰন্ত ৰাজা তিনি মহাদৈৰ পাশ । অনন্তৰে গৰ্ভ ভৈল পূৰ্ণ দশমাস ॥৫৩ শুভগ্ৰহ নক্ষত্ৰ মিলিল শুভক্ষণ । কৌশল্যা দেবীৰ পুত্ৰ ভৈলা উতপন ॥৫৪ জগতৰে সুমঙ্গল ভৈলন্ত উদয় । শীতল দীপিতি দশোদিশ প্ৰকাশয় ॥৫৫ ত্ৰিজগত লোকৰ কুশল হেতু হৰি । উপজিলা কৌশল্যাত নৰৰূপ ধৰি ॥৫৬ দেৱগণে স্তুতি নতি কৰে আকাশত । জয় জয় নৃত্য গীত কৰে নানামত ॥৫৭ যেতিক্ষণে কৌশল্যাত পুত্ৰ উপজিল । অন্তঃপুৰ মাজে মহা কৌতুক মিলিল ॥৫৮ জয় জয় কোলাহল কৰে হুলস্থূল । নানা নৃত্য গীত বাদ্য শবদ তুমুল ॥৫৯ সুগন্ধ শীতল জলে শিশুক ধোৱাইল । দুগ্ধ দিয়া সুকোমল শয্যাত শুৱাইল ॥৬০ অনন্তৰে দূতে নৃপতিত জান দিল । শুনা প্ৰভু কৌশল্যাত পুত্ৰ উপজিল ॥৬১ শুনি নৃপতিৰ হৰিষৰ নাহি পাৰ । দূতক দিলন্ত ৰাজা বস্ত্ৰ অলঙ্কাৰ ॥৬২ সবস্ত্ৰে নৃপতি পাচে কৰিলন্ত স্নান । বহুবিধ ৰত্ন ৰাজা কৰিলন্ত দান ॥৬৩ যতেক ভাণ্ডাৰ মানে সমীপতে পাইল । পুত্ৰৰ কল্যাণ হেতু সমস্তে বিলাইল ॥৬৪ তাত পাচে কৈকেয়ীৰ পুত্ৰ উপজিল । শুনি নৃপতিৰ মহা হৰিষ মিলিল ॥৬৫ আত অনন্তৰে শুভক্ষণ সময়ত । সুমিত্ৰাৰ পুত্ৰ দুই ভৈলন্ত বেকত ॥৬৬ সৰ্ব্ব সুলক্ষণ দুই জৱঞ্জা কুমাৰ । শুনি নৃপতিৰ নাহি আনন্দৰ পাৰ ॥৬৭ উপজিল চাৰি পুত্ৰ বংশৰ উদ্ধাৰ । হৰিষে বিলাইলা ৰাজ্য প্ৰধান ভাণ্ডাৰ ॥৬৮ ভূমিত বেকত যেবে ভৈলা দামোদৰ । খসিল মাথাৰ মণি ৰাজা ৰাৱণৰ ॥৬৯ দেখিয়া পুছিলা মাল্যৱন্তত ৰাৱণে । খসিল মাথাৰ মোৰ মণি কি কাৰণে ॥৭০ মাল্যৱন্ত বোলে শুনা কাৰণ ইহাৰ । যাহাৰ হাতত মৃত্যু হৈবেক তোমাৰ ।৭১ সেইজন পৃথিৱীত ভৈলা উতপন । শুনিয়া কুপিল মাল্যৱন্তক ৰাৱণ ॥৭২ গৰিহাৰ ছলে তাঙ্ক অনেক নিন্দিল । পুনৰপি তুলি মণি মাথাত পিন্ধিল ॥৭৩ যেতিক্ষণে অৱতাৰ ভৈলা নাৰায়ণ । তেখনৰ পৰা শুভ দেখে দেৱগণ ॥৭৪ নানাবিধ অশুভ দেখয় লঙ্কেশ্বৰ । শুনিয়োক কথামৃত আত অনন্তৰ ॥৭৫ দশৰথ ঘৰে হৰি ভৈলা অৱতাৰ । দেখিয়া উত্সুক বৰ ভৈল দেৱতাৰ ॥৭৬ দুন্দুভি শবদ আতি কৰে নিৰন্তৰে । বৰষিলা পুষ্প দশৰথৰ উপৰে ॥৭৭ শুভক্ষণ চাই দশৰথ নৃপবৰ । ক্ৰমে দেখিলন্ত মুখ চাৰিও পুত্ৰৰ ॥৭৮ পূৰ্ণিমাৰ চন্দ্ৰ যেন জ্বলন্তে আছয় । দেখি নৃপতিৰ ভৈলা আনন্দ হৃদয় ॥৭৯ মহানিধি লাভ যেন ভৈল দৰিদ্ৰৰ । লোভী পাইলা যেন পূৰ্ণঘট অমৃতৰ ॥৮০ বন্ধ আসি জীৱ যেন ভৈলন্ত মুকুত । সেহি মতে ৰাজাৰ আনন্দ অদভূত ॥৮১ তপহন্তে আসিল কৌশিক মুনিবৰ । বেদ পঢ়ি আশীৰ্ব্বাদ কৰিলা বিস্তৰ ॥৮২ নৃপতিৰ উপজিল চাৰি পুত্ৰবৰ । অযোধ্যাত মিলি গৈল আনন্দ বিস্তৰ ॥৮৩ নৃত্য গীত বাদ্যভণ্ড নানা কৌতুহল । আচৰিলা পূজা বহুবিধ সুমঙ্গল ॥ ৮৪ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334886.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|