Difference between revisions 334882 and 334886 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

&nbsp; &nbsp; &nbsp;<big>'''২৩ অধ্যায়'''<big> 

&nbsp; &nbsp; <big>'''পায়স ভক্ষণ আৰু সন্তান জন্ম'''</big>

পায়া ৰাজা পায়স হৰিষ বিপৰীত ।

দেৱে যেন সাগৰত পাইলন্ত অমৃত ॥১

জগত দুৰ্ল্লভ ইতো পায়স সাক্ষাত ।

চাৰি অংশে বিষ্ণু তেজ আছয় ইহাত ॥২

দুই ভাগ পায়স কৰিয়া মহাৰাজ । 

দুই চৰু লৈয়া গৈলা অন্তঃপুৰ মাজ ॥৩

কৌশল্যা কৈকেয়ী দুই মহাদৈক দিল ।

পায়স ভুঞ্জিতে ৰাজা দুই হাঙ্কো বুলিল ॥৪

ইহাক ভুঞ্জিলে হৈব উত্তম সন্ততি ।

চাৰি অংশে বিষ্ণু আসি হৈব উতপতি ॥৫

পায়সৰ পৰম মহিমা শুনি আতি ।

সাদৰে লৈলন্ত দুয়ো জনে হাত পাতি ॥৬

হৰিষে খোজন্ত দুয়ো পায়স ভুঞ্জিত ।

সুমিত্ৰা আসিয়া দুইৰো আগে ভৈলা থিত ॥৭

কিবা খাহা বাই বুলি পুছিলা বিনয় ।

শুনি কৌশল্যাৰ দায়া ভৈল আতিশয় ॥৮

কৈকেয়ীক বুলিলন্ত কৌশল্যা সুন্দৰী ।

সুমিত্ৰাক নিদি আমি খাইবোঁ কেনে কৰি ॥৯

পাচে বুলিলন্ত নৃপতিৰ বিদ্যমান ।

সুমিত্ৰাক দিবে আজ্ঞা কৰাঁ কিছুমান ॥১০

হাসিলা নৃপতি কৌশল্যাৰ বাণী শুনি ।

সুমিত্ৰাকো দিবে আজ্ঞা দিলা মহামানী ॥১১

পাচে আসি বশিষ্ঠে দিলন্ত শুভক্ষণ ।

শুদ্ধ হুয়া কৰিবন্ত পায়স ভক্ষণ ॥১২

চাৰি অংশে বিষ্ণু আসি হৈব অৱতাৰ ।

ভুঞ্জিব পায়স কৰি মঙ্গল আচাৰ ॥১৩

বশিষ্ঠৰ বচন শুনিয়া তিনি জনে ।

আচৰি মঙ্গল শুদ্ধ হয়া শুভক্ষণে ॥১৪

পায়স ভুঞ্জিবে বসিলন্ত ভিন্নে ভিন্নি ।

প্ৰথমে ৰাজাৰ আজ্ঞা পাই দুই ৰাণী ॥১৫

পাচে সুমিত্ৰাক প্ৰতি আদেশ কৰিল ।

আগে দুই ভাগ দুই মহাদৈক দিল ॥১৬

কৌশল্যা কৈকেয়ী পাচে দুই পটেশ্বৰী ।

আপোনাৰ ভাগ দুয়ো দুই ভাগ কৰি ॥১৭

সুমিত্ৰাক দুই ভাগ দিলা ৰঙ্গ মনে ।

নিবন্ধন বাক্য বুলিলন্ত দুই জনে ॥১৮

শুনিবি সুমিত্ৰা তই আমাৰ উত্তৰ ।

আপুনি নিদিল তোক ভাগ নৃপবৰ ॥১৯

আমিসে স্নেহত ভাগ দিলোঁ তাক জান ।

এতেকেসে বোলোঁ আমি বচন বন্ধন ॥২০

যাৰ ভাগহন্তে তোৰ যিতো পুত্ৰ হয় ।

আমাৰ পুত্ৰৰ হৈব সহায় নিশ্চয় ॥২১

শুনি সুমিত্ৰাৰ ভৈল হৰিষ মনত ।

বোলন্ত বিনয় ভাৱে দুয়োৰে আগত ॥২২

শুনা দুয়ো জন  বোলো স্বৰূপ বচন ।

হোৱে যেবে মোৰ দুই পুত্ৰ উতপন ॥২৩

হৈবেক সেবক তোৰা দুইৰো তনয়ৰ ।

শুনিয়া কৌতুক বৰ ভৈলা দুইহন্তৰ ॥২৪

অনন্তৰে তিনি জনে পখালিলা পাৱ ।

ধৌত বস্ত্ৰ পিন্ধি ভৈলা পবিত্ৰ স্বভাৱ ॥২৫

আপোনাৰ ভাগ সবে লৈয়া ৰঙ্গ মনে ।

পায়স ভোজন কৰিলন্ত তিনি জনে ॥২৬

পাচে পুষ্প শয্যাত শুতিলা তিনি সতী ।

শুভ লগ্নে অন্তঃপুৰে গৈলন্ত নৃপতি ॥২৭

অনুক্ৰমে প্ৰবেশিলা তিনিৰো শয্যাত ।

পুত্ৰকাম বিভাগে কৰিলা ৰেতঃপাত ॥২৮

নিদ্ৰা অচেতন তিনি দেবীয়ে আছন্ত ।

স্বপনত তিনিও দেখিল ভগৱন্ত ॥২৯

শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি ।

স্বপ্নে তিনি মহাদৈক দেখা দিলা হৰি ॥৩০

গৰুড়ৰ দুই পাখা জ্বলে সুবৰ্ণৰ ।

তাহান স্কন্ধত বসি আছে দামোদৰ ॥৩১

মহা মেঘখণ্ড যেন মেৰুৰ উপৰে ।

দিশপাশ প্ৰকাশি শৰীৰ জৌতি কৰে ॥৩২

পীত বস্ত্ৰ জ্বলে আতি শ্যাম শৰীৰত ।

স্থিৰ বিদ্যুতিকা যেন প্ৰকাশে মেঘত ॥৩৩

গলে বনমালা মণি কৌস্ত্তভ কণ্ঠত ।

ৰত্ন উড়িয়ানি জ্বলে কটি প্ৰদেশত ॥৩৪

পূৰ্ণ শশধৰ ৰুচি প্ৰসন্ন বদন ।

প্ৰফুল্ল পঙ্কজ জিনি শোভয় নয়ন ॥৩৫

শ্যাম শৰীৰত শোভে ৰত্ন অলংকাৰ ।

নিৰ্ম্মল গগনে যেন তাৰা জাতিষ্কাৰ ॥৩৬

গৰুড়ৰ স্কন্ধে জলে পাদ পদ্ম দুই ।

শৰতৰ নিৰ্ম্মল পঙ্কজো সম নুই ॥৩৭

কটাক্ষ হাসিত যেন অমৃত বৰিষে ।

তিনি মহাদই চাই আছন্ত হৰিষে ॥৩৮

হৈব অৱতাৰ হেন দেখি স্বপনত ।

কৰিলন্ত স্নান হৰি সাগৰ জলত ॥৩৯

তিনিয়ো আগতে পাচে ভৈলা অন্তৰ্দ্ধান ।

স্বপনত হৰিক দেখিয়া বিদ্যমান ॥৪০

স্নান দান কৰিলন্ত উঠি প্ৰভাতত ।

কহিলা স্বৰূপ কথা ৰাজাৰ আগত ॥৪১

বিপৰীত স্বপন দেখিলা তিনি জনে ।

হৈব হৰি পুত্ৰ ৰাজা জানিলন্ত মনে ॥৪২

পাচে নাৰায়ণ আসি চাৰি মূৰ্ত্তি ধৰি ।

তিনি মহাদৈৰ গৰ্ভে প্ৰবেশিলা হৰি ॥৪৩

ধৰিলন্ত গৰ্ভ একেবাৰে তিনি জন ।

সূৰ্য্যৰ সদৃশ গৰ্ভ কৰয় প্ৰসন্ন ॥৪৪

গৰ্ভৰ প্ৰকাশে প্ৰকাশয় তিনি নাৰী ।

চক্ষু কটাৰয় ৰূপে চাহিতে নাপাৰি ॥৪৫

ঈশ্বৰ কৃষ্ণৰ তেজ বাঢ়য় গৰ্ভত ।

গৰ্ভভাবে তিনি হুয়া আছে অশকত ॥৪৬

তেজোময় গৰ্ভ আতি দেখিতে উজ্জ্বল ।

বিষ্ণুপুত্ৰ হৈবন্ত ৰাজাৰ কৌতূহল ॥৪৭

যেতিক্ষণে যিবা বস্তু খোজয় খাইবাক ।

হৰিষে নৃপতি তেতিক্ষণে দেয় তাক ॥৪৮

পঞ্চম মাসত চায়া দিন শুভক্ষণ ।

ঘৃত মধু পঞ্চামৃত কৰালা ভোজন ॥৪৯

নানা দ্ৰব্যে উত্সৱ কৰিয়া নানামত ।

কৰিলন্ত পুংসৱন অষ্টম মাসত ॥৫০

কৰন্ত গৰ্ভক ৰক্ষা যত দেৱগণ ।

হুয়া অৱতাৰ হৰি বধিবা ৰাৱণ ॥৫১

মুনি সবে আচৰিলা মঙ্গল অপাৰ ।

উপজিবা হৰি হৈব জগত উদ্ধাৰ ॥৫২

নাছাৰন্ত ৰাজা তিনি মহাদৈৰ পাশ ।

অনন্তৰে গৰ্ভ ভৈল পূৰ্ণ দশমাস ॥৫৩

শুভগ্ৰহ নক্ষত্ৰ মিলিল শুভক্ষণ ।

কৌশল্যা দেবীৰ পুত্ৰ ভৈলা উতপন ॥৫৪

জগতৰে সুমঙ্গল ভৈলন্ত উদয় ।

শীতল দীপিতি দশোদিশ প্ৰকাশয় ॥৫৫

ত্ৰিজগত লোকৰ কুশল হেতু হৰি ।

উপজিলা কৌশল্যাত নৰৰূপ ধৰি ॥৫৬

দেৱগণে স্তুতি নতি কৰে আকাশত ।

জয় জয় নৃত্য গীত কৰে নানামত ॥৫৭

যেতিক্ষণে কৌশল্যাত পুত্ৰ উপজিল ।

অন্তঃপুৰ মাজে মহা কৌতুক মিলিল ॥৫৮

জয় জয় কোলাহল কৰে হুলস্থূল ।

নানা নৃত্য গীত বাদ্য শবদ তুমুল ॥৫৯

সুগন্ধ শীতল জলে শিশুক ধোৱাইল ।

দুগ্ধ দিয়া সুকোমল শয্যাত শুৱাইল ॥৬০

অনন্তৰে দূতে নৃপতিত জান দিল ।

শুনা প্ৰভু কৌশল্যাত পুত্ৰ উপজিল ॥৬১

শুনি নৃপতিৰ হৰিষৰ নাহি পাৰ ।

দূতক দিলন্ত ৰাজা বস্ত্ৰ অলঙ্কাৰ ॥৬২

সবস্ত্ৰে নৃপতি পাচে কৰিলন্ত স্নান ।

বহুবিধ ৰত্ন ৰাজা কৰিলন্ত দান ॥৬৩

যতেক ভাণ্ডাৰ মানে সমীপতে পাইল ।

পুত্ৰৰ কল্যাণ হেতু সমস্তে বিলাইল ॥৬৪

তাত পাচে কৈকেয়ীৰ পুত্ৰ উপজিল ।

শুনি নৃপতিৰ মহা হৰিষ মিলিল ॥৬৫

আত অনন্তৰে শুভক্ষণ সময়ত ।

সুমিত্ৰাৰ পুত্ৰ দুই ভৈলন্ত বেকত ॥৬৬

সৰ্ব্ব সুলক্ষণ দুই জৱঞ্জা কুমাৰ ।

শুনি নৃপতিৰ নাহি আনন্দৰ পাৰ ॥৬৭

উপজিল চাৰি পুত্ৰ বংশৰ উদ্ধাৰ ।

হৰিষে বিলাইলা ৰাজ্য প্ৰধান ভাণ্ডাৰ ॥৬৮

ভূমিত বেকত যেবে ভৈলা দামোদৰ ।

খসিল মাথাৰ মণি ৰাজা ৰাৱণৰ ॥৬৯

দেখিয়া পুছিলা মাল্যৱন্তত ৰাৱণে ।

খসিল মাথাৰ মোৰ মণি কি কাৰণে ॥৭০

মাল্যৱন্ত বোলে শুনা কাৰণ ইহাৰ ।

যাহাৰ হাতত মৃত্যু হৈবেক তোমাৰ ।৭১

সেইজন পৃথিৱীত ভৈলা উতপন ।

শুনিয়া কুপিল মাল্যৱন্তক ৰাৱণ ॥৭২

গৰিহাৰ ছলে তাঙ্ক অনেক নিন্দিল ।

পুনৰপি তুলি মণি মাথাত পিন্ধিল ॥৭৩

যেতিক্ষণে অৱতাৰ ভৈলা নাৰায়ণ ।

তেখনৰ পৰা শুভ দেখে দেৱগণ ॥৭৪

নানাবিধ অশুভ দেখয় লঙ্কেশ্বৰ ।

শুনিয়োক কথামৃত আত অনন্তৰ ॥৭৫

দশৰথ ঘৰে হৰি ভৈলা অৱতাৰ ।

দেখিয়া উত্সুক বৰ ভৈল দেৱতাৰ ॥৭৬

দুন্দুভি শবদ আতি কৰে নিৰন্তৰে ।

বৰষিলা পুষ্প দশৰথৰ উপৰে ॥৭৭

শুভক্ষণ চাই দশৰথ নৃপবৰ ।

ক্ৰমে দেখিলন্ত মুখ চাৰিও পুত্ৰৰ ॥৭৮

পূৰ্ণিমাৰ চন্দ্ৰ যেন জ্বলন্তে আছয় ।

দেখি নৃপতিৰ ভৈলা আনন্দ হৃদয় ॥৭৯

মহানিধি লাভ যেন ভৈল দৰিদ্ৰৰ ।

লোভী পাইলা যেন পূৰ্ণঘট অমৃতৰ ॥৮০

বন্ধ আসি জীৱ যেন ভৈলন্ত মুকুত ।

সেহি মতে ৰাজাৰ আনন্দ অদভূত ॥৮১

তপহন্তে আসিল কৌশিক মুনিবৰ ।

বেদ পঢ়ি আশীৰ্ব্বাদ কৰিলা বিস্তৰ ॥৮২

নৃপতিৰ উপজিল চাৰি পুত্ৰবৰ ।

অযোধ্যাত মিলি গৈল আনন্দ বিস্তৰ ॥৮৩

নৃত্য গীত বাদ্যভণ্ড নানা কৌতুহল ।

আচৰিলা পূজা বহুবিধ সুমঙ্গল ॥ ৮৪