Difference between revisions 334886 and 334914 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

&nbsp; &nbsp; &nbsp;<big>'''২৩ অধ্যায়'''<big> 

&nbsp; &nbsp; <big>'''পায়স ভক্ষণ আৰু সন্তান জন্ম'''</big>

পায়া ৰাজা পায়স হৰিষ বিপৰীত ।

(contracted; show full)
নৃপতিৰ উপজিল চাৰি পুত্ৰবৰ ।

অযোধ্যাত মিলি গৈল আনন্দ বিস্তৰ ॥৮৩

নৃত্য গীত বাদ্যভণ্ড নানা কৌতুহল ।

আচৰিলা পূজা বহুবিধ সুমঙ্গল ॥
  ৮৪

পৃথিৱীৰ ৰাজাগণে কৰি বহু যত্ন ।

দশৰথ ৰাজাক যোগাইল বহু ৰত্ন ॥৮৫

চাৰি মূৰ্ত্তি ধৰি ভৈলা ঈশ্বৰ বিদিত ।

মিলিল উত্সৱ সাতোদ্বীপা পৃথিৱীত ॥৮৬

দেৱৰ কৌতুক বৰ মিলিল স্বৰ্গত ।

পৰম আনন্দ ভৈল নগৰ লোকত ॥৮৭

ত্ৰৈলোক্যত ভৈল মহা হৰিষ প্ৰচুৰ ।

নাশিব দুৰ্জ্জন মহন্তৰ দুখ দূৰ ॥৮৮

চাৰি অংশে চতুৰ্ভূজ দেৱ নাৰায়ণ ।

উপজিলা শুনি আসিলন্ত মুনিগণ ॥৮৯

উচ্চৈঃস্বৰে শুদ্ধ বেদ মন্ত্ৰ উচ্চৰিলা ।

চাৰিও শিশুক সবে আশীৰ্ব্বাদ দিলা ॥৯০

ঋষি সমস্তক ৰঙ্গে অৰ্চ্চিয়া নৃপতি ।

চাৰিও পুত্ৰক ৰাজ্য কৰাইলা গণতি ॥৯১

জগতৰঞ্জন গুণ দেখি অনুপাম ।

কৌশল্যাৰ পুত্ৰৰ থৈলন্ত ৰাম নাম ॥৯২

কৈকেয়ীক ৰাজাৰ অধিক স্নেহতৰ ।

থৈলন্ত ভৰত নাম তাহান পুত্ৰৰ ॥৯৩

সুমিত্ৰাৰ পুত্ৰ দুই সৰ্ব্ব সুলক্ষণ ।

দেখি নাম থৈলন্ত লক্ষণ শত্ৰুঘন ॥৯৪

ঋষিগণে বোলন্ত শুনিয়ো দশৰথ ।

তযু পুত্ৰে পূৰিব সবাৰ মনোৰথ ॥৯৫

এক নাৰায়ণ চাৰি অংশে মূৰ্ত্তি ধৰি ।

ভৈল চাৰি পুত্ৰ আক জানা নিষ্ঠ কৰি ॥৯৬

আপুনি ভৈলন্ত পুত্ৰ জগত আধাৰ ।

কমনে বৰ্ণাইবোঁ ৰাজ্য ভাগ্যক তোমাৰ ॥৯৭

ৰামৰূপে অৱতাৰ ভৈলন্ত ঈশ্বৰ ।

লভিলা সন্ততি ৰাজা সূৰ্য্য বংশোদ্ধাৰ ॥৯৮

সন্তক পালিবা ৰাম পুৰুষ প্ৰধান ।

দুৰ্জ্জন জনক মাৰি কৰিবা নিৰ্যাণ ॥৯৯

বলে বীৰ্য্যে ধৈৰ্য্যে গুণে ৰূপে নিৰুপম ।

ৰাৱণে সহিতে ৰাক্ষসৰ হৈবে যম ॥১০০

নুহিবেক সুপুৰুষ ৰামৰ সমান ।

অনুৰূপে জগতৰে সাধিবা কল্যাণ ॥১০১

নিজ গুণে যশে জগতক ৰঞ্জিবন্ত ।

ৰামৰ মহিমা কহি কোনে পাইবে অন্ত ॥১০২

সমস্ত লোকৰে আন্ত হৈব অনুৰাগ ।

কিনো তুমি সুপুত্ৰ লভিলা মহাভাগ ॥১০৩

এহিমতে গণিত কৰিলা ঋষিগণ ।

শুনি দশৰথৰ সন্তুষ্ট ভৈলা মন ॥১০৪

ঈশ্বৰক পুত্ৰ পায়া ভৈলা কৌতূহল ।

মুনি সকলক পূজিলন্ত মহাবল ॥১০৫

পৰমান্ন পঞ্চমৃতে কৰাইলা ভোজন ।

তুষিলন্ত দিয়া পুষ্প অগৰু চন্দন ॥১০৬

পিন্ধাইলা সবাকো দিব্য বস্ত্ৰ অলঙ্কাৰ ।

দিলা ৰত্ন অঞ্জলি সুবৰ্ণ একো ভাৰ ॥১০৭

কৃতাঞ্জলি সবাকো কৰিলা নমস্কাৰ ।

সবাকো নৃপতি অৰ্চ্চিলন্ত বাৰে বাৰ ॥১০৮

হস্তী ঘোঁৰা ৰথ দোলা দাসী দাস দেশ ।

সুবৰ্ণৰ জাৰি খুড়ি ভাজন অশেষ ॥১০৯

মনত বাঞ্চিয়া ৰাজা পুত্ৰৰ কল্যাণ ।

নপাৰি কহিবে যত কৰিলন্ত দান ॥১১০

নট ভাট তেলী মালী দুখী ভিক্ষু জন ।

অন্ন পানে মহাদানে সন্তোষিলা মন ॥১১১

আছিলেক খাটনীয়া নৃপতি যতেক ।

দিলা বস্ত্ৰ অলঙ্কাৰ প্ৰমাদ অনেক ॥১১২

দেব পিতৃ মুনিগণ যতেক জগত ।

সবাকো তোষিলা ৰাজা পুত্ৰ উতসৱত ॥১১৩

ৰাজ সতকাৰ পায়া মুনি নিৰন্তৰ ।

ৰাজাক প্ৰশংসা কৰি চলি গৈলা ঘৰ ॥১১৪

সমাজত লোক আছিলেক যত নাম ।

মহামন ৰঙ্গে চলি গৈল স্থানে স্থান ॥১১৫

পাচে দশৰথে সঙ্কলিয়া যত কাজ ।

পৰিপূৰ্ণ মনোৰথ ভৈলা মহাৰাজ ॥১১৬

নখণ্ডে তৃপিতি অতি দেখি পুত্ৰ মুখ ।

জীৱৰ সন্তোষ যেন পায়া মোক্ষসুখ ॥১১৭

ঈশ্বৰ অংশৰ তেজ মহা প্ৰজ্বলিত ।

চন্দ্ৰমাৰ কলা যেন বাঢ়ে নিতে নিত ॥১১৮

চাৰি ভাইৰ মাজে জ্যেষ্ঠ ভৈলন্ত শ্ৰীৰাম ।

পৰম উজ্বল তনু দুৰ্ব্বাদলশ্যাম ॥১১৯

পদ্মগৰ্ভ অৰুণ নয়ন যুগে জ্বলে ।

সুপ্ৰসন্ন বদন চন্দ্ৰতো কৰি বলে ॥১২০

শোভন কপোল কৰ্ণ স্কন্ধ সুবলিত ।

শিৰছত্ৰাকৃতি কেশ নীল আকুঞ্চিত ॥১২১

ধনুৰ সমান ভ্ৰুব যুগ কৰে কান্তি ।

নানা তিল ফুল মনোহৰ দন্ত পান্তি ॥১২২

সুন্দৰ স্কন্ধৰ কম্বুকণ্ঠ মনোনীত ।

ভুজ ভূজঙ্গম সম সমান বলিত ॥১২৩

সুদীৰ্ঘ আঙুলি কৰ কিশলয় সম ।

নখমণি প্ৰকাশে দেখিতে মনোৰম ॥১২৪

বক্ষস্থল সুন্দৰ দেখিতে মনোহৰ ।

ত্ৰিবলি বলিত নাভি পদ্ম সৰোবৰ ॥১২৫

বহল জঘন কটি সিংহ সপ্ৰমাণ ।

উৰু কৰিকৰ জানু জঘন সুঠান ॥১২৬

পদ্মকোষ জিনি জ্বলে চৰণ যুগল ।

চম্পক কলিকা সম আঙুলি উজ্জ্বল ॥১২৭

নখমণিচয় যেন জ্বলে চন্দ্ৰগণ ।

যাক দেখি স্তম্ভি ৰহে ভকতৰ মন ॥১২৮

আলতা গুলিলে যেন দেখি পদতল ।

অত্যন্ত লাৱণ্য আতিশয় সুকোমল ॥১২৯

ৰেখাৰূপে চৰণত প্ৰকাশে কমল ।

মহাপুৰুষৰ চিহ্ন জ্বলে ইসকল ॥১৩০

সৰ্ব্বাঙ্গ সুন্দৰ ৰূপ পৰম মধুৰ ।

দেখন্তে লোকৰ পাপা তাপ হোৱে দূৰ ॥১৩১

পৰম শ্ৰীমন্ত সন্ত শীতল শৰীৰ ।

সাগৰ গম্ভীৰ ধীৰ গুণৰ মন্দিৰ ॥১৩২

অমৃত সমান বাণী মধুৰ আলাপ । 

সৰ্ব্বজন ৰঞ্জন নাহিকে কোপতাপ ॥১৩৩

কৈকেয়ীৰ তনয় ভৰত শুভান্নয় ।

পৰম সুন্দৰ সৰ্ব্ব গুণৰ আলয় ॥১৩৪

সুমিত্ৰাৰ তনয় লক্ষ্মণ শত্ৰুঘন ।

দুয়ো সৰ্ব্ব সুন্দৰ শীতল সুশোভন ॥১৩৫

দুয়ো সুকুমাৰ দুয়োজন শুভাশয় ।

সৰ্ব্ব গুণান্বিত দুয়ো ভাই শুভান্নয় ॥১৩৬

কৌশল্যা কৈকেয়ী পৰমান বাঁটী দিল ।

দুয়ো ভাগ পৰমান সুমিত্ৰা ভুঞ্জিল ॥১৩৭

সেই দুই ভাগে ভৈল দুই সহোদৰ ।

কৌশল্যাৰ ভাগে ভৈল লক্ষ্মণ কুমাৰ ॥১৩৮

কৈকেয়ীৰ ভাগত ভৈলন্ত শত্ৰুঘন ।

এতেকে দুইকো ভক্তি কৰে দুয়ো জন ॥১৩৯

ৰামত ভকতি সদা কৰন্ত লক্ষ্মণে ।

ভৰতত শত্ৰুঘন থাকন্ত মিলনে ॥১৪০

ভৰত লক্ষ্মণ শত্ৰুঘন মহাসন্ত ।

জ্যেষ্ঠ ৰামত সদা ভকতি কৰন্ত ॥১৪১

অন্যোঅন্য চাৰি ভাই পৰম মিলন ।

একে বিষ্ণু অংশে আসি ভৈল চাৰি জন ॥১৪২

নমো নমো ৰাম ৰঘুকুলৰ তিলক ।

সজ্জন ৰঞ্জন দুষ্টজন বিনাশক ॥১৪৩

যাৰ নামে পূৰে জগতৰ মনকাম ।

পলাওক পাতক ডাকি বোলাঁ ৰাম ৰাম ॥১৪৪




&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; <big>'''২৪ অধ্যায়'''<big> 

&nbsp; &nbsp; &nbsp; &nbsp;&nbsp;<big>'''ছবি ।'''</big>


পৰম পুৰুষ হৰি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;লীলা নৰতনু ধৰি,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;ৰাম ৰূপে হুয়া অৱতাৰ ।

বাঢ়ি যান্ত প্ৰতিনিত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সমস্তৰে ৰঞ্জি চিত্ত,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;আচৰন্ত ক্ষত্ৰ ব্যৱহাৰ ॥১

পিতৃ মাতৃ চৰণত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সেৱাত সততে ৰত,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;দেৱ দ্বিজ গুৰুৰ চৰণে ।

কৰন্ত ভকতি নিত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;সদাই ধৰ্ম্মত চিত্ত,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দম্ভ অহঙ্কাৰ নাহি মনে ॥২

পৰম আচাৰী সন্ত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আতিশয় নীতিমন্ত,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পঢ়িলন্ত শাস্ত্ৰ নিৰন্তৰ ।

অত্যন্ত কৰুণাশীল, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নানাগুণ অভ্যাসিল,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অস্ত্ৰে শস্ত্ৰে ভৈলা ধনুৰ্দ্ধৰ ॥৩

দানধৰ্ম্ম ৰাজধৰ্ম্ম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কুলৰ যতেক কৰ্ম্ম,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জানিলা চাৰিও মহাশয় ।

গুৰুক কৰিয়া মান, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সাম দণ্ড ভেদ দান, 

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জানিলন্ত আৰো যত নয় ॥৪

চাৰি ভাইৰ মাজে ৰাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সৰ্ব্বগুণে অনুপাম,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নাহি আন ৰামৰ সমান ।

সমস্তৰে অগ্ৰগণি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰঘুবংশ শিৰোমণি,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ভৈলা ৰাম পুৰুষ প্ৰধান ॥৫

অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ যত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;চৌষষ্টি কলাৰ তত্ত্ব,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যত বিদ্যা আছে সংসাৰত ।

ক্ষেপণ জোৰণ বাণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মন্ত্ৰ পড়ি সংহাৰণ,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সমস্ততে ভৈলন্ত পাৰ্গত ॥৬

ৰাঘৱৰ যশ যত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰকাশিল জগতত,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেন পূৰ্ণচন্দ্ৰ প্ৰজ্বলিত ।

শুনন্তা লোকৰ মানে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেন অমৃতৰ পানে,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অধিক সন্তোষ কৰে চিত ॥৭

দশৰথ নৰেশ্বৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; গুণ দেখি ৰাঘৱৰ,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মনে যেন অমৃত বৰিষে ।

কৌশল্যাৰ মন প্ৰাণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামত মগন ভৈল,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সুধা যেন পিয়ে অহৰ্নিশে ॥৮

ৰামৰ প্ৰসন্ন মুখ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখন্তে মিলয় সুখ,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অযোধ্যাৰ যত নাৰী নৰ ।

ৰামকেসে কৰে ধ্যান, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামতে মজিল প্ৰাণ,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ভৈল লোক অধীন ৰামৰ ॥৯

সৰ্ব্ব পাল বিমোচন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাঘৱৰ গুণগণ,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কহে জুমাজুমি সৰ্ব্বজনে ।

নিৰ্ম্মল চৰিত্ৰ চয়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কেৱল অমৃতময়,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শুনি সবে পিয়ে সৰ্ব্বক্ষণে ॥১০




&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; <big>'''২৫ অধ্যায়'''<big> 

&nbsp; &nbsp; &nbsp; &nbsp;&nbsp;<big>'''দুলৰি ।'''</big>


ৰামৰ সমান,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;নাহি সুপুৰুষ,

&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;ইতিনি লোকৰ মাজে ।

দুৰ্ব্বদলশ্যাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;সুন্দৰ শৰীৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;দেখিয়া মদনো নাজে ॥১

গজেন্দ্ৰ গমন,&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; হাস্য নিৰীক্ষণ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;সমস্তৰে হৰে মন ।

পূৰ্ণচন্দ্ৰ ৰুচি,&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;বদন দেখিতে,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;স্তম্ভি ৰহে সৰ্ব্বজন ॥২

গুণহন্তে ৰূপ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;ৰূপ হন্তে গুণ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;দুয়ো অন্যো অন্যে বলে ।

ৰূপ গুণ লোক, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; দুয়ো বিমোহিত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;চাই থাকা কৌতুহলে ॥৩

যেন দিনমণি, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; প্ৰকাশে ধৰণী,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ঢাকিল ৰামৰ গুণে ।

পাপ হয় ক্ষয়, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ধৰ্ম্মৰ উদয়,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; জানিয়া জগতে শুনে ॥৪

ক্ষমা দয়া ধৃতি, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সত্য শৌচ নীতি,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;সমস্ত গুণে সম্পন্ন ।

ধৰ্ম্মময় মন, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সদাই প্ৰসন্ন, 

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সজ্জ্ন জন ৰঞ্জন ॥৫

দুৰ্জ্জনৰ যম, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; বিপুল বিক্ৰম,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; দুৰ্জ্জয় দক্ষ শৰীৰ ।

বজ্ৰৰ সমান, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সুদৃঢ় সন্ধান,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;ধনুৰ্দ্ধৰ মহাবীৰ ॥৬

আনাদি অনন্ত, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;নাহি যাৰ অন্ত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; যিতো দেৱতাৰ দেৱ ।

ব্ৰহ্মা আদি দেৱে,&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সদাই কৰন্ত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;যাহাৰ চৰণে সেৱ ॥৭

তেন্তে ভগৱন্ত, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; দেৱ মহেশ্বৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ভৈল আসি অৱতাৰ ।

সমস্তে লোকৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; কুশল কাৰণে,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; কৰিলা গুণ প্ৰচাৰ ॥৮

সকল নিগমে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; নপাৱন্ত অন্ত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;বখানি যাৰ মহিমা ।

আন কোন জনে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; কহি কৰিবেক,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;ৰামৰ গুণৰ সীমা ॥৯

ৰাম হেন নাম, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; শুনন্তে মনত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; অমৃত যেন বৰিষে ।

মহা মহাজনে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সদা ৰাম ৰাম,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;উচ্চৰে মুখে হৰিষে ॥১০

ৰাম হেন ইটো, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; নামৰ মধুৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; জানি কোন মহাজনে ।

ৰাম ৰাম বুলি, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ফুৰন্ত সদাই,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; মুকুতিকো হেলি মনে ॥১১

ৰামৰ নামৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; মাজত সদাই,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সমস্ত ধৰ্ম্মৰ মেলা ।

মহা মহা পাপী, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; তৰে ৰাম বুলি,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;সংসাৰক মাৰি ঠেলা ॥১২

হেনয় ৰামৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; মহিমা কহিতে,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; শকতি আছে কাহাৰ ।

মুৰুখ মাধৱ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; দাসে বিৰচিল,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; আদিকাণ্ড কথা সাৰ ॥১৩

শুনা সভাসদ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ৰামায়ণ পদ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; নিন্দা নুবুলিবা মোক ।

ৰামৰ চৰিত্ৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; কৰিয়োক পান,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;পদ যে তেন হৌক ॥১৪

ৰাম চৰিত্ৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; বিৰচি আছন্ত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;মহা মহা কবি জনে ।

তাসম্বাক দেখি, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; পদ কৰিবাক,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; স্বাদ ভৈল মোৰ মনে ॥১৫

প্ৰমত্ত হস্তীক, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সিংহে বিমৰ্দ্দয়,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; আপোনাৰ বলে ৰাগি ।

তাক দেখি যেন, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ক্ষুদ্ৰ মূষকৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;শ্ৰদ্ধা হোৱে তাক লাগি ॥১৬

সিংহৰ মূষৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; যতেক অন্তৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; মোৰো সেহি পটন্তৰ ।

ইতো মোৰ দোষ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ক্ষমিবে উচিত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; তুমি সব মহন্তৰ ॥১৭

অধম জনসে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; জানিবা নিশ্চয়,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; বিচাৰয় দোষ গুণ ।

দোষ পৰিহৰি, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; গুণক লৱন্ত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;উত্তম যিটো নিপুণ ॥১৮

ৰামৰ চৰিত্ৰ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; শ্ৰবণেসে জানা, 

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সমস্ত ধৰ্ম্মৰ সাৰ ।

হেলা পৰিহৰি, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; শুনা কৰ্ণ ভৰি,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; তেবেসে পাইবা নিস্তাৰ ॥১৯

ৰামেসে পৰম, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ধৰ্ম্ম অনুপাম,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সৰ্ব্বোত্তম সৰ্ব্বসাৰ ।

ৰামেসে সুহৃদ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সোদৰ বান্ধৱ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;তেহেসে জগউদ্ধাৰ ॥২০

নিজ আত্মাদেৱ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; প্ৰভু মহেশ্বৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সৰ্ব্বানন্দ নিৰঞ্জন ।

জগত কাৰণ, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; কৌশল্যা নন্দন, 

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; হুয়াছে বধী ৰাৱণ ॥২১

ইতিনি ভুবনে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ৰামৰ চৰণ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; বিনে নাহি আন গতি ।

মহা ভাগৱত, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; পুৰাণ ভাৰত,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;সাবাৰে এহি যুগুতি ॥২২

বেদ শাস্ত্ৰ যত, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; বিচাৰি চাহিবা,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ৰাম বিনে নাহি আন ।

কেতিক্ষণ জানা, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; পৰয় শৰীৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp;ইটো যেই সেই থান ॥২৩

কলিৰ প্ৰভাৱে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; স্বভাৱ লোকৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ভৈগৈল মলিন মতি ।

আন ধৰ্ম্মে কৰ্ম্মে, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; মলিন জনৰ,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; কিমতে সাধিব গতি ॥২৪

পৰম মলিন, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; জনো পাৱে গতি,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সুমৰিলে হৰি নাম ।

জানিয়া সমস্ত, &nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; সমজ্যাৰ লোক,

&nbsp; &nbsp;&nbsp; &nbsp; &nbsp; &nbsp; ডাকি বোলা ৰাম ৰাম ॥২৫