Difference between revisions 334886 and 334914 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} <big>'''২৩ অধ্যায়'''<big> <big>'''পায়স ভক্ষণ আৰু সন্তান জন্ম'''</big> পায়া ৰাজা পায়স হৰিষ বিপৰীত । দেৱে যেন সাগৰত পাইলন্ত অমৃত ॥১ জগত দুৰ্ল্লভ ইতো পায়স সাক্ষাত । চাৰি অংশে বিষ্ণু তেজ আছয় ইহাত ॥২ দুই ভাগ পায়স কৰিয়া মহাৰাজ । দুই চৰু লৈয়া গৈলা অন্তঃপুৰ মাজ ॥৩ কৌশল্যা কৈকেয়ী দুই মহাদৈক দিল । পায়স ভুঞ্জিতে ৰাজা দুই হাঙ্কো বুলিল ॥৪ ইহাক ভুঞ্জিলে হৈব উত্তম সন্ততি । চাৰি অংশে বিষ্ণু আসি হৈব উতপতি ॥৫ পায়সৰ পৰম মহিমা শুনি আতি । সাদৰে লৈলন্ত দুয়ো জনে হাত পাতি ॥৬ হৰিষে খোজন্ত দুয়ো পায়স ভুঞ্জিত । সুমিত্ৰা আসিয়া দুইৰো আগে ভৈলা থিত ॥৭ কিবা খাহা বাই বুলি পুছিলা বিনয় । শুনি কৌশল্যাৰ দায়া ভৈল আতিশয় ॥৮ কৈকেয়ীক বুলিলন্ত কৌশল্যা সুন্দৰী । সুমিত্ৰাক নিদি আমি খাইবোঁ কেনে কৰি ॥৯ পাচে বুলিলন্ত নৃপতিৰ বিদ্যমান । সুমিত্ৰাক দিবে আজ্ঞা কৰাঁ কিছুমান ॥১০ হাসিলা নৃপতি কৌশল্যাৰ বাণী শুনি । সুমিত্ৰাকো দিবে আজ্ঞা দিলা মহামানী ॥১১ পাচে আসি বশিষ্ঠে দিলন্ত শুভক্ষণ । শুদ্ধ হুয়া কৰিবন্ত পায়স ভক্ষণ ॥১২ চাৰি অংশে বিষ্ণু আসি হৈব অৱতাৰ । ভুঞ্জিব পায়স কৰি মঙ্গল আচাৰ ॥১৩ বশিষ্ঠৰ বচন শুনিয়া তিনি জনে । আচৰি মঙ্গল শুদ্ধ হয়া শুভক্ষণে ॥১৪ পায়স ভুঞ্জিবে বসিলন্ত ভিন্নে ভিন্নি । প্ৰথমে ৰাজাৰ আজ্ঞা পাই দুই ৰাণী ॥১৫ পাচে সুমিত্ৰাক প্ৰতি আদেশ কৰিল । আগে দুই ভাগ দুই মহাদৈক দিল ॥১৬ কৌশল্যা কৈকেয়ী পাচে দুই পটেশ্বৰী । আপোনাৰ ভাগ দুয়ো দুই ভাগ কৰি ॥১৭ সুমিত্ৰাক দুই ভাগ দিলা ৰঙ্গ মনে । নিবন্ধন বাক্য বুলিলন্ত দুই জনে ॥১৮ শুনিবি সুমিত্ৰা তই আমাৰ উত্তৰ । আপুনি নিদিল তোক ভাগ নৃপবৰ ॥১৯ আমিসে স্নেহত ভাগ দিলোঁ তাক জান । এতেকেসে বোলোঁ আমি বচন বন্ধন ॥২০ যাৰ ভাগহন্তে তোৰ যিতো পুত্ৰ হয় । আমাৰ পুত্ৰৰ হৈব সহায় নিশ্চয় ॥২১ শুনি সুমিত্ৰাৰ ভৈল হৰিষ মনত । বোলন্ত বিনয় ভাৱে দুয়োৰে আগত ॥২২ শুনা দুয়ো জন বোলো স্বৰূপ বচন । হোৱে যেবে মোৰ দুই পুত্ৰ উতপন ॥২৩ হৈবেক সেবক তোৰা দুইৰো তনয়ৰ । শুনিয়া কৌতুক বৰ ভৈলা দুইহন্তৰ ॥২৪ অনন্তৰে তিনি জনে পখালিলা পাৱ । ধৌত বস্ত্ৰ পিন্ধি ভৈলা পবিত্ৰ স্বভাৱ ॥২৫ আপোনাৰ ভাগ সবে লৈয়া ৰঙ্গ মনে । পায়স ভোজন কৰিলন্ত তিনি জনে ॥২৬ পাচে পুষ্প শয্যাত শুতিলা তিনি সতী । শুভ লগ্নে অন্তঃপুৰে গৈলন্ত নৃপতি ॥২৭ অনুক্ৰমে প্ৰবেশিলা তিনিৰো শয্যাত । পুত্ৰকাম বিভাগে কৰিলা ৰেতঃপাত ॥২৮ নিদ্ৰা অচেতন তিনি দেবীয়ে আছন্ত । স্বপনত তিনিও দেখিল ভগৱন্ত ॥২৯ শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি । স্বপ্নে তিনি মহাদৈক দেখা দিলা হৰি ॥৩০ গৰুড়ৰ দুই পাখা জ্বলে সুবৰ্ণৰ । তাহান স্কন্ধত বসি আছে দামোদৰ ॥৩১ মহা মেঘখণ্ড যেন মেৰুৰ উপৰে । দিশপাশ প্ৰকাশি শৰীৰ জৌতি কৰে ॥৩২ পীত বস্ত্ৰ জ্বলে আতি শ্যাম শৰীৰত । স্থিৰ বিদ্যুতিকা যেন প্ৰকাশে মেঘত ॥৩৩ গলে বনমালা মণি কৌস্ত্তভ কণ্ঠত । ৰত্ন উড়িয়ানি জ্বলে কটি প্ৰদেশত ॥৩৪ পূৰ্ণ শশধৰ ৰুচি প্ৰসন্ন বদন । প্ৰফুল্ল পঙ্কজ জিনি শোভয় নয়ন ॥৩৫ শ্যাম শৰীৰত শোভে ৰত্ন অলংকাৰ । নিৰ্ম্মল গগনে যেন তাৰা জাতিষ্কাৰ ॥৩৬ গৰুড়ৰ স্কন্ধে জলে পাদ পদ্ম দুই । শৰতৰ নিৰ্ম্মল পঙ্কজো সম নুই ॥৩৭ কটাক্ষ হাসিত যেন অমৃত বৰিষে । তিনি মহাদই চাই আছন্ত হৰিষে ॥৩৮ হৈব অৱতাৰ হেন দেখি স্বপনত । কৰিলন্ত স্নান হৰি সাগৰ জলত ॥৩৯ তিনিয়ো আগতে পাচে ভৈলা অন্তৰ্দ্ধান । স্বপনত হৰিক দেখিয়া বিদ্যমান ॥৪০ স্নান দান কৰিলন্ত উঠি প্ৰভাতত । কহিলা স্বৰূপ কথা ৰাজাৰ আগত ॥৪১ বিপৰীত স্বপন দেখিলা তিনি জনে । হৈব হৰি পুত্ৰ ৰাজা জানিলন্ত মনে ॥৪২ পাচে নাৰায়ণ আসি চাৰি মূৰ্ত্তি ধৰি । তিনি মহাদৈৰ গৰ্ভে প্ৰবেশিলা হৰি ॥৪৩ ধৰিলন্ত গৰ্ভ একেবাৰে তিনি জন । সূৰ্য্যৰ সদৃশ গৰ্ভ কৰয় প্ৰসন্ন ॥৪৪ গৰ্ভৰ প্ৰকাশে প্ৰকাশয় তিনি নাৰী । চক্ষু কটাৰয় ৰূপে চাহিতে নাপাৰি ॥৪৫ ঈশ্বৰ কৃষ্ণৰ তেজ বাঢ়য় গৰ্ভত । গৰ্ভভাবে তিনি হুয়া আছে অশকত ॥৪৬ তেজোময় গৰ্ভ আতি দেখিতে উজ্জ্বল । বিষ্ণুপুত্ৰ হৈবন্ত ৰাজাৰ কৌতূহল ॥৪৭ যেতিক্ষণে যিবা বস্তু খোজয় খাইবাক । হৰিষে নৃপতি তেতিক্ষণে দেয় তাক ॥৪৮ পঞ্চম মাসত চায়া দিন শুভক্ষণ । ঘৃত মধু পঞ্চামৃত কৰালা ভোজন ॥৪৯ নানা দ্ৰব্যে উত্সৱ কৰিয়া নানামত । কৰিলন্ত পুংসৱন অষ্টম মাসত ॥৫০ কৰন্ত গৰ্ভক ৰক্ষা যত দেৱগণ । হুয়া অৱতাৰ হৰি বধিবা ৰাৱণ ॥৫১ মুনি সবে আচৰিলা মঙ্গল অপাৰ । উপজিবা হৰি হৈব জগত উদ্ধাৰ ॥৫২ নাছাৰন্ত ৰাজা তিনি মহাদৈৰ পাশ । অনন্তৰে গৰ্ভ ভৈল পূৰ্ণ দশমাস ॥৫৩ শুভগ্ৰহ নক্ষত্ৰ মিলিল শুভক্ষণ । কৌশল্যা দেবীৰ পুত্ৰ ভৈলা উতপন ॥৫৪ জগতৰে সুমঙ্গল ভৈলন্ত উদয় । শীতল দীপিতি দশোদিশ প্ৰকাশয় ॥৫৫ ত্ৰিজগত লোকৰ কুশল হেতু হৰি । উপজিলা কৌশল্যাত নৰৰূপ ধৰি ॥৫৬ দেৱগণে স্তুতি নতি কৰে আকাশত । জয় জয় নৃত্য গীত কৰে নানামত ॥৫৭ যেতিক্ষণে কৌশল্যাত পুত্ৰ উপজিল । অন্তঃপুৰ মাজে মহা কৌতুক মিলিল ॥৫৮ জয় জয় কোলাহল কৰে হুলস্থূল । নানা নৃত্য গীত বাদ্য শবদ তুমুল ॥৫৯ সুগন্ধ শীতল জলে শিশুক ধোৱাইল । দুগ্ধ দিয়া সুকোমল শয্যাত শুৱাইল ॥৬০ অনন্তৰে দূতে নৃপতিত জান দিল । শুনা প্ৰভু কৌশল্যাত পুত্ৰ উপজিল ॥৬১ শুনি নৃপতিৰ হৰিষৰ নাহি পাৰ । দূতক দিলন্ত ৰাজা বস্ত্ৰ অলঙ্কাৰ ॥৬২ সবস্ত্ৰে নৃপতি পাচে কৰিলন্ত স্নান । বহুবিধ ৰত্ন ৰাজা কৰিলন্ত দান ॥৬৩ যতেক ভাণ্ডাৰ মানে সমীপতে পাইল । পুত্ৰৰ কল্যাণ হেতু সমস্তে বিলাইল ॥৬৪ তাত পাচে কৈকেয়ীৰ পুত্ৰ উপজিল । শুনি নৃপতিৰ মহা হৰিষ মিলিল ॥৬৫ আত অনন্তৰে শুভক্ষণ সময়ত । সুমিত্ৰাৰ পুত্ৰ দুই ভৈলন্ত বেকত ॥৬৬ সৰ্ব্ব সুলক্ষণ দুই জৱঞ্জা কুমাৰ । শুনি নৃপতিৰ নাহি আনন্দৰ পাৰ ॥৬৭ উপজিল চাৰি পুত্ৰ বংশৰ উদ্ধাৰ । হৰিষে বিলাইলা ৰাজ্য প্ৰধান ভাণ্ডাৰ ॥৬৮ ভূমিত বেকত যেবে ভৈলা দামোদৰ । খসিল মাথাৰ মণি ৰাজা ৰাৱণৰ ॥৬৯ দেখিয়া পুছিলা মাল্যৱন্তত ৰাৱণে । খসিল মাথাৰ মোৰ মণি কি কাৰণে ॥৭০ মাল্যৱন্ত বোলে শুনা কাৰণ ইহাৰ । যাহাৰ হাতত মৃত্যু হৈবেক তোমাৰ ।৭১ সেইজন পৃথিৱীত ভৈলা উতপন । শুনিয়া কুপিল মাল্যৱন্তক ৰাৱণ ॥৭২ গৰিহাৰ ছলে তাঙ্ক অনেক নিন্দিল । পুনৰপি তুলি মণি মাথাত পিন্ধিল ॥৭৩ যেতিক্ষণে অৱতাৰ ভৈলা নাৰায়ণ । তেখনৰ পৰা শুভ দেখে দেৱগণ ॥৭৪ নানাবিধ অশুভ দেখয় লঙ্কেশ্বৰ । শুনিয়োক কথামৃত আত অনন্তৰ ॥৭৫ দশৰথ ঘৰে হৰি ভৈলা অৱতাৰ । দেখিয়া উত্সুক বৰ ভৈল দেৱতাৰ ॥৭৬ দুন্দুভি শবদ আতি কৰে নিৰন্তৰে । বৰষিলা পুষ্প দশৰথৰ উপৰে ॥৭৭ শুভক্ষণ চাই দশৰথ নৃপবৰ । ক্ৰমে দেখিলন্ত মুখ চাৰিও পুত্ৰৰ ॥৭৮ পূৰ্ণিমাৰ চন্দ্ৰ যেন জ্বলন্তে আছয় । দেখি নৃপতিৰ ভৈলা আনন্দ হৃদয় ॥৭৯ মহানিধি লাভ যেন ভৈল দৰিদ্ৰৰ । লোভী পাইলা যেন পূৰ্ণঘট অমৃতৰ ॥৮০ বন্ধ আসি জীৱ যেন ভৈলন্ত মুকুত । সেহি মতে ৰাজাৰ আনন্দ অদভূত ॥৮১ তপহন্তে আসিল কৌশিক মুনিবৰ । বেদ পঢ়ি আশীৰ্ব্বাদ কৰিলা বিস্তৰ ॥৮২ নৃপতিৰ উপজিল চাৰি পুত্ৰবৰ । অযোধ্যাত মিলি গৈল আনন্দ বিস্তৰ ॥৮৩ নৃত্য গীত বাদ্যভণ্ড নানা কৌতুহল । আচৰিলা পূজা বহুবিধ সুমঙ্গল ॥ ৮৪⏎ ⏎ পৃথিৱীৰ ৰাজাগণে কৰি বহু যত্ন । দশৰথ ৰাজাক যোগাইল বহু ৰত্ন ॥৮৫ চাৰি মূৰ্ত্তি ধৰি ভৈলা ঈশ্বৰ বিদিত । মিলিল উত্সৱ সাতোদ্বীপা পৃথিৱীত ॥৮৬ দেৱৰ কৌতুক বৰ মিলিল স্বৰ্গত । পৰম আনন্দ ভৈল নগৰ লোকত ॥৮৭ ত্ৰৈলোক্যত ভৈল মহা হৰিষ প্ৰচুৰ । নাশিব দুৰ্জ্জন মহন্তৰ দুখ দূৰ ॥৮৮ চাৰি অংশে চতুৰ্ভূজ দেৱ নাৰায়ণ । উপজিলা শুনি আসিলন্ত মুনিগণ ॥৮৯ উচ্চৈঃস্বৰে শুদ্ধ বেদ মন্ত্ৰ উচ্চৰিলা । চাৰিও শিশুক সবে আশীৰ্ব্বাদ দিলা ॥৯০ ঋষি সমস্তক ৰঙ্গে অৰ্চ্চিয়া নৃপতি । চাৰিও পুত্ৰক ৰাজ্য কৰাইলা গণতি ॥৯১ জগতৰঞ্জন গুণ দেখি অনুপাম । কৌশল্যাৰ পুত্ৰৰ থৈলন্ত ৰাম নাম ॥৯২ কৈকেয়ীক ৰাজাৰ অধিক স্নেহতৰ । থৈলন্ত ভৰত নাম তাহান পুত্ৰৰ ॥৯৩ সুমিত্ৰাৰ পুত্ৰ দুই সৰ্ব্ব সুলক্ষণ । দেখি নাম থৈলন্ত লক্ষণ শত্ৰুঘন ॥৯৪ ঋষিগণে বোলন্ত শুনিয়ো দশৰথ । তযু পুত্ৰে পূৰিব সবাৰ মনোৰথ ॥৯৫ এক নাৰায়ণ চাৰি অংশে মূৰ্ত্তি ধৰি । ভৈল চাৰি পুত্ৰ আক জানা নিষ্ঠ কৰি ॥৯৬ আপুনি ভৈলন্ত পুত্ৰ জগত আধাৰ । কমনে বৰ্ণাইবোঁ ৰাজ্য ভাগ্যক তোমাৰ ॥৯৭ ৰামৰূপে অৱতাৰ ভৈলন্ত ঈশ্বৰ । লভিলা সন্ততি ৰাজা সূৰ্য্য বংশোদ্ধাৰ ॥৯৮ সন্তক পালিবা ৰাম পুৰুষ প্ৰধান । দুৰ্জ্জন জনক মাৰি কৰিবা নিৰ্যাণ ॥৯৯ বলে বীৰ্য্যে ধৈৰ্য্যে গুণে ৰূপে নিৰুপম । ৰাৱণে সহিতে ৰাক্ষসৰ হৈবে যম ॥১০০ নুহিবেক সুপুৰুষ ৰামৰ সমান । অনুৰূপে জগতৰে সাধিবা কল্যাণ ॥১০১ নিজ গুণে যশে জগতক ৰঞ্জিবন্ত । ৰামৰ মহিমা কহি কোনে পাইবে অন্ত ॥১০২ সমস্ত লোকৰে আন্ত হৈব অনুৰাগ । কিনো তুমি সুপুত্ৰ লভিলা মহাভাগ ॥১০৩ এহিমতে গণিত কৰিলা ঋষিগণ । শুনি দশৰথৰ সন্তুষ্ট ভৈলা মন ॥১০৪ ঈশ্বৰক পুত্ৰ পায়া ভৈলা কৌতূহল । মুনি সকলক পূজিলন্ত মহাবল ॥১০৫ পৰমান্ন পঞ্চমৃতে কৰাইলা ভোজন । তুষিলন্ত দিয়া পুষ্প অগৰু চন্দন ॥১০৬ পিন্ধাইলা সবাকো দিব্য বস্ত্ৰ অলঙ্কাৰ । দিলা ৰত্ন অঞ্জলি সুবৰ্ণ একো ভাৰ ॥১০৭ কৃতাঞ্জলি সবাকো কৰিলা নমস্কাৰ । সবাকো নৃপতি অৰ্চ্চিলন্ত বাৰে বাৰ ॥১০৮ হস্তী ঘোঁৰা ৰথ দোলা দাসী দাস দেশ । সুবৰ্ণৰ জাৰি খুড়ি ভাজন অশেষ ॥১০৯ মনত বাঞ্চিয়া ৰাজা পুত্ৰৰ কল্যাণ । নপাৰি কহিবে যত কৰিলন্ত দান ॥১১০ নট ভাট তেলী মালী দুখী ভিক্ষু জন । অন্ন পানে মহাদানে সন্তোষিলা মন ॥১১১ আছিলেক খাটনীয়া নৃপতি যতেক । দিলা বস্ত্ৰ অলঙ্কাৰ প্ৰমাদ অনেক ॥১১২ দেব পিতৃ মুনিগণ যতেক জগত । সবাকো তোষিলা ৰাজা পুত্ৰ উতসৱত ॥১১৩ ৰাজ সতকাৰ পায়া মুনি নিৰন্তৰ । ৰাজাক প্ৰশংসা কৰি চলি গৈলা ঘৰ ॥১১৪ সমাজত লোক আছিলেক যত নাম । মহামন ৰঙ্গে চলি গৈল স্থানে স্থান ॥১১৫ পাচে দশৰথে সঙ্কলিয়া যত কাজ । পৰিপূৰ্ণ মনোৰথ ভৈলা মহাৰাজ ॥১১৬ নখণ্ডে তৃপিতি অতি দেখি পুত্ৰ মুখ । জীৱৰ সন্তোষ যেন পায়া মোক্ষসুখ ॥১১৭ ঈশ্বৰ অংশৰ তেজ মহা প্ৰজ্বলিত । চন্দ্ৰমাৰ কলা যেন বাঢ়ে নিতে নিত ॥১১৮ চাৰি ভাইৰ মাজে জ্যেষ্ঠ ভৈলন্ত শ্ৰীৰাম । পৰম উজ্বল তনু দুৰ্ব্বাদলশ্যাম ॥১১৯ পদ্মগৰ্ভ অৰুণ নয়ন যুগে জ্বলে । সুপ্ৰসন্ন বদন চন্দ্ৰতো কৰি বলে ॥১২০ শোভন কপোল কৰ্ণ স্কন্ধ সুবলিত । শিৰছত্ৰাকৃতি কেশ নীল আকুঞ্চিত ॥১২১ ধনুৰ সমান ভ্ৰুব যুগ কৰে কান্তি । নানা তিল ফুল মনোহৰ দন্ত পান্তি ॥১২২ সুন্দৰ স্কন্ধৰ কম্বুকণ্ঠ মনোনীত । ভুজ ভূজঙ্গম সম সমান বলিত ॥১২৩ সুদীৰ্ঘ আঙুলি কৰ কিশলয় সম । নখমণি প্ৰকাশে দেখিতে মনোৰম ॥১২৪ বক্ষস্থল সুন্দৰ দেখিতে মনোহৰ । ত্ৰিবলি বলিত নাভি পদ্ম সৰোবৰ ॥১২৫ বহল জঘন কটি সিংহ সপ্ৰমাণ । উৰু কৰিকৰ জানু জঘন সুঠান ॥১২৬ পদ্মকোষ জিনি জ্বলে চৰণ যুগল । চম্পক কলিকা সম আঙুলি উজ্জ্বল ॥১২৭ নখমণিচয় যেন জ্বলে চন্দ্ৰগণ । যাক দেখি স্তম্ভি ৰহে ভকতৰ মন ॥১২৮ আলতা গুলিলে যেন দেখি পদতল । অত্যন্ত লাৱণ্য আতিশয় সুকোমল ॥১২৯ ৰেখাৰূপে চৰণত প্ৰকাশে কমল । মহাপুৰুষৰ চিহ্ন জ্বলে ইসকল ॥১৩০ সৰ্ব্বাঙ্গ সুন্দৰ ৰূপ পৰম মধুৰ । দেখন্তে লোকৰ পাপা তাপ হোৱে দূৰ ॥১৩১ পৰম শ্ৰীমন্ত সন্ত শীতল শৰীৰ । সাগৰ গম্ভীৰ ধীৰ গুণৰ মন্দিৰ ॥১৩২ অমৃত সমান বাণী মধুৰ আলাপ । সৰ্ব্বজন ৰঞ্জন নাহিকে কোপতাপ ॥১৩৩ কৈকেয়ীৰ তনয় ভৰত শুভান্নয় । পৰম সুন্দৰ সৰ্ব্ব গুণৰ আলয় ॥১৩৪ সুমিত্ৰাৰ তনয় লক্ষ্মণ শত্ৰুঘন । দুয়ো সৰ্ব্ব সুন্দৰ শীতল সুশোভন ॥১৩৫ দুয়ো সুকুমাৰ দুয়োজন শুভাশয় । সৰ্ব্ব গুণান্বিত দুয়ো ভাই শুভান্নয় ॥১৩৬ কৌশল্যা কৈকেয়ী পৰমান বাঁটী দিল । দুয়ো ভাগ পৰমান সুমিত্ৰা ভুঞ্জিল ॥১৩৭ সেই দুই ভাগে ভৈল দুই সহোদৰ । কৌশল্যাৰ ভাগে ভৈল লক্ষ্মণ কুমাৰ ॥১৩৮ কৈকেয়ীৰ ভাগত ভৈলন্ত শত্ৰুঘন । এতেকে দুইকো ভক্তি কৰে দুয়ো জন ॥১৩৯ ৰামত ভকতি সদা কৰন্ত লক্ষ্মণে । ভৰতত শত্ৰুঘন থাকন্ত মিলনে ॥১৪০ ভৰত লক্ষ্মণ শত্ৰুঘন মহাসন্ত । জ্যেষ্ঠ ৰামত সদা ভকতি কৰন্ত ॥১৪১ অন্যোঅন্য চাৰি ভাই পৰম মিলন । একে বিষ্ণু অংশে আসি ভৈল চাৰি জন ॥১৪২ নমো নমো ৰাম ৰঘুকুলৰ তিলক । সজ্জন ৰঞ্জন দুষ্টজন বিনাশক ॥১৪৩ যাৰ নামে পূৰে জগতৰ মনকাম । পলাওক পাতক ডাকি বোলাঁ ৰাম ৰাম ॥১৪৪ <big>'''২৪ অধ্যায়'''<big> <big>'''ছবি ।'''</big> পৰম পুৰুষ হৰি, লীলা নৰতনু ধৰি, ৰাম ৰূপে হুয়া অৱতাৰ । বাঢ়ি যান্ত প্ৰতিনিত, সমস্তৰে ৰঞ্জি চিত্ত, আচৰন্ত ক্ষত্ৰ ব্যৱহাৰ ॥১ পিতৃ মাতৃ চৰণত, সেৱাত সততে ৰত, দেৱ দ্বিজ গুৰুৰ চৰণে । কৰন্ত ভকতি নিত, সদাই ধৰ্ম্মত চিত্ত, দম্ভ অহঙ্কাৰ নাহি মনে ॥২ পৰম আচাৰী সন্ত, আতিশয় নীতিমন্ত, পঢ়িলন্ত শাস্ত্ৰ নিৰন্তৰ । অত্যন্ত কৰুণাশীল, নানাগুণ অভ্যাসিল, অস্ত্ৰে শস্ত্ৰে ভৈলা ধনুৰ্দ্ধৰ ॥৩ দানধৰ্ম্ম ৰাজধৰ্ম্ম, কুলৰ যতেক কৰ্ম্ম, জানিলা চাৰিও মহাশয় । গুৰুক কৰিয়া মান, সাম দণ্ড ভেদ দান, জানিলন্ত আৰো যত নয় ॥৪ চাৰি ভাইৰ মাজে ৰাম, সৰ্ব্বগুণে অনুপাম, নাহি আন ৰামৰ সমান । সমস্তৰে অগ্ৰগণি, ৰঘুবংশ শিৰোমণি, ভৈলা ৰাম পুৰুষ প্ৰধান ॥৫ অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ যত, চৌষষ্টি কলাৰ তত্ত্ব, যত বিদ্যা আছে সংসাৰত । ক্ষেপণ জোৰণ বাণ, মন্ত্ৰ পড়ি সংহাৰণ, সমস্ততে ভৈলন্ত পাৰ্গত ॥৬ ৰাঘৱৰ যশ যত, প্ৰকাশিল জগতত, যেন পূৰ্ণচন্দ্ৰ প্ৰজ্বলিত । শুনন্তা লোকৰ মানে, যেন অমৃতৰ পানে, অধিক সন্তোষ কৰে চিত ॥৭ দশৰথ নৰেশ্বৰে, গুণ দেখি ৰাঘৱৰ, মনে যেন অমৃত বৰিষে । কৌশল্যাৰ মন প্ৰাণ, ৰামত মগন ভৈল, সুধা যেন পিয়ে অহৰ্নিশে ॥৮ ৰামৰ প্ৰসন্ন মুখ, দেখন্তে মিলয় সুখ, অযোধ্যাৰ যত নাৰী নৰ । ৰামকেসে কৰে ধ্যান, ৰামতে মজিল প্ৰাণ, ভৈল লোক অধীন ৰামৰ ॥৯ সৰ্ব্ব পাল বিমোচন, ৰাঘৱৰ গুণগণ, কহে জুমাজুমি সৰ্ব্বজনে । নিৰ্ম্মল চৰিত্ৰ চয়, কেৱল অমৃতময়, শুনি সবে পিয়ে সৰ্ব্বক্ষণে ॥১০ <big>'''২৫ অধ্যায়'''<big> <big>'''দুলৰি ।'''</big> ৰামৰ সমান, নাহি সুপুৰুষ, ইতিনি লোকৰ মাজে । দুৰ্ব্বদলশ্যাম, সুন্দৰ শৰীৰ, দেখিয়া মদনো নাজে ॥১ গজেন্দ্ৰ গমন, হাস্য নিৰীক্ষণ, সমস্তৰে হৰে মন । পূৰ্ণচন্দ্ৰ ৰুচি, বদন দেখিতে, স্তম্ভি ৰহে সৰ্ব্বজন ॥২ গুণহন্তে ৰূপ, ৰূপ হন্তে গুণ, দুয়ো অন্যো অন্যে বলে । ৰূপ গুণ লোক, দুয়ো বিমোহিত, চাই থাকা কৌতুহলে ॥৩ যেন দিনমণি, প্ৰকাশে ধৰণী, ঢাকিল ৰামৰ গুণে । পাপ হয় ক্ষয়, ধৰ্ম্মৰ উদয়, জানিয়া জগতে শুনে ॥৪ ক্ষমা দয়া ধৃতি, সত্য শৌচ নীতি, সমস্ত গুণে সম্পন্ন । ধৰ্ম্মময় মন, সদাই প্ৰসন্ন, সজ্জ্ন জন ৰঞ্জন ॥৫ দুৰ্জ্জনৰ যম, বিপুল বিক্ৰম, দুৰ্জ্জয় দক্ষ শৰীৰ । বজ্ৰৰ সমান, সুদৃঢ় সন্ধান, ধনুৰ্দ্ধৰ মহাবীৰ ॥৬ আনাদি অনন্ত, নাহি যাৰ অন্ত, যিতো দেৱতাৰ দেৱ । ব্ৰহ্মা আদি দেৱে, সদাই কৰন্ত, যাহাৰ চৰণে সেৱ ॥৭ তেন্তে ভগৱন্ত, দেৱ মহেশ্বৰ, ভৈল আসি অৱতাৰ । সমস্তে লোকৰ, কুশল কাৰণে, কৰিলা গুণ প্ৰচাৰ ॥৮ সকল নিগমে, নপাৱন্ত অন্ত, বখানি যাৰ মহিমা । আন কোন জনে, কহি কৰিবেক, ৰামৰ গুণৰ সীমা ॥৯ ৰাম হেন নাম, শুনন্তে মনত, অমৃত যেন বৰিষে । মহা মহাজনে, সদা ৰাম ৰাম, উচ্চৰে মুখে হৰিষে ॥১০ ৰাম হেন ইটো, নামৰ মধুৰ, জানি কোন মহাজনে । ৰাম ৰাম বুলি, ফুৰন্ত সদাই, মুকুতিকো হেলি মনে ॥১১ ৰামৰ নামৰ, মাজত সদাই, সমস্ত ধৰ্ম্মৰ মেলা । মহা মহা পাপী, তৰে ৰাম বুলি, সংসাৰক মাৰি ঠেলা ॥১২ হেনয় ৰামৰ, মহিমা কহিতে, শকতি আছে কাহাৰ । মুৰুখ মাধৱ, দাসে বিৰচিল, আদিকাণ্ড কথা সাৰ ॥১৩ শুনা সভাসদ, ৰামায়ণ পদ, নিন্দা নুবুলিবা মোক । ৰামৰ চৰিত্ৰ, কৰিয়োক পান, পদ যে তেন হৌক ॥১৪ ৰাম চৰিত্ৰ, বিৰচি আছন্ত, মহা মহা কবি জনে । তাসম্বাক দেখি, পদ কৰিবাক, স্বাদ ভৈল মোৰ মনে ॥১৫ প্ৰমত্ত হস্তীক, সিংহে বিমৰ্দ্দয়, আপোনাৰ বলে ৰাগি । তাক দেখি যেন, ক্ষুদ্ৰ মূষকৰ, শ্ৰদ্ধা হোৱে তাক লাগি ॥১৬ সিংহৰ মূষৰ, যতেক অন্তৰ, মোৰো সেহি পটন্তৰ । ইতো মোৰ দোষ, ক্ষমিবে উচিত, তুমি সব মহন্তৰ ॥১৭ অধম জনসে, জানিবা নিশ্চয়, বিচাৰয় দোষ গুণ । দোষ পৰিহৰি, গুণক লৱন্ত, উত্তম যিটো নিপুণ ॥১৮ ৰামৰ চৰিত্ৰ, শ্ৰবণেসে জানা, সমস্ত ধৰ্ম্মৰ সাৰ । হেলা পৰিহৰি, শুনা কৰ্ণ ভৰি, তেবেসে পাইবা নিস্তাৰ ॥১৯ ৰামেসে পৰম, ধৰ্ম্ম অনুপাম, সৰ্ব্বোত্তম সৰ্ব্বসাৰ । ৰামেসে সুহৃদ, সোদৰ বান্ধৱ, তেহেসে জগউদ্ধাৰ ॥২০ নিজ আত্মাদেৱ, প্ৰভু মহেশ্বৰ, সৰ্ব্বানন্দ নিৰঞ্জন । জগত কাৰণ, কৌশল্যা নন্দন, হুয়াছে বধী ৰাৱণ ॥২১ ইতিনি ভুবনে, ৰামৰ চৰণ, বিনে নাহি আন গতি । মহা ভাগৱত, পুৰাণ ভাৰত, সাবাৰে এহি যুগুতি ॥২২ বেদ শাস্ত্ৰ যত, বিচাৰি চাহিবা, ৰাম বিনে নাহি আন । কেতিক্ষণ জানা, পৰয় শৰীৰ, ইটো যেই সেই থান ॥২৩ কলিৰ প্ৰভাৱে, স্বভাৱ লোকৰ, ভৈগৈল মলিন মতি । আন ধৰ্ম্মে কৰ্ম্মে, মলিন জনৰ, কিমতে সাধিব গতি ॥২৪ পৰম মলিন, জনো পাৱে গতি, সুমৰিলে হৰি নাম । জানিয়া সমস্ত, সমজ্যাৰ লোক, ডাকি বোলা ৰাম ৰাম ॥২৫ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334914.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|