Difference between revisions 335707 and 335717 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::<big>'''৪৪ অধ্যায়'''<big> <big>'''ৰাম পৰশুৰামৰ সংঘৰ্ষ'''</big> সেহি সময়ত পাচে জামদগ্নি ৰাম । ধনু ভঙ্গ শুনি কোপে নিকলিল ঘাম ॥১ কমনে ভাঙ্গিল ধনু মোহোৰ গুৰুৰ । সি জনৰ দৰ্প আজি কৰিবোঁহো চুৰ ॥২ পৰশু কুঠাৰ খান পাৰিয়া কান্ধত । ভয়ঙ্কৰ ধনুখান ধৰিয়া হাতত ॥৩ ৰাজাৰ সেনাৰ মাজে ভৈলা উপগত । শৃঙ্গে সমন্বিতে যেন সচল পৰ্ব্বত ॥৪ দুৰ্জ্জয় শৰীৰ ধনুৰ্দ্ধৰ মহাবীৰ । ক্ৰোধৰ বেগত আতি নুহিকন্ত থিৰ ॥৫ ফৰাৱন্ত চক্ষু দুই অগনি সমান । দেখি কটকৰ ভয়ে উড়ি গৈল প্ৰাণ ॥৬ বৃষ্টি অন্ধকাৰে নেদেখিয়া দিশপাশ । পৰশুৰামৰ মূৰ্ত্তি দেখি ভৈল ত্ৰাস ॥৭ কিসে পাইলে বুলি ধাতু শুৰুতি উড়িল । চক্ষু জপাই সেনা সবে ভূমিতে পৰিল ॥৮ কৈয়া ৰাম বুলিয়া মাতন্ত শীঘ্ৰকৰি । ব্ৰাহ্মণৰ চিহ্ন যজ্ঞসুত আছা ধৰি ॥৯ ক্ষত্ৰিয় লক্ষ্মণ হাতে আছে ধনুখান । পৰম নিৰ্দ্দয় দায়া নাহি অনুমান ॥১০ পিতৃৰ বচনে কাটি আছন্ত মাতৃক । হেন জনে আনক কৰিবে দায়া কিক ॥১১ শিৰে জটা ভাৰ গলে ৰুদ্ৰাক্ষৰ মালা । কটিত বাকলি বস্ত্ৰ কুশৰ মেখলা ॥১২ ঝক ঝক দান্ত শোভা কৰে গোফ দাড়ি । গাৱে মল পঙ্ক বনবাসী ৰূপ ধাৰী ॥১৩ হাতে মালা ধৰিয়া জপন্ত সৰ্ব্বক্ষণ । উফৰন্ত ক্ৰোধত দেখিবে যম যেন ॥১৪ ভ্ৰুব চালি কপালৰ গাঠি শিহৰাই । দশন চোবায়া কোপে মাতন্ত শেহাই ॥১৫ গৰ্জ্জিবে লাগিলা আতি নিষ্ঠুৰ বচনে । আমাৰ গুৰুৰ ধনু ভাঙ্গিল কমনে ॥১৬ বামহাতে ধৰি ঘোৰতৰ ধনুখান । পৃথিবীৰ ক্ষত্ৰি মাৰি কৰিলোঁ নিৰ্যাণ ॥১৭ ক্ষত্ৰি হুয়া কোন বীৰ পুনৰপি আইল । জানিলোঁ সিজনে মোৰ বাৰ্ত্তাক নপাইল ॥১৮ মোৰ কথা শুনি ক্ষত্ৰি নাম কোন ধৰে । হেনমত ভয় সিটো সাসক নকৰে ॥১৯ এবে কোন জনে মোক নগনে মনত । এতিক্ষণ থিৰ হৌক মোহোৰ আগত ॥২০ ৰৌদ্ৰে বৰিষণে আতি পৰিয়া আছয় । খুখুন্দা ধনুক ভাঙ্গি মুনিহ কহয় ॥২১ আজি যেবে জীৱ লৈয়া যায় মোৰ আগে । তেবে গৈয়া বীৰত্ব কহোক যত লাগে ॥২২ শুনি দশৰথ ৰাজা গুণন্ত মনত । ভৈলোঁ বৃদ্ধ আমাৰ শৰীৰ আশকত ॥২৩ দেখিয়া ছৱাল নিজ পুত্ৰ চাৰি খানি । বিপৰীত চিন্তা লভিলন্ত মহামানী ॥২৪ ৰামে সমে আমি যদি আছোঁ দুই বীৰ । তেবে কি কৰিবো আঙ্ক দুৰ্জ্জয় শৰীৰ ॥২৫ বিপাকে ঠেকাইলা আনি বিধাতা আমাক । বিবাদে নপৰি আঙ্ক বোলোঁ প্ৰিয় বাক ॥২৬ এহি বুলি পৰশু ৰামক নৰনাথে । পাদ্যে অৰ্ঘে পূজি চৰণত ধৰি হাতে ॥২৭ তুতি নতি প্ৰণতি বোলন্ত দশৰথ । তথাপিতো দায়া তাৰ নোপজে মনত ॥২৮ হাতে ঘোৰ ধনু ধৰি চক্ষু পকাই চান্ত । বাঘে যেন গৰ্জ্জিয়া ৰামক ধায়া যান্ত ॥২৯ দেখি ৰামচন্দ্ৰে মুখে অল্পহাস্য কৰি । পৰশুৰামৰ আগ ভৈলা ধনু ধৰি ॥৩০ জামদগ্নি ৰামে শ্ৰীৰামক দেখিলন্ত । কৰিয়া তৰ্জ্জন পাচে বাক্য বুলিলন্ত ॥৩১ নজানাহা ৰণ কিছু ছৱাল ৰাজাৰ । জানো তুমি কথা নতু শুনাহা আমাৰ ॥৩২ পৰশুৰাম নাম মোৰ বিদিত সংসাৰ । নিক্ষত্ৰি কৰিলোঁ মহী তিনি সাতবাৰ ॥৩৩ ক্ষত্ৰিয়ৰ নিমিত্তে সাক্ষাত মই যম । সম্প্ৰতি আছোঁহো মই পৰিয়া নিজম ॥৩৪ ডাকিয়া আনিলা মোক দেথায়া দৰ্পক । দাণ্ডি দিয়া জাগাইলাহা কাহাল গোমক ॥৩৫ কুপিত সিংহৰ আগে পেলাইলাহা গাৱ । আনিলা যমক যেন দিয়া হাত বাৱ ॥৩৬ মই অন্তকৰ কোপ তুলিলা কিসক । শিশু হুয়া কৰাঁ কেনে দুৰ্ঘোৰ কৰ্ম্মক ॥৩৭ ধনু ভাঙ্গি যশ বৰ লভিলা ডাঙ্গৰ । উপাৰিয়া শৃঙ্গ যেন মেৰু পৰ্ব্বতৰ ॥৩৮ কাৰ বৰ পায়া তুমি কৰাঁ হেন কৰ্ম্ম । আমাৰ গুৰুৰ ধনু ভাঙ্গি দিলা মৰ্ম্ম ॥৩৯ জানিলোঁ কৰিলা গুৰু দেৱত ভকতি । নুহি কেন মতে হৈব ই দূৰ শকতি ॥৪০ ত্ৰিভুবনে পৰম উজ্জ্বল ৰাম নাম । নাহি সংসাৰত ইটো নামক উপাম ॥৪১ সেহি ৰাম নাম ধৰি আমাৰ প্ৰকাশ । হেন নাম লৈলা তুমি কৰি অভিলাষ ॥৪২ বোলা ৰাম নাম লৈলে মোৰ হৈবে খ্যাতি । আমাক বিদ্বেষ তুমি কৰিলাহা আতি ॥৪৩ বৰ তেজৱন্ত বীৰ ভৈলাহা অধিক । কৰিবাহা লুপ্ত তুমি আমাৰ কীৰ্ত্তিক ॥৪৪ ত্ৰিজগত লোকে জানে মোৰ বিক্ৰমক । ক্ষত্ৰিয়ৰ নামে মই সাক্ষাত অন্তক ॥৪৫ নপাৰোঁ জিনিবে যেবে তোমাক ৰণত । নিষ্ফল জীবন মোৰ ইটো সংসাৰত ॥৪৬ জনকৰ ঘৰে ভাঙ্গি পচা ধনুখান । তাতে বোলাঁ নাহি মোত মুনিহ সমান ॥৪৭ মই চূৰ কৰিবোঁ তোমাৰ গৰ্ব্ব যত । পৰিলা চেঙেলি আজি বুঢ়াৰ হাতত ॥৪৮ ৰহি আছা বৃক্ষ যেন নদীৰ তীৰত । অলপতে পৰে শিফা নাহিকে তলত ॥৪৯ হোৱাঁ যদি ৰাম তুমি বীৰ অদভুত । লগায়োক গুণ দেখোঁ আমাৰ ধনুত ॥৫০ তেবেসে মুনিহ বুলি জানোহো সাক্ষাত । অনাযুদ্ধে ভঙ্গ মই মানিবোঁ তোমাত ॥৫১ তাক দেখি ৰামচন্দ্ৰে লাগিলা হাসিত । ধনু দেখি দশৰথ ভৈলা ভয় ভীত ॥৫২ প্ৰসন্ন বদনে ৰামে বুলিলা বচন । শুনিয়োক ঋষি জমদগ্নিৰ নন্দন ॥৫৩ ঋষি ধৰ্ম্ম অনুসৰি আছা মহাভাগ । আমাত তোমাৰ কেনে এত মান ৰাগ ॥৫৪ ক্ষমাসে উচিত ধৰ্ম্ম হোৱয় তোমাৰ । কিসক কৰিলা তুমি তাক পৰিহাৰ ॥৫৫ ধৰ্ম্ম এৰি অধৰ্ম্ম কৰয় যিতো নৰ । তাক দণ্ড কৰিবে লাগয় ক্ষত্ৰিয়ৰ ॥৫৬ ব্ৰাহ্মণত জন্ম ধৰ্ম্ম ধৰিছা ঋষিৰ । তাক এৰি ধৰ্ম্ম কেনে আচৰাঁ ক্ষত্ৰিৰ ॥৫৭ শম দম দান দায়া ক্ষমা তযু ধৰ্ম্ম । ক্ৰোধ অহঙ্কাৰ আদি ক্ষত্ৰিয়ৰ কৰ্ম্ম ॥৫৮ কৰিলাহা তুমি সিটো ধৰ্ম্ম বিপৰ্য্যয় । বিচাৰত দণ্ডিবাক তোমাক লাগয় ॥৫৯ ভাঙ্গিলোঁহো ধনু আমি গুৰুৰ তোমাৰ । ক্ষত্ৰিয়ৰ ধৰ্ম্ম ইটো উচিত আমাৰ ॥৬০ কোন দোষ কৰাঁ তুমি আমাক বিৰোধ । ঋষিৰ তোমাৰ কেনে এতমান ক্ৰোধ ॥৬১ জ্ঞান শূন্য হুয়া অধৰ্ম্মত প্ৰবৰ্ত্তিলা । ভাল ভৈল আসি মোৰ আগত মিলিলা ॥৬২ কৰোঁ আজি তোমাক উচিত প্ৰায়শ্চিত । যেন আনক্ষণ অধৰ্ম্মত নেদ চিত্ত ॥৬৩ ধৰ্ম্মহীন হুয়া দৰ্প কৰাঁ মোৰ আগে । অৱশ্য তোমাক দণ্ড দিবে মোৰ লাগে ॥৬৪ ভাঙ্গো আজি সকলে তোমাৰ মিছা টোল । বুজ কেন মত শিশু ছৱালৰ বল ॥৬৫ তুমি কেনমত বীৰ পৰীক্ষাক চাওঁ । নুহি যেবে বোলাঁ ক্ষমা কৰিয়া পঠাওঁ ॥৬৬ যদ্যপি আমাৰ মুনি নুহি ক্ষমা ধৰ্ম্ম । বৃদ্ধ দেখি তোমাক লাগয় মোৰ মৰ্ম্ম ॥৬৭ যায়োক গৃহক গুৰু দিলোঁহো বিদায় । তথাপিতো যদ্যপি তোমাৰ ক্ষমা নাই ॥৬৮ মোৰ দোষ নাহি তেবে কহোঁ স্বৰূপত । কৰোঁ চূৰ সকলে তোমাৰ গৰ্ব্ব যত ॥৬৯ তোমাৰ ধনুৰ বৰ বখানা মহত্ত্ব । বল বুজি চাওঁ ধনুখান কেনমত ॥৭০ ইহাত লগাইলে গুণ ভঙ্গ যদি মানা । লগাইবোঁহো গুণ ধনু মোক দিয়া আনা ॥৭১ তোমাৰ ধনুত গুণ পাৰোঁ যেবে দিতে । জিনিবোঁ ৰণত তেবে তোমাক ইঙ্গিতে ॥৭২ শুনিয়া পৰশুৰামে ধনুখান দিলা । শ্ৰীৰামে লগাইলা গুণ কৰি মহালীলা ॥৭৩ বল দিয়া ৰাঘৱে টানন্ত ধনুখান । লেক লেক কৰে ফুল ধনুৰ সমান ॥৭৪ ধনু টানি ৰামচন্দ্ৰে হাসন্ত হৰিষি । ইহাৰেসে মহত্ত্ব বখানা তুমি ঋষি ॥৭৫ এহি বুলি ৰামে পুনৰপি দিলা টান । মহাশব্দে মাজতে ভাঙ্গিলা ধনুখান ॥৭৬ শবদৰ ত্ৰাসত কম্পিল ত্ৰিভুবন । মহাভয়ে অচেতন ভৈল সৰ্ব্বজন ॥৭৭ ৰাঘৱে বোলন্ত গুৰু কৰিলোঁ অকাজ । টানন্তে ভাঙ্গিল ধনু ভৈলোঁ মই লাজ ॥৭৮ নসহিল ধনু ছৱালৰো টানিবাক । বীৰ বোলাই তুমি কেনে লৈয়া ফুৰাঁ আক ॥৭৯ আমাকো কৰিলা লঘু আপুনিও ভৈলা । দেখিয়া পৰশুৰাম স্তব্ধ হুয়া ৰৈলা ॥৮০ অনন্তৰে ৰামচন্দ্ৰ পুৰুষ নিপুণ । নিজ ধনুখান লৈয়া লগাইলন্ত গুণ ॥৮১ বাণ যুৰি মাতিলন্ত পৰশুৰামক । হেৰা দেখাঁ কৰো ছাই তোমাৰ গৰ্ব্বক ॥৮২ ৰাখিবাহা প্ৰাণ যেবে মাগাঁ পৰাজয় । ভৈলন্ত পৰশুৰাম দেখি মহা ভয় ॥৮৩ বল দৰ্প গুচি মুখে হৰিল বচন । হইল বিৱৰ্ণ আতি মলিন বদন ॥৮৪ পৰশুৰামৰ ভাগি গৈলা কাপ ঝাপ । বৈদ্য দেখি যেন মুণ্ড চপৰাইল সাপ ॥৮৫ শ্ৰীৰামৰ আগত ভাগিল সবে ভাস । সূৰ্য্য আগে নাহি যেন চন্দ্ৰৰ প্ৰকাশ ॥৮৬ অস্তকালে যেন নজ্বলয় দিনকৰ । গৰুড়ৰ আগে দৰ্প হৰয় সৰ্পৰ ॥৮৭ জামদগ্নি সুত ৰাম ভৈলা সেহি নয় । লোক বিদ্যমানে লঘু ভৈলা আতিশয় ॥৮৮ যম হেন সাক্ষাতে দেখন্ত ৰাঘৱক । মাৰিবন্ত শৰ বুলি লাগিল চমক ॥৮৯ দেখি ৰামচন্দ্ৰ আতি ভৈলা দায়াযুত । হাসিয়া বোলন্ত শুনা জামদগ্নি সুত ॥৯০ আসিলাহা ধায়া তুমি আমাক মাৰিত । জানিলোঁহো তোমাৰ কঠিন বৰ চিত্ত ॥৯১ ঋষি হুয়া ভৈলা তুমি এনুৱা নিৰ্দ্দয় । তোমাক মাৰিবে মন আমাৰ নলয় ॥৯২ ৰাখিলোঁ তোমাৰ প্ৰাণ নকৰিবা ভয় । কিন্তু মোৰ বাণ জানা অমোঘ নিশ্চয় ॥৯৩ কদাচিতো বৃথা বাণ নুহিকে আমাৰ । কহিয়োক তোমাৰ ছেদিবোঁ কোন দ্বাৰ ॥৯৪ শুনিয়া ৰামৰ দায়ায়ুকুত বচন । বোলন্ত বিনয় জামদগ্নিৰ নন্দন ॥৯৫ নিচিনিলোঁ তোমাক বুদ্ধিত মন্দ আমি । তুমিসে ঈশ্বৰ জগতৰ অন্তৰ্যামী ॥৯৬ ভৈলা অৱতাৰ তুমি আসি মনুষ্যত । তোমাৰ অধীন ইটো সকলে জগত ॥৯৭ তুমিসে ঈশ্বৰ নিষ্ঠে জানিলোঁ সাক্ষাত । আমাৰ বিক্ৰম যাই লাগিল তোমাত ॥৯৮ জগতৰ আত্মা তুমি পুৰুষ পুৰাণ । হাৰিলোঁহো তোমাত দিয়োক প্ৰাণদান ॥৯৯ কৰিলাহা মোক যেন দায়া দামোদৰ । শুনিয়োক মোৰ তেবে স্বৰূপ উত্তৰ ॥১০০ নাহিকে স্বৰ্গত কিছু মোৰ প্ৰয়োজন । শৰে হানি প্ৰভু স্বৰ্গ পথ কৰা ছন্ন ॥১০১ তযু অংশে আমি হুয়া আছোঁ অৱতাৰ । আমাতে আছিল তযু পৃথিবীৰ ভাৰ ॥১০২ আপুনি বেকত আসি ভৈলাহা সাম্প্ৰত । গুচাইলাহা আপুনি আমাৰ ভাৰ যত ॥১০৩ সজ্জনক পালি সংহৰিবা দুষ্ট যত । তীৰ্থ কৰি ফুৰোঁ মই তযু প্ৰসাদত ॥১০৪ নযাইবোঁ স্বৰ্গক নিষ্ঠে বুলিলোঁ বচন । কৰিয়োক মোৰ স্বৰ্গ পথ নিবাৰণ ॥১০৫ শুনি ৰামচন্দ্ৰে পূৰ্ব্ব দিশে মুখ দিলা । পৰশুৰামৰ স্বৰ্গ পথক ছেদিলা ॥১০৬ শ্ৰীৰামৰ কীৰ্ত্তি প্ৰকাশয় সংসাৰত । অদ্যাপিও ৰামশৰ দেখিয়ো স্বৰ্গত ॥১০৭ পৰশুৰামক ৰামে কৰিলা আশ্বাস । মোৰ বাণ দেখি ঋষি ভৈলা মহাত্ৰাস ॥১০৮ ক্ষত্ৰি জাতি আমাৰ দাৰুণ বৰ হিয়া । পালোঁ অঙ্গীকাৰ ব্ৰাহ্মণক দুখ দিয়া ॥১০৯ মৰষিবা সকলে আমাৰ ইটো দোষ । কৰোঁ হাতযোৰ নকৰিবা অসন্তোষ ॥১১০ শ্ৰীৰামৰ ভকতি দেখিয়া আতিশয় । দুখ ভয় গুচি ভৈল প্ৰসন্ন হৃদয় ॥১১১ বুলিলা পৰশুৰামে বচন মধুৰ । স্বাভাৱতে ক্ষত্ৰিয়ৰ হৃদয় নিষ্ঠুৰ ॥১১২ হেন মহা ক্ষত্ৰি তুমি পুৰুষ উত্তম । দেখিলো সাক্ষাতে আজি তোমাৰ বিক্ৰম ॥১১৩ তথাপি কৰাইলা তুমি আমাকে প্ৰসন্ন । ধন্য ধন্য ৰাম ৰঘুকুলৰ নন্দন ॥১১৪ শত্ৰু হুয়া প্ৰসন্ন কৰাইলা বুলি নতি । তুমিও সন্তুষ্ট হৈবা আমাৰ ভকতি ॥১১৫ শুনিয়োক ৰাম বোলোঁ স্বৰূপ বচন । অনাদি ঈশ্বৰ তুমি সত্য সনাতন ॥১১৬ তুমি নিত্য নিৰঞ্জন পুৰুষ পুৰাণ । জগতৰ পতি তুমি বিনে নাহি আন ॥১১৭ তোমাত ভকতি মোৰ সততে থাকোক । যাওঁ তপোবনে মোক বিদায় দিওক ॥১১৮ এহিমতে দুয়োজন জগত ঈশ্বৰে । কৰিলন্ত লীলা নাজানিলা একো নৰে ॥১১৯ দুইহান্তৰো সম্বাদ বিবাদ যত যত । চাহি আছে লোক সবে বিস্ময় মনত ॥১২০ অনন্তৰে বিদায় লইয়া শ্ৰীৰামত । গৈলন্ত পৰশুৰাম হৰিষ মনত ॥১২১ দশৰথে দেখি আতি বিক্ৰম ৰামৰ । মনত হৰিষে প্ৰশংসিলা বহুতৰ ॥১২২ ধন্য ধন্য পুত্ৰ তুমি ভৈলাহা আমাৰ । ৰহিল তোমাৰ যশ জুৰিয়া সংসাৰ ॥১২৩ আসিলা পৰশুৰাম খেদি যেন যম । তাহাঙ্কো জিনিলা ৰণে কৰিয়া বিক্ৰম ॥১২৪ সাধু সাধু ৰাম তুমি বংশৰ তিলক । গলে বান্ধি ৰাজা ধৰিলন্ত ৰাঘৱক ॥১২৫ উপজিল প্ৰেম তনু ভৈলা পুলকিত । পাইলেক সন্তোষ যেন পিৱন্তে অমৃত ॥১২৬ আকাশত তৃপিতি ভৈলন্ত দেৱগণে । অৰ্চ্চিলা ৰামক আতি পুষ্প বৰিষণে ॥১২৭ দেখিয়া জানকী বল বিক্ৰম ৰামৰ । ভৈলন্ত তৃপিতি ৰোমাঞ্চিত কলেৱৰ ॥১২৮ বিশ্বামিত্ৰ বশিষ্ঠ প্ৰমুখ্যে ঋষিগণে । পূজিলন্ত ৰাঘৱক প্ৰশংসা বচনে ॥১২৯ পৰম পুৰুষ ৰাম জগত আধাৰ । ৰামৰূপে পৃথিবীতে ভৈলা অৱতাৰ ॥১৩০ পৰশুৰামৰ দৰ্প কৰিলন্ত চূৰ । কাহাৰ শকতি কৰ্ম্ম কৰয় এদূৰ ॥১৩১ এহি মতে ৰামক প্ৰশংসে সৰ্ব্বজনে । অনন্তৰে দশৰথ ৰাজা ৰঙ্গ মনে ॥১৩২ অযোধ্যাক প্ৰতি চলি গৈলা মহাশয় । কৰয় কটকে বেঢ়ি ৰাম জয় জয় ॥১৩৩ নানা বাদ্য সুমঙ্গলে চলে সমদলে । অযোধ্যাত প্ৰবেশ ভৈলন্ত কৌতূহলে ॥১৩৪ দেখি নগৰীয়া লোকে ৰাজা আসিবাৰ । তেতিক্ষণে কৰিলা নগৰী জাতিষ্কাৰ ॥১৩৫ সাঞ্জি মাঞ্জি লিপিলা বিচিত্ৰ গন্ধজলে । পতাকা তোৰণ ধ্বজা ৰঞ্জিলা চিৰলে ॥১৩৬ তাম্বুল কদলী ৰুইল ঠোক সমন্বিত । থানে থানে আলিপন কৰিলা ৰঞ্জিত ॥১৩৭ মুখত পল্লব ফলে পাতি পূৰ্ণঘট । ঘৃতৰ প্ৰদীপ দিলা তাহাৰ নিকট ॥১৩৮ দুৱাৰে দুৱাৰে দুলি থাপিলা প্ৰবন্ধি । লগাইলা বিচিত্ৰ ধূপ অগৰু সুগন্ধি ॥১৩৯ কুসুম চন্দন হাতে লৈয়া দুৰ্ব্বাক্ষত । চড়িলন্ত নাৰীগণ গৃহ ওপৰত ॥১৪০ আতি মনোহৰ পুৰী অযোধ্যা নগৰ । তাৰ মাজে যান্ত দশৰথ নৰেশ্বৰ ॥১৪১ চাৰি পুত্ৰ চাৰি কন্যা যান্ত ৰঙ্গ মনে । দুৰ্ব্বাক্ষত পুষ্প বৰিষন্ত নাৰীগণে ॥১৪২ উৰুলি জোকাৰ জয় অনেক মঙ্গলে । ভূমিত পৰিল পুষ্প শতেক সদলে ॥১৪৩ নগৰত মিলি গৈলা আনন্দ প্ৰচুৰ । পুত্ৰগণ সমে ৰাজা পাইলা অন্তঃপুৰ ॥১৪৪ কৌশল্যা সুমিত্ৰা সতী সুন্দৰী কৈকেয়ী । কন্যাগণ সমে দীপ ঘট হাতে লই ॥১৪৫ তিনি মহাদই নানা মঙ্গল আচাৰে । সিঞ্চি দুৰ্ব্বাক্ষত পুষ্প উৰুলি জোকাৰে ॥১৪৬ ভিন্নে ভিন্নে আসি পাচে তিনি পটেশ্বৰী । আপোনাৰ পুত্ৰ বোহাৰীৰ হাতে ধৰি ॥১৪৭ নানা ব্যৱহাৰে গৃহ কৰাইলা প্ৰবেশ । পুত্ৰবধু দেখি পাইলা আনন্দ আশেষ ॥১৪৮ সীতাৰ দেখিয়া ৰূপ কৌশল্যা দেবীৰ । অমৃতৰ পানে যেন জুৰাইল শৰীৰ ॥১৪৯ চাৰি কুমাৰৰ বিহা ভৈল একেবাৰে । দেখিয়া আনন্দ আতি মিলিল সবাৰে ॥১৫০ নানা নৃত্য গীত বাদ্য বাজন বজাইল । ৰামক সীতাক লোকে দেখিবাক আইল ॥১৫১ দুহানৰ ৰূপ আতি দেখি বিপৰীত । নয়ন ভৰিয়া যেন পিৱয় অমৃত ॥১৫২ দিলা আনি লোকে যত যৌতুক অপাৰ । সুবৰ্ণ ৰজত ৰত্ন বস্ত্ৰ অলঙ্কাৰ ॥১৫৩ ৰাজাগণ আইলা লৈয়া যৌতুক সম্ভাৰ । নানা ৰত্নে ভূপতিৰ ভৰাইলা ভাণ্ডাৰ ॥১৫৪ দশৰথে সমস্তকে প্ৰসাদে ৰঞ্জিলা । বস্ত্ৰ অলঙ্কাৰ পুষ্প চন্দনে তুষিলা ॥১৫৫ চাৰিয়ো পুত্ৰক সমুচিত বণ্টা দিলা । হস্তী ঘোঁড়া ৰথ ৰাজ্যে মন সন্তোষিলা ॥১৫৬ অনায়াসে ভৈল বিহা চাৰিও পুত্ৰৰ । পৰম কৃতাৰ্থ মন ভৈলা নৃপবৰ ॥১৫৭ শুনিয়োক সভাসদ পদ আদি কাণ্ড । ৰামৰ চৰিত্ৰ যেন অমৃতৰ ভাণ্ড ॥১৫৮ সংসাৰ মধ্যত ইসি মহা ধৰ্ম্ম সাৰ । বোলোঁ ৰাম ৰাম সুখে তৰিয়ো সংসাৰ ॥১৫৯ ::::<big>'''৪৫ অধ্যায়'''<big> :::: <big>'''ছবি ।'''<big> যিটো দেৱ নাৰায়ণ, সদাশিৱ সনাতন, ::নাহি আদি অন্ত মধ্য যাৰ । দেৱে যাক নজানন্ত, তেন্তে দেৱ ভগৱন্ত, ::ৰামৰূপে ভৈলা অৱতাৰ ॥১ নিজ যোগ মায়া বলে, ছদ্ম হুয়া মহীতলে, ::দশৰথ নৃপতিৰ ঘৰে । সীমা নাহি মহিমাৰ, মনুষ্যৰ ব্যৱহাৰ, ::দেখাৱন্ত প্ৰভু নিৰন্তৰে ॥২⏎ ⏎ জনক নন্দিনী সীতা, দেবী জগতৰ মাতা, ::তাক বিহা কৰি আনিলন্ত । লক্ষ্মীসমে এক থান, হুয়া নানা বিধদান, ::দিয়া সমস্তকে ৰঞ্জিলন্ত ॥৩ সীতা সমন্বিতে ৰাম, পূৰিয়া সবাৰেকাম, ::ৰত্নৰ মন্দিৰে ভৈলা থিত । দশৰথ নৃপবৰ, বিহা কৰাই তনয়ৰ, ::ভৈলা অতিশয় আনন্দিত ॥৪ মহামুনি বিশ্বামিত্ৰ, কহিলন্ত নৃপতিত, ::গুণ গ্ৰাম ৰাম লক্ষ্মণৰ । তাড়কাক একেশ্বৰে, মাৰিলন্ত ৰঘুবৰে, ::সমৰে বধিলা নিশাচৰ ॥৫ অহল্যাৰ শাপ মুক্তি, ধনু ভাঙ্গি অদভুত, ::জিনিলন্ত ৰাজাগণ ৰণে । পুত্ৰ দুইৰ পৰাক্ৰম, শুনিয়া অমৃত সম, ::সন্তোষ ৰাজাৰ আতি মনে ॥৬ বিশ্বামিত্ৰক ৰাজা, কৰিলা অনেক পূজা, ::চলি গৈলা মুনি মনৰঙ্গে । অযোধ্যা নগৰেৰাজা, দেৱতো অধিক ৰাজ্য, ::ভোগভুঞ্জে পুত্ৰগণ সঙ্গে ॥৭ ৰাঘৱৰ গুণগণে, সমস্তে লোকৰ মনে, ::মিলয় আনন্দ আসৰিশ । ৰাজ্য প্ৰতি পালিবাক, সামৰ্থ ভৈলন্ত ৰাম, ::দেখি দশৰথৰ হৰিষ ॥৮ কতো কাল অনন্তৰে, দেখিলন্ত নৃপবৰে, ::নিশাকালে স্বপ্ন বিপৰীত । পৰিল উলুকা পাত, আকাশৰ ৰাহুচন্দ্ৰ, ::লাম্ফে লাম্ফে ফুৰয় ভূমিত ॥৯ ৰক্ত শয্যা আকাশত, দেখে বসি শিখানত, ::কান্দে কালনাৰী এক জন । কৃষ্ণ কুসুমৰ মালা, দুই হাতে ধৰি আনি, ::সুঙ্গন্ত নৃপতি ঘনে ঘন ॥১০ মৃত্যুৰ সূচক স্বপ্ন, দেখি দশৰথ ৰাজা, ::বসিয়া গুণন্ত মনে মন । অন্ধক মুনিৰ শাপ, সমীপ চাপিল মোৰ, ::নিকটতে মিলিব মৰণ ॥১১ যাৱত চেতন গাৱে, আছয় ৰামত তাৱে, ::ৰাজায ভাৰ কৰোঁ সমৰ্পণ । প্ৰাণতো অধিক মোৰ, ৰামচন্দ্ৰে পালিবেক, ::পুত্ৰতো অধিক সৰ্ব্বজন ॥১২ ৰামক পাতন্তে ৰাজা, পাতিবে বিঘিনি জানো, ::ভৰত আৱৰ শত্ৰুঘনে । গুচোক বিঘিনি সবে, পঢ়িবাৰ ছলে দুইকো, ::ৰাজ্যৰ গুচাওঁ এতিক্ষণে ॥১৩ এহিগুণি দুইহান্তকো, মাতি আনিলন্ত ৰাজা, ::বুলিলন্ত মধুৰ বচনে । যুদ্ধাজিত মাতুলৰ, ৰাজ্যক পঢ়িবে প্ৰতি, ::চলিয়া যায়োক দুয়োজনে ॥১৪ পিতৃৰ বচন শুনি, ভৰতৰে শত্ৰুঘনে, ::মাতামহ ৰাজ্যে চলি গৈলা । পাচে দশৰথ ৰাজা, ৰামক হৰিষ মনে, ::ৰাজা পাতিবাক সাজ ভৈলা ॥১৫ এহিমানে আদিকাণ্ড, যেন অমৃতৰভাণ্ড, ::সাঙ্গোপাঙ্গে ভৈলা সমাপতি । শুনিয়োক সাধুজন, পুণ্য কথা ৰামায়ণ, ::ৰচিলা মাধৱ মূঢ়মতি ॥১৬ বোলোঁ কৃতাঞ্জলি বাণী, মোক মূঢ় হেন জানি, ::নিন্দা নুবুলিবা মহাজনে । মোত পৰে মতি হীন, জ্ঞান শূন্য বুদ্ধি ক্ষীণ, ::নাহি আন ইতিনি ভূবলে ॥১৭ কৰি আতি গৰ্ব্ব মদ, তথাপি ৰচিলোঁ পদ, ::দেখা কেনে মোৰ অহঙ্কাৰ । ইটো মোৰ দোষচয়, ক্ষমিবে উচিত হয়, ::মহন্তৰ ক্ষমা অলঙ্কাৰ ॥১৮ অন্তৰ্য্যামী নাৰায়ণে, যেনে প্ৰবৰ্ত্তাইলা মনে, ::তাকে মুখে কৰিলোঁ বেকত । কহিলোঁ সকলেসাৰ, জানি কৰাঁ পৰিহাৰ, ::বঢ়াটুটা দেখা যত যত ॥১৯ পৰে ৰাম চৰিত্ৰত, আনো সব কথা যত, ::সিও ৰাম কথাসে নিশ্চয় । গঙ্গাৰ জলত যত, পৰে নদী নানা মত, ::তাক কোনে তেজিয়া আছয় ॥২০ :::<big>'''৪৬ অধ্যায়'''<big> :::: <big>'''দুলৰি ।'''<big> ইকথা খাকোক, শুনা সবে লোক, ::চিন্তা হিত আপোনাৰ । দুৰ্ঘোৰ সংসাৰ, সাগৰ নিকাৰ, ::যিমতে পাইবা নিস্তাৰ ॥১ দেখিয়ো আকলি, কলি মহাবলী, ::কৰিলে কেনে অকাজ । সমস্তে লোকক, তল নিয়াইলেক, ::পাপ সাগৰৰ মাজ ॥২ পাপত মগন, হুয়া যিটোজন, ::আন ধৰ্ম্মে আশা কৰে । একো ফল তাত, নাহিকে মিছাত, ::দুখ পায়া মাত্ৰ মৰে ॥৩ তাত পৰে আৰ, নাহি দুৰাচাৰ, ::তৰো হৰি নাম ধৰ্ম্ম । নাম গুণ লৈলে, সংসাৰ তৰয়, ::জানিবা ইসব মৰ্ম্ম ॥৪ ব্ৰহ্মা মুনি যাক, বাঞ্চিয়া নপাৱে, ::পায়া হেন কলেৱৰ । হৰিৰ কীৰ্ত্তন, নকৰে যিজন, ::আত্মঘাতী সিটো নৰ ॥৫ ইতো তত্ত্বসাৰ, জানিয়া সংসাৰ, ::তৰিয়ো নাম সুমৰি । কলিৰ যুগত, অন্যত্ৰ ধৰ্ম্মত, ::থৈয়ো আশা দূৰ কৰি ॥৬ তেজি আন কাম, সুমৰিয়ো নাম, ::ধৰ্ম্মৰ ঈশ্বৰ জানি । কৰি থিৰ মন, হৰিত শৰণ, ::লৈয়োক ঈশ্বৰ মানি ॥৭ নমোঁ নমোঁ ৰাম, কৰোঁহো প্ৰণাম, ::দিয়া চৰণত চিত্ত । মহা মূঢ়মতি, হুয়া বিৰচিলোঁ, ::তোমাৰ ইটো চৰিত ॥৮ তুমি বুদ্ধি বৃত্তি, যেনে প্ৰবৰ্ত্তাইলা, ::হৃদয়ে থাকি আমাৰ । সেহিমতে ভয়, তৰিব সকলে, ::কৰিলো মুখে প্ৰচাৰ ॥৯ পদ ৰচনাত, আছয় যতেক, ::দোষ মই অধমৰ । তাক কৃপাময়, ক্ষমিবে লাগয়, ::জানিবাহা হৃদীশ্বৰ ॥১০ তযু কৃপাময়, ,সমস্তে বেকত, ::আপুনি তুমি কৰিলা । ভক্তবেশ মাত্ৰ, ধৰিলা পূতনা, ::এতেকে তাইক তাৰিলা ॥১১ ভয়ত তোমাক, সুমৰিয়া গতি, ::পাইলে পাপী কংস ৰায় । ঘোৰ অঘাসুৰে, তোমাক গিলিয়া, ::সিও মহা মোক্ষ পায় ॥১২ পৰম দুৰ্ম্মতি, পৌণ্ড্ৰক নৃপতি, ::ধৰিল তোমাৰ বেশ । এতেকতে তাৰ, উত্তম মুকুতি, ::দিলা তুমি হৃষীকেশ ॥১৩ পাপী অজামিল, নামৰ আভাস, ::সুমৰিল অজ্ঞানত । তাকে এতেকতে, কৰি অনুগ্ৰহ, ::থান দিয়া বৈকুণ্ঠত ॥১৪ পশুজাতি আতি, বনৰ বানৰ, ::কৰিলে মাত্ৰ আশ্ৰয় । তাতে তাসম্বাক, মহা অনুকম্পা, ::কৰিলাহা কৃপাময় ॥১৫ মই মহা মূঢ়, পৰম পামৰ, ::তোমাত লৈলো শৰণ । তোমাত ভকতি, বহে যেন মতে, ::কৃপা কৰা নাৰায়ণ ॥১৬ তযু গুণ নাম, ধৰ্ম্ম অনুপাম, ::ৰহোক মোহোৰ মুখে । পৰম দুৰ্লভ, তোমাৰ চৰণ, ::সুমৰো পৰম সুখে ॥১৭ শ্ৰবণ কীৰ্ত্তন, বিনে প্ৰভুৰাম, ::নাহি মোৰ আন কাম । সামাজিক লোক, হউক সদ্গতি, ::ডাকি বোলাঁ ৰাম ৰাম ॥১৮ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335717.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|