Difference between revisions 335747 and 338659 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::<big><big><big><big>'''''ৰামায়ণ ।'''''<big><big><big><big> ::<big><big><big>'''''অযোধ্যাকাণ্ড ।'''''<big><big><big> ======================================== :::;<big>'''১ অধ্যায়'''<big> :<big>'''ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন'''</big> ⏎ <poem>⏎ জয় জয় ৰামচন্দ্ৰ জগত আধাৰ । ⏎ ⏎ ব্ৰহ্মা হৰ পুৰন্দৰ সেৱক যাহাৰ ॥১ ⏎ ⏎ সৃষ্টি স্থিতি লয় যাৰ লীলা অনুপাম । ⏎ ⏎ হেন ৰাম পদে কৰোঁ সদায় প্ৰণাম ॥২ ⏎ ⏎ স্বৰূপ আৱৰি নিজা মায়া বশ্য কৰি । ⏎ ⏎ দশৰথ গৃহে লীলাৰূপে অৱতৰি ॥৩ ⏎ ⏎ মনুষ্যৰ নয় কৰ্ম্ম কৰিলা অপাৰ । ⏎ ⏎ যাহাৰ শ্ৰবণে মহাপাপীৰো উদ্ধাৰ ॥৪ ⏎ ⏎ লক্ষ্মণ সহিতে বিশ্বামিত্ৰ সঙ্গে আসি । ⏎ ⏎ ৰাখিলা তাহান যজ্ঞ ৰাক্ষস বিনাশি ॥৫ ⏎ ⏎ ঋষি সমন্নিতে ৰঙ্গে গৈয়া মিথিলাক । ⏎ ⏎ ধনুৰ্ভঙ্গ কৰি বিহা কৰিলা সীতাক ॥৬ ⏎ ⏎ পৰম সুন্দৰী ভাৰ্য্যা পায়া হৃষীকেশ । ⏎ ⏎ পৰম উত্সুকে ভৈলা অযোধ্যা প্ৰবেশ ॥৭ ⏎ ⏎ চন্দ্ৰৰ উদয়ে যেন কুমুদ প্ৰকাশ । ⏎ ⏎ ৰামক দেখিয়া সৰ্ব্ব জনৰ উল্লাস ॥৮ ⏎ ⏎ সুৰভি শীতল বহে মলয়া পবন । ⏎ ⏎ পুষ্পবন সুগন্ধে আমোদ কৰে মন ॥৯ ⏎ ⏎ ধনে জনে বিচিত্ৰ মণ্ডিত সৰ্ব্বজন । ⏎ ⏎ ৰাজ্যৰ পাতন যেন স্বৰ্গৰ ভুবন ॥১০ ⏎ ⏎ সুপক্ক কদলী ৰুইল বাহিৰে তোৰণ । ⏎ ⏎ কনকে ৰচিত ধ্বজ ভূষিত বসন ॥১১ ⏎ ⏎ জমকে জমকে জ্বলে মাণিক অপাৰ । ⏎ ⏎ শেতেনেতে মণ্ডিত নগৰী জাতিষ্কাৰ ॥১২ ⏎ ⏎ পুৰুষ ৰমণী তৈত ভৈল উসমিশ । ⏎ ⏎ নগৰৰ পথত যাইবাক নাই দিশ ॥১৩ ⏎ ⏎ শঙ্খপট হৰিষ ৰমাদলৰ জাক । ⏎ ⏎ নন্দিনী নিনাদ বাদ্য বাৱে বীৰ ঢাক ॥১৪ ⏎ ⏎ ৰমণীৰ বদন নিৰ্ম্মল শশধৰ । ⏎ ⏎ কুণ্ডল যুগল সুবলিত দিনকৰ ॥১৫ ⏎ ⏎ তাৰাগণ সদৃশ মাণিক সব জ্বলে । ⏎ ⏎ অযোধ্যা নগৰী দেৱ ভুবনতো বলে ॥১৬ ⏎ ⏎ ঘণ্টাৰ শবদে হস্তী চলে সংহৰিষে । ⏎ ⏎ আগে পাচে চলন্তে তুৰঙ্গ সব হ্ৰেঁষে ॥১৭ ⏎ ⏎ চতুৰঙ্গ দলত শবদ কোলাহল । ⏎ ⏎ পূৰ্ব্বৰ কালত যেন স্বৰ্গৰ আম্ফাল ॥১৮ ⏎ ⏎ বিমান সদৃশ ৰথ চতুৰ্দ্দিশে চলে । ⏎ ⏎ নেমিৰ সন্ধানে সবে নাগলোক টলে ॥১৯ ⏎ ⏎ উপৰে শকতি ধনু নৰাচ কটাৰ । ⏎ ⏎ নয়নত চমক খৰশ জাতিষ্কাৰ ॥২০ ⏎ ⏎ বিদ্গধ জন তৈত মিলিলা অশেষ । ⏎ ⏎ বালবৃদ্ধ তৰুণ আসিল দেশ দেশ ॥২১ ⏎ ⏎ বন্দিগণে তুতি পঢ়ে ব্ৰাহ্মণে আশীষ । ⏎ ⏎ জয় জয় শবদে পূৰিল দশোদিশ ॥২২ ⏎ ⏎ ৰাম আগমন শুনি কৌতূহল মনে । ⏎ ⏎ কুন্দৰুখ জালে চাহে কেহো নাৰীগণে ॥২৩ ⏎ ⏎ ধৌলিৱৰ উপৰত চড়িল যুবতী । ⏎ ⏎ কৈলাস শিখৰে শোভে যেহেন পাৰ্ব্বতী ॥২৪ ⏎ ⏎ সখীগণ সম্বুধি বোলয় বৰনাৰী । ⏎ ⏎ ৰামৰ স্বৰূপে চিত ধৰিতে নপাৰি ॥২৫ ⏎ ⏎ ৰাম মুখ পদ্ম মোৰ নয়ন ভ্ৰমৰ । ⏎ ⏎ বাৰিতে নপাৰোঁ ভোগ কৰে নিৰন্তৰ ॥২৬ ⏎ ⏎ কাঞ্চিৰ শবদ নূপুৰৰ ৰুন ঝুন । ⏎ ⏎ বৰ্ণাইবেক কেমনে ৰামৰ ৰূপ গুণ ॥২৭ ⏎ ⏎ ৰম্ভা তিলোত্তমা আৰু উৰ্ব্বশী সুন্দৰী । ⏎ ⏎ সীতাৰ ৰূপক কেহো নুহি সৰিবৰি ॥২৮ ⏎ ⏎ ৰাম সীতা আগমন দেখি সৰ্ব্বলোকে । ⏎ ⏎ থানে থানে উৰুলি পাৰয় ঝোকে ঝোকে ॥২৯ ⏎ ⏎ কেঁহো নৃত্য কৰে কেঁহো আনন্দ বধাৱ । ⏎ ⏎ নটীসবে নাচয় কৰিয়া ভঙ্গীভাৱ ॥৩০ ⏎ ⏎ ৰামক সীতাক দেখি গৈলা থানে থানে । ⏎ ⏎ নগৰীৰ লোকক তুষিলা দানে মানে ॥৩১ ⏎ ⏎ সুবৰ্ণ ৰজতৰত্ন যতেক সম্ভাৰ । ⏎ ⏎ ৰামক সীতাক দিলা যৌতুক অপাৰ ॥৩২ ⏎ ⏎ ৰাম সীতা ৰথে থিত ভৈলন্ত চৌপথে । ⏎ ⏎ উৰ্ম্মিলা লক্ষ্মণ থিত ভৈলা একে ৰথে ॥৩৩ ⏎ ⏎ হাট বাট এৰাই গৈলা জঙ্গাল চৌপথ । ⏎ ⏎ কৌশল্যাৰ ঘৰে চলি গৈলা দশৰথ ॥৩৪ ⏎ ⏎ কৌশল্যা গৃহত কৈলা বিবিধ আচাৰ । ⏎ ⏎ কহিলা সুমন্ত্ৰ শুন আমাৰ বচন আমাৰ ॥৩৫ ⏎ ⏎ আগবাঢ়ি সুমন্ত্ৰ যুৰিলা যোৰহাত । ⏎ ⏎ ৰাজ ৰাজেশ্বৰ বুলি নমিলন্ত মাথ ॥৩৬ ⏎ ⏎ দশৰথে আজ্ঞা কৰিলন্ত সুমন্ত্ৰক । ⏎ ⏎ শীঘ্ৰে গৈয়া আন কুল নন্দন ৰামক ॥৩৭ ⏎ ⏎ মাথে ধৰি মন্ত্ৰী নৃপতিৰ আজ্ঞা বাণী । ⏎ ⏎ ৰাম সীতা লক্ষ্মণক মিলাইলন্ত আনি ॥৩৮ ⏎ ⏎ থাপিলন্ত গৃহত সুবৰ্ণময় ঘট । ⏎ ⏎ কন্যা সবে পাৰিল বাটত নেতপট ॥৩৯ ⏎ ⏎ আপোনাৰ আচাৰ কৰিল নাৰীগণে । ⏎ ⏎ দশৰথ থিত ভৈলা সহৰিষ মনে ॥৪০ ⏎ ⏎ ৰামসীতা প্ৰবেশিলা ৰাজাৰ মন্দিৰি । ⏎ ⏎ ভাৰ্য্যা সমে সূৰ্য্য যেন থিত অস্তগিৰি ॥৪১ ⏎ ⏎ নমিলন্ত বাপক আৱৰ নিজ মাৱ । ⏎ ⏎ কৈকেয়ীৰ সুমিত্ৰাৰ নমিলন্ত পাৱ ॥৪২ ⏎ ⏎ ছয় শত মাৱ আৰ পঞ্চাশ বেকতি । ⏎ ⏎ একে একে সবাহাক কৰিলা প্ৰণতি ॥৪৩ ⏎ ⏎ শ্ৰীৰাম লক্ষ্মণ আদি কৰি চাৰি ভাই । ⏎ ⏎ চাৰি কন্যা লৈয়া চলি গৈলা নিজ ঠাই ॥৪৪ ⏎ ⏎ নাৰী মিলিলন্ত যত কৌশল্যাৰ ঘৰ । ⏎ ⏎ সীতাৰ ৰূপক কেহো নোহে সমসৰ ॥৪৫ ⏎ ⏎ সীতাৰ প্ৰভাৱে মুখ মলিন সবাৰ । ⏎ ⏎ পূৰ্ণচন্দ্ৰ উদয়ে নজ্বলে যেন তাৰ ॥৪৬ ⏎ ⏎ কাশ্যপক অদিতিক যেন সুৰপতি । ⏎ ⏎ বাপক মাৱক নিতে কৰিলা ভকতি ॥৪৭ ⏎ ⏎ দেৱ দ্বিজ আৰাধিয়া সন্তোষণ কৰি । ⏎ ⏎ নিজগুণে ৰঞ্জিলন্ত সমস্তে নগৰী ॥৪৮ ⏎ ⏎ চাৰি ভাই মিলি ধৰ্ম্মপথ অনুসৰি । ⏎ ⏎ হৰিষে আছন্ত নানাবিধ ভোগ কৰি ॥৪৯ ⏎ ⏎ মাতুলক দেখো ভৰতৰ ভৈলা মন । ⏎ ⏎ তুলত লৈলন্ত প্ৰাণ ভাই শত্ৰুঘন ॥৫০ ⏎ ⏎ ৰামৰ চৰণ দুই নমস্কাৰ কৰি । ⏎ ⏎ অনুজ্ঞা মাগিলা পাচে পুটাঞ্জলি ধৰি ॥৫১ ⏎ ⏎ প্ৰণমিলা বাপক আৱৰ নিজ মাৱ । ⏎ ⏎ পাইলন্ত ভৰত গৈয়া যুদ্ধাজিত ঠাৱ ॥৫২ ⏎ ⏎ ৰাজা যুদ্ধাজিতে তাঙ্ক ভালে সাদৰিল । ⏎ ⏎ মাস কতিপয় তথা ভৰতে বঞ্চিল ॥৫৩ ⏎ ⏎ বিবিধ সম্বাদ তথা মিলিল বহুত । ⏎ ⏎ ৰামৰ কাহিনী আবে শুনিয়ো প্ৰস্ত্তত ॥৫৪⏎ </poem> All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=338659.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|