Difference between revisions 335759 and 335805 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::<big>'''৫ অধ্যায়'''<big> ::<big>'''কৈকেয়ীয়ে বৰ বিচাৰে'''</big> হেন শুনি কৈকেয়ীৰ বিহৰিল মন । বোলন্ত মন্থৰা তোৰ সাফল জীৱন ॥১ ৰামক গুছায়া ভৰতক দিবো দেশ । কোনবা উপায় ফলে বুলিয়ো বিশেষ ॥২ কুজী বোলে কৈকেয়ী হৰিষ কৰ মন । একে উপদেশে ৰাম চলি যাইব বন ॥৩ আলখনী কুজীত সুধিলে তই কাজ । আৰ বুদ্ধি বোলোঁহো ভৰতে পাইব ৰাজ ॥৪ এতেক বচন শুনি ভৰতৰ মাৱ । বুলিও উপায় বুলি চালিলেক গাৱ ॥৫ ভৰত নৃপতি ভৈলে তই হৈবি সুখী । অন্তেস পুৰত তোক কৰিব প্ৰমুখী ॥৬ ৰাজা ভৈলে ভৰত কীৰ্ত্তিক তোক নিবো । তোৰ কুজগুটী শুদ্ধ সুৱৰ্ণে বান্ধিবো ॥৭ বেটী শত দিবো আৰো ৰত্ন অলঙ্কাৰ । গ্ৰীৱাত তোহোৰ দিবো সাতে সৰি হাৰ ॥৮ পদ্মকেশৰৰ বৰ্ণ প্ৰিয় দৰিশন । উৰুস্থল লখি তোৰ আতি সুশোভন ॥৯ উন্নত নাসিকা মুখ দেখিয়া স্বভাৱ । কুজ গুচা দেখি হেন সুৱৰ্ণ সৰাৱ ॥১০ আন মব কুবুজীৰ হিয়া খন খাল । গ্ৰীৱা গোট নলখিয় পেচা হেন গাল ॥১১ পেট গোট খাল আতি আশোভন দেখি । ইসব দোষক তোৰ কিছুৱে নলখি ॥১২ তোহোৰ উদৰ কৃশ সৰস জঘন । শোভন যৌবন দেখি যুবত মোহন ॥১৩ আগত থাকিলে মন কৰয় উল্লাস । লীলা হংসী যেন কেলি কৰতেহি যাস ॥১৪ কুজী বোলে উপায় শুনিয়ো তোৰ হিত । যিমতে জিনিবি ৰাজা দশৰথ চিত ॥১৫ পুৰণি কথাক তই সুমৰন কৰ । ৰাজা বুলিয়াছে তোক দিবো দুই বৰ ॥১৬ দেৱাসুৰ ৰণ বৰ মিলিল পূৰ্ব্বত । জিনিলা দেৱক ৰণে অসুৰ সমস্ত ॥১৭ মহেন্দ্ৰৰ সখা ভৈলা দশৰথ ৰাই । ভঙ্গায়া অসুৰ বল খেদাইলা লীলাই ॥১৮ যুদ্ধ জিনি আসিয়া ভৈলন্ত তিৰপিতি । আগবাঢ়ি কৈলা তুমি ৰাজাত ভকতি ॥১৯ বৰ দুই দিবাক ৰাজাৰ ভৈল মন । তুমিও বুলিলা বৰ লৈবো আনখন ॥২০ ক্ৰোধ ঘৰে থাকিও মলিন বস্ত্ৰ লৈয়া । মাটীত কাপৰ পাৰি বিমন কৰিয়া ॥২১ কোপ কৰি থাকিবি মুকুত কৰি কেশ । ৰাজা আসি চাটু পাটু বুলিব অশেষ ॥২২ ৰত্ন মণি মানিৱন্ত নিধিৰ ভণ্ডাৰ । যতেক মানিব তাক নকৰিবি সাৰ ॥২৩ বাক্যে ছান্দি নৃপতিক শপত কৰাইবি । হেন বুদ্ধি কৈলে তই দুয়ো বৰ পাইবি ॥২৪ এক বৰ মাগি ভৰতক দিবি ৰাজ । ৰাম বন যাইবাক বুলিবি আৰ কাজ ॥২৫ বৃদ্ধৰ তৰুণী ভাৰ্য্যা আতি বৰ ৰতি । তোৰ বোল বাধিবাক নুহিবে শকতি ॥২৬ চলিলা কুজীৰ বোলে হৰষিত মনে । ৰামৰ লিখিত বিধি বাধিব কেমনে ॥২৭ কুজী তোৰ বচনে ভূমিত থাকোঁ লুটি । হা ৰাম বোলন্তে পৰাণ যায় ফুটি ॥২৮ পাপিষ্ঠী কুবুজী মোৰ ভেদিলি হৃদয় । জিনিলি কথাক কহি অনেক সংশয় ॥২৯ তোহোৰ বোলত আবে কৰোঁ মন্দ যত্ন । ভৰত কাচক লাগি হৰাওঁ ৰাম ৰত্ন ॥৩০ মোৰ বোলে ৰামাই বন যাইবে হেনজানি । মৰিবো কটাৰ হানি নখাই ভাত পানি ॥৩১⏎ ⏎ মনত বিষাদ কৰি ভৰতৰ মাৱ । ক্ৰোধঘৰে থাকিলন্ত বিমল স্বভাৱ ॥৩২ ৰাঘৱক ৰাজ্য দিবোঁ বুলি আইলা ঠাৱে । কৈকেয়ীক খোজে ৰাজা হৰষিত ভাৱে ॥৩৩ স্ত্ৰীগণ লৈয়া খুজি ফুৰা নৃপবৰে । দেখন্ত কৈকেয়ী শুতি আছে ক্ৰোধঘৰে ॥৩৪ হস্তিনী আছয় যেন পৰিয়া নৈৰাশ । মহাগজ সম ৰাজা চাপিলন্ত পাষ ॥৩৫ কৰে কৰ ধৰি ৰাজা বুলিলন্ত ভাৱ । ৰাম অভিষেক কালি শীঘ্ৰে চাল গাৱ ॥৩৬ উঠ প্ৰাণেশ্বৰি অৱসান ভৈল বেলা । তোক যি অনিষ্ট চিন্তে মোক কৰে হেলা ॥৩৭ নাৰীজন হোৱে অনুৰূপ কৰোঁ দণ্ড । পুৰুষৰ নামে কাটি কৰোঁ নৱ খণ্ড ॥৩৮ মই মন্দ কৰিলোহো নলখোঁহো হেন । বৃদ্ধৰ তৰুণী ভাৰ্য্যা দেখোঁ প্ৰাণ যেন ॥৩৯ কোনে মন্দ চিন্তিলেক পাইবে পাপফল । সপুত্ৰ বান্ধৱ সমে যাইব ৰসাতল ॥৪০ নিৰ্ধনী হৈবেক ধনী ধনীয়ে নৰ্ধন । কাহাক দণ্ডিবোঁ বোল তোৰ যাক মন ॥৪১ যত ৰত্নভাণ্ডাৰ আছয় এথা মোৰ । যেই লাগে লৈয়োক হৰিষ মনে তোৰ ॥৪২ উঠ উঠ প্ৰাণে প্ৰাণেশ্বৰি নতু শুন কাজ । পুণ্যযোগে কালি শ্ৰীৰামক দিবো ৰাজ ॥৪৩ এতেক বচন শুনি ভৰতৰ মাৱ । নৃপতিক দুঃখ দিবে চালিলন্ত গাৱ ॥৪৪ কৈকেয়ী বোলন্ত প্ৰভু বচন ধৰিয়ো । যি কাৰ্য্যক বোলোঁ তাক শপত কৰিয়ো ॥৪৫ হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা । আপোন বধক লাগি গলপাশ লৈলা ॥৪৬ ৰাজা বোলে প্ৰাণেশ্বৰি গুণিয়ো মনত । ৰামত তোমাত পৰে প্ৰিয় আছে কত All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335805.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|