Difference between revisions 335805 and 335821 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::<big>'''৫ অধ্যায়'''<big> :<big>'''কৈকেয়ীয়ে বৰ বিচাৰে'''</big> হেন শুনি কৈকেয়ীৰ বিহৰিল মন । (contracted; show full) হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা । আপোন বধক লাগি গলপাশ লৈলা ॥৪৬ ৰাজা বোলে প্ৰাণেশ্বৰি গুণিয়ো মনত । ৰামত তোমাত পৰে প্ৰিয় আছে কত ॥৪৭ ৰামক তেজিয়া আন যত মাগ বৰ । হৃদয় কাটিয়া দিবোঁ পুণ্য নিৰন্তৰ ॥৪৮ হেন সে আবুধি তই মিছা কৰ গ্ৰহ । কিনো মোত সাধিবি বেকত কৰি কহ ॥৪৯ কৈকেয়ী বোলয় আপোনাৰ মত ৰাখি । চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হৈবা সাখী ॥৫০ সত্য এৰিলতে যিবা আছে দোষ তাত । তুমি সৱ দৃষ্ট দেৱ দেখাহা সাক্ষাত ॥৫১ পূৰ্ব্বত নৃপতি মোক দুই বৰ দিল । সুমৰিয়ো প্ৰভু তাৰ সময় মিলিল ॥৫২ শুনিয়ো গোসাঁই দশৰথ মহাৰাজ । এই সব সাজে ভৰতক দিয়ো ৰাজ ॥৫৩ ৰামত সম্প্ৰতি তুমি হৈয়োক নৈৰাশ । চৌধ বৰিষক লাগি দিয়ো বনবাস ॥৫৪ ৰাজ্য এৰি গৈয়া ৰামে বঞ্চোক বনত । কৰি যুৱৰাজ ৰাজ্যে থাপিয়ো ভৰত ॥৫৫ এই দুই বৰ মোক দিয়া প্ৰভু যেবে । পূৰ্ব্ব অঙ্গীকাৰ তব সত্য হোৱে তেবে ॥৫৬ এতেকে আমাৰ হোৱে চিত্তত সন্তোষ । সত্যক এৰিলে জানা যেন হৱে দোষ ॥৫৭ কৈকেয়ীৰ বচনত হৃদয় ভেদিল । বাঘিনীক দেখি যেন মৃগ চমকিল ॥৫৮ ভয় সন্তে নৃপতিৰ শিহৰিল গাৱ । মৃতক স্বভাৱ ভৈলা কম্পে হাত পাৱ ॥৫৯ শোকে দুঃখে ৰাজাৰ মোহিত ভৈল চিত । বিমূৰ্চ্ছিত হুয়া ৰাজা পৰিলা ভূমিত ॥৬০ বিহ্বল ভৈলন্ত ৰাজা কম্পে কলেৱৰ । পৰিলা অনাথ যেন ৰাজ ৰাজেশ্বৰ ॥৬১ কতোবেলি দশৰথে পাইলন্ত চেতন । মহাক্ৰোধে কৈকেয়ীক বুলিলা বচন ॥৬২ শুন বোলোঁ পাপিষ্ঠী বধিতে ভৈলি মোক । কুল বিনাশক লাগি বিহাইলোহো তোক ॥৬৩ ৰাঘবে বা মন্দ তোক কৰিলেক কিস । বা পুত্ৰক বধিতে বুনিলি বাক্য বিষ ॥৬৪ ৰাম হেন পুত্ৰ মোৰ আতি শুদ্ধ মতি । কৌশল্যাতোধিক তোত কৰয় ভকতি ॥৬৫ ৰাম গুণে তুষি সৰ্ব্বে জনৰ উল্লাস । কোন অপৰাধে তাঙ্ক দিবোঁ বনবাস ॥ ৬৬ শুদ্ধ চিত্ত ৰামৰ অনিষ্ট চিন্ত কিক । মহা বৈৰী ভাৰ্য্যা আছে কোন ততোধিক ॥৬৭ চৰণত ধৰোঁ তোৰ কৃপা কৰ মোক । নকৰিবি দ্ৰোহ দায়া কৰ ৰাম পোক ॥৬৮ মোৰ চিত পৰীক্ষা কৰিলি পৰিহাস । কৃপা কৰ মোক চৰণৰ ভৈলোঁ দাস ॥৬৯ হেন বুলি চৰণত পৰিলা নৃপতি । কৈকেয়ী নিষ্ঠুৰ বোলে নিকৰুণ মতি ॥৭০ ত্ৰৈলোক্যত জানে দৃঢ় চিত্ত দশৰথ । আল জাল এৰি তুমি পালিয়ো শপথ ॥৭১ শিৱি ৰাজা কপোতক অভয় দিলন্ত । আপোনাৰ মাংস কাটি সেন তুষিলন্ত ॥৭২ সত্য পালি ৰামক সত্বৰে পঠাও বন । নুহিবা তোমাৰ আগে তেজিবো জীবন ॥৭৩ হা বুলি দশৰথ পৃথিবীত লুটি । হা ৰাম পুত্ৰ বুলি প্ৰাণ যাওক ফুটি ॥৭৪ আতি সুচৰিত ৰাম বন যাইবি তই । কেনে প্ৰাণ ধৰিবো কৌশল্যা সমে মই ॥৭৫ যদি মোত সোধে লোক বৃদ্ধ গুৰুজন । কেনে ৰাজা ৰাঘৱক পঠাইলন্ত বন ॥৭৬ সত্যে বোলোঁ প্ৰাণেশ্বৰি এৰা ই বচন । কৰিবে গৰিহা মোক আনো দশী জন ॥৭৭ স্ত্ৰীজিত ক্ৰুৰ ৰাজা নিকৰুণ মন । শোক জ্বালি ৰাঘৱক পঠাইলন্ত বন ॥৭৮ পৰম দুষ্কীৰ্ত্তি মোৰ ৰৈল দেশ দেশ । হেন জনবাদে মোৰ প্ৰাণ ভৈল শেষ ॥৭৯ শিশুকালে ৰাঘৱৰ বৰ দুঃখ ভৈল । ব্ৰহ্মচৰ্য্য আচৰন্তে কতো কাল গৈল ॥৮০ যেবে আসি মিলিল ৰাজ্যত উপভোগ । বনবাস খাটিবেক কিলো বিধি যোগ ॥৮১ ছল পাশে কৰিলেক নৃপতিক বন্দি । বামনে বলিক যেন নানা বোলে ছান্দি ॥৮২ খনো মূৰ্চ্ছা যান্ত খনো চেতনক পাইল । অনেক বিষাদে তান ৰজনী পুহাইল ॥৮৩ মন্ত্ৰী পুৰোহিত যত ৰামত ভকত । অভিষেক সাজে মিলিলন্ত দুৱাৰত ॥৮৪ সিংহাসন আদি কৰি সুমঙ্গল যত । আভৰণে আঠ কন্যা ভৈল উপগত ॥৮৫ শুকুল চামৰ ফল পুষ্প দধি ক্ষীৰ । সুবৰ্ণ ঘটত সাত সাগৰৰ নীৰ ॥৮৬ গঙ্গা যমুনাক আদি যত তীৰ্থজল । শ্বেত ছত্ৰ জ্বলে যেন চন্দ্ৰৰ মণ্ডল ॥৮৭ সুবৰ্ণৰ কুম্ভত সুগন্ধ ভৰি জল । সুবৰ্ণ পতাকা ধ্বজ ৰচিল বিৰল ॥৮৮ নিৰন্তৰে লৈয়া অভিষেক সাজ যত । সবহি মিলিল আহি সিংহ দুৱাৰত ॥৮৯ মন্ত্ৰী পুৰোহিত মিলি আলোচিল কাজ । সুমন্ত্ৰক বুলিল জনায়ো মহাৰাজ ॥৯০ ৰবিৰ উদয় ভৈল নুযুয়াই হেলা । ৰাম অভিষেকৰ লগ্নৰ হৈল বেলা ॥৯১ শুনিল সুমন্ত্ৰ হেন বচন বিশেষ । অন্তেষপুৰ দুৱাৰত ভৈলন্ত প্ৰবেশ ॥৯২ জাগিয়োক প্ৰভু মন্ত্ৰীগণে পাৰে ৰাৱ । ৰবিৰ উদয় ভৈল চালিয়োক গাৱ ॥৯৩ ৰজনী প্ৰভাত ভৈল ৰাজা দশৰথ । ব্ৰহ্মা বিষ্ণু শঙ্কৰে পুৰন্তো মনোৰথ ॥৯৪ মন্ত্ৰীৰ বচন ৰাজা শুনিলা শ্ৰবণে । সুমন্ত্ৰ সমীপ চাপি বুলিলা সঘনে ॥৯৫ কৈকেয়ীৰ বাক্য বহ্নি দহে কলেৱৰ । তোৰ বাক্য অমৃতে জুৰাইয়ো নিৰন্তৰ ॥৯৬ ৰাম মুখ দেখিলে হৈবেক নিৰ্ব্বান । ৰাম গুণ সাগৰক শীঘ্ৰ কৰি আন ॥৯৭ ৰাজাৰ আজ্ঞাক মন্ত্ৰী মাথে কৰি লৈল । ৰামক আনিবে প্ৰতি শীঘ্ৰে চলি গৈল ॥৯৮ হাট বাট এৰাইয়া ৰামৰ পাইল থান । ৰঙ্গকৰে সৰ্ব্বজনে দেখি বিদ্যমান ॥৯৯ যুবা জন ক্ৰীড়া কৰে ধৰি হাতে হাত । গ্ৰীৱে গ্ৰীৱে জড়িল লাগিল মাথে মাথ ॥১০০ দাদা ভাই মিতা বুলি ধৰি কোলে কোল । বাহুত চাপৰ মাৰি কৰয় অষ্ফাল ॥১০১ আউৰে আউৰক কেহো সাৱটি ধৰিল । মুখ চাই কেহো কেহো বিগুটি কৰিল ॥১০২ ৰাম ৰাজা হৈব আজি জীৱন সাফল । হেন বুলি প্ৰজাসবে কৰে কৌতূহল ॥১০৩ নগৰী জনৰ হেন লখিল স্বভাৱ । পাইলন্ত সুমন্ত্ৰ গৈয়া ৰাঘৱৰ ঠাৱ ॥১০৪ ৰামৰ প্ৰাসাদ শোভে কৈলাস সমান । বিদ্যুতৰ কান্তি যেন জ্বলে থানে থান ॥১০৫ সুবৰ্ণৰ মাণ্ডলি চালত বলিয়াইল । বৈদুৰ্য্য ৰুৱলি শুদ্ধ ৰজতে হিছাইল ॥১০৬ শতেক শতেক হাত চৌধয় মাণ্ডলি । পঞ্চাশ পঞ্চাশ হাত একৈক ৰুৱলি ॥১০৭ চৌসষ্টি তম্ভত তাক কৰিল নিবেশ । বৈজয়ন্ত সমসৰ দেখিতে সুবেশ ॥১০৮ ৰতনে খসিয়া সুবৰ্ণৰ পতা দিল । সূচি কামি সমন্বিতে একত্ৰ কৰিল ॥১০৯ ৰামৰ ওৱাৰি সব জগতে বখানি । প্ৰবেশিলে দিন ৰাতি একোকে নজানি ॥১১০ হস্তীদন্তে বাৰ দিলা হিঙ্গুলৰ কাম । কুন্দৰুখ জ্বলা থৈলা দেখি অনুপাম ॥১১১ হিৰণ্য মাণিক জ্বলে মৰকত মোতি । জ্বলে বাস হৰে পূৰ্ণ চন্দ্ৰমাৰ জৌতি ॥১১২ প্ৰাসাদ উপৰে দিল মাণিকৰ কান্তি । ইন্দ্ৰনীল মণি দিল থানে থানে জান্তি ॥১১৩ বিদ্যুত মণিৰ ভালে লাগি গৈল কাপ । শুক্ল মেঘখনে যেন জ্বলে শত্ৰু চাপ ॥১১৪ শঙ্কৰক লেখিল আছন্ত বৃষ যানে । পাৰ্ব্বতিক লেখি আছে সিংহৰ বাহনে ॥১১৫ মুষৰ পিঠিত লেখি আছে গণপতি । ময়ূৰৰ উপৰে কাৰ্ত্তিক সেনাপতি ॥১১৬ বামনক লেখিল কান্ধত দিব্য ছাতি । বলি ৰাইৰ আগত আছন্ত হাত পাতি ॥১১৭ তিনি পাৱ ভূমিক মাগন্ত বোলে ছান্দি । পাতালত বলিক থাপিলা কৰি বন্দি ॥১১৮ বিষ্ণুক লেখিলা গৰুড়ৰ স্কন্ধে আতি । ডাহিনত লক্ষ্মী বাম পাশে সৰস্বতী ॥১১৯ লেখিয়াছে ব্ৰহ্মাক কুবেৰ দেৱৰাজ । বায়ু বৰুণক আদি দেবতা সমাজ ॥১২০ ভূমিত পাৰিল নেত বস্ত্ৰ অহৰ্নিশ । শুকুল চামৰে সুমণ্ডিত চতুৰ্দ্দিশ ॥১২১ পুষ্পমালা সুগন্ধে আমোদ সৰ্ব্বক্ষণ । ৰত্ন সব জ্বলে আতি দেখি সুশোভন ॥১২২ পূৰ্ণ ঘট পঁকতি মুখত ৰঞ্জি ফলে । সুগন্ধি পূৰিত ভৈল সৰযুৰ জলে ॥১২৩ সুমণ্ডিত সিন্দুৰে সৰ্ব্বাঙ্গে কলেবৰ । ঐৰাৱত সমসৰ ৰামৰ কুঞ্জৰ ॥১২৪ ময়মত গজক মাহুতে আছে জান্তি । আকাশক লাগি যেন কৰয় আক্ৰান্তি ॥১২৫ ৰথ খান সাজিল বিচিত্ৰ অনুপাম । মাণিক ৰচিল শুদ্ধ সুবৰ্ণৰ কাম ॥১২৬ আঠ গোট তুৰঙ্গম ধৱল যুৰিল । দিব্য বিমানেক যেন ভূমিত পাৰিল ॥১২৭ ওৱাৰিৰ লোকে বৰ আনন্দ কৰন্ত । থানে থানে অনেক মাঙ্গল্য নিৰ্ম্মিলন্ত ॥১২৮ হেন দেখি সুমন্ত্ৰ আনন্দ কৰি মনে । ৰামৰ সমীপ চাপিলন্ত তেতিক্ষণে ॥১২৯ সুবৰ্ণ খাটত ৰাম আছা ৰঙ্গ কৰি । সমীপত সীতা শ্বেত চামৰক ধৰি ॥১৩০ মেৰু গিৰি শিখৰত যেন বাসুদেৱ । ধৱল কমল ধৰি লক্ষ্মী কৰে সেৱ ॥১৩১ ৰূপে ৰতি কামদেৱ দেখি সমসৰ । অলঙ্কাৰে মণ্ডিত দোহানো কলেৱৰ ॥১৩২ কৃতাঞ্জলি ধৰিয়া সুমন্ত্ৰ মন্ত্ৰীবৰ । নন্দি বন্দিলন্ত যেন পাৰ্ব্বতি শঙ্কৰ ॥১৩৩ সুমন্ত্ৰ বুলিলা পাচে বচন বিশেষ । দশৰথ নৃপতিৰ তোমাক আদেশ ॥১৩৪ বুলিলন্ত যাইবাক কৈকেয়ী সতমাৱ । ৰথত চড়িয়া ঝাণ্টে চালিয়োক গাৱ ॥১৩৫ সুমন্ত্ৰ বচনামৃতে সহৰিষ মনে । সীতাক সম্বুধি ৰামে বুলিলা তেক্ষণে ॥১৩৬ শুনা ৰামায়ণ সভাসদ নিৰন্তৰ । শ্ৰবণতে তৰি সুখে সংসাৰ সাগৰ ॥১৩৭ পৰম মঙ্গল ৰূপ মাধবৰ নাম । তাঙ্ক মনে ধৰি ডাকি বোলাঁ ৰাম ৰাম ॥১৩৮ :::<big>'''৩৯ অধ্যায়'''<big> ::: <big>'''দুলৰি ।'''<big> ৰাঘৱে বোলন্ত, শুনিয়ো জানকী, তোমাত বলোহোঁ কাজ । নিচয় কৰিয়া, আবেসে জানিলোঁ, ::আমি হৈবো যুবৰাজ ॥১ কৌশল্যা মাৱৰ, সদৃশ দেখোহোঁ, ::কৈকেয়ী শত মাৱক । মোক ৰাজ্য দিতে, পুছিতে নৃপতি, ::আসিছে তান ঠাৱক ॥২ আমি হেন মনে, বুজোহোঁ ৰাজাত, ::বুলিলন্ত মাৱে কাজ । বিলম্ব নকৰি, সত্বৰে আনিয়া, ::ৰামক দিয়োক ৰাজ ॥৩ জানা প্ৰাণেশ্বৰী, যুবৰাজ হুয়া, ::আমি আছো যেতিক্ষণ । মোৰ সঙ্গে চলি, আসিবেক সবে, ::যত পাত্ৰ মন্ত্ৰীগণ ॥৪ তাসম্বাক অৰ্চ্চা, কৰিতে জানকী, ::মই যেন নোহো লাজ । জানিবা নিশ্চয়, তোমাতে লাগিল, ::ইঠায়ৰ যত কাজ ॥৫ স্বামীৰ বচন, শুনি সীতা দেবী, ::বুলিলা হৰিষ মনে । ইঠানৰ কাৰ্য্য, চৰ্চ্চিবোহো আমি, ::চলিয়ো তুমি এক্ষণে ॥৬ এহি বুলি দ্বাৰ, মানে আগ বঢ়াই, ::থৈলা জগতৰ মাৱ । স্বামীক সম্বুধি, পাচে সীতা সতী, ::আসিলন্ত নিজ ঠাৱ ॥৭ আপোনাৰ নিজ, ধৱলি ঘৰৰ, ::বাজ ভৈলা ৰঘুবৰ । তিমিৰ ফাৰিয়া, শ্বেত মেঘ হন্তে, ::যেন পূৰ্ণ শশধৰ ॥৮ ৰত্নে বিৰচিত, সুবৰ্ণ ৰথত, ::চড়িলা তেতিক্ষণ । চামৰ ছত্ৰক, ধৰিয়া পাশত, ::চড়িলা গৈয়া লক্ষ্মণ ॥৯ মনত পৰম, আনন্দে পাচত, ::সুমন্ত্ৰ চড়িলা যাই । হাতত চাবুক, ধৰিয়া ৰথক, ::ডাকিলা যেন যুৱাই ॥১০ শ্ৰীৰাম লক্ষ্মণ, ইন্দ্ৰ বিষ্ণু যেন, ::যান্ত দুই মহাৰথী । সুমন্ত্ৰ মন্ত্ৰীক, দেখিয়া সাক্ষাত, ::মাতলি যেন সাৰথি ॥১১ নয়ন আনন্দে, কুন্দৰুখ জালে, ::চাৱে যত নাৰীগণে । মুখ ভৰি ভৰি, ৰামৰ গুণক, ::বখানন্ত নাৰীগণে ॥১২ জনমে জনমে, প্ৰয়াগ বটত, ::সীতা তেজি কলেৱৰ । সিকাৰণে গুণ, সাগৰ ৰামক, ::পাইলা মনোনীত বৰ ॥১৩ অৱশ্যে তোমাক, দিবন্ত ৰাজ্যক, ::মহাৰাজা দশৰথে । শুনিয়ো গোসাই, আমাক পালিবা, ::তুমি প্ৰভু পুত্ৰৱতে ॥১৪ সাফলা কৌশল্যা, গোঁসানী তোমাক, ::গৰ্ভত ভালে ধৰিলা । কি ভৈল আনন্দ, কৰ্ম্মাগত লক্ষ্মী, ::আপুনি যাক বৰিলা ॥১৫ অন্যে অন্যে বোলে, ৰাম ৰাজা ভৈলে, ::বহুতৰ হৈবে সুখ । নিশ্চয়ে জানিলোঁ, বিস্তৰ কালক, ::লাগি পলাইবেক দুখ ॥১৬ এহি মতে ৰামে, নগৰী জনৰ, ::শুনন্তে বোল আশেষ । মধুৰ বচনে, প্ৰজাক সম্বুধি, ::ওৱাৰি ভৈলা প্ৰবেশ ॥১৭ কৈকেয়ীৰ ঘৰে, মিলিলন্ত গৈয়া, ::শ্ৰীৰাম চন্দ্ৰ লক্ষ্মণ । আসনত বসি, আছন্ত নৃপতি, ::পাইলা দুয়ো দৰিশন ॥১৮ পৰম নিশ্ৰীক, দেখিলন্ত ৰামে, ::বদন দশৰথৰ । ৰাহু গ্ৰস্ত হৈলে, নজ্বলয় আতি, ::কিৰণ যেন সূৰ্য্যৰ ॥১৯ প্ৰথমতে নম্ৰ, ভাৱে নমিলন্ত, ::নৃপতিৰ দুয়ো পাৱ । ৰাম লক্ষ্মণক, আশীৰ্ব্বাদ পাচে, ::দিলন্ত কৈকেয়ী মাৱ ॥২০ পৰম বিকল, স্বৰূপ বাপক, ::দেখিলন্ত দুই ভাই । কৰ যোৰে নম্ৰ, ভাৱে থাকিলন্ত, ::পিতৃৰ চৰণ চাই ॥২১ পিতৃৰ আগত, আছে ৰামচন্দ্ৰ, ::কৰিয়া আতি ভকতি । ৰামক নিষ্ঠুৰ, বুলিতে ৰাজাৰ, ::নভৈল কিছু শকতি ॥২২ একো অপৰাধ, নাহিকে ৰামৰ, ::চাইলা কৰি বিমৰিষ । কেন মতে আবে, সুপুত্ৰ ৰামক, ::বুলিবোহোঁ বাক্য বিষ ॥২৩ কতোক্ষণে ৰাজা, ৰাম হেন বুলি, ::বিমন্যু আতি কৰিল । মহামন দুখে, কিছু নবুলিল, ::কণ্ঠত শোক ধৰিল ॥২৪ আতিশয় শোকে, অথাকে নয়নে, ::লোতক বহে ৰাজাৰ । ৰাহু গ্ৰস্ত হুয়া, যেন পূৰ্ণ চন্দ্ৰে, ::অমৃত তেজে দুধাৰ ॥২৫ ৰাজাৰ বিষাদ, দুখক দেখিয়া, ::ৰামৰ চিত্ত লৰিল । কৰা বিমৰিষ, যেন সূৰ্য্যদেৱ, ::ভূমিত আসি পৰিল ॥২৬ ভূমি পৰিৱৰ্ত্ত, যেন ভৈল আতি, ::সাগৰ যেন শুকাইল । হৰিষতে আতি, ৰাজা দশৰথ, ::বিষাদক বৰ পাইল ॥২৭ মই জানোঁ একো, দোষ নয়ো কৰোঁ, ::কায়ে বা বাক্যে বা মনে । তথাপিতো মাথা, তুলি নচাৱন্ত, ::মোক বিষাদিত মনে ॥২৮ এক বাৰ মোক, ৰাম হেন বুলি, ::কিছু ন বুলিলা আন । একো নজানিলোঁ, কি কাৰ্য্যে বাপৰ, ::মিলি গৈল অপমান ॥২৯ ৰাঘবে বোলন্ত, শুনিয়োক মাৱ, ::কোনবা মিলিল দোষ । কহিওক তুমি, কি কাৰণে ইটো, ::কৰে বাপ অসন্তোষ ॥৩০ পৰম অমৃত, ৰামৰ চৰিত্ৰ, ::শুনা সমাজিক জনে । দশৰথ হেন, ৰাজায়ো আপদ, ::এৰাইব আৰ কেমনে ॥৩১ আতি দুখময়, বিষয়ক জানি, ::কৰাঁ মন উপসাম । পৰম মঙ্গল, মিলোক সবাৰো, ::ডাকি বোলাঁ ৰাম ৰাম ॥৩২ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335821.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|