Difference between revisions 336272 and 336273 on sourceswiki{{header | title = তীখৰ আৰু চুটিবাই | author = লক্ষ্মীনাথ বেজবৰুৱা | translator = | section = | previous = | next = | year = | portal = | wikipedia = laxminath bezbaruah | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = বুঢ়ী আইৰ সাধু-ৰ গল্প }}⏎ এক গাৱঁত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল। ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি –চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি–জাগৰি ঠোঙোনা মোঙোনা খাই বৰ দুখত উঠিছিল। সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ’ল। সি বায়েকক ক’লে,- “চুটি –মুটি বাই, পিঠা খাবৰ মন যায়।” (contracted; show full)কৰি দি, বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে। এখন পিঠা পদুলি-মুখত, এখন দুৱাৰ-মুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদুলিমুখত থোৱাখন বৰা চাউলৰ, দুৱাৰমুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখৰ খন খালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি সেপ ঢুকিব নোৱাৰি মৰি থাকিল। ⏎ ⏎ ⏎ [[Category:বুঢ়ী আইৰ সাধু]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336273.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|