Difference between revisions 336390 and 336391 on sourceswiki{{header | title = চিলনীৰ জীয়েকৰ সাধু | author = লক্ষ্মীনাথ বেজবৰুৱা | translator = | section = | previous = [[এটা বলী মানুহ]] | next = [[তুলা আৰু তেজা]] | year = | portal = | wikipedia = laxminath bezbaruah | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = বুঢ়ী আইৰ সাধু-ৰ গল্প }} এখন দেশত এটা কুমাৰ আছিল| তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল| তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল| এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ| কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক ক’লে, ”যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিক কৈছো তোক নগাত বেচিম|’ গিৰীয়েকৰ কথা শুনি ঘৈনীয়েকে বৰ ভয় খালে| ল’ৰা পাবৰ ওচৰা-উচৰি হ’লত কুমাৰৰ ঘৈণীয়েকে মাকৰ ঘৰলৈ গ’ল| কিন্তু কি দুৰ্কপাল, এইবাৰো তাইৰ ছোৱালী এজনীহে উপজিল| ছোৱালী ওপজা দেখি ভয়ত কুমাৰণীৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল| সেইদেখি তাইৰ গিৰীয়েকে বুজ পোৱাৰ আগেয়েই তাই তেতিয়া লৰা লৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি-ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাঁফৰ দি নৈত উটাই দিলে| চৰুটো নৈত উটি গৈ আছে, এনেতে নৈৰ পাৰত কাপোৰ ধুই থকা ধোবা এটাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাঁফৰটো মেলি দেখিলে, নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাতে ভৰাই কোনোবাই উটাই দিছে| ধোবাটোৱে ছোৱালীজনী তুলি ল’বৰ মনেৰে সাঁফৰটো গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোতেই , হঠাত্ এজনী চিলনীয়ে থাপমাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি গ’ল| এজোপা আঁহত গছৰ আগত চিলনীজনীৰ বাহ আছিল| তাই ছোৱালীজনী সেই বাহতে থ’লেগৈ| কণমান ৰূপহ ছোৱালীটি দেখি চিলনীৰ বৰ মৰম লাগিল| সেইদেখি তাই ছোৱালীজনী তুলি-তালি ডাঙৰ-দীঘল কৰিবলৈ মনতে ঠিক কৰিলে| দিনৌ চিলনীয়ে য’ৰেপৰা যি ভাল খোৱা-বস্তু পায় থাপ্ মাৰি লৈ আহি ছোৱালীজনীক খুৱায়| এইদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ-দীঘল কৰিলে| কাৰবাৰ ঘৰত ভাল ৰিহা-মেখেলা ৰ’দত শুকাবলৈ মেলি দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ্মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে| এদিন ৰজাৰ জীয়েক এজনীয়ে নৈৰ ঘাটতে গাৰ অলঙ্কাৰ-পাতিবোৰ সোলোকাই থৈ নৈত গা ধুবলৈ নামিছিল, এনেতে চিলনীয়ে থাপ্মাৰি সেই অলঙ্কাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে| এইদৰে ফণি, আৰ্চী, সেন্দুৰৰ টেমা, তেলৰ বাটি চিলনীয়ে য’তে যি পায় তাকে নি জীয়েকক দিয়ে| ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ’ল, আৰু ৰূপত অপেশ্বৰী যেন হ’ল| এদিন চিলনীয়ে জীয়েকক ক’লে, ”আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ, সেইদেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে| আজিৰপৰা মই গ’লে তোৰ ভয়-চয় লাগিলে বা থিতাতে লগা হ’লে তই মোক এইদৰে মাতিবি, মই ততালিকে উৰি আহি তোৰ আগতে পৰিম- ”আঁহতৰ পাত লৰে কি চৰে| চিলনী আই মোৰ আগতে পৰে|” এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আচুঁৰিছে| এনেতে এটা সদাগৰ সেইপিনেই ক’ৰবালৈ যাওঁতে ৰ’দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল| সেইডোখৰ ঠাইত জনপ্ৰাণী নাই| ক’ৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল| সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ বৰ দীঘল যেন দেখি জুখি চালে| চুলিডাল সাত হাত দীঘল| সদাগৰে ক’ৰপৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে| এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ’ল| তেওঁ দেখিলে এজনী দীপ্-লিপ্ ছোৱালীয়ে ডালতে বহি চুলি আঁচুৰিব লাগিছে| সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ফাললৈ চাই মাত লগালে, ”তুমি কোন? দেৱতা নে মানুহ? নে অপেশ্বৰী? নে যখিনী, কোন কোৱা? তুমি এই ভৰ-দুপৰীয়া গছৰ ডালত কিয় বহি আছা?” ইয়াৰ আগেয়ে ছোৱালীজনীয়ে মানুহ কেতিয়াও দেখা নাছিল; সেইদেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে, ”আঁহতৰ পাত লৰে কি চৰে| চিলনী আই মোৰ আগতে পৰে|” এইদৰে মতা মাত্ৰকতে চিলনী ক’ৰবাৰ পৰা উৰি আহি জীয়েকৰ আগতে পৰিল| ” আই মোক কিয় মাতিছ?” বুলি চিলনীয়ে সুধিলত জীয়েকে গছৰ তলত থকা সেই মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে| চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখিয়েই মনে মনে ভাবিলে, যদি এই মানুহটি ভাল হয়, তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ’ব| ইয়াকে ভাবি তললৈ আহি চলনীয়ে সদাগৰ্ক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি-পাতি ক’লে| সদাগৰে চিলনীক ক’লে যে, ”মোৰ অনেক ধন-বস্তু আছে, মই চহকী মানুহ| কিন্তু মোৰ এতিয়া সাতজনী ঘৈণী আছে, তুমি যদি সেইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া তেনেহ’লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে-সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ|’ সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জীয়েকক সদাগৰলৈকে দিবলৈ মান্তি হ’ল আৰু জীয়কক ভালেমান বুজাই-বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে| চিলনীয়ে কান্দি-কাটি কাকূতি মিনতি কৰি সদাগৰক ক’লে, যেন ছোৱালীটিক তেওঁ দুখ নিদিয়ে| আৰু জীয়েককো ক’লে, ”আই, মোক তোৰ লগা হ’লে শিকাই দিয়াৰ দৰেই মাতিলেই মই তোৰ আগত পৰিমগৈ|” ইয়াৰ পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম-চেনেহ কৰি ৰাখিলে| কিন্তু সদাগৰৰ আগৰ সাতজনী ঘৈণীয়েকে চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েককে পাইছে যেতিয়া সিহঁতক আৰু দেখিব নোৱাৰা হ’ব| ইয়াকে ভাবি সাতোজনীয়ে চিলনীৰ জীয়েকক হিংসা-খিয়াল কৰি দুখ দিবলৈ ধৰিলে| এদিন সাতোজনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক’লে, ”তই বৰ অপেশ্বৰী হৈ আহিছ, আমি ঘৰৰ বন-বাৰী কৰি ৰান্ধি-বাঢ়ি দিম, তই বহি বহি খাবি? যা আজি তই ভাত ৰান্ধগৈ|” চিলনীৰ জীয়েকে তাইৰ জীৱনত কেতিয়াও ভাত ৰন্ধা নাই; সেইদেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপাই কান্দি কান্দি বাৰীৰ পিছফালে কল’নিৰ মাজত বহি বিনাই মাকক মাতিলে-”আগলি কলপাত লৰে কি চৰে| চিলনী আই মোৰ আগতে পৰে|” এনেদৰে মতা মাত্ৰকতে চিলনী আহি তাইৰ আগতে পৰিল| ”কি হ’ল, মোক কিয় মাতিছ?” বুলি জীয়েকক চিলনীয়ে সুধিলত জীয়েকে ক’লে, ”আই, মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে, মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো| নাৰন্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱায় ঠিক নাই|” মাকে জীয়েকৰ কথা শুনি ক’লে, ”আই তই একো ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন| এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল শাক পেলাই দিবি, দি চৰু দুটাৰ তলত এডোখন কাঠখৰি দি থৈ তই আখলঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি; দেখিবি চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে|” ইয়াকে জীয়েকক বুধি দি চিলনী উৰি গুচি গ’ল আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে| ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খানি লৈছিল, যেই চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায়, তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি ”ভাত ঢুকাল, লৈ আহ” বুলি আকৌ ভাত খোজে| এইদৰে সতিনীয়েকহঁতে য’তবাৰ ভাত খোজে ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে| শেহত সিহঁত হাৰি লাজ পাই উঠি গ’ল এদিন সতিনীয়েকহঁতে চিলনীৰ জীয়েকক গোহালি ঘৰ অঁতাবলৈ ক’লে| চিনলীৰ জীয়েকে গোহালি ঘৰহ ভিতৰ সোমায়েই মাকক মাতিলে-”আগলি কলপাত লৰে কি চৰে| চিলনী আই মোৰ আগতে পৰে|” জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগতে পৰি, ”কিয় মাতিছ” বুলি জীয়কক সুধিলত, জীয়েকে ক’লে,”আই, সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈচে, কেনেকৈ অঁতাম তোমাক সুধিবলৈ মাতিছোঁ|” মাকে ক’লে, ”গোহালিঘৰৰ ইফালৰ পৰা সিফাললৈ বাঢ়নীৰ কাঠী এডাল বুলাই যা, দেখিবি ঘৰটো চিকণ হৈ পৰিব|” এইবুলি কৈ মাক উতি গ’লত চিলনীৰ জীয়েকে তাকে কৰিলে আৰু সেইদিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ জক্মকীয়া হৈ পৰিল| চিনলীৰ জীয়েকৰ এনে সুন্দৰ বন-বাৰী দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে| চ’তৰ বিহুৰ ওচৰ চাপিলত সদাগৰে আঠোজনী ঘৈণীয়েকক গাইপতি পাঁচ সেৰকৈ কপাহ দি ক’লে, ”তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া কাপোৰ, গামোচা বৈ দে| আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম|” সাতোজনী ঘৈনীয়েকে গাইপতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই নেওঠি, পাঁজি বাটি, সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ’ল; কিন্তু চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন-জিমনকৈ বহি থাকিল| সতিনীয়েকহঁতে ভাবিলে, এইবাৰ চিলনীৰ জীয়েক ঠেকত পৰিল| তাইতো একোকে নাজানে, কেনেকৈ গিৰীয়েকক কাপোৰ বৈ দিয়ে দেখিম| চিলনীৰ জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336391.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|