Difference between revisions 336391 and 336392 on sourceswiki

{{header
 | title      = চিলনীৰ জীয়েকৰ সাধু
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[এটা বলী মানুহ]]
 | next       = [[তুলা আৰু তেজা]]
 | year       = 
(contracted; show full)

চ’তৰ বিহুৰ ওচৰ চাপিলত সদাগৰে আঠোজনী ঘৈণীয়েকক গাইপতি পাঁচ সেৰকৈ কপাহ দি ক’লে, ”তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া কাপোৰ, গামোচা বৈ দে| আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম|” সাতোজনী ঘৈনীয়েকে গাইপতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই নেওঠি, পাঁজি বাটি, সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ’ল; কিন্তু চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন-জিমনকৈ বহি থাকিল| সতিনীয়েকহঁতে ভাবিলে, এইবাৰ চিলনীৰ জীয়েক ঠেকত পৰিল| তাইতো একোকে নাজানে, কেনেকৈ গিৰীয়েকক কাপোৰ বৈ দিয়ে দেখিম| চিলনীৰ জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে
 বিনাই মাতিলত মাক আহি আগতে পৰি জীয়েকক সুধিলে, ”কি কথা, কিয় মাতিছ?” জীয়েকে কাপোৰ বোৱাৰ কথা ক’লত, চিলনীয়ে জীয়েকক ক’লে, ”আই, তই চিন্তা নকৰিবি, তই তোৰ গিৰীয়েৰক কাপোৰ দিব পাৰিবি| চাইটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমুৱাই চুঙাকেইটাৰ মুখত সোপা দি থৈ দে, বিহুৰ দিনা যেতিয়া তোৰ গিৰীয়েৰে কাপোৰ খুজিব, তেতিয়া তই চুঙা চাৰিটা আনি গিৰীয়েৰৰ হতত দিবি|” এইবুলি চিলনী উৰি গুচি গ’লত জীয়েকে চাৰিটা চুঙা আনি চাৰি জোলা কপাহ মাকে কোৱাৰ দৰে সোপা দি থৈ দিলে| সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে আৰু চিলনীৰ জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে, ”এইবাৰ বান্ধৈ পৰিল ফান্দত| এইবাৰ চিলনীৰ জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে|”

বিহুৰ দিনা সাতোজনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ গামোচা, চোলা, চুৰিয়া উলিয়াই গিৰীয়েকৰ হাতত দিলে আৰু চিলনীৰ জীয়েকে মাথোন চুঙা চাৰিটা দিলে| সতিনীয়েকহঁতে চিলনীৰ জীয়েকে চুঙা চাইটা গিৰীয়েকৰ হাতত দিয়া দেখি, ঢেক্‌-ঢেক্‌ কৰে হাঁহিবলৈ ধৰিলে| সদাগৰেও খঙত চকু ৰঙা কৰি চিলনীৰ জীয়েকক সুধিলে, ”এইবোৰ কি দিছ? তোৰ কাপোৰ ক’তা?” তাই ক’লে, ”চুঙাকেইটা মেলি চাওক|” সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাঁফৰ মেলিলত সুন্দৰ চোলা চুৰিয়া পাটকাপোৰ আৰু গামোচা ওলাই পৰিল| আৰু সেইবোৰ ইমান বঢ়িয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়েকহঁতৰ শোটা-কানি বুলিলেই হয়| সদাগৰে সেইদেখি খঙত সাতোজনীয়ে দিয়া কাপোৰবোৰ ডোখৰ ডোখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে|

লাহে লাহে সতিনীয়েকহঁতে গম পালে যে এজনী চিলনী আহি তাইক এনেদৰে বুধি দি যায়| ইয়াকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুলি বুধি আলচিলে| তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰত এজনী চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত, চিলনীজনী আহি তাইৰ আগত পৰিল| তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাঢ়নীৰে কোন মাৰি, মাৰি পেলাই গোবৰৰ তলত পুতি থ’লে| চিলনীৰ জীয়েকে এই কথাৰ শুংসূত্ৰকে নাপালে| ইয়াৰ পিছত চিলনীৰ জীয়েকে মাকক বিনাই বিনাই ক’তবাৰ মাতিলে, কিন্তু মাক আৰু ক’ৰপৰা আহিব! সতিনীয়েকহঁতে কিবা বুধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে|

ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল| যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক’লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে| এদিন মুদৈ এটাই ফণি, আৰ্চী, সেন্দুৰ, খুৰীবাটি, গোন্ধতেল আদি বেচিবলৈ বুলি সদগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি| সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰপৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাকি এজনী ৰূপহী ছোৱালী দিম বুলি ক’লে| এই ছোৱালীজনীৰ ৰূপ-গুণ মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মৰি ছোৱালী-জনীকে লৈ যাবলৈ সি মান্তি হ’ল|