Difference between revisions 336390 and 336391 on sourceswiki

{{header
 | title      = চিলনীৰ জীয়েকৰ সাধু
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[এটা বলী মানুহ]]
 | next       = [[তুলা আৰু তেজা]]
 | year       = 
(contracted; show full)

ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ’ল, আৰু ৰূপত অপেশ্বৰী যেন হ’ল| এদিন চিলনীয়ে জীয়েকক ক’লে, ”আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ, সেইদেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে| আজিৰপৰা মই গ’লে তোৰ ভয়-চয় লাগিলে বা থিতাতে লগা হ’লে তই মোক এইদৰে মাতিবি, মই ততালিকে উৰি আহি তোৰ আগতে পৰিম-

”আঁহতৰ পাত লৰে কি চৰে| চিলনী আই মোৰ আগতে পৰে|”


  এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আচুঁৰিছে| এনেতে এটা সদাগৰ সেইপিনেই ক’ৰবালৈ যাওঁতে ৰ’দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল| সেইডোখৰ ঠাইত জনপ্ৰাণী নাই| ক’ৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল| সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ বৰ দীঘল যেন দেখি জুখি চালে| চুলিডাল সাত হাত দীঘল| সদাগৰে ক’ৰপৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে| এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ’ল| তেওঁ দেখিলে এজনী দীপ্‌-লিপ্‌ ছোৱালীয়ে ডালতে বহি চুলি আঁচুৰিব লাগিছে| সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ফাল(contracted; show full)

চ’তৰ বিহুৰ ওচৰ চাপিলত সদাগৰে আঠোজনী ঘৈণীয়েকক গাইপতি পাঁচ সেৰকৈ কপাহ দি ক’লে, ”তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া কাপোৰ, গামোচা বৈ দে| আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম|” সাতোজনী ঘৈনীয়েকে গাইপতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই নেওঠি, পাঁজি বাটি, সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ’ল; কিন্তু চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন-জিমনকৈ বহি থাকিল| সতিনীয়েকহঁতে ভাবিলে, এইবাৰ চিলনীৰ জীয়েক ঠেকত পৰিল| তাইতো একোকে নাজানে, কেনেকৈ গিৰীয়েকক কাপোৰ বৈ দিয়ে দেখিম| চিলনীৰ জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে