Difference between revisions 336430 and 336447 on sourceswiki

{{header
 | title      = চিলনীৰ জীয়েকৰ সাধু
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[এটা বলী মানুহ]]
 | next       = [[তুলা আৰু তেজা]]
 | year       = 
(contracted; show full)াল| যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক’লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে| এদিন মুদৈ এটাই ফণি, আৰ্চী, সেন্দুৰ, খুৰীবাটি, গোন্ধতেল আদি বেচিবলৈ বুলি সদগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি| সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰপৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাকি এজনী ৰূপহী ছোৱালী দিম বুলি ক’লে| এই ছোৱালীজনীৰ ৰূপ-গুণ মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মৰি ছোৱালী-জনীকে লৈ যাবলৈ সি মান্তি হ’ল|


 চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক’লে, ”আমাৰ ঘাটত এটা মুদৈয়ে এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি| আমি চাই-মেলি তাৰ পৰা কিছুমান বস্তু কিনি আনোগৈ আহ|” চিলনীৰ জীয়েকে ক’লে, ”বাইহঁত, কোম একো নালাগে| তোমালোকেই যোৱা, মই নাযাওঁ| মোক তেখেতে ক’লৈকো যাবলৈ হাক দি গৈছে|” সিহঁতে তাই নানাৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেহত তাই থেৰোগেৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ| সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত, মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচ থোৱামতে খপ্‌ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ’ল| মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ| তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে| নৈৰ পাৰত মুদৈটোৰ ঘৰ| চিলনীৰ জীয়েকে ৰ’দত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল,

”কুমাৰণী আয়ে মোক উটুৱাই দিলে,

চিলনী আয়ে মোক দাঙি ধৰিলে|

সাউদৰ কোঁৱৰে মোক বিয়া কৰালে|

সাত সতিনীয়ে মোক ডোমত বেচিলে,

ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে!”

চিলনীৰ জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰ নাৱেৰে উজাই ঘৰলৈ আহিছিল| দূৰৰপৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ, তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত, সকলো কথা ভাঙি তাই সদাগৰক ক’লে| তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি তাইক নাৱত তুলি গা-পা ধুৱাই ন ৰিহা-মেখেলা পিন্ধাই লৈ গুচি আহিল| নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমুৱাই থৈ তাই উশাৰ ল’বলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল| সদাগৰে ঘৰ পাই তেওঁ আনবোৰ বয়-বস্তুৰে সৈতে পেৰাটোও তেওঁৰ শোৱনি-ঘৰত সুমাই থ’লে| সাতোজনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, ”তহঁত এটাইকেউজনীক দেখিবলৈ পাইছোঁ, কিন্তু চলনীৰ জীয়েকেক নাই পোৱা কিয়?” সিহঁতে উত্তৰ দিলে, ”তাই আজি ভালেমানদিন হ’ল, মাকৰ ঘৰলৈ গ’ল, উভতি অহাই নাই|” এই কথা শুনি সদাগৰে সিহঁতক ক’লে, ”মোৰ মনে ধৰিছে তহঁতে তাইক কিবা এটা কৰিলি| বাৰু তহঁতে সঁচা কথা কৈছ নে মিছা কথা কৈছ মই তেহঁতক এতিয়াই পৰীক্ষা কৰিম|” এইবুলি এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি এডাল এৱাঁসূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি, ঘৈণীয়েকহঁতক ক’লে, ”যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি, সিয়েই নিদোৰ্ষী বুলি জানিম|” এজনী এজনীকৈ ছজনী ঘৈণীয়েকে এৱাঁসূতাৰ ওপৰেদি গৈ সূতা ছিগি গাঁতত পৰি মৰিল, কিন্তু সপ্তম-জনী নপৰিল| সেইজনীয়ে সেই সূতাইদি সাতবাৰ অহা-যোৱা কৰিলে তথাপি সূতাডাল নিছিগিল, কাৰণ তাই সঁচাকৈয়ে চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল|

ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈণীয়েকক গাঁততে মাটি দি পুতি থ’লে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে| তাৰ পিছত চিলনীৰ জীয়েক আৰু সপ্তমজনী ঘৈণীয়েকৰে সৈতে সদাগৰে গৃহবাস কৰি সুখত কটাবলৈ ধৰিলে| আমাৰ কাপোৰ-কানি ক’লা হ’ল, আমি গুচি আহিলোঁ| 
[[Category:বুঢ়ী আইৰ সাধু]]