Difference between revisions 336432 and 336433 on sourceswiki

{{মিৰি জীয়ৰী}}
এই [[অসম]] দেশৰ [[লক্ষীমপুৰ জিলা]]ত [[সোৱণশিৰী]] নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি [[মাজুলী]]ৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। [[ব্ৰহ্মপুত্ৰ্ৰ]] ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু '''খেৰকটীয়া''' লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে।
সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হৱ। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ [[পানী]] নিৰ্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ [[সোণ]] মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি পাঁট-ছয় টকা [[ৰূপ]] নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।কিন্তু আজিকালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য-ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে।সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে মনে ভালে ৰাখিছে।