Difference between revisions 336433 and 336434 on sourceswiki{{মিৰি জীয়ৰী}} এই [[অসম'''অসম''']] দেশৰ [['''লক্ষীমপুৰ জিলা''']]ত [[সোৱণশিৰী]] নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা [[মিৰি]] আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই [[উত্তৰ লক্ষীমপুৰ]]ৰ মাজেদি বাগৰি [[মাজুলী]]ৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। [[ব্ৰহ্মপুত্ৰ্ৰ]] ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু '''খেৰকটীয়া''' লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিম ম(contracted; show full)ু আজিকালি পাঁট-ছয় টকা [[ৰূপ]] নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।কিন্তু আজিকালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য-ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে।সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে মনে ভালে ৰাখিছে। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336434.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|